Chapter 11 -
মাইনুৰ টন্ছিলাইটিছ
পাঠ ভিত্তিক প্ৰশ্নোত্তৰঃ
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া –
(ক) মাইনু স্কুললৈ কিয় যোৱা নাছিল?
উত্তৰঃ মাইনু জ্বৰত আক্ৰান্ত আছিল আৰু ডিঙিৰ বিষ আছিল, সেই কাৰণে দুদিন ধৰি স্কুললৈ যোৱা নাছিল।
(খ) ডাক্তৰ পেহীয়ে মাইনুক কেনেকুৱা বস্তু খাবলৈ নিষেধ কৰিছে?
উত্তৰঃ ডাক্তৰ পেহীয়ে মাইনুক ঠাণ্ডা বস্তু একেবাৰে খাবলৈ নিষেধ কৰিছে।
(গ) টনছিলবোৰে আমাৰ দেহত কি কাম কৰে?
উত্তৰঃ টনছিলবোৰে দেহক ৰোগৰ আক্রমণৰ পৰা বচাই। কেতিয়াবা এইবোৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়।
(ঘ) 'টনছিলাইটিছ' হ'লে শৰীৰত কি লক্ষণ দেখা যায়?
উত্তৰঃ টনছিলাইটিছ হ’লে জ্বৰ উঠে, ডিঙিত বিষ হয়, শুকান কাহ হয়, জিভাৰ ওপৰত বগা চামনি দেখা যায় আৰু মুখে গোন্ধ আহে।
(ঙ) ভাইৰাছ কেনেকৈ শৰীৰলৈ প্ৰৱেশ কৰে?
উত্তৰ ভাইৰাছ উশাহৰ পথেদি, মুখ পৰিষ্কাৰ নকৰিলে, বা হাতৰ জৰিয়তে শৰীৰলৈ প্ৰৱেশ কৰে।
📌 অতিৰিক্ত প্ৰশ্নোত্তৰঃ
(১) মুনটি আৰু জোনটিয়ে কিয় মাইনুক জোকাইছিল?
উত্তৰঃ মুনটি আৰু জোনটিয়ে নয়ন খুৰাই আইচক্ৰীম খুৱাব বুলি কৈ মাইনুক জোকাইছিল যাতে মাইনু মনত পৰি কান্দিবলৈ ধৰিলে।
(২) ডাক্তৰ পেহীয়ে কি ধৰণে টনছিলাইটিছ ধৰা পেলালে?
উত্তৰঃ ডাক্তৰ পেহীয়ে মাইনুৰ ডিঙিৰ ভিতৰৰ পৰা থেকা লৈ পৰীক্ষা কৰি বীজাণু পায় আৰু তেনেদৰে টনছিলাইটিছ ধৰা পেলালে।
(৩) কেতিয়াবা টনছিল কাটিবলৈ অপাৰেশ্যন কৰা হয় কিয়?
উত্তৰঃ টনছিল কাটিবলৈ অপাৰেশ্যন মাত্ৰ সেই ক্ষেত্ৰত কৰা হয়, যেতিয়া বীজাণুৰ আক্ৰমণে হৃদপিণ্ড বা কিডনিত ৰোগ সৃষ্টি কৰে।
বহু বিকল্পভিত্তিক প্রশ্ন (MCQ):
(১) মাইনুৰ টনছিলাইটিছ কেনেকৈ হৈছিল?
(A) ঠাণ্ডা পানী খাবলৈ গ’লে
(B) ভাইৰাছৰ আক্ৰমণত
(C) আইচক্ৰীম খাবলৈ গ’লে
(D) ক’লা চাহ খাবলৈ গ’লে
উত্তৰঃ: (B) ভাইৰাছৰ আক্ৰমণত
(২) 'টনছিল' কি?
(A) এটি খাদ্য
(B) এটি ৰোগ
(C) এটি গ্ৰন্থি
(D) এটি ফল
উত্তৰঃ (C) এটি গ্ৰন্থি
(৩) 'এন্টিবায়টিক' কেনেকুৱা বস্তু?
(A) চকোলেট জাতীয়
(B) প্রতিজৈৱিক
(C) ফলমূল
(D) কোমল পানীয়
উত্তৰঃ (B) প্রতিজৈৱিক
(৪) 'টনছিলাইটিছ' হ’লে কি খোৱা উচিত?
(A) ঠাণ্ডা বস্তু
(B) কড়া খোৱা
(C) গৰম পানীয়া
(D) আইচক্ৰীম
উত্তৰঃ (C) গৰম পানীয়া
(৫) মাইনুক ভয় দেখাবলৈ জোনটিয়ে কি ক’লে?
(A) মাইনুৰ দৰব খাব নালাগে
(B) টনছিল কাটিব লগা হ’ব
(C) তাইক স্কুললৈ যাব
(D) তাইক তিৰস্কাৰ দিব
উঃ: (B) টনছিল কাটিব লগা হ’ব
পাঠ ১১
সঞ্চয়
৩। শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই লিখা।
উত্তৰঃ
কৰকৰা - শুকান।
বৰ্ষণ - বৰষুণ হোৱা।
কৃপণ - মিতব্য়য়ী।
কুন্ধি - নাওঁৰ ভিতৰৰ খোতালি।
পুণ্য়তোৱা - পবিত্ৰ পানী থকা নদী।
শান্তিয়নী - যাৰ স্পৰ্শত অশান্তিৰ পৰা মুক্তি পোৱা যায়।
ঘুলি - ম'হ, গাহৰি আদিয়ে বোকা লেটি লোৱা খাল।
নিৰ্মল - চাফা।
হিত - উপকাৰ।
৪। কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ কবিতাটিৰ মূলভাৱ হৈছে - উয়ে মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ নকৰে। বৰঞ্চ সেই মাটি এনেই পৰি থাকে। আনহাটে মৌ-মাখিয়ে মৌ সঞ্চয় কৰিছিল নিজৰ পোৱালিক খোৱাবলৈ আৰু তাৰ লগতে সেই মৌ-ৰস মানুহেওঁ খায়। এই কথাষাৰ মানুহৰ ক্ষেত্ৰটো খাটে। যি সঞ্চয়ৰ দ্বাৰা হিত সাধন হয়। মানুহে সেই সঞ্চয় হে কৰিব লাগে আৰু যি সঞ্চয়ৰ দ্বাৰা হিত সাধন নহয় আৰু উন্নতি কৰিব নোৱাৰে সেই সঞ্চয় মানুহে কৰিব নালাগে ।
৬। জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,
মনৰ নেদেখা কুন্ধিবোৰত।।
''কুন্ধি'' শব্দটোৱে সাধাৰণতে নাৱৰ খোটালিক বুজায়। কবিতাফাকিত থকা ''কুন্ধি'' শব্দটোৱে কিহৰ খোটালিক বুজাইছে?
উত্তৰঃ কবিতাফাঁকিত থকা কুন্ধি শব্দটোৱে জ্ঞানৰ কথা বুজাইছে। যেনে জ্ঞান আহৰণে জগতৰ পোহৰ বিলাই। জ্ঞান আহৰণ কৰিলে অথলে নেযায়। অনাৱশ্য়কীয় বস্তু সাচি থলেও সঞ্চয় নহয়। সাঁচি থ'বলগীয়া বস্তু সাচি থলে তাৰ হিত সাধন হ'ব।
৭। উত্তৰ লিখা।
(ক) উয়ে কি সঞ্চয় কৰে?
উত্তৰঃ উয়ে মাটি সঞ্চয় কৰে।
(খ) মৌ-মাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয়?
উত্তৰঃ মৌ-মাখিৰ সঞ্চয়ৰ বলত মধু বৰ্ষণ হয়।
(গ) উইৰ সঞ্চয়ৰ ফলত কি হয়?
উত্তৰঃ উইৰ সঞ্চয়ৰ ফলত মাটি কৰকৰা হয়।
(ঘ) জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধিবোৰত কি বিলায়?
উত্তৰঃ জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধিবোৰত পোহৰ বিলায়।
(ঙ) জল ক'ত সাঁচি থ'লে নিৰ্মল নহয়?
উত্তৰঃ সোনৰ পাত্ৰত সাচি থ'লে নিৰ্মল নহয়।
৮। কবিতাফাঁকি পঢ়া আৰু উত্তৰ দিয়া-
(ক) পূণ্যতোৱা গঙ্গাজল সাচি থ'লে
হয় শান্তিয়নী পবিত্ৰ জল।
-পূণ্যতোয়া শব্দটোৱে কি বুজাইছে ?
- গঙ্গাজল সাঁচি থ'লে কি হয় ?
উত্তৰঃ যিবিলাক নদীৰ পানীক পবিত্ৰ বুলি গণ্য় কৰা হয় সেই নদীসমূহক একেলগে পুণ্য়তোয়া নদী বোলে। এই পুণ্য়তোয়া নদীসমূহৰ ভিতৰত গংগা নদীয়ো এখন। সেইবাবে গংগা নদীক পুণ্য়তোয়া জল বুলি কৈছে।
গংগাজল সাঁচি থ'লে সেইজল শান্তিয়নী হয়। অৰ্থাৎ সেই জল গ্ৰহণ কৰিলে আমি যিকোনো অশান্তি বা অপশক্তিৰ পৰা মুক্তি পাব পাৰো।
(খ) বহলাই লিখা।
সাঁচি থোৱাকেই সঞ্চয় নকয়-
যদি তাৰে হিত সাধন নহয়।
উত্তৰঃ মানুহে সঞ্চয় কৰিব লাগে কিন্তু সেই সঞ্চয়ৰদ্বাৰা উপকাৰো হ'ব লাগিব,
যি সঞ্চয়ৰ দ্বাৰা অপকাৰ হয় যি সঞ্চয়ে একো কামত নাহে। যেনেকৈ উয়ে মাটি সঞ্চয়ে কৰে কিন্তু সেই সঞ্চয়ে একোহঁতে ব্যৱহাৰ নহয়। তেনেদৰে মানুহে সঞ্চয় কৰিলে সেই সঞ্চয়ে কিবা কামত ব্যৱহাৰ কৰিব লাগে। গঙ্গাজল সাঁচি থ'লে প্ৰৱিত্ৰ নহয়, সেই গঙ্গাজল খাবও লাগিব।
৯। বিপৰীত শব্দ লিখা।
উত্তৰঃ
অসাধু - সাধু
পোহৰ - আন্ধাৰ
জ্ঞান - অজ্ঞান
নেদেখা - দেখা
হিত - অহিত
Answered by Hiru Moni Bora
Last Update By Dipawali Bora (05.05.2022)
Check By Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
Post Id: DABP001063