Chapter 9 

ধূলিকণা মই


    👉Text Book PDF
    👉MCQ Online Exam
    👉Short Question Answer

১। চমুকৈ উত্তৰ দিয়া –

( ক ) কবিৰ মৃত্যুৰ পাছতো কি কি কাম চলি থাকিব বুলি কৈছে ? 

উত্তৰঃ  কবিৰ মৃত্যুৰ  পাছতাে দিন গ’লে ৰাতি হ’ব , জোন – বেলি ওলায়ে থাকিব , গছত ফুল ফুলিব , বতাহ বলিব , নিজ বাটত নক্ষত্ৰবােৰ ঘূৰি থাকিব । মুঠতে কবিৰ মৃত্যুৰ পাছত বিশ্ব সংসাৰৰ একো ক্ষতি নহয় , ই আগৰ দৰে নিয়মিত ৰূপত চলি থাকিব । 


( খ ) কোনাে প্রাণীৰ মৃত্যু হলে বিশ্বৰ কিবা ক্ষতি হ’বনে ? 

উত্তৰঃ  কোনাে প্রাণীৰ মৃত্যু হলে বিশ্বৰ একো ক্ষতি নহয় । 


( গ ) কবিয়ে নিজকে কিয় ধূলিকণাৰ লগত তুলনা কৰিছে ? 

উত্তৰঃ  বিশাল বিশ্বৰ তুলনাত এটি অতি ক্ষুদ্র প্রাণী হিচাপে কবিয়ে নিজকে ধূলিকণাৰ লগত তুলনা কৰিছে । মৰুৰ বিশাল বক্ষত এটি ধূলি কণাৰ যি স্থিতি , বিশ্ব সংসাৰত মানুহৰাে সেই একেই স্থিতি । অৰ্থাত এই বিশাল বিশ্ব সংসাৰখনত মানুহ হৈছে এটি অতি ক্ষুদ্র নগণ্য প্রাণী ।


২। কবিতাটিত উল্লেখ কৰা বিশ্ব প্রকৃতিৰ চিৰন্তন নিয়মবােৰ লিখা। 

উত্তৰঃ দিনৰ পিছত ৰাতি হয়, আকাশত পুৱা সুৰুষ আৰু নিশা জোন – তৰা ওলায় , গছত ফুল ফুলে , বতাহ বলে , নক্ষত্ৰবােৰে নিজৰ কক্ষপথত ঘূৰি ফুৰে । এইবোৰে হৈছে  বিশ্ব প্রকৃতিৰ চিৰন্তন নিয়ম ।


 ৩। প্রসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰা ― 


( ক ) মই নােহােৱাৰ বাবে এই জগতৰ 


                      কোনাে কাম পৰি নাথাকিব , 


         কামত বিভােৰ এই বিশাল বিশ্বই 


                      মই মৰা গমকে নাপাব । 



উত্তৰঃ কবিতাফাঁকি কবি চন্দ্ৰধৰ বৰুৱাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ধূলিকণা মই ’ নামৰ কবিতাটোৰ পৰা তুলি লোৱা  হৈছে ।

 এই বিশাল বিশ্বত মানুহৰ অস্তিত্ব কিমান নগণ্য , তাকেই কবিয়ে কবিতাফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে । 

আদি – অন্তহীন এই বিপুল বিশ্ব সংসাৰৰ প্রাণীবােৰ এটা ক্ষুদ্র অংশহে । আমি মানুহবােৰাে ধূলিকণা সদৃশ এটি ক্ষুদ্র প্রাণীহে । ধূলিকণা সদৃশ সাধাৰণ মানুহৰ মৃত্যুত সেয়ে বিশ্ব সংসাৰৰ কোনাে হানি নহয় , কোনাে কামেই পৰি নাথাকে ; নিজৰ গতিত বিশ্ব সংসাৰ চলিয়ে থাকে । গতিশীল বিশ্ব সংসাৰ সদায় কামত বিভােৰ হৈ থাকে । গতিকে ধূলিকণাৰ দৰে কোনাে মানুহৰ মৃত্যু হলেও ই একো গম নাপায় । 


( খ ) অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ 


                   এটি মাত্র ধূলি-কণা মই ; 


        মােৰ অবিহনে এই বিপুল সৃষ্টিৰ , 


                  কেনিও অকণাে হানি নাই । 


উত্তৰঃ কবিতাফাঁকি কবি চন্দ্ৰধৰ বৰুৱাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ধূলি-কণা মই ‘ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

এই বিপুল বিশ্বত সংসাৰত মানুহৰ স্থিতি প্রকৃততে কেনেকুৱা , তাকেই কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে । 

অনন্ত বিশ্ব সংসাৰত অসংখ্য প্রাণী আছে । এই প্রাণীবােৰ অনন্ত বিশ্বৰ এটা ক্ষুদ্র অংশহে । আমি মানুহবােৰাে ধূলিকণাৰ দৰে এটি ক্ষুদ্র প্রাণীহে । বিশাল মৰুৰ বুকুৰ পৰা এটি মাথো ধূলি-কণা নােহােৱা হ’লে , মৰুৰ যিদৰে একো ক্ষতি নহয় , সেইদৰে , ধূলিকণাৰ দৰে সাধাৰণ মানুহৰ মৃত্যুত এই বিশ্ব জগতৰ একো হানি নহয় । যি এক স্বাভাৱিক প্রক্রিয়াৰ মাজেৰে বিশ্ব সংসাৰখন চলি আছে সেইদৰে সদায় চলি থাকিব ।

 

৪।  ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা – 

‘ ক ’ অংশ             ‘ খ ’ অংশ

১। বিশ্ব প্রকৃতি               ১। গছত ফুল ফুলিছে

২। চিৰন্তন                 ২। বালিচাহি

৩। ধূলিকণা                 ৩। গছ , নৈ , বন , চৰাই , সূর্য , পাহাৰ

৪। বিভােৰ                  ৪। চিৰাচৰিত

৫। বিশ্ব প্রকৃতিৰ নিয়ম ৫। আত্মগমন


উত্তৰঃ              

‘ ক ’ অংশ         --------------------- ‘ খ ’ অংশ

১। বিশ্ব প্রকৃতি ---------------------১। গছ , নৈ , বন , চৰাই , সূর্য , পাহাৰ

২। চিৰন্তন -------------------২। চিৰাচৰিত

৩। ধূলিকণা -------------------৩। বালিচাহি

৪। বিভােৰ        -------------------- ৪। আত্মগমন

৫। বিশ্ব প্রকৃতিৰ নিয়ম----------- ৫। গছত ফুল ফুলিছে



৫।  শব্দার্থ লিখা — 

কেনি , সংশয় , অনন্ত , বিভােৰ , অবিহনে , বিপুল , কেনিও 


উত্তৰঃ

 কেনি ―  কোনফাললৈ ।

 সংশয় ― ভয় ,

অনন্ত ― অন্ত নথকা  । 

 বিভােৰ ― নিজক পাহৰি যােৱা  । 

 অবিহনে — নথকাত । 

 বিপুল ― বহুত।

কেনিও ― কোনােফালেও । 


 ৬। নির্দিষ্টতা বাচক প্রত্যয় কাক বােলে , উদাহৰণ সহ লিখা । 

উত্তৰঃ কোনাে বস্তু বা প্রাণীক নির্দিষ্টকৈ বুজাবলৈ অসমীয়া ভাষাত ব্যৱহাৰ হােৱা প্রত্যয় বা চিনবােৰক নির্দিষ্টতা বাচক প্রত্যয় বুলি কোৱা হয়। যেনে ― বস্তুকণ , আমটো ইত্যাদি । 


৭। তলৰ প্রত্যয়বােৰ যােগ কৰি শব্দ গঠন কৰা । 


         জনী , ডাল , টো , খিলা , আখি , কোছা , পাল , জাক , থােপা । 


উত্তৰঃ জনী     —     মানুহজনী । 


         ডাল      ―     পেঞ্চিলডাল । 


         টো        ―     কলমটো ।


         খিলা     ―     কাগজখিলা ।


         আখি     ―     কলআখি । 


         কোছা    ―     চাবিকোছা ।


         পাল      ―      গৰুপাল ।


         জাক     —     চৰাইজাক । 


         থােপা    ―     ফুলথােপা । 


৮। সমার্থক শব্দ লিখা ―

সূর্য , জগত , ধৰণী , পুষ্প , চন্দ্র , বায়ু , ৰজনী , ক্ষতি । 


উত্তৰঃ সূর্য      ―      বেলি , সুৰু , ৰবি , তপন ।। 

গত   ―      বিশ্ব , ভুৱন ।

ধৰণী    ―     পৃথিৱী , ধৰিত্ৰী । 

পুষ্প     ―      ফুল , কুসুম । 

চন্দ্র      ―     জোন , ইন্দু । 

বায়ু      ―     বতাহ , পৱন ।

 ৰজনী   ―     ৰাতি , নিশা । 

ক্ষতি     —     হানি , লােকচান । 


৯। শব্দৰ পার্থক্য বুজি বাক্য লিখা – 


           ধূলি-কণা , দিন-কণা 


উত্তৰঃ ধূলি-কণা :- বিশাল বিশ্ব সংসাৰত আমি মানুহবােৰ একো একোটি ধূলি-কণাৰ নিচিনা । 

দিন-কণা :- এই দিন দুপৰতাে বস্তুটো যে বিচাৰি পােৱা নাই , সি দিন – কণা নেকি ? 


১০। মাতৃ অবিহনে ভােজনৰ ছাৰখাৰ । ___ বাক্যটিৰ আঁচটনা শব্দটিয়ে প্ৰকাশ কৰা অর্থটো তলৰ শব্দবােৰৰ পৰা বাছি উলিওৱা –


          বিনীন , অদৃশ্য , অভাৱ , অনাটন , শূন্য । 


উত্তৰঃ অভাৱ । 


 ১১। তলৰ বাক্যবােৰৰ পুৰুষবাচক সম্বন্ধ পদবােৰ বাছি উলিওৱা –


( ক ) তােমাৰ মাৰা ঘৰত আছেনে ? 

উত্তৰঃ মাৰা ।


( খ ) তােৰ দেউতাৰৰ নাম কি ? 

উত্তৰঃ দেউতাৰৰ ।


( গ ) মােৰ দেউতা আহিছে । 

উত্তৰঃ দেউতা ।


( ঘ ) আপােনাৰ ভায়েক আহিছে । 

উত্তৰঃ ভায়েক ।


১২। খালী ঠাইত উপযুক্ত পদ লিখা –


( ক ) মােৰ ___ কালি গাঁৱৰ পৰা আহিছে ৷ 

তেওঁ দেউতাৰ একমাত্ৰ ভনীয়েক । 

উত্তৰঃ মােৰ পেহী কালি গাঁৱৰ পৰা আহিছে । তেওঁ দেউতাৰ একমাত্র ভনীয়েক । 


( খ ) মই কালি তােৰ ____ বজাৰত লগ পাইছো। সি হেনো তােতকৈ দুবছৰে সৰু ।

উত্তৰঃ মই কালি তােৰ ভায়েক বজাৰত লগ পাইছাে । সি হেনাে তােতকৈ দুবছৰে সৰু ।


( গ ) সি এতিয়া বজাৰলৈ ____ । 

উত্তৰঃ সি এতিয়া বজাৰলৈ গৈছে ।



( ঘ ) আপুনি এতিয়া বজাৰলৈ ___ ৷ 

উত্তৰঃ আপুনি এতিয়া বজাৰলৈ নাযাব । 


( ঙ ) কালি ৰাতি তাৰ ___ ঢুকাল । সেই কাৰণে ঘৈণীয়েকে পুৱাতেই লৰালৰিকৈ মাকৰ ঘৰলৈ গ’ল । ভতিজাকজনে আইতাক মৰা খবৰটো ____ ক ফোনেৰে জনাইছিল । 

উত্তৰঃ  কালি ৰাতি তাৰ শাহুয়েক ঢুকাল । সেইকাৰণে ঘৈণীয়েকে পুৱাতেই লৰালৰিকৈ মাকৰ ঘৰলৈ গ’ল । ভতিজাকজনে আইতাক মৰা খবৰটো তাক ফোনেৰে জনাইছিল । 


১৩। কাৰক কাক বােলে ? ই কেই প্ৰকাৰৰ ? প্রত্যেকৰে এটিকৈ উদাহৰণ দিয়া । 

উত্তৰঃ ক্রিয়াৰ লগত পদৰ যি সম্বন্ধ থাকে বা হয় তাক কাৰক বােলে । কাৰক ছয় প্রকাৰৰ –

১। কর্তা কাৰক ।

 ২। কর্ম কাৰক ।

৩। কৰণ কাৰক ।

৪। সম্প্রদান কাৰক । 

৫। অপাদান কাৰক । আৰু 

৬। অধিকৰণ কাৰক । 


উদাহৰণ :- কর্তা কাৰক ― ল’ৰাবিলাকে খেলিছে । 

কর্ম কাৰক ― চিকাৰীয়ে এটা বাঘ মাৰিছিল । 

কৰণ কাৰক ― আমি কলমেৰে লিখোঁ । 

সম্প্রদান কাৰক ― দুখীয়াক দান কৰিবা । 

অপাদান কাৰক ― গাখীৰৰ পৰা মাখন হয় । 

অধিকৰণ কাৰক ― পুখুৰীত মাছ আছে ।


১৪। কবিতাটিৰ মূল ভাবটো লিখা । 

উত্তৰঃ এই সীমাহীন , বিপুল বিশ্ব সংসাৰত অসংখ্য প্রাণী আছে । প্রাণীবােৰ বিপুল বিশ্বৰ এটি ক্ষুদ্র অংশহে । সেয়েহে , কোনাে প্রাণীৰ হৰণ – ভগনে বিশ্ব সংসাৰত একো প্ৰভাৱ নেপেলায় । যি এক চিৰন্তন প্রক্রিয়াৰ মাজেৰে বিশ্ব সংসাৰখন স্বাভাৱিকভাবে চলি আছে , সি সদায় একেদৰে চলি থাকিব দিন গলে ৰাতি হ’ব , জোন – বেলি ওলায়ে থাকিব, গছত ফুল ফুলিব , বতাহ বলিব , নিজ বাটত নক্ষত্ৰবােৰে ঘূৰি থাকিব । আমি মানুহবােৰে এই বিশাল বিশ্ব সংসাৰত ধূলিকণাৰ দৰে এটি ক্ষুদ্র প্রাণীহে । সেয়েহে , ধূলিকণাৰ দৰে সাধাৰণ মানুহৰ মৃত্যুত জগতৰ কোনাে হানি নহয়।


১৫। এই অন্তহীন বিশ্বত মানুহবােৰ একোটা ক্ষুদ্র প্রাণীহে । কোনােজনৰ মৃত্যু হলেও বিশ্ব সৃষ্টিৰ কোনাে হানি নহয় — এইভাব প্রকটভাৱে প্রকাশ পােৱা দফাটো লিখা । 

উত্তৰঃ অনন্ত বিশ্বৰ অসংখ্য ধূল

  এটি মাত্র ধূলি-কণা মই ; 

মােৰ অবিহনে এই বিপুল সৃষ্টিৰ 

 কেনিও অকণাে হানি নাই । 

 


Check by - Mukesh Borah