Chapter 9 -

মোক ব্যবহাৰ কৰা 

প্ৰশ্ন আৰু উত্তৰ (Question-Answer)

প্ৰশ্ন ১: ‘মোক ব্যৱহাৰ কৰা’ পাঠটোত কাক ‘মই’ বুলি কোৱা হৈছে?

উত্তৰ: এই পাঠটোত ‘মই’ বুলি আবর্জনা-পাত্র বা ডাষ্টবিনক কোৱা হৈছে।

প্ৰশ্ন ২: ডাষ্টবিনৰ গাত কি লিখা থাকে?

উত্তৰ: ডাষ্টবিনৰ গাত “USE ME” বা “মোক ব্যৱহাৰ কৰক” বুলি লিখা থাকে।

প্ৰশ্ন ৩: ডাষ্টবিনে মানুহৰ কোনটো অভ্যাস দেখি দুখিত হয়?

উত্তৰ: ডাষ্টবিনে এই কথা দেখি দুখিত হয় যে মানুহে আবর্জনা ডাষ্টবিনৰ ভিতৰত পেলোৱাৰ সলনি চাৰিওফালে পেলাই দিয়ে।

প্ৰশ্ন ৪: ডাষ্টবিনৰ সঠিক ব্যৱহাৰ নকৰাৰ ফলত কি সমস্যা হয়?

উত্তৰ: ডাষ্টবিনৰ সঠিক ব্যৱহাৰ নকৰাৰ ফলত সেই ঠাইখিনি দুৰ্গন্ধময় আৰু অস্বাস্থ্যকৰ হৈ পৰে।

প্ৰশ্ন ৫: ডাষ্টবিনৰ মতে শিক্ষিত মানুহ কাক কোৱা নাযায়?

উত্তৰ: যিসকলে আবর্জনা ডাষ্টবিনৰ ভিতৰত নোপেলাই চাৰিওফালে পেলাই দিয়ে, তেওঁলোকক ডাষ্টবিনে শিক্ষিত মানুহ বুলি ক’ব নোৱাৰি বুলি কয়।

প্ৰশ্ন ৬: চৌপাশ পৰিস্কাৰ আৰু স্বাস্থ্যকৰ ৰাখিবলৈ কি কৰিব লাগে?

উত্তৰ: চৌপাশ পৰিস্কাৰ আৰু স্বাস্থ্যকৰ ৰাখিবলৈ ডাষ্টবিনক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে।

প্ৰশ্ন ৭: ডাষ্টবিনে পাঠৰ শেষত কি কামনা কৰে?

উত্তৰ:ডাষ্টবিনে পাঠৰ শেষত সকলোৰ সুস্বাস্থ্য কামনা কৰে।