পাঠ - ১১
         
 ব্ৰহ্মপুত্ৰ



পাঠটো পঢ়া আৰু উত্তৰ দিয়া। 

(ক) অসমৰ প্রধান নদীখনৰ নাম কি? 
উত্তৰঃ- ব্ৰহ্মপুত্ৰ।

(খ) এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? 
উত্তৰঃ- পুৰণি আখ্য়ান মতে ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ । ব্ৰহ্মাৰ  পুত্ৰ হোৱাৰ বাবে এই নদীক নদ বুলিও কোৱা হয়।

(গ) ব্রহ্মপুত্র নদীখন ক'ৰ পৰা ওলাইছে?
উত্তৰঃ- ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে।

(ঘ) অসমত ব্রহ্মপুত্র নদীক আমি আন কি নামেৰে জানাে? 
উত্তৰঃ- অসমত ব্রহ্মপুত্র নদীক আমি লুইত নামেৰে জানো।

(ঙ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী - দ্বীপটোৰ নাম কি ?
উত্তৰঃ- মাজুলী।

(চ) ব্রহ্মপুত্র নদীত প্ৰচুৰ পৰিমাণে কি কি পােৱা যায়? 
উত্তৰঃ- ব্রহ্মপুত্র নদীত প্ৰচুৰ পৰিমাণে  মাছ , কাছ , শিহু আদি পোৱা যায়।

(ছ) ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া ওফন্দি উঠে? 
উত্তৰঃ- বাৰিষাকালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ওফন্দি উঠে।


উত্তৰ লিখা। 

(ক) ব্রহ্মপুত্র নদীৰ উপনৈবােৰৰ নাম লিখা। 
উত্তৰঃ- সোৱণশিৰি , কপিলী , দিচাং , দিখৌ , দিহিং , দিবং , ভোগদৈ , ধনশিৰি , ভৰলী , পাগলাদিয়া , মানাহ আদি।

(খ) ব্রহ্মপুত্র নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম লিখা।
উত্তৰঃ- গুৱাহাটি , তেজপুৰ , ডিব্ৰুগড়।

(গ) ব্রহ্মপুত্র নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম লিখা।  
উত্তৰঃ- শৰাইঘাট দলং , কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতু।

*ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্য়তা সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিছে লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা, সংস্কৃতি গঢ় লৈ  উঠিছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী-দ্বীপ মাজুলী ব্ৰহ্মপুত্ৰৰে সৃষ্টি। মাজুলী হ'ল সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰস্থল। শিল্পীৰ কণ্ঠত ব্ৰহ্মপুত্ৰৰ মাহাত্ম্য এনেদৰে ফুটি উঠিছে-

        মহাবাহু ব্ৰহ্মপুত্ৰ
        মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি
            সমন্বয়ৰ অৰ্থ   


শব্দ-সম্ভাৰ আৰু অভিধান চাই লিখা।
উত্তৰঃ-
 
ধাৰাসাৰ    -    একেৰাহে
  
পৰিৱহন    -    চলাচল কৰা  

নদীমাতৃক    -    নৈৰ পানীৰ দ্ৱাৰা উৰ্বৰা বা সাৰুৱা হোৱা।

সভ্য়তা    -    উপত্যকা

সংস্কৃত    -    এক ভাষা।

জীৱিকা    -    বৃত্তি।

অন্য়তম    -    বহুতৰ ভিতৰত বিশেষ এজন বাএটা।

ওফন্দি    -    ফুলি।

যুক্তাক্ষৰবোৰেৰে একোটাকৈ শব্দ গঠন কৰা।

ণ্ঢ - সণ্ঢালন

ষ্প - পুষ্প  

ষ্প্ৰ - নিষ্প্ৰাণ

ষ্ক্ৰ - নিষ্ক্ৰাষণ।

ন্ত্ৰ - মন্ত্ৰ 

ত্ম - আত্মা।


যুক্তাক্ষৰ ভাঙি লিখা।

হ্ম - হ + ম 

ন্তু - ন + ত + উ 

ক্ত  - ক + ত 

স্থ   -  স  + থ 

ন্ত্ৰ  -  ন +  ত + ৰ 

স্কৃ  -  স  +  ক  + ঋ।


* ব্ৰহ্মপুত্ৰ নদী  বিভিন্ন ঠাইৰ মাজেৰে বৈ আহোঁতে বিভিন্ন নাম লৈছে ।ইয়াৰ নাম সমূহ কি কি?
উত্তৰঃ লুইত, লোহিত, চাংপু, চিৰাং, দিহাং, যমুনা, হুগলি আৰু পদ্মা।




Last Update by Dipawali Bora (05.05.2022)

Post Id: DABP000930