পাঠ - ১২
 আজৰি পৰৰ কাম 



বাক্যবোৰ সজাই লিখা।

(ক) ভাল খেলি কেৰম পাওঁ মই 
উত্তৰঃ- মই কেৰম খেলি ভাল পাওঁ।

(খ) ভিতৰত কৰি কাম আছে মায়ে।
উত্তৰঃ- মায়ে ভিতৰত কাম কৰি আছে।

(গ) ধুইছে ৰীমাই কাপোৰ পাৰত কুঁৱাৰ।
উত্তৰঃ- ৰীমাই কুৱাঁৰ পাৰত কাপোৰ ধুইছে।

 তলৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা।

প্ৰ -  প   +   ৰ 

ন্দ -  ন   +  দ 

ন্ধ -  ন   +  ধ 

ক্ৰ -   ক  +  ৰ 

স্তু -  স   + ত  + উ


তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজা।

উত্তৰঃ- 
প্ৰশংসা - ভাল কাম কৰিলে প্ৰশংসা পোৱা যায়।

চোতাল - লৰাকেইটাই চোতালত বল খেলি আছে।

কাঁহী -  আমি কাঁহীত ভাত খাওঁ।

চিকুনাই - ৰহিমে বন্ধৰ দিনত সিহঁতৰ ঘৰৰ বাৰীখন চিকুণাই দিলে।

তিৰ্ বি্ৰ -ৰাতি আকাশত তৰাবোৰে তিৰ্ বি্ৰ কৰি থাকে।


উত্তৰ দিয়া।

(ক)
        ১। চন্দন আৰু প্ৰীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল।

        উত্তৰঃ- গৰমৰ বন্ধত।

        ২। গাৱঁত তেওঁলোকৰ কোন আছিল।

        উত্তৰঃ- ককাক আছিল।

        ৩। তেওঁলোকে গাৱৰ ঘৰলৈ কিহেৰে গৈছিল।

        উত্তৰঃ- গাড়ীৰে গৈছিল।
    
        ৪। ককাকে ৰাতিপুৱা কি কৰে।

        উত্তৰঃ- ককাকে ৰাতিপুৱা ফুৰিবলৈ যায়।


খ) 
১। চন্দন আৰু প্ৰীতমে ককাৰ পৰা কিকি শিকিলে।
 
উত্তৰঃ- চন্দন আৰু প্ৰীতমে ককাৰ পৰা  দোকমোকালিতে বিছনা এৰা , পুৱাৰ মুকলি বতাহ লোৱা , আজৰি পৰত শাকনি বাৰী , ফুলনি বাৰীত পানী দিয়া আৰু কাম কৰা আৰু নিজৰ কাম নিজে কৰা শিকিলে।


২। তেওঁলোক ঘৰলৈ আহি কি কৰাৰ কথা ভাবিলে।

উত্তৰঃ- নিজৰ কাম আনক কৰিবলৈ নিদিয়ে । আজৰি সময়ত মাক - দেউতাকক সহায় কৰাৰ কথা ভাবিলে।


৩। সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে।

উত্তৰঃ- সন্ধিয়া তেওঁলোকে ঘৰত শুই নতুবা খেলি থাকে।


৪। নিজৰ কাম নিজে কৰাটো তেওঁলোকে কাৰ পৰা শিকিলে।

উত্তৰঃ-  নিজৰ কাম নিজে কৰাটো সিঁহতে ককাকৰ পৰা শিকিলে।





Last Update By Dipawali Bora (06.05.2022)

Post Id: DABP001138