Chapter 13
কাঠ মিস্ত্ৰীৰ ঘৰ
১) 'কাঠমিস্ত্ৰী'ৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?
উত্তৰঃ ১৯৩৯ চনত ।
২) কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম কি?
উত্তৰঃ 'অভিযান' ।
৩) 'কাঠ মিস্ত্ৰীৰ ঘৰ' কবিতাটো কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ প্ৰগতিশীল কবিতা ।
৪)'কাঠ মিস্ত্ৰীৰ ঘৰ' কবিতাটো ক'ৰ পৰা লোৱা হৈছে?
উত্তৰঃ 'অভিযান' ।
৫) কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্য়স্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে?
উত্তৰঃ বাহুবলেৰে
৬) কবিতাটিত 'প্ৰৱাল দ্ৱীপৰ শৃঙ্গৰ দৰে' বুলি কিহৰ কথা কোৱা হৈছে?
উত্তৰঃ কাঠ মিস্ত্ৰীৰ ঘৰ ।
৭) কবিতাটিত উল্লেখ থকা বিশ্ৱশিল্পী কোন?
উত্তৰঃ কাঠমিস্ত্ৰী ।
৮) কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্য়ৱহাৰ কৰা এবিধ সঁজুলিৰ নাম কি?
উত্তৰঃ বটালি ।
৯) কাঠমিস্ত্ৰিয়ে সজা এবিধ আচবাবৰ নাম কি?
উত্তৰঃ ড্ৰয়াৰ ।
১০) কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ ধনী শ্ৰেণী বাবে ।
১১) কাঠ মিস্ত্ৰীৰ ঘৰ পাঠটি লিখক কোন?
উত্তৰঃ ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ।
১২) ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কিমান চনত জন্ম হৈছিল?
উত্তৰঃ ১৯১০ চনত ।
১৩) ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কি ৰোগত মৃত্য়ু হয়?
উত্তৰঃ ৰক্তক্ষয় ।
১৪) ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কিমান চনত মৃত্য়ু হৈছিল?
উত্তৰঃ ১৯৭২ চনত ।
১৫) বিলয় মানে কি?
উত্তৰঃ বিনাশ ।
১৬) ঝাণ্ডা শব্দ অৰ্থ কি?
উত্তৰঃ পতাকা।
১৭) কাঠমিস্ত্ৰীসকলে আজাৰ, শাল, শিঙৰীৰ দৰে কঠিন কাঠবোৰক কি সঁজুলি ব্য়ৱহাৰ কৰি নান ৰূপ দিয়ে?
উত্তৰঃ হাতুৰী-বটালি ।
১৮) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তয়ে কাব্য় সংকলন 'অভিযান কিমান চনত প্ৰকাশ কৰে?
উত্তৰঃ ১৯৩৬ চনত ।
১৯) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হোৱা জিলাখনৰ নাম কি?
উত্তৰঃ গোলাঘাট ।
২০) 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটি প্ৰথম কিমান চনত প্ৰকাশ হৈছিল?
উত্তৰঃ ১৯৩৯ চনত ।
0 Comments