Chapter 10 - 

লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ

১। শুদ্ধ উত্তৰ বাছনি (MCQ):
প্ৰশ্ন: 'জয়মতী' কথাছবিখনৰ প্রথম দর্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল?
উত্তৰ: (খ) কলিকতাত 

প্ৰশ্ন: 'জয়মতী' কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল?
উত্তৰ: (গ) ডালিমী চৰিত্রটি বেজবৰুৱাৰ মানস প্রতিমা হোৱাৰ বাবে 

২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা?
উত্তৰ: বেজবৰুৱাই ডালিমী চৰিত্ৰটিক তেওঁৰ মানস প্রতিমাৰ ৰূপ বুলি উল্লেখ কৰিছে, অৰ্থাৎ তেওঁৰ কল্পনাত থকা আদৰ্শ নারীচৰিত্ৰ যেনেই ভাবিছিল, সেয়া ডালিমীৰ দৰে। সেইবাবে (গ) উত্তৰটো সঠিক।

৪। তলৰ প্ৰশ্নসমূহৰ উত্তৰ:
(ক) প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰ: জয়মতী

(খ) 'জয়মতী' কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল?
উত্তৰ: ১৯৩৫ চনত

(গ) 'জয়মতী' কথাছবিখন কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই

(ঘ) বেজবৰুৱাই 'জয়মতী' কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল?
উত্তৰ: শিলঙৰ পৰা

(ঙ) বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত 'জয়মতী' কথাছবিখন নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ‘জয়মতী’ নাটকটোৰ আধাৰত

৫। তলৰ প্ৰশ্নৰ আলোচনা-ভিত্তিক উত্তৰ:
(ক) 'জয়মতী' ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে?
উত্তৰ: ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ কল্পনাৰ আদৰ্শ অসমীয়া নাৰীৰ প্ৰতিনিধিত্ব কৰিছিল। এই চৰিত্ৰটোৰ দৃঢ়তা, চঞ্চলতা আৰু আত্মবলিদানৰ স্পৃহাই তেওঁৰ মানস প্রতিমাৰ সাৰথি হৈ উঠিছিল। সেয়া তেওঁৰ বহুদিনৰ চিন্তাৰ ৰূপ দিছিল।

(খ) অসমৰ ফিল্ম ইন্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল?
উত্তৰ: বেজবৰুৱাই বিশ্বাস কৰিছিল যে অসমত অসমীয়াৰ দ্বাৰাই এক নবীন শিল্পৰ আৰম্ভণি হৈছে। তেওঁ ফিল্ম সম্বন্ধে আশাবাদী আছিল যদিও বিভিন্ন মত থাকিব পাৰে বুলি তেওঁ স্বীকাৰ কৰিছিল।

(গ) বেজবৰুৱাই কি কি কাৰণত 'জয়মতী' কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে?
উত্তৰ: তেওঁ উল্লেখ কৰিছে যে নাট্যৰ চিত্ৰায়ন, চৰিত্ৰসমূহৰ প্ৰাণৱন্ত অভিনয়, সংলাপ, আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবিয়ে ছবিখনক সফল কৰি তুলিছে।

৬। "কোনে, কাক কৈছিল" লিখা:
(ক) "অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা-নোপজা এনে এটা কার্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল।"
উত্তৰ: বেজবৰুৱাই কৈছিল ছবিখন সম্পৰ্কে।

(খ) "ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত।"
উত্তৰ: বেজবৰুৱাই কৈছিল ফিল্ম সম্বন্ধে মত প্ৰকাশ কৰি

(গ) "এই বুঢ়াৰ এই আশা। পূৰ্ণ হ'ব নে নহয়, ঈশ্বৰে জানে।"
উত্তৰ: বেজবৰুৱাই নিজকে উল্লিখি কৈছিল।

৭। “গৰুণ্ডৰ উৰাও দেখি...” কথাষাৰৰ ব্যাখ্যা (শিক্ষকৰ সহায় সহ):
উত্তৰ: এই উক্তিটোৰ দ্বাৰা বেজবৰুৱাই কৈছে যে, অন্য জনে যদি কিবা এটা ডাঙৰ ব্যৱসায় কৰি সফল হয়, তেন্তে সেয়া অনুসৰণ কৰিব নোৱাৰিলেও হীনমন্যতা বা নিজকে অপদাৰ্থ ভাবাৰ প্ৰয়োজন নাই। মানুহে নিজৰ যোগ্যতাৰ সীমাৰ ভিতৰত নিজ নিজ পদ্ধতিতেই সফলতা বিচাৰিব লাগে। টিপচীয়ে গৰুণ্ডৰ উৰাৰ অনুকৰণ কৰিবলৈ চেষ্টা নকৰি নিজ স্বভাৱত সন্তুষ্ট হ’ব লাগে। এইটো আত্মবিশ্বাস আৰু আত্মসম্মানৰ শিক্ষা দিয়ে।



OLD
পাঠ ১০
 মহীয়সী হেলেন কেলাৰ 
    👉MCQ Online Exam
    👉Text Book PDF
    👉Click Here YouTube Video
    👉MCQs Answer
 

৪। খালী ঠাই পূৰ কৰা।

উত্তৰঃ

(ক) ১৯৫৪ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰালাল নেহেৰুৱে ভাষণ দি থাকোতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি ষ্পৰ্শ কৰি সকলোকে অবাক কৰিলে।

(খ) ১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত মেনিন্জাইটিছ্ ৰোগত আক্ৰান্ত হৈছিল। 

(গ) নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে অন্যলোক সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ১৯৬৮ চনত। 

(ঘ) গ্ৰাহাম বেলে ভালকৈ উপলদ্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন - বিততকৈ মৰম, চেনেহ আৰু আত্মবিশ্বাসৰহে বেছি প্ৰয়োজন।


৬। দলত আলোচনা কৰি উত্তৰ লিখা।
''চলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে।''

(ক) চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে?

উত্তৰঃ হেলেন কেলাৰক শিক্ষা দান কৰা শিক্ষয়ত্ৰী গৰাকীৰ কথা কোৱা হৈছে।

(খ) চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল?

উত্তৰঃ চুলিভানে গ্ৰাহাম বেলৰ পৰা ওঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকিছিল।

(গ) চুলিভানে হেলেন কেলাৰক কি শিকাইছিল ?

উত্তৰঃ চুলিভানে হেলেন কেলাৰক ওঠৰ কপনি অনুভৱ কৰি মানুহৰ মনৰ ভাব বুজি পোৱাৰ কৌশল শিকাইছিল ।

৭। তলৰ শব্দবোৰ সন্ধি ভাঙি পঢ়ো আহা

হিমাচলঃ হিম + অচল

বিদ্যালয়ঃ বিদ্যা + আলয়

হিমালয়ঃ হিম + আলয়

মণিন্দ্ৰঃ মণি + ইন্দ্ৰ

অতীন্দ্ৰিয়ঃ অতি + ইন্দ্ৰিয়

পৰীক্ষাঃ পৰি + ঈক্ষা

অত্যাচাৰঃ অতি + আচাৰ

যথেষ্টঃ যথা + ইষ্ট

যথোপযুক্তঃ যথা + উপযুক্ত

নাৱিকঃ নৌ + ইক




Answered by Hiru Moni Bora 

Last Update by Dipawali Bora (05.05.2022)
'
Check By Mukesh Borah 



Post Id: DABP001062