Chapter  8

ওলোম ৰজাৰ চোলােম মন্ত্রী

 

    👉 Text Book PDF
    👉 MCQ Online Exam
    👉Short Question Answer


 ১। ওলোম ৰজাৰ সম্পূর্ণ নাম কি আছিল ? 

উত্তৰঃ শ্ৰীযুক্ত ওলােমচন্দ্র ভূপ বাহাদুৰ । 

 

২। ৰজা আৰু মন্ত্ৰীৰ উচ্চতা কিমান আছিল ? 

উত্তৰঃ ৰজাৰ উচ্চতা তিনি ফুট আৰু মন্ত্ৰীৰ উচ্চতা ছফুট আছিল । 


৩। সপােনৰ কথা কেতিয়াও মিছা নহয় বুলি ৰজাক কোনে কৈছিল ? 

উত্তৰঃ সপােনৰ কথা কেতিয়াও মিছা নহয় বুলি ৰজাক  জলকুঁৱৰীয়ে কৈছিল ।

 

৪। মন্ত্রীয়ে অন্তেষপুৰৰ পৰা কাষলতিৰ তলত কি লুকুৱাই আনিছিল ?

উত্তৰঃ ওলােম ৰজাৰ হলৌ চোলা এটা লুকুৱাই আনিছিল । 


৫। জলকুঁৱৰীৰ ৰাণীয়ে পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহজন বুলি কাৰ কথা কৈছিল ? 

উত্তৰঃ ৰজা শ্ৰীযুক্ত ওললামচন্দ্র ভূপ বাহাদুৰৰ কথা কৈছিল । 


৬। ৰজা আৰু মন্ত্ৰীৰ এটি শাৰিৰীক বর্ণনা দিয়া । 

উত্তৰঃ ওলােম ৰজা চুটি – চাপৰ , ঘুটুমুটীয়া আছিল । তেওঁৰ উচ্চতা আছিল মাত্র তিনিফুট ।চোলােম মন্ত্রী আছিল ওখ – পাখ , ডাঙৰ – দীঘল মানুহ । তেওঁৰ উচ্চতা আছিল ছফুট । মন্ত্রীৰ পেটটো ঢােলােৰ নিচিনা ডাঙৰ আৰু মুখত একোচা দীঘল দাড়ি আছিল । 


৭। ওলােম ৰজাই মন্ত্রীক কি বস্তু আনি দিবলৈ কৈছিল ? তেওঁ বিচৰা বস্তুপদ শেষত পালেনে ? 

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহজনে পিন্ধা চোলাটো আনি দিবলৈ কৈছিল । তেওঁ বিচৰা বস্তুপদ নাপালে । 


৮। জ্ঞানী মানুহৰ চোলা আনিবলৈ মন্ত্রীয়ে কি বুদ্ধি সাজিছিল ? ৰজাই মন্ত্রীক শেকি বঁটা দিছিল ? 

উত্তৰঃ সপােন দেখাৰ বুদ্ধি সাজিছিল । সপােনত এজনী জলকুঁৱৰীৰ ৰাণীয়ে ওলােম ৰজাই পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহ বুলি কোৱা বুলি কৈ মন্ত্ৰীয়ে ৰজাক তেওঁৰ নিজৰেই হলৌ চোলা এটা আনি দিছিল । ৰজাই মন্ত্রীক শেষত এচৰু সােণ – ৰূপ দিছিল । 

 

৯। ৰজা আৰু মন্ত্ৰীৰ প্ৰকৃততে কোন জ্ঞানী আছিল ? 

উত্তৰঃ  ৰজা আৰু মন্ত্ৰীৰ প্ৰকৃততে  মন্ত্রী জ্ঞানী আছিল । 


 ১০। চোলােম মন্ত্ৰীৰ সপােনটো তােমাৰ নিজৰ ভাষাত লিখা । 

উত্তৰঃ মন্ত্রী চোলােম চন্দ্রই শুই থাকোতে এটি সপােন দেখিলে – এজনী জলকুঁৱৰীৰ ৰাণী আহি তেওঁৰ আগত ওলাল । মন্ত্রীয়ে জলকুঁৱৰীৰ ভৰিত দীঘল দি পৰি পৃথিৱীত আটাইতকৈ জ্ঞানী মানুহ কোন বুলি সুধিলে । জলকুঁৱৰীয়ে শ্রীশ্ৰীশ্ৰীযুক্ত ওলােমচন্দ্র ভূপ বাহাদূৰেই পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহ বুলি মন্ত্রী চোলােম চন্দ্রক ক’লে । জলকুঁৱৰীয়ে লগতে এইটোও ক’লে যে ওলােমচন্দ্ৰই নিজৰ চোলাটো পিন্ধিলেই সুখী হ’ব। 


১১। ৰজাই গমহ-গমহ কৰি সিংহাসনত কিয় ভৰি মাৰিছিল ? 

উত্তৰঃ ৰজাই মন্ত্ৰীক পিছদিনাখন পুৱাতে চোলা আনিবলৈ কৈছিল । কিন্তু পিছদিনাখন বহু পলমকৈহে মন্ত্রী আহি ৰজাৰ সন্মুখত উপস্থিত হৈছিল । মন্ত্রীয়ে পলমকৈ অহা বাবেই ৰজাই খঙতে গমহ-গমহকৈ সিংহাসনত ভৰি মাৰিছিল । 


১২। জ্যোতিপ্ৰসাদ আগৰৱালাই চৈধ্য বছৰ বয়সতে লিখা নাটক খনৰ নাম কি ? 

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই চৈধ্য বছৰ বয়সতে লিখা নাটক খনৰ নাম  শাণিতকুঁৱৰী ‘ । 

১৩। ‘ চার্টিফিকেট অৱ মেৰিট ’ সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি ? 

উত্তৰঃ  ‘ চার্টিফিকেট অৱ মেৰিট ’ সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম ‘ পিয়লি ফুকন ‘ । 


প্রশ্ন ১৪। ভাৰতৰ স্বাধীনতা আন্দোলনত যুঁজ দিয়া অসমৰ দুগৰাকী মুক্তি যুঁজাৰুৰ নাম লিখা । 

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বলােৰাম বসুমতাৰী । 


১৫। লিংগ পৰিবৰ্তন কৰা – 


            জলকেঁৱৰ , মহাৰজা , লিগিৰী , সম্রাট , কোঁৱৰ , শিক্ষক । 


উত্তৰঃ 

জলকোৱৰ    –       জলকুঁৱৰী । 

 মহাৰজা       –       মহাৰাণী ।

 লিগিৰী        –       লিগিৰা । 

সম্রাট          –       সম্রাজ্ঞী । 

 কোৱৰ        –       কুঁৱৰী । 

শিক্ষক        –       শিক্ষয়িত্রী । 


 ১৬। এটা শব্দত প্ৰকাশ কৰা –


( ক ) যি লােকৰ পেট ওলােৱা ― ।

উত্তৰঃ পেটুৱা ।


( খ ) ভাত বেছিকৈ খােৱা লােক ― । 

উত্তৰঃ ভতুৱা ।


( গ ) ৰাজকাৰেঙৰ ভিতৰ চ’ৰা — । 


উত্তৰঃ অন্তেষপুৰ ।


( ঘ ) ডিঙিৰ পৰা ভৰিলৈকে পৰা দীঘল চোলা —। 


উত্তৰঃ হলৌচোলা ।


( ঙ ) ৰজাৰ বার্তা আদান – প্রদান কৰোঁতা ―। 


উত্তৰঃ দূত ।


প্রশ্ন ১৭। অনুৰূপ শব্দ বুলিলে কি বুজা ? পাঁচটা অনুৰূপ শব্দ লিখা । 

উত্তৰঃ কেতিয়াবা একোটা শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ বা অর্থ স্পষ্ট কৰিবলৈ শব্দৰ পিছত একেধৰণৰ আন এটা শব্দ ব্যৱহাৰ কৰা হয় । এনেবােৰ শব্দক অনুৰূপ শব্দ বুলি কোৱা হয় । পাঁচটা অনুৰূপ শব্দৰ উদাহৰণ হৈছে — গাড়ী মটৰ , কাগজ কলম , বন্ধু – বান্ধৱ , ভাত – চাহ , মানুহ – দুনুহ । 


প্রশ্ন ১৮। দ্বিঘক্ত শব্দ কাক বােলে , উদাহৰণসহ লিখা । 

উত্তৰঃ একেটা শব্দ দুবাৰ ব্যৱহাৰ হলে তাক দ্বিঘক্ত শব্দ বুলি কোৱা হয়।যেনে — ঘনে – ঘনে , বাৰে বাৰে মনে – মনে ইত্যাদি । 


প্রশ্ন ১৯। চমুটোকা লিখা –


( ক ) বিষ্ণুপ্ৰসাদ ৰাভা । 


উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে ঢাকাত জন্ম লাভ কৰে । সুন্দৰ , সুস্থ শৰীৰৰ বিষ্ণু ৰাভা প্রখৰ মেধাসম্পন্ন আৰু সৃষ্টিশীল মনৰ অধিকাৰী আছিল । তেওঁ একাধাৰে কবি , গীতিকাৰ , গায়ক , অভিনেতা , নৃত্যশিল্পী , চিত্রশিল্পী , খেলুৱৈ , বিপ্লৱী আৰু সমাজ সংগঠক আছিল । চিৰ মুক্তিকামী , বিপ্লৱী চেতনাৰ জাগ্রত প্রতীক বিষ্ণুৰাভাই ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া বাবে ব্রিটিছৰ ৰােষত পৰিব লগা হৈছিল । আনকি আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পাছতাে, এই স্বাধীনতা প্রকৃত স্বাধীনতা নহয় বুলি , কৃষক – বনুৱা , হালােৱা – হজুৱা সমন্বিতে সর্বসাধাৰণৰ প্রকৃত মুক্তিৰ বাবে এহাতত কলম আৰু এহাতত বন্দুক লৈ বিপ্লৱৰ নেতৃত্ব দিয়া বাবে দেশীয় চৰকাৰেও তেওঁক বন্দী কৰি জেলত ভৰাইছিল । আজীৱন সাধাৰণ জনতাৰ কল্যাণৰ হকে দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা জনতাৰ হিয়াৰ আমঠু এইগৰাকী চিৰ নমস্য মহান ব্যক্তিৰ ১৯৬৯ চনৰ ২০ জুন তাৰিখে জীৱন বন্তি নির্বাপিত হয় ।


( খ ) নটসূর্য ফণী শৰ্মা ।


উত্তৰঃ নটসূর্য ফণী শৰ্মা অসমীয়া নাটক আৰু বােলছবি জগতৰ এজন কিংবদন্তি পুৰুষৰূপে খ্যাত । ১৯১০ চনত তেজপুৰৰ কলিবাৰীত জন্মলাভ কৰা ফণী শৰ্মাদেৱে সৰুৰে পৰা নাট – ভাওনাৰ লগত জড়িত হৈ পৰিছিল ।  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ জয়মতী ’ ছবিৰ গাঁঠি হাজৰিকাৰ চৰিত্ৰত তেওঁ অভিনয় কৰি এক ইতিহাস গঢ়ি থৈ গৈছে ফণী শর্মাই বিষ্ণুৰাভাৰ সৈতে ১৯৪৮ চনত মুক্তি লাভ কৰা ‘ চিৰাজ ’ চিনেমাখন পৰিচালনা কৰিছিল । এইজনা কলাৰ সাধকে ওৰে জীৱন নাট্যাভিনয়ৰ লগত জীৱন কটাই ১৯৭০ চনত গুৱাহাটীত মৃত্যুবৰণ কৰে ।

 


Check by - Mukesh Borah