Chapter 2

শিষ্টাচাৰ বা সজ আচৰন

✍️ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: এজন মানুহৰ সংস্কৃতিৰ পৰিচয় কেতিয়াবা কেনেদৰে পোৱা যায়?

উত্তৰ: এজন মানুহৰ সংস্কৃতিৰ পৰিচয় তেওঁৰ আচৰণ আৰু কথা-বতৰাৰ পৰা পোৱা যায়।

প্ৰশ্ন ২: সজ আচৰণ কেতিয়াবা শিকা যায়?

উত্তৰ: সজ আচৰণ কোনো পাঠ্যপুথিৰ পৰা নহয়; ই ডাঙৰসকলৰ আচৰণ চাই অভ্যাস কৰি শিকিব লাগে।

প্ৰশ্ন ৩: মানুহৰ আচৰণৰ ওপৰত কাৰ প্ৰভাৱ বেছি পৰে?

উত্তৰ: মানুহৰ আচৰণ গঠনত পৰিয়ালৰ ডাঙৰসকলৰ আদৰ্শৰ প্ৰভাৱ বেছি পৰে।

প্ৰশ্ন ৪: সজ আচৰণে মানুহক কেনেকৈ সহায় কৰে?

উত্তৰ: সজ আচৰণে মানুহক সুন্দৰ আৰু আনৰ প্ৰিয়পাত্র কৰি তোলে।

প্ৰশ্ন ৫: আচলতে মানুহৰ মনৰ ভাব কেনেদৰে প্ৰকাশ পায়?

উত্তৰ: মানুহৰ মনৰ ভাব তেওঁৰ আচৰণৰ মাজেদি প্ৰকাশ পায়।

প্ৰশ্ন ৬: আচল শিষ্টাচাৰ কেনেদৰে গঢ়ি উঠে?

উত্তৰ: শিষ্টাচাৰ এদিনতে শিকিব নোৱাৰি; ই সৰুৰে পৰা অভ্যাস কৰি স্বভাৱত পৰিণত কৰিব লাগে।

প্ৰশ্ন ৭: সজ আচৰণৰ মূল কি?

উত্তৰ: সজ আচৰণৰ মূল হ'ল বিনয় বা নম্রতা।

প্ৰশ্ন ৮: মতবিৰোধ হ’লে কেনেদৰে আচৰণ কৰা উচিত?

উত্তৰ: মতবিৰোধ হ’লে শান্তভাৱে, বিনয়ীভাৱে মত প্ৰকাশ কৰা উচিত; যেন আনৰ অনুভূতিত আঘাত নালাগে।

প্ৰশ্ন ৯: আচল সৌজন্যৰ এটা উদাহৰণ দিয়া।

উত্তৰ: এজন ইংৰাজ গৃহস্থে তেওঁৰ বন্ধুৰ ভুল ঢাকিবলৈ নিজেও মটৰ গুটি চুৰি কৰি খালে, যাতে বন্ধুজন অস্বস্তি অনুভৱ নকৰে—এইটো আচল সৌজন্যৰ উদাহৰণ।

প্ৰশ্ন ১০: সৰু ল'ৰা-ছোৱালীৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰা উচিত?

উত্তৰ: সিহঁতৰ লগত সদায় স্নেহপূর্ণ, ধৈৰ্য্যশীল আৰু সদাচাৰযুক্ত ব্যৱহাৰ কৰা উচিত; যেন সিহঁতে ভুল আচৰণ অনুকৰণ নকৰে।

প্ৰশ্ন ১১: বয়সীয়াল মানুহৰ প্রতি আচৰণ কেনেধৰণৰ হ’ব লাগে?

উত্তৰ: বয়সীয়ালসকলৰ প্ৰতি সদায় সন্মান, শ্রদ্ধা আৰু সৌজন্যপূৰ্ণ আচৰণ কৰা উচিত।

প্ৰশ্ন ১২: ইংলেণ্ড-আমেৰিকাৰ পৰা আমি কি শিকিব লাগে?

উত্তৰ: আমিয়ে পশ্চিমীয়া দেশসমূহৰ সদগুণ যেনে শিষ্টাচাৰ, সৌজন্য আদিয়ে শিকিব লাগে; অন্ধ অনুকৰণ উচিত নহয়।

প্ৰশ্ন ১৩: জনসমাবেশত আমাৰ আচৰণ কেনেকুৱা হ’ব লাগে?

উত্তৰ: জনসমাবেশত আমি শৃঙ্খলাবদ্ধ, ধৈৰ্য্যশীল আৰু শিষ্ট আচৰণ দেখুওৱা উচিত।