চাৰ্লছ ডাৰউইন

(Charles Darwin)



    ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীত চাৰ্লচ ডাৰউইনৰ জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল ৰবাৰ্ট ডাৰউইন আৰু মাকৰ নাম আছিল ছুজান্না। ৰবাৰ্ট ডাৰউইনৰ ছয়জন ল’ৰা-ছোৱালীৰ চাৰ্লছ আছিল পঞ্চম। ঘৰৰ প্ৰাচুৰ্যতা আৰু বায়েক ভনীয়েকৰ মৰম চেনেহৰ মাজত ডাৰউইন ডাঙৰ দীঘল হৈছিল। কিন্তু আঠ বছৰ বয়সতে হোৱা মাতৃৰ বিয়োগে তেওঁৰ জীৱনলৈ মানসিক বিষাদ আৰু যন্ত্ৰণা নমাই আনিছিল। ঘৰৰ ওচৰৰ বিদ্যালয়ত এবছৰ পঢ়াৰ পিছত ১৮১৮ চনত ডাৰউইনক শ্ৰূছবাৰি স্কুলত ভৰ্তি কৰি দিয়া হয়। ১৮২৫ চনত ১৬ বছৰ বয়সত তেওঁক এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ মেডিকেল স্কুলত নাম লগাই দিয়া হয়। মেডিকেল স্কুলত পঢ়াৰ আগতে দেউতাকৰ সৈতে শ্ৰূছবাৰিৰ দুখীয়া মানুহবোৰক শুশ্ৰূষা কৰিছিল। কিন্তু ডাক্তৰি পঢ়িবলৈ গৈ তেওঁৰ তাতে মন নবহিল। মানুহৰ মৰাশ কাটি ছিঙি পৰীক্ষা কৰিবলৈ ডাৰউইন বেয়া পাইছিল। দ্বিতীয় বৰ্ষত তেওঁ প্লিনিয়ান চ’ছাইটি নামৰ এটা ছাত্ৰদলত যোগদান কৰে। তাত তেওঁ ৰবাৰ্ট এডমণ্ড গ্ৰাণ্ট নামৰ এজন লোকক সামুদ্ৰিক অমেৰুদণ্ডীৰ জীৱন চক্ৰ আৰু শৰীৰৰ গঠন অধ্যয়ন কৰাত সহায় কৰিছিল। তেখেতৰ সহযোগত ১৮২৭ চনৰ ২৭ মাৰ্চত ডাৰউইনে নিজৰ আৱিষ্কাৰৰ বিষয়ে উপস্থাপন কৰে। তাত কোৱা হৈছিল যে অয়ষ্টাৰৰ খোলাত পোৱা ক’লা ৰঙৰ স্প’ৰবোৰ আচলতে এবিধ জোকৰ কণী। ১৮২৮ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ধৰ্মশাস্ত্ৰ বিষয়ত নাম লগাই দিয়া হ’ল যাতে তেওঁ ধৰ্মযাজক হ’ব পাৰে। কিন্তু তাতো ডাৰউইনৰ মন নবহিল। তেওঁ নতুনকৈ কীট-পতংগৰ বিষয়ে অধ্যয়ন কৰিব ধৰিলে। সেই সময়তে ডাৰউইনে জন হেনস্ল’ নামৰ এজন পণ্ডিতক লগ পালে। জন হেনস্ল’ এজন ধৰ্মযাজক হোৱাৰ উপৰিও কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ অধ্যাপক আছিল। তেখেতক লগ পোৱাৰ পৰা ডাৰউইনৰ উদ্ভিদ বিজ্ঞানৰ প্ৰতিও আগ্ৰহ বাঢ়িল। তথাপি ধৰ্মযাজকৰ চূড়ান্ত পৰীক্ষাত ডাৰউইন সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ১৮৩৯ চনত চাৰ্লচ ডাৰউইনৰ প্ৰথমখন কিতাপ ‘গৱেষণাৰ দিনলিপি’ প্ৰকাশ হৈ ওলাল।১৮৩৯ চনৰ ২৯ জানুৱাৰী তাৰিখে তেখেতে নিজৰ মামা জোছিয়া ওৱেজউদ (দ্বিতীয়)ৰ নুমলীয়া জীয়ৰী এমা ওৱেজউদক বিয়া কৰায়। ডাৰউইন আৰু এমাৰ দহটা ল’ৰা-ছোৱালী হৈছিল। তাৰে দুটা শৈশৱতে ঢুকাইছিল আৰু তৃতীয়টো দহ বছৰ বয়সত ঢুকাইছিল। লণ্ডনৰ ৰয়েল ছ’চাইটিৰ সভ্য নিৰ্বাচিত হৈছিল। ১৮৬৪ চনত ডাৰউইনে সেই সমিতিৰ কপলে বঁটা (Copley Award) লাভ কৰিছিল। কিন্তু তেখেতৰ বাইবেল বিৰোধী মন্তব্যৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁক কোনো আনুষ্ঠানিক স্বীকৃতি দিয়া নাছিল। ১৮৮২ চনৰ ৯ এপ্ৰিল তাৰিখে হৃদযন্ত্ৰৰ অসুখত ডাৰউইনৰ মৃত্যু হয়। তেখেতৰ শৱদেহ ৱেষ্টমিনষ্টাৰ এবেত ছাৰ আইজাক নিউটনৰ ওচৰত সমাধিস্থ কৰা হয়।