Chapter 4 -
ৰোওঁগৈ বলা গছৰ পুলি
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা–
(ক) নাটিকাখনৰ প্রথম দৃশ্যত গুণ্গুণ্কৈ গীত গাই কোনে ছবি আঁকি আছিল?
(ক) সুমনাই
(খ) ৰিতুপনে
(গ) মননে
(ঘ) আকাশীয়ে
উত্তৰ: (ক) সুমনাই
(খ) সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল?
(ক) গছৰ পুলিত পানী দিবৰ বাবে
(খ) শুকান গোবৰ গুড়ি কৰিবৰ বাবে
(গ) গছৰ পুলি ৰুবৰ বাবে
উত্তৰ: (গ) গছৰ পুলি ৰুবৰ বাবে
২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰ: সুমনাই গছ ৰোৱাৰ কাম আৰম্ভ কৰিবৰ বাবে কোৰ, খন্তি, হাতোৰা আনিবলৈ কৈছিল। গছ ৰোৱাত মাটি খনন কৰিব লাগে, সেই কাৰণে এই সঁজুলিবোৰৰ প্ৰয়োজন আছিল।
৩। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা।
ফেৰেঙণি: বাঁহৰ লগত চাকি লগোৱা সঁজুলি
প্ৰদৰ্শনী: কোনো বস্তু বা কাম জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰা কাৰ্য
জোপোহা: সৰু গছপুলিৰে ভৰা ঠাই
বন মহোৎসৱ: গছ ৰোৱাৰ উৎসৱ
শীতল: ঠাণ্ডা
খন্তি: মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি
৪। পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা।
উত্তৰ: দ্বিতীয় ছবিখনত দেখা যায় যে, ল’ৰা-ছোৱালীবিলাকে গছ ৰোৱাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে। সকলোৱে সঁজুলি লৈ গছ ৰোৱাৰ কাম কৰিছে। এইটো নাটিকাৰ বন মহোৎসৱৰ কামৰ অংশ।
৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।
(ক) মননে ছবিখন কিয় আঁকিছিল?
উত্তৰ: গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ।
(খ) গছে আমাক কি কি দিয়ে বুলি মননে কৈছে?
উত্তৰ: অক্সিজেন, ফল, ছাঁ, কাঠ, কাগজ আদিকে।
(গ) আকাশীয়ে গছৰ মূঢ়াটোৰ গা-গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে?
উত্তৰ: গছ ৰোৱাৰ ঠাই চিনাক্ত কৰাৰ বাবে দিয়া হৈছিল।
(ঘ) বন মহোৎসৱ সপ্তাহৰ সামৰণী সভাখন ক’ত অনুষ্ঠিত হ’ব?
উত্তৰ: বিদ্যালয়ৰ সভাগৃহত।
(ঙ) পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল?
উত্তৰ: বিলাহী আৰু পকা কল।
(চ) ‘যাওঁ আহা সকলোটি’ শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল?
উত্তৰ: সুমনাই।
৬। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) মননে ছবিখনৰ জৰিয়তে কি ভাব ফুটাই তুলিব বিচাৰিছে?
উত্তৰ: গছ ৰোৱাৰ প্ৰয়োজনীয়তা, পৰিবেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা।
(খ) সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ’ব বুলি শংকা কৰিছে?
উত্তৰ: শুকাই যাব বুলি।
(গ) শংকা কোনে, কেনেদৰে দূৰ হ’ব বুলি কৈছে?
উত্তৰ: পৱন খুৰাই কৈছে যে যত্ন ল’লে গছবোৰ ভালদৰে বাঢ়ি উঠিব।
(গ) মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল?
উত্তৰ: আগতৰে পৰা স্থান নিৰ্বাচন, সঁজুলি যোগাৰ আৰু দলবদ্ধভাৱে কাম কৰি।
৭। কোনে, কাক আৰু কি প্রসংগত কৈছিল লিখা।
(ক) “আমাৰ মানুকণহঁতে, মানে ‘ক’ শ্ৰেণীৰ ল’ৰা-ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়।”
উত্তৰ: ঘোষকে সভাত সকলোলৈ কৈছিল।
(খ) “তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে, তাৰে এমোনা লৈ আহিবা।”
উত্তৰ: সুমনাই সহপাঠীসকলক কৈছিল।
(ঘ) গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে
উত্তৰ: আকাশীয়ে প্ৰস্তাব দিছিল।
৮। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা–
‘ক’ অংশ ‘খ’ অংশ
মালতী পেহীয়ে পকা কল এথোকা পঠাই দিব।
জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে।
ঘোষকে ক’ব মাননীয় ৰাইজ, আজিৰপৰা বন মহোৎসৱ আৰম্ভ হৈছে।
মাণিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে।
জগত খুৰাৰ খুৰীয়ে বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে।
৯। নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: ভাৱৰীয়াসকলৰ তালিকা:
1. মনন
2. সুমনা
3. আকাশী
4. ৰিতুপন
5. ঘোষক
6. মাণিক বৰদেউতা
7. পৱন খুৰা
8. মালতী পেহী
9. জগত খুৰাৰ খুৰী
OLD
পাঠ ৪
বিহু আদৰণি
৩। চৰাইৰ বাহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱাঃ
চ'তাই - চ'ত মাহক সম্বোধন কৰি মতা নাম।
থেৰেজু - কাচিদৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল।
আওলা - আগছালি।
বৰ্হমথুৰি - ইয়াৰ থুৰি বোৰ চুবাই ছোৱালী বোৰে ওঠ ৰঙীন কৰা দেখা যায়।
বাঁহত চাত - শলা।
সুগৰ - পৰিস্কাৰ।
আঁচু - কাপোৰত ফুল তুলিবলৈ বুলোৱা সুতা।
ভমকা - ডাঙৰ আৰু উজ্জ্বল।
ৰচঙ্গা - ৰঙচঙীয়া।
খোলা - টান আৱৰণ
শাল - কাপোৰ ববলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ বা সজুলি।
দিহা - যোগাৰ।
৪। উত্তৰ দিয়া-
(ক) চ'তাই বুলি কবিয়ে কাক কৈছে?
উত্তৰঃ চতাই বুলি কবিয়ে চ 'ত মাহক কৈছে।
(খ) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে?
উত্তৰঃ কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু বৰ্হমথুৰি অনাৰ কথা কোৱা হৈছে।
গ) মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পোলোৱাৰ কথা কোৱা হৈছে?
উত্তৰঃ মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা জুৰি পোলোৱাৰ কথা কোৱা হৈছে ।
(ঘ) বাহঁত চাত কিহেৰে সজালে?
উত্তৰঃ বাঁহৰ চাত হালধি, থেকেৰা, বেঙেনাই সজালে।
(ঙ) বায়ে খোপালৈ বুলি কি ফুল আনিলে?
উত্তৰঃ বায়ে খোপালৈ বুলি ৰচঙ্গা কপৌৰ ফুল আনিলে।
(চ) কবিয়ে চতাইক কি বুলি কাবৌ কৰিছে?
উত্তৰঃ কবিয়ে চতাইক ৰঙালীক আদৰি আনিবলৈ কাবৌ কৰিছে।
৫। কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা।
উত্তৰঃ কবিতাটোত কবিয়ে চ'ত মাহৰ আগমনৰ লগে লগে ঢােল, পেপা বজাই ৰঙালী বিহুক আনিবলৈ কৈছে। পদূলি মুখত বাট চাই থাকিম। জেতুকা, থেৰেজু বৰ্হমথুৰি সকলাে আনিলাে। মাখিয়তি পাতে তৰাৰ পঘাৰে আওঁলা মানে আগ চোতাল জুৰি পেলােৱাৰ কথা কৈছে। বাঁহৰ চাত হালধি, থেকে আনি সজালে। ঢােল, টকা, পেঁপা পৰিষ্কাৰ কৰিলে। বাট চোতাল সাৰি পৰিষ্কাৰ কৰিলে। ভমকা ফুলিয়া গামােচা আয়ে শালৰ পৰা কাটিলে। বায়ে খােপালৈ বুলি ৰচঙ্গা কপৌ ফুল আনি থ'লে। বহল পাতে নাহৰৰ ডাল পিতাই আনি থলে খুড়ীয়ে মজিয়াত তিল গুড় দিহা হৈ খােলা পাতিলে। আইতাই থাপনাৰ আগ সুন্দৰকৈ মচি থৈছে। চ’তাইক নৰবলৈ কৈছে, কাবৌ কৰি কৈছে ৰঙালীক সােনকালে আনিবলৈ।
(৬) বাক্য ৰচনা কৰা।
জেতুকাঃ ৰঙালী বিহুৰ সময়ত ছোৱালি বোৰে হাতত জেতুকা বুলায়।
ভমকাঃ ৰহিমলাই গামোছা খনত ভমকা ফুল বাচিছে।
আঁচুঃ ৰেখাই শালৰ গামোছা খনত আচু ৰ ভমকা ফুল দি কাটিলে।
শালঃ ৰহিলাই এইবাৰ শালত গামোছা লগাইছে।
দিহাঃ আনৰ ভাল দিহা বোৰ মন দি শুনিব লাগে।
৭। লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা।
খুড়ী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শাহু, ননন্দ, জোঁৱাই
পুং লিংগঃ পিতা, ককাই, জোৱাই।
স্ত্ৰী লিংগঃ খুড়ী, আইতা, বাইদেউ, শাহু, ননন্দ।
৮। শব্দবোৰ বহুবচনত প্ৰকাশ কৰা।
ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ
উত্তৰঃ ককাইহঁত, গামোচাবোৰ, মানুহবোৰ, পিঠাবোৰ, বাইদেউহঁত।
৯। অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা-
উত্তৰঃ
টকাঃ ৰামে আঠলাখ টকা দি গাড়ীখন কিনিলে।
টকাঃ ৰহিমে হুছৰি গাবলৈ ঢোল, টকা, পেপা যোগাৰ কৰিলে।
বাতঃ কোমোৰা আৰু হাঁহৰ আঞ্জা খায় মাৰ বাত বিষ নাইকিয়া হ'ল।
বাটঃ ৰহিমলাই চোতাল-বাট সাৰি গধূলি প্ৰাৰ্থনা কৰিবলৈ গ'ল।
থালঃ শাহুৱেকে নতুন কইনাক আদৰিবলৈ ধূপ-ধুনাৰে স'তে থাল খন লৈ গ'ল।
ঠালঃ আমডালৰ ঠাল-ঠেঙুলিবোৰ লহপহ কৈ বাঢ়িছে।
জুৰিঃ আমাৰ গাৱত এটা জুৰি আছে।
জুৰিঃ সৰু কোঠাটোত যেনে-তেনে সকলোবিলাক বস্তু জুৰিছে।
১০। ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে দহটা বাক্য লিখা।
উত্তৰঃ বিহু আমাৰ জাতীয় উৎসৱ। বিহু বুলি ক'লে ডেকা, বুঢ়া, জীয়ৰী, বোৱাৰী আদিৰ মনত অপাৰ আনন্দ। বিহু আমাৰ তিনিটা। বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী আৰু মাঘৰ বিহু ভোগালী। চ'ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু বুলি কোৱা হয়। সেইদিনা গৰুক মাহ-হালধিয়ে গা ধোৱাই লাওঁ - বেঙেনা আদি গৰুৰ গালৈ মাৰি দিয়া হয়। তাৰ পিছৰ দিনা মানুহৰ বিহু সেইদিনা মানুহে মাহ - হালধিয়ে গা ধোয়ে। বহাগ বিহুত সন্ধিয়া সময়ত হুছৰি গায় আৰু ইঘৰে সিঘৰত চাহ জলপান খাবলৈ যায়। কাতি বিহুত ৰাতি তুলসীৰ তলত চাকি-বন্তি দি নাম গায়। মাঘৰ বিহুৰ দিনা সকলোৱে ৰাতিপোৱা গা ধুই মেজি জ্বলাই আৰু ৰাতি সকলোৱে ভেলাঘৰত ভোজ-ভাত খায়।
১১। তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদযাপন কৰা হয় লিখা।
উত্তৰঃ আমাৰ অঞ্চলত ৰঙালী বিহু খুউব আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়। আমাৰ অঞ্চলত ৰঙালী বিহুত প্ৰথম দিনা গৰু বিহু উদযাপন কৰা হয় সেইদিনা গৰুক মাহ-হালধিৰে গা ধোওৱা হয়। পিছদিনা মানুহৰ বিহু। সেইদিনা মানুহে মাহ-হালধিৰে গা ধুৱে। আৰু ডেকা-গাভৰু সকলোৱে হুচৰি গায়। এই বিহু ৭ দিন পালন কৰা হয়।
১২। দলত আলোচনা কৰি বস্তুকেইপদৰে আমি কি কি কৰোঁ লিখা।
(ক) জেতুকা পাত - হাতত বুলায় লওঁ।
(খ) বৰ্হমথুৰি - ইয়াৰ থুৰিবোৰ চুবাই ছোৱালীবোৰে ওঠ ৰঙীন কৰে।
(গ) পঘা - গৰু বান্ধো।
(ঘ) কপৌফুল - বহাগ বিহুত ছোৱালী বোৰে খোপাত বুলাই লয়।
(ঙ) বিহুৱান - এইখনেৰে মান্যৱান ব্যক্তিক সম্বোধন জনায়।
(চ) মাখিয়তী - এই গছৰ পাতেৰে গৰু বিহুৰ দিনা আওলা বনায় আৰু গৰুক কুবোৱা হয়।
১৩। তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা হয় দলত আলোচনা কৰি লিখা।
পেঁপা, গগণা, ঢোল, হাৰমনিয়াম, খোল, তাল, সুতুলি, ঢাক, টকা, গীটাৰ।
উত্তৰঃ পেঁপা, গগণা, ঢোল, তাল আৰু সুতুলি।
Answered by Hiru Moni Bora
Last Update by Dipawali Bora (04.05.2022)
Check by -Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
Post Id: DABP001056