Chapter 10 -
প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ
অনুশীলনী-১
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) মৌর্য বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰ: মৌর্য বংশৰ প্রতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌর্য আছিল।
(খ) অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক কোন?
উত্তৰ: অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক চাণক্য বা কৌটিল্য।
(গ) বর্তমান ভাৰতৰ কোন অঞ্চলত মৌর্যসকলৰ ৰাজ্য অৱস্থিত আছিল?
উত্তৰ: মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ বিহাৰ, অন্ধ্ৰ, উৰিষ্যা আৰু পশ্চিমবঙ্গৰ অঞ্চলত বিস্তত আছিল।
(ঘ) মৌর্য ৰজাসকলৰ ভিতৰত কাক শ্রেষ্ঠ ৰজা বুলি জনা যায়?
উত্তৰ: মৌর্য ৰজাসকলৰ ভিতৰত অশোকক শ্রেষ্ঠ ৰজা বুলি জনা যায়।
(ঙ) শৃংগ বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰ: শৃংগ বংশৰ প্রতিষ্ঠাপক আছিল পূষ্যমিত্র শৃংগ।
(চ) পূষ্যমিত্র শুং কোনটো বর্ণৰ লোক আছিল?
উত্তৰ: পূষ্যমিত্র শৃংগ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল।
(ছ) গুপ্ত বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰ: গুপ্ত বংশৰ প্রতিষ্ঠাপক আছিল শ্রীগুপ্ত।
(জ) মৌর্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল?
উত্তৰ: মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল।
(ঝ) অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল?
উত্তৰ: অশোকৰ সময়ত তেনে বিষয়াসকলক ধম্মমাহামাত্ৰ" বুলি কোৱা হৈছিল।
(ঞ) অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল?
উত্তৰ: অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ তত্ত্বাৱধান কৰা।
(ট) মৌর্যসকলৰ সময়ৰ প্রধান বর্ণকেইটা কি আছিল?
উত্তৰ: মৌৰ্যসকলৰ সময়ত চাৰিটা প্রধান বৰ্ণ আছিল — ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ।
(১) গুপ্তবংশৰ শ্রেষ্ঠ ৰজাজন কোন?
উত্তৰ: গুপ্ত বংশৰ শ্রেষ্ঠ ৰজা আছিল চন্দ্রগুপ্ত দ্বিতীয়।
অনুশীলনী-২
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা।
উত্তৰ: চোলা, চেৰা আৰু পাণ্ড্য।
(খ) পাণ্ড্য বংশৰ ৰাজধানী কি আছিল?
উত্তৰ: পাণ্ড্য বংশৰ ৰাজধানী আছিল মধুৰা।
(গ) উৰাইয়ুৰ কোনখন ৰজাৰ শাসনকেন্দ্ৰ আছিল?
উত্তৰ: চোলা বংশৰ শাসনকেন্দ্ৰ আছিল উৰাইয়ুৰ।
(ঘ) চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল?
উত্তৰ: চেৰা বংশৰ অঞ্চলটোক কেৱল বুলি জনা গৈছিল।
(৫) কাক অন্ধ বুলি জনা গৈছিল?
উত্তৰ: আন্ধ্ৰ বংশক অন্ধ বুলি জনা গৈছিল।
(চ) চালুক্য বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰ: চালুক্য বংশৰ প্রতিষ্ঠাপক আছিল পুলকেশিন প্ৰথম।
(ছ) পল্লব বংশৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰ: পল্লব বংশৰ প্ৰথম ৰজা আছিল সিমাভিষ্ণু।
(জ) কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল?
উত্তৰ: কাঞ্চীপুৰম আছিল পল্লবসকলৰ ৰাজধানী।
(ক) দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি কি আছিল?
উত্তৰ: দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি আছিল কৃষিকাৰ্য আৰু সাগৰ বাণিজ্য।
অনুশীলনী-৩
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) প্রাচীন কামৰূপৰ প্রথমটো ঐতিহাসিক বংশৰ নাম কি?
উত্তৰ: প্রাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ বর্মন বংশ।
(খ) কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্রৱর্তন কৰিছিল?
উত্তৰ: কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ প্ৰৱর্তন কৰিছিল।
(গ) বর্মন বংশৰ শ্রেষ্ঠ ৰজা কোন আছিল?
উত্তৰ: বর্মন বংশৰ শ্রেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন।
(ঘ) চীনা পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল?
উত্তৰ: হিউয়েন চাং ৬৪৩ খ্ৰীষ্টাব্দত কামৰূপলৈ আহিছিল।
(৫) বিষয় বুলিলে কি বুজা?
উত্তৰ: বিষয় বুলিলে বুজা যায় — ৰজাৰ দ্বাৰা নিযুক্ত প্ৰশাসনিক কৰ্মচাৰী।
(চ) কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা।
উত্তৰ: কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য বৃত্তিসমূহ — কৃষিকাৰ্য, তাঁত বুনা, কামচৰাই, ধাতু শিল্প।
অনুশীলনী-৪
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) গুপ্তযুগক কিয় সোনালী যুগ বুলি কোৱা হৈছিল?
উত্তৰ: শিক্ষা, সাহিত্য, কলা আৰু বিজ্ঞানৰ উন্নতিৰ বাবে গুপ্তযুগক সোনালী যুগ বুলি কোৱা হৈছিল।
(খ) কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা।
উত্তৰ: কালিদাসে লিখা তিনিখন প্ৰসিদ্ধ নাটকৰ নাম হ’ল —
অভিজ্ঞান শকুন্তলম (Abhijnana Shakuntalam)
মালবিকাগ্নিমিত্রম (Malavikagnimitram)
বিক্ৰমোৰ্বশীয়ম (Vikramorvasiyam)
(গ) বর্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক কোন আছিল?
উত্তৰ: বর্তমানৰ নাম আল্লাহাবাদ স্তম্ভলিপিৰ লেখক আছিল হৰিসেন।
(ঘ) দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম কি?
উত্তৰ: অমৰ কোশ।
(ঙ) দক্ষিণ ভাৰতত কি কি ভাষ্যত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল?
উত্তৰ: তামিল, তেলুগু, কন্নড় আৰু মালয়ালম ভাষাত।
OLD CONTENT
Chapter 10 -
ভাৰতীয় সংস্কৃতিৰ ভেটি
অনুশীলনী-১
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া—
(ক) ‘বেদ’ মানে কি?
উত্তৰ: ‘বেদ’ শব্দৰ অৰ্থ হৈছে জ্ঞান। ই আৰ্যসকলৰ ধৰ্মীয় গ্ৰন্থ, যাক বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্মগ্ৰন্থ বুলি গণ্য কৰা হয়।
(খ) গ্রাম কি?
উত্তৰ: গ্রাম হৈছে বহু পৰিয়াল একেলগ হৈ গঠন কৰা এটি সৰু বসতি। বৈদিক যুগত সমাজৰ মৌলিক একক আছিল ‘গ্রাম’।
(গ) বৈদিক যুগৰ উল্লেখযোগ্য নাবী কেইজনমানৰ নাম লিখা।
উত্তৰ: বৈদিক যুগৰ উল্লেখযোগ্য নাবী কেইজন হ’ল – অগস্ত্য, বিশ্বামিত্র, বাসিষ্ঠ, ভৃগু আৰু অত্রি।
২. বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ: বৈদিক যুগত সমাজ পিতৃতান্ত্ৰিক আছিল। সমাজত ‘বৰ্ণ’ অনুসৰি মানুহক ভাগ কৰা হৈছিল – ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ। মানুহৰ জীৱন ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ এই চাৰিটা উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰিছিল।
৩. বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি?
উত্তৰ: ১. বেদত উল্লেখ থকা মূল ধাৰণাসমূহ হৈছে –
২. একেশ্বৰবাদ
৩. যজ্ঞ প্ৰথা
৪. ধৰ্ম পালন
৫. আত্মা আৰু পুনর্জন্মৰ ধাৰণা
অনুশীলনী-২
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া—
(ক) জড়বাদৰ প্ৰচাৰক কোন আছিল?
উত্তৰ: জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক।
(খ) লোকায়ত বুলিলে কি বুজা?
উত্তৰ: ‘লোকায়ত’ বুলিলে সাধাৰণ মানুহৰ বিশ্বাস বা অভিজ্ঞতাৰ ওপৰত আধাৰিত চিন্তাধাৰাক বুজোৱা হয়। ই চাৰ্বাক মতৰ অন্য নাম।
(গ) কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল?
উত্তৰ: চাৰ্বাকে প্ৰথমে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল।
(ঘ) জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি?
উত্তৰ: জড়বাদৰ মতে জগতৰ সকলো বস্তু ভূমি, জল, অগ্নি আৰু বায়ু – এই চাৰি উপাদানৰ সমষ্টি।
অনুশীলনী-৩
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া—
(ক) মহাবীৰ কোন আছিল?
উত্তৰ: মহাবীৰ জৈন ধৰ্মৰ ২৪তম আৰু শেষ তীৰ্থংকৰ আছিল। তেওঁ এই ধৰ্মক পূৰ্ণ ৰূপ দিছিল।
(খ) জৈনধর্মত মুঠ কিমানগৰাকী তীৰ্থংকৰ আছে? প্ৰথমজন তীৰ্থংকৰ কোন আছিল?
উত্তৰ: জৈনধর্মত মুঠ ২৪ গৰাকী তীৰ্থংকৰ আছে। প্ৰথমজন তীৰ্থংকৰ আছিল ঋষভদেৱ।
(গ) জৈন ধৰ্মৰ নীতি পাঁচটা কি কি?
উত্তৰ: জৈন ধৰ্মৰ পাঁচটা নীতি হৈছে –
১. অহিংসা
২. সত্য
৩. অস্তুেয় (চুৰি নকৰা)
৪. ব্ৰহ্মচৰ্য্য
৫. অপৰিগ্ৰহ (সম্পত্তিত মোহ নথকা)
(ঘ) জৈন ধৰ্ম গ্ৰহণ কৰা প্রাচীন ভাৰতৰ দুজন ৰজাৰ নাম লিখা।
উত্তৰ: দুজন ৰজাৰ নাম — চন্দ্ৰগুপ্ত মৌৰ্য, খাৰবেল।
(ঙ) জৈন ধৰ্মৰ অনুগামীসকলক কি কি দুটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰ: জৈন ধৰ্মৰ অনুগামীসকলক দুটা ভাগত ভাগ কৰা হয় — শ্বেতাম্বৰ আৰু দিগম্বৰ।
(চ) মহাবীৰৰ শিকনিসমূহ প্রাকৃত ভাষাত কি নামেৰে সন্নিবিষ্ট কৰা হৈছে?
উত্তৰ: মহাবীৰৰ শিকনিসমূহ প্রাকৃত ভাষাত "আগম" নামেৰে সন্নিবিষ্ট কৰা হৈছে।
২. ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল?
উত্তৰ: বৈদিক যুগৰ কঠোৰ ধৰ্মীয় বিধি-বিধান, যজ্ঞৰ আধিপত্য আৰু বৰ্ণ ব্যৱস্থাৰ বেয়া প্ৰভাৱৰ বাবে সাধাৰণ ৰাইজ অখুশি হৈছিল। এই অসন্তুষ্টিৰ ফলত নতুন চিন্তাধাৰাৰ — যেনে বৌদ্ধ আৰু জৈন ধৰ্মৰ — উন্মেষ ঘটিল।
৩. বর্ধমান মহাবীৰে সন্ন্যাসী জীৱন-যাপন কৰিবলৈ কিয় মতপোষণ কৰিছিল?
উত্তৰ: বর্ধমান মহাবীৰে জীৱনৰ সত্যৰ সন্ধান আৰু আত্মাৰ মুক্তিৰ বাবে সংসাৰ ত্যাগ কৰি সন্ন্যাসী জীৱন গ্ৰহণ কৰিছিল।
অনুশীলনী-৪
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া—
(ক) বৌদ্ধধর্মৰ প্ৰবর্তক কোন আছিল?
উত্তৰ: বৌদ্ধধর্মৰ প্ৰবর্তক আছিল গৌতম বুদ্ধ।
(খ) গৌতম বুদ্ধৰ পিতৃপ্ৰদত্ত নাম কি আছিল?
উত্তৰ: গৌতম বুদ্ধৰ পিতৃপ্ৰদত্ত নাম আছিল সিদ্ধাৰ্থ।
(গ) গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল?
উত্তৰ: গৌতম বুদ্ধে বোধগয়া (bodhgaya) নামৰ ঠাইত বোধি বৃক্ষৰ তলত তপস্যাত বহিছিল।
(ঘ) ‘বোধিদ্রুম’ বুলি কোনজোপা গছক কোৱা হয়?
উত্তৰ: ‘বোধিদ্রুম’ বুলি গছজোপা কোৱা হয় পিপুল গছক, যাৰ তলত বুদ্ধে জ্ঞান লাভ কৰিছিল।
(ঙ) বৌদ্ধ মতবাদৰ মূল চাৰিটা মহৎ সত্য কি?
উত্তৰ: বৌদ্ধ ধৰ্মৰ চাৰিটা মহৎ সত্য হৈছে –
১. দুঃখ আছে
২. দুঃখৰ কাৰণ আছে
৩. দুঃখ নিৰসন সম্ভৱ
৪. দুঃখ নিৰসনৰ উপায় হৈছে অষ্টমাৰ্গ
(চ) বৌদ্ধধর্মৰ মূল গ্ৰন্থখনৰ নাম কি?
উত্তৰ: বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হৈছে 'ত্রিপিটক'।
(ছ) বৌদ্ধধর্মৰ গণশিক্ষাৰ কেন্দ্র তিনিটা কি আছিল?
উত্তৰ: বৌদ্ধ ধর্মৰ উল্লেখযোগ্য শিক্ষা-কেন্দ্ৰ তিনিটা হ’ল –
১. নালন্দা
২. বিক্রমশীলা
৩. তক্ষশিলা
২. বৌদ্ধ ধৰ্মৰ মূল মতবাদকেইটা বৰ্ণনা কৰা।
উত্তৰ: বৌদ্ধ ধৰ্মৰ মূল মতবাদসমূহ হ’ল —
১. অহিংসা
২. সমতা
৩. চাৰিটা মহৎ সত্য
৪. অষ্টমাৰ্গ
কৰুণা আৰু মৈত্ৰী
৩. ভাৰতৰ সভ্যতা-সংস্কৃতিৰ প্রতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: বৌদ্ধ ধৰ্মই ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। ই অহিংসা, সমতা আৰু শিক্ষাৰ বিস্তাৰ ঘটাইছে। নানা শিক্ষা কেন্দ্ৰ স্থাপন, স্থপত্য শিল্প, চিত্ৰশিল্প আৰু স্ফুট সাহিত্যৰ উন্নতি বৌদ্ধ ধৰ্মৰ অন্যতম অৱদান।
অনুশীলনী-৫
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া—
(ক) জনজাতি বুলিলে কি বুজা?
উত্তৰ: জনজাতি বুলিলে সেইসকল জনগোষ্ঠী বুজোৱা হয় যি নিজৰ পৃথক ভাষা, পৰম্পৰা আৰু বিশ্বাস লৈ জীৱন যাপন কৰে।
(খ) জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰো?
উত্তৰ: জনজাতিসকলৰ অতীতৰ বিষয়ে মৌখিক কাহিনী, লোকগাথা, গান আৰু জীৱন-পদ্ধতিৰ পৰা জানিব পাৰি।
(গ) 'ড'নিপ'ল'ৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে?
উত্তৰ: ড'নিপ'ল'ৰ উপাসনা মিশিং জনগোষ্ঠীৰ লোকে কৰে।
(ঘ) জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে?
উত্তৰ: জনজাতীয় বিশ্বাসে মূলতঃ প্ৰকৃতি বা প্ৰাকৃতিক শক্তিক ঈশ্বৰৰ স্থান দিয়ে।
(ঙ) মুণ্ডা আৰু চাঁওতাল আদিবাসীসকলে কাক উপাসনা কৰে?
উত্তৰ: মুণ্ডা আৰু চাঁওতালসকলে চিংবঙা নামৰ ঈশ্বৰক উপাসনা কৰে।
২. ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
উত্তৰ: ভাৰতৰ জনজাতি জনগোষ্ঠীবোৰে সাধাৰণতে প্ৰকৃতি পূজা কৰে। তেওঁলোক বনৰ গছ, নদী, পাহাৰ, পশুপক্ষী ইত্যাদিক ঈশ্বৰ ৰূপে গণ্য কৰে। তেওলোকৰ বিশ্বাস মৌখিক কাহিনী আৰু উৎসৱত প্ৰৱাহিত হয়। এইসকল বিশ্বাসত সমাজৰ শান্তি, সহযোগিতা আৰু প্ৰকৃতিৰ সংৰক্ষণৰ মূল্য আছে।
OLD
পাঠ নং ১০
আদি প্ৰস্তৰ যুগ
৩। উত্তৰ লিখা—
(ক) আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল?
উত্তৰঃ বিভিন্ন ফল-মূল , জীৱ-জন্তুৰ মাংস, গছৰ গুটি, গছৰ শিপা আদিও
খাইছিল।
(খ) আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি
ফুৰিছিল?
উত্তৰঃ আদিম মানুহে পানী শুকা ই গলে পানী বিছাৰি এঠাইৰ পৰা আন
ঠাইলৈ ঘূৰি ফুৰিছিল।
আদিম
মানুহে একে ঠাইতে চিকাৰ কৰি থকাৰ পাছত সেই ঠাইৰ জীৱ-জন্তুবোৰ নাইকিয়া হোৱাৰ পাছত
আদিম মানুহে আকৌ আনঠাইলৈ গৈছিল।
আদিম
মানুহে আত্মীয়-স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰিছিল।
(গ) বর্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি
কি ক্ষেত্ৰত মিল আৰু অমিল আছে?
উত্তৰঃ বৰ্তমান
যুগৰ মানুহে আত্মীয় - স্বজনক লগ কৰিব লৈ এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰিছিল আৰু আদিম যুগৰ
মানুহেও আত্মীয়-স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰিছিল। এইক্ষেত্ৰত
আদিম মানুহ আৰু বৰ্তমান যুগৰ মানুহৰ ভ্ৰমণৰ ক্ষেত্ৰত মিল আছে।
বৰ্তমান
যুগৰ মানুহে বজাৰ-পাতি কৰিবলৈ ঘূৰি ফুৰিছিল আৰু আদিম মানুহে চিকাৰ কৰিবলৈ এঠাইৰ পৰা
আনঠাইলৈ ঘূৰি ফুৰিছিল।
এইক্ষেত্ৰত
আদিম যুগৰ মানুহ আৰু বৰ্তমান যুগৰ মানুহৰ ভ্ৰমণৰ ক্ষেত্ৰত অমিল আছিল।
(ঘ) আদিম যুগৰ মানুহে শিলকে কিয় সঁজুলি হিচাপে ব্যৱহাৰ
কৰিছিল?
উত্তৰঃ কাৰণ সেই সময়ত শিলক সহজভাৱে পোৱা গৈছিল।
(ঙ) বর্তমান শিলক কি কি কামত ব্যৱহাৰ কৰা হয় লিখা?
উত্তৰঃ পকী ঘৰ বনোৱাত ব্যৱহাৰ কৰে, বিভিন্ন মূৰ্ত্তি বনোৱাত ব্যৱহাৰ কৰে, দলং বনোৱাত ব্যৱহাৰ কৰে ইত্যাদি।
(চ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল?
উত্তৰঃ আদিম মানুহে আহাৰৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। এনেতে এদিন হঠাৎ শিলে-শিলে ঘঁহনি খাই ফিৰিঙতিৰ সৃষ্টি হ'ল। এই ফিৰিঙতিয়ে শুকান পাতৰ সংস্পৰ্শত জুইৰ সৃষ্টি কৰিছিল। এনেদৰে জুইৰ আৱিষ্কাৰ হৈছিল।
(ছ) আদিম মানুহে জুই কি কি কামত ব্যৱহাৰ কৰিছিল?
উত্তৰঃ আদিম মানুহে জীৱ-জন্তুৰ মাংসবোৰ পুৰি আৰু সেকি খাবলৈ আৰু নিশাৰ এন্ধাৰ নাশ কৰিবলৈ জুইৰ ব্য়ৱহাৰ কৰিছিল।
৩। আদিম মানুহে কিয় খাদ্য় সাঁচি নাৰাখিছিল ব্য়াখ্য়া কৰা-
উত্তৰঃ আদিম মানুহে খাদ্য় সাঁচি ৰখাৰ প্ৰয়োজনবোধ কৰা নাছিল, সেয়ে খাদ্য় সাঁচি নাৰাখিছিল।
Answered by Hiru Moni Bora
Check by -Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
Post Id: DABP000793