Chapter 2
সময়মণ্ডল আৰু মানচিত্ৰ
অনুশীলনী ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
(ক) দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান?
উত্তৰ: দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান ১ ঘণ্টা।
(খ) পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে?
উত্তৰ: পৃথিবীখনক ২৪ টা সময় মণ্ডলত ভাগ কৰা হৈছে।
(গ) ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে?
উত্তৰ: ৮২° ৩০′ পূব দ্রাঘিমাৰেখাৰ সময়ক ভাৰতৰ মান সময় হিচাপে গ্ৰহণ কৰা হৈছে।
২. সময় মণ্ডল কেনেকৈ গণনা কৰা হয়?
উত্তৰ: মুখ্য দ্রাঘিমাৰেখাৰ (o deg) সময়ৰ লগত প্রতি ১৫° দ্রাঘিমাংশৰ মূৰে মূৰে এক ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয়। মুখ্য দ্রাঘিমাৰেখাৰ
অনুশীলনী ২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?
উত্তৰ: মানচিত্র এখনৰ উপাদানকেইটা হ'ল- দিশ, দূৰত্ব, অবস্থান আৰু সাংকেতিক চিহ্ন।
(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰ: প্ৰধান দিশ চাৰিটা হৈছে —
উত্তৰ (North)
দক্ষিণ (South)
পূব (East)
পশ্চিম (West)
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰ: ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্রাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনী (Scale) বোলে।
২. কিছু ক্ষেত্রত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক?
উত্তৰ: গোলকৰ তুলনাত মানচিত্ৰ বেছি সুবিধাজনক, কাৰণ:
ই বহনযোগ্য আৰু সহজে ভাঁজিবলৈ পাৰি।
যিকোনো অংশ ডাঙৰকৈ দেখুওৱা যায়।
বিদ্যালয় বা দপ্তৰত সহজে টাঙি থ’ব পাৰি।
বিশদ তথ্য দেখুৱাবলৈ সুবিধা হয়।
৩. মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি?
উত্তৰ: মানচিত্ৰ নক্সা
এটা বৃহৎ অঞ্চল দেখুৱায় (দেশ, মহাদেশ)। এটা সৰু অঞ্চল দেখুৱায় (বন, ঘৰ, পথ)।
সাধাৰণভাৱে মাপনী সৰু হয়। মাপনী ডাঙৰ হয়।
বৃহৎ পৰিসৰৰ তথ্য থাকে। ক্ষুদ্ৰ পৰিসৰৰ বিস্তৃত তথ্য থাকে।
৪. মানচিত্ৰ অধ্যয়নৰ ক্ষেত্রত সাংকেতিক চিহ্নবোৰে কিদৰে সহয় কৰে?
উত্তৰ: সাধাৰণতে মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিবীতে একে। পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন কথা জানিব পাৰোঁ। কোনো এখন নতুন ঠাইলৈ গ'লে সেই ঠাইখনৰ ভাষা নজনাৰ বাবে ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। তেতিয়া সেই ঠাইৰ মানচিত্র এখন উলিয়াই লৈ তাত থকা চিহ্নবোৰৰ সহায়ত প্রয়োজনীয় তথ্য জানিব পাৰি। গুৱাহাটী মহানগৰীৰ মানচিত্র এখন
উদাহৰণস্বৰূপে —
ৰেলপথ, জাতীয় পথ, বিদ্যালয়, নদী, পাহাৰ আদি সৰু সৰু চিহ্নৰ সহায়ত দেখুওৱা হয়।সেয়া মানচিত্ৰ পঢ়িবলৈ সহজ কৰি তোলে।
***************
OLD
পাঠ ২
পৃথিৱীৰ আকাৰ আৰু আকৃতি
(১)তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া-
(ক) কৰ্কট ক্ৰান্তি কাক বোলে?
উত্তৰঃ বিষুৱ ৰেখাৰ পৰা উত্তৰে ২৩.৫ ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে থকা অংশক কৰ্কট ক্ৰান্তি বোলা হয়।
(খ) তাপ মণ্ডল তিনিটা কি কি?
উত্তৰঃ গ্ৰীষ্মমণ্ডল,নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল।
(গ) অক্ষৰেখা কাক বোলে?
উত্তৰঃ বিষুবৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে সেইবোৰকে অক্ষৰেখা বোলে।
(ঘ) দ্ৰাঘিমাৰেখা কাক বোলে?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰিও উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী কিছুমান ৰেখাৰ সহায় লোৱা হয়, এই ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলা হয়।
(ঙ) গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম কিয় হয়?
উত্তৰঃ গ্ৰীষ্মমণ্ডলৰ অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে, সেয়ে গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম হয়।
(চ) বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত?
উত্তৰঃ গ্ৰীষ্মমণ্ডল।
(ছ) মেৰু
অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে?
উত্তৰঃ এই অঞ্চলত শীতৰ তীব্ৰতা অধিক। অতিপাত শীতৰ বাবে বছৰৰ বাৰ মাহে এই অঞ্চলৰ বিভিন্ন অংশত পানী গোট মাৰি বৰফ হৈ থাকে। ইয়াৰ কাৰণ হ'ল ইয়াত বছৰটোৰ ছমাহ সূৰ্যৰ ৰশ্মি অতি হেলনীয়াকৈ পৰে আৰু ছমাহ সূৰ্যৰ ৰশ্মি নপৰে।
(২) কেৱল
উত্তৰ দিয়া-
(ক)
ককটক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে?
উত্তৰঃ উত্তৰ গোলাৰ্ধ।
(খ) কি
কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুবিন্দুক সংযোগ কৰিছে?
উত্তৰঃ দ্ৰাঘিমাৰেখা।
(গ) গোলকৰ
কোনটো ফালে উত্তৰ মেৰু থাকে?
উত্তৰঃ উত্তৰ ফালে বা ওপৰৰ ফালে।
(ঘ) বিষুৱ
ৰেখা অক্ষাংশ কিমান?
উত্তৰঃ ০º অক্ষাংশ
(ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা?
উত্তৰঃ উত্তৰ।
(৩) শুদ্ধ উত্তৰটেত শুদ্ধ চিন দিয়া-
(ক) মূখ্য
দ্ৰাঘিমাৰেখাৰ মান হৈছে-
(১) ৯০০
(২) ০০
(৩) ৬৬০
উত্তৰঃ (২) ০০
(খ) শীতমণ্ডলৰ অৱস্থান হৈছে
(১) মেৰু অঞ্চলত
(২) বিষুৱীয় অঞ্চল
উত্তৰঃ (১) মেৰু অঞ্চলত।
(গ)
বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব?
(১) ৬৬ ১/২০ দক্ষিণ অক্ষাংশ
(২) ২৩ ১/২০ দক্ষিণ অক্ষাংশ
(৩) ২৩ ১/২০ উত্তৰ অক্ষাংশ
উত্তৰঃ (২) ২৩ ১/২০ দক্ষিণ অক্ষাংশ।
(ঘ)
১০ ৰ অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা
হ'ব-
(১) ১৮০ ডাল
(২) ৩৬০ ডাল
(৩) ৯০ ডাল
উত্তৰঃ (২) ৩৬০ ডাল
(৪)
(ক)
বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি ?
উত্তৰঃ গ্ৰীষ্মমণ্ডল।
(খ) সূৰ্যৰ
ৰশ্মি অতি হেলনীয়াভাবে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে?
উত্তৰঃ গোটা অৱস্থাত (বৰফ হিচাপে)।
Last Update by Dipawali Bora (02.05.2022)
Check by - Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
Post Id: DABP000777