Chapter 12 -
মানুহে মানুহৰ বাবে
পাঠভিত্তিক প্ৰশ্নোত্তৰ
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
(ক) তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে?
উত্তৰ: (খ) মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে
(খ) "যদি দানৱ কাহানিবা হয় মানুহ
লাজ পাব কোনেনো কোৱা সমনীয়া?"
— গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে?
উত্তৰ: (ঘ) যদি মানুহ কেতিয়াবা দানৰ হয়
২। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল’লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰ: প্রথম উত্তৰটো (মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে) গীতিকাৰ ড° ভূপেন হাজৰিকাৰ মূল বার্তাটিক প্ৰকাশ কৰে। এই গীতত তেওঁ দানবীয় মনোভাৱ বর্জন কৰি সহানুভূতি, মৰম, আৰু সহায়ৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে।
দ্বিতীয় উত্তৰত “মানুহ যদি দানব হয়” — এই ভয়ংকৰ চিন্তা গীতিকাৰৰ বাবে লজ্জাজনক। সেয়েহে তেওঁ লাজ পাব লাগিব বুলি কৈছে।
৩। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা।
শব্দ অৰ্থ
সহানুভূতি আনৰ দুখ-কষ্ট অনুভৱ কৰি সহানুভূতিশীল হওঁতা মনোভাব
ইতিহাস অতীতৰ ঘটনাৰ বিৱৰণ
দোহৰা পুনৰ পুনৰ কোৱা বা উল্লেখ কৰা
কোবাল উত্তাল বা কঠিন (জীৱনৰ কঠিন পৰিস্থিতি)
সাহ সাহস, সাহসিকতা
দানৱ নৃশংস, নিষ্ঠুর, অমানৱিক ব্যক্তি
৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে?
উত্তৰ: গীতিকাৰে কৈছে যে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে, মৰম, দয়া আৰু সহায়ৰ মানৱীয় গুণেৰে আচৰণ কৰিব লাগে।
(খ) গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে?
উত্তৰ: গীতিকাৰে সমাজৰ দুৰ্বল, সহায়-সহযোগত অভাৱ অনুভৱ কৰা মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে।
(গ) গীতিকাৰে দানব মানুহ হ’লে কোনে লাজ পোৱাৰ কথা কৈছে?
উত্তৰ: গীতিকাৰে কৈছে, যদি মানুহ দানব হ’ব, তেন্তে সমনীয়া সকলেই লাজ পাব লাগিব। মানৱতাৰ অবক্ষয় হৈছে বুলি ভাবি লাজ অনুভৱ কৰিব লাগিব।
৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে?
উত্তৰ: গীতিকাৰে এই কথা কৈছে কাৰণ সহানুভূতি, মৰম আৰু দয়া মনুষ্যত্বৰ মূল গুণ। এইবোৰৰে সমাজত শান্তি, সম্প্ৰীতি আৰু সহাবস্থান সম্ভব হয়।
(খ) গীতিকাৰে কি কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে?
উত্তৰ: গীতিকাৰে ক্ষোভ প্ৰকাশ কৰিছে, যেতিয়া মানুহে মানুহক বেচা-কিনা কৰে, সহানুভূতি নেদেখায়, আৰু দানৱৰ দৰে আচৰণ কৰে। এইবোৰ মনুষ্যত্বক লজ্জিত কৰে।
(গ) দানব কেতিয়াবা মানুহ হ’ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়?
উত্তৰ: দানব যদি মনত দয়া, সহানুভূতি, মৰম আনি লয়, তেনেহ’লে দানবো মানুহ হ’ব পাৰে। কিন্তু সেয়া সৰল নহয়, কাৰণ দানৱৰ গুণ হৈছে নিষ্ঠুৰতা, যি মানৱতাৰ বিপৰীত।
(ঘ) গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা?
উত্তৰ: “মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে” — এই কথাৰ সৈতে মই সহমত। কাৰণ একতাই সমাজৰ উন্নতিৰ মূল ভিত্তি, আৰু মানুহে যদি একে অনুভৱ কৰে, তেনেহ’লে শান্তিপূৰ্ণ জীৱন সম্ভৱ।
৬। তলত দিয়া গীতফাকি গদ্য ৰূপত লিখা।
"দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি?"
গদ্য ৰূপ:
যদি কোনো দুৰ্বল মানুহ তোমাৰ সাহসেৰে জীৱনৰ কঠিন পৰিস্থিতি পাৰ হ’ব পাৰে, তেন্তে তুমি একো হেৰুৱাবা নাহা। এইটো তোমাৰ মহত্ব আৰু সহানুভূতিৰ প্ৰমাণ হব।
পাঠ ১২
মনোৰম মাজুলী
২। বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহ আদিৰ উপৰি মাজুলীত আৰু কি পালন কৰা হয়?
উত্তৰঃ আলি-য়াই-লৃগাং, বাথৌ পূজা, ৰাজকৃবাং আদি উৎসৱ পালন কৰা হয়।
৩। পাঠটো পঢ়া আৰু লিখা।
(ক) "কি ক'বা! ইয়াত মানুহৰ সপোনে পোখা মেলে, কিন্তু বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়।'' কথাষাৰ কোনে কি প্ৰসংগত আৰু কিয় কৈছিল?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে সত্ৰখন পৰিভ্ৰমণ কৰি আহি ছাৰক সুধিলে মাজুলীত মুঠতে কিমানখন সত্ৰ আছে? তেতিয়া ছাৰে দুখ মনেৰে ক'বলৈ ল'লে যে বৰ্তমান মাজুলীত সৰু বৰ বাইশখন সত্ৰ আছে। আগতে অৱশ্য়ে পয়ষষ্ঠিখন সত্ৰ আছিল। এতিয়া ইয়াত সত্ৰৰ সংখ্য়া কমি গৈছে। তেতিয়া তৎক্ষণাৎ এজন ছাত্ৰই ছাৰক সুধিলে যে পয়ষষ্ঠিখন সত্ৰৰ ভিতৰত বাইশখন হে আছেগৈ, বাকী কেইখন কি হ'ল? তেতিয়া বৰুৱা চাৰে উক্ত কথাষাৰ কৈছিল।
(খ) ''বুজিছা, মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটি, কমলাবাৰী, বেঙেনাআটি, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া-সুকীয়া বৈশিষ্ট্য আছে।'' - কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে?
উত্তৰঃ আউনীআটি সত্ৰৰ পালনাম আৰু অপ্সৰা নৃত্য় অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান। ইয়াৰ উপৰি অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন-বৰ্তনৰ বাবেও ই বিখ্য়াত। কমলাবাৰী সত্ৰ শিল্প, সাহিত্য় আৰু নানান সত্ৰীয়া শৈলীৰ সংৰক্ষণ থলী। বেঙেনাআটিকে ধৰি মাজুলীৰ প্ৰায়বোৰ সত্ৰ তে সাঁচিপাতৰ পুথি আৰু হাতীদাঁতৰ বিভিন্ন অলংকাৰ, হাতীদাঁতৰ পাটী আদিও সংৰক্ষিত হৈ আছে।
৫। মাজুলীৰ বিষয়ে ১০ টা বাক্য লিখা ।
উত্তৰঃ
১) মাজুলী গোটেই পৃথিৱীৰ ভিতৰতে বৃহৎ নদীদ্বীপ।
২) মাজুলীত বৰ্তমান ২২ খন সত্ৰ আছে।
৩) মাজুলীত থকা সত্ৰখমূহৰ প্ৰত্যকখন সত্ৰৰে সুকীয়া-সুকীয়া বৈশিষ্ট্য আছে।
৪) মাজুলীৰ বেলগুৰী সত্ৰত মহাপূৰুষ দুজনাৰ মিলন হৈছিল। এই মিলনকে মণিকাঞ্চন সংযোগ বোলে।
৫) মাজুলীত আগতে ৬৫ খন সত্ৰ আছিল। কিন্তু বানপানী আৰু গৰাহনীয়াই বহু সত্ৰ উটুৱাই নিলে।
৬) মাজুলীৰ সত্ৰসমূহৰ নাম হ'ল- দক্ষিণপাট সত্ৰ, আউনিআটি সত্ৰ, কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, বেলগুৰী সত্ৰ, বেঙেনাআটি সত্ৰ গড়মূৰ সত্ৰ আদি।
৭) মাজুলীলৈ যাতায়ত কৰিবলৈ মাত্ৰ দুটা পথ আছে এটা নিমাটীঘাটৰ পৰা আৰু আনটো উত্তৰ লক্ষীমপুৰৰ পৰা লুইত খাবলু হৈ মাজুলীলৈ।
৮) মাজুলীত প্ৰধান উৎসৱসমূহ হ'ল- বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰি আলি-য়াই-লৃগাং, ৰাজকৃবাং, বাথৌপূজা।
৯) মাজুলীৰ সত্ৰসমূহে মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেবৰ সুমধুৰ স্মৃতি বহন কৰে।
১০) মাজুলীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত এই জলাশয়বোৰৰ বিশেষ ভূমিকা আছে।
৯। বাক্য সাজা।
উত্তৰঃ
পৰিভ্ৰমীঃ মাজুলীলৈ বিশেষকৈ শৰৎ কালত পৰিভ্ৰমী চৰাই বোৰ আহে।
ৰহণঃ আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে।
সংৰক্ষণঃ মাজুলীৰ গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপ বোৰ সংৰক্ষণ হৈ আছে।
মণিকূটঃ ৰহিমহঁতে সত্ৰত মণিকূটৰ পৰা আৰম্ভ কৰি চাৰি প্ৰসংগ অনুষ্ঠিত কৰা বিশেষ স্থানলৈকে সকলোবোৰ চালে।
সীৰলুঃ ব্ৰহ্মপুত্ৰত ফেৰী খনে নাঙলৰ সীৰলু ৰ দৰে পানী কাটি কাটি আগুৱাই গ'ল।
মায়াময়ঃ ব্ৰহ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰুৱা।
কিৰীলিঃ ভাওনাৰ মুখাবোৰ দেখি ৰিমাই কিৰীলি পাৰি উঠিল।
১০। সমাৰ্থক শব্দ লিখাঃ
উত্তৰঃ
পৃথিৱী - ধৰিত্ৰী।
সুচল - সুবিধা ফটফটীয়া।
আনন্দ - সুখ।
লেখীয়া - লিখনী লিখা।
চুই - স্পৰ্শ।
শেষ - অন্ত।
বেছি - বহুত।
বিখ্যাত - প্ৰখ্যাত।
নিশা - ৰাতি।
Check by - Mukesh Borah
Answered by Hiru Moni Bora
Last Update by Dipawali Bora (05.05.2022)
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
Post Id: DABP001064