Chapter 9 -
প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ
অনুশীলনী-১
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) মৌর্য বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰ: মৌর্য বংশৰ প্রতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌর্য আছিল।
(খ) অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক কোন?
উত্তৰ: অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক চাণক্য বা কৌটিল্য।
(গ) বর্তমান ভাৰতৰ কোন অঞ্চলত মৌর্যসকলৰ ৰাজ্য অৱস্থিত আছিল?
উত্তৰ: মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ বিহাৰ, অন্ধ্ৰ, উৰিষ্যা আৰু পশ্চিমবঙ্গৰ অঞ্চলত বিস্তত আছিল।
(ঘ) মৌর্য ৰজাসকলৰ ভিতৰত কাক শ্রেষ্ঠ ৰজা বুলি জনা যায়?
উত্তৰ: মৌর্য ৰজাসকলৰ ভিতৰত অশোকক শ্রেষ্ঠ ৰজা বুলি জনা যায়।
(ঙ) শৃংগ বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰ: শৃংগ বংশৰ প্রতিষ্ঠাপক আছিল পূষ্যমিত্র শৃংগ।
(চ) পূষ্যমিত্র শুং কোনটো বর্ণৰ লোক আছিল?
উত্তৰ: পূষ্যমিত্র শৃংগ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল।
(ছ) গুপ্ত বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰ: গুপ্ত বংশৰ প্রতিষ্ঠাপক আছিল শ্রীগুপ্ত।
(জ) মৌর্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল?
উত্তৰ: মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল।
(ঝ) অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল?
উত্তৰ: অশোকৰ সময়ত তেনে বিষয়াসকলক ধম্মমাহামাত্ৰ" বুলি কোৱা হৈছিল।
(ঞ) অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল?
উত্তৰ: অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ তত্ত্বাৱধান কৰা।
(ট) মৌর্যসকলৰ সময়ৰ প্রধান বর্ণকেইটা কি আছিল?
উত্তৰ: মৌৰ্যসকলৰ সময়ত চাৰিটা প্রধান বৰ্ণ আছিল — ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ।
(১) গুপ্তবংশৰ শ্রেষ্ঠ ৰজাজন কোন?
উত্তৰ: গুপ্ত বংশৰ শ্রেষ্ঠ ৰজা আছিল চন্দ্রগুপ্ত দ্বিতীয়।
অনুশীলনী-২
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা।
উত্তৰ: চোলা, চেৰা আৰু পাণ্ড্য।
(খ) পাণ্ড্য বংশৰ ৰাজধানী কি আছিল?
উত্তৰ: পাণ্ড্য বংশৰ ৰাজধানী আছিল মধুৰা।
(গ) উৰাইয়ুৰ কোনখন ৰজাৰ শাসনকেন্দ্ৰ আছিল?
উত্তৰ: চোলা বংশৰ শাসনকেন্দ্ৰ আছিল উৰাইয়ুৰ।
(ঘ) চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল?
উত্তৰ: চেৰা বংশৰ অঞ্চলটোক কেৱল বুলি জনা গৈছিল।
(৫) কাক অন্ধ বুলি জনা গৈছিল?
উত্তৰ: আন্ধ্ৰ বংশক অন্ধ বুলি জনা গৈছিল।
(চ) চালুক্য বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰ: চালুক্য বংশৰ প্রতিষ্ঠাপক আছিল পুলকেশিন প্ৰথম।
(ছ) পল্লব বংশৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰ: পল্লব বংশৰ প্ৰথম ৰজা আছিল সিমাভিষ্ণু।
(জ) কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল?
উত্তৰ: কাঞ্চীপুৰম আছিল পল্লবসকলৰ ৰাজধানী।
(ক) দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি কি আছিল?
উত্তৰ: দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি আছিল কৃষিকাৰ্য আৰু সাগৰ বাণিজ্য।
অনুশীলনী-৩
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) প্রাচীন কামৰূপৰ প্রথমটো ঐতিহাসিক বংশৰ নাম কি?
উত্তৰ: প্রাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ বর্মন বংশ।
(খ) কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্রৱর্তন কৰিছিল?
উত্তৰ: কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ প্ৰৱর্তন কৰিছিল।
(গ) বর্মন বংশৰ শ্রেষ্ঠ ৰজা কোন আছিল?
উত্তৰ: বর্মন বংশৰ শ্রেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন।
(ঘ) চীনা পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল?
উত্তৰ: হিউয়েন চাং ৬৪৩ খ্ৰীষ্টাব্দত কামৰূপলৈ আহিছিল।
(৫) বিষয় বুলিলে কি বুজা?
উত্তৰ: বিষয় বুলিলে বুজা যায় — ৰজাৰ দ্বাৰা নিযুক্ত প্ৰশাসনিক কৰ্মচাৰী।
(চ) কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা।
উত্তৰ: কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য বৃত্তিসমূহ — কৃষিকাৰ্য, তাঁত বুনা, কামচৰাই, ধাতু শিল্প।
অনুশীলনী-৪
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) গুপ্তযুগক কিয় সোনালী যুগ বুলি কোৱা হৈছিল?
উত্তৰ: শিক্ষা, সাহিত্য, কলা আৰু বিজ্ঞানৰ উন্নতিৰ বাবে গুপ্তযুগক সোনালী যুগ বুলি কোৱা হৈছিল।
(খ) কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা।
উত্তৰ: কালিদাসে লিখা তিনিখন প্ৰসিদ্ধ নাটকৰ নাম হ’ল —
-
অভিজ্ঞান শকুন্তলম (Abhijnana Shakuntalam)
-
মালবিকাগ্নিমিত্রম (Malavikagnimitram)
-
বিক্ৰমোৰ্বশীয়ম (Vikramorvasiyam)
(গ) বর্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক কোন আছিল?
উত্তৰ: বর্তমানৰ নাম আল্লাহাবাদ স্তম্ভলিপিৰ লেখক আছিল হৰিসেন।
(ঘ) দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম কি?
উত্তৰ: অমৰ কোশ।
(ঙ) দক্ষিণ ভাৰতত কি কি ভাষ্যত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল?
উত্তৰ: তামিল, তেলুগু, কন্নড় আৰু মালয়ালম ভাষাত।
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------