Chapter 9 - 

টকাত একোটা হাতী 

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
(ক) কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে?
(ক) বিহুৰ বজাৰ
(গ) দেওবৰীয়া বজাৰ
(খ) পূজাৰ বজাৰ
(ঘ) বুধবৰীয়া বজাৰ

উত্তৰ: (খ) পূজাৰ বজাৰ

(খ) "ভাবিছ কিজানি মই বৰ ভোদা; বৰ বুধিয়ক তই?" - কথাষাৰ কোনে, কাক কৈছে?
(ক) বাবুলে ৰতনক
(খ) ৰতনে দোকানীক
(গ) ৰতনে বাবুলক
(ঘ) দোকানীয়ে বাবুলক

উত্তৰ: (গ) ৰতনে বাবুলক

৩। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।

(ক) কবিতাটোত কোনে কোনে কথা পাতিছে?
উত্তৰ: কবিতাটোত ৰতন আৰু বাবুলে কথা পাতিছে।

(খ) বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে?
উত্তৰ: ৰতনে ভাবিছিল যে টকাত হাতী পোৱা অসম্ভৱ কথা, সেয়ে সি বিশ্বাস নকৰিলে।

(গ) ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল?
উত্তৰ: ৰতনে বাবুলক বজাৰলৈ লৈ গৈছিল বাবুলে কোৱা কথাটোৰ প্ৰমাণ দেখুৱাবলৈ।

(ঘ) ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল?
উত্তৰ: হাতী কিনিবলৈ যিজনে হাবিব, সিজনে বাদাম ভাজি খুৱাব বুলি বাজি মাৰিছিল।

(ঙ) বাজিত কোন হাবিল?
উত্তৰ: ৰতন হাবিল, কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিল।

(চ) বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল?
উত্তৰ: ৰতনে ভাবি আছিল যে বাবুলে সঁচাকৈয়ে টকাত খৰিদ কৰিব পৰা হাতী আনিব।

৪। কবিতাকেইফাকি পঢ়া আৰু উত্তৰ লিখা।
(ক) "বাবুলে আনিছে গৰম খবৰ;"
উত্তৰ:কবিতাটিত 'গৰম খবৰ' বুলি বুজোৱা হৈছে যে এটা টকাত হাতী পোৱা যায় — এই কথাই সকলোৰে মাজত কৌতূহল সৃষ্টি কৰিছিল।

(খ) "ক'লে বাবুলক- নামাৰিবি ব'ম্ এনেবোৰ কথা কৈ;"
উত্তৰ: ইয়াত 'ব'ম্' শব্দটোৰে বুজোৱা হৈছে — বিশ্বাস নকৰোঁ বা তোৰ কথা মই ধৰি নাপাওঁ।

৫। তলত দিয়া স্তৱকটি গদ্য ৰূপত কোৱা আৰু লিখা।
(ক) "ৰতনে ভাবিলে- কিনো কয় অ'ইনো!
টকাত একোটা হাতী
পোৱা হ'লেচোন সকলো মানুহে ল'লে হৈ এটি এটি!"

👉 গদ্য ৰূপ:
ৰতনে ভাবিলে, “এইটো কেনেকুৱা কথা ক'লে! যদি এটা টকাতেই হাতী পোৱা যায়, তেন্তে সকলো মানুহে এটা হাতী ল'ব পাৰিব।"



পাঠ ৯
 আইতাক মই কিদৰে পঢ়িবলৈ শিকালো 


    👉MCQ Online Exam
    👉Text Book PDF
    👉Click Here YouTube Video 
    👉MCQs Answer

২। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-

(ক) দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা 'মই' শব্দটোৱে কাক বুজাইছে?

উত্তৰঃ পাঠটোৰ লিখক জনক বুজাইছে।

(খ) সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল?

উত্তৰঃ সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰিকাকত খন আবেলি পৰত হে আহি পৰিছিল।

(গ) প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল?

উত্তৰঃ এখন বাছত আহিছিল।

(ঘ) বাছখন গাওঁ আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি আছিল?

উত্তৰঃ কাকত-পত্ৰবোৰ পঢ়িবলৈ আৰু  শুনিবলৈ।


৩। উত্তৰ দিয়া।

(ক) পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম লিখা ?

উত্তৰঃ পাঠত উল্লেখ থকা সাপ্তাহিক কাকত খনৰ নাম হ'ল কাশীযাত্ৰী।

(খ) আইতাকে কাকতখন কিয় ভাল পাইছিল?

উত্তৰঃ কাৰণ কাকতখনত বৰ্ণনা কৰা বৃদ্ধাৰ জীৱনৰ লগত তেখেতে নিজৰ জীৱনৰ লগত মিল থকা যেন পাইছিল।

(গ) আইতাকে লোৱা দৃঢ় সংকল্পটো কি ?

উত্তৰঃ কাইলৈৰ পৰা মই কন্নড় ভাষাৰ বৰ্ণমালা  শিকিবলৈ আৰম্ভ কৰিম। জেদ কৰি হ'লেওঁ শিকিম আৰু  সৰস্বতী পূজাৰ দিনাখন মোৰ শিকন সমাপ্ত কৰিম। মই শিকিব লাগিব যাতে আনৰ সহায় নোলোৱাকৈ নিজেই উপন্যাস পঢ়িব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত মই স্বাধীন হ'বই লাগিব।


৬। তলৰ বাক্যকেইটা কোনে, কেতিয়া আৰু কিয় কৈছিল?

(ক) ''ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে শতক বাধা-বিঘিনী অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা।'' 

উত্তৰঃ যেতিয়া এই বয়সত পঢ়া-শুনা কৰাৰ কথা নাতিনীয়েকৰ আগত কৈছিল তেতিয়া আইতাকে নাতিনীয়েকে উক্ত কথাষাৰ কৈছিল।

(খ) ''যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়ত্ৰীক মই কিয়বা সন্মান নকৰিম!''

উত্তৰঃ যেতিয়া আইতাকে পঢ়া-শুনা শিকি নিজকে স্বাধীন অনুভৱ কৰিলে তেতিয়া আইতাকে উক্ত কথাষাৰ নাতিনীয়েকৰ আগত ব্য়ক্ত কৰিলে।


৯। পাঠটোৰ পৰা পাঁচটা বিশেষণ পদ বাছি উলিয়াই লিখা।

উত্তৰঃ সুন্দৰ, প্ৰচলিত, স্থানীয়,  ৰচিত,  বিকশিত।





Answered By Hiru Moni Bora

Last Update by Dipawali Bora (05.05.2022)

Check By Mukesh Borah 

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------


Post Id: DABP001061