Lesson: 1

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

(Matter in our Surroundings

    👉MCQ Online Exam
    👉Short Question Answer
    👉Text Books PDF
    👉MCQs Answer
    👉Paid Answer (For Membership User)


প্ৰশ্নাৱলীঃ

১) আমাৰ চাৰিওকাষৰ বস্তুবোৰ


1. তলৰ কোনবোৰ পদাৰ্থ?

চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস।

উত্তৰঃ- পদাৰ্থবোৰ হ’ল – চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়, সুগন্ধী দ্ৰব্যৰ সুবাস।

(যিবোৰ পদাৰ্থ নহয় 一 প্ৰেম, ঘৃণা, চিন্তা)

2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা।

    উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ- কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে। ফলত গতিশক্তিও বৃদ্ধি পায়। উষ্ণতা বৃদ্ধি হ'লে পদাৰ্থৰ কণিকাৰ গতি শক্তিৰ লগতে ব্যাপনৰ মাত্ৰাও বৃদ্ধি পায়। সেইবাবে গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়।

বা

        আমি জানাে যে, সকলাে পদার্থ ক্ষুদ্র ক্ষুদ্র কণিকাৰে গঠিত আৰু এই কণিকাবােৰ অনবৰতে গতি কৰি থাকে। পদার্থৰ কণিকাবােৰে তাপ পালে গতিশক্তি বাঢ়ি যায়। ফলত ই বহু দূৰলৈকে বিয়পি পৰে। যাৰবাবে কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ বহু দূৰলৈ যায়।আনহাতে, ঠাণ্ডা বস্তুৰ কণিকাবােৰে বেছি দূৰ অতিক্রম নকৰে বাবে ইয়াৰ গােন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

3. এজন  ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?

উত্তৰঃ- পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে যদিও এই আকৰ্ষণ বল কম হোৱাৰ বাবে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে।

4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?

উত্তৰঃ- বৈশিষ্ট্য বোৰ হ’ল 一

1) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে।

2) পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে।

3) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে।

বা

        পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ'ল 一

(i) ইহঁতৰ মাজত খালী ঠাই থাকে।

(ii) ইহঁঁতৰ মাজত আকৰ্ষণীয় বল থাকে।

(iii) ইহঁত সদায় গতিশীল।


প্ৰশ্নাৱলীঃ

উত্তৰঃ- বায়ু < চিমনিৰ পৰা ওলোৱা ধোঁৱা < কপাহ < পানী < মৌ < চকমাটি ।

বা

উৰ্দ্ধত্ৰুমত সজালে হ'ব,

চিমনিৰ পৰা ওলোৱা ধোঁৱা < কপাহ < চক < মৌ < লো।

2. (a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।

উত্তৰঃ-

(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া 一

           দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু  ঘনত্ব (density)।

উত্তৰঃদৃঢ়তাঃ বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে।

সংকোচনশীলতাঃ চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে। জুলীয়া আৰু গেছীয় পদাৰ্থই সংকোচনশীলতা দেখুৱাই।

প্ৰবাহীতাঃ জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে, আকাৰ সলাব পাৰে ইয়াকে প্ৰবাহীতা বোলে।

আকাৰঃ স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে।

গতিশক্তিঃ গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তিও বৃদ্ধি হয়।

ঘনত্বঃ প্ৰতি একক আয়তনত থকা ভৰক পদাৰ্থৰ ঘনত্ব বোলে।

3. কাৰণ দৰ্শোৱা 一

(a) কোনে এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।

উত্তৰঃ- ইয়াৰ কাৰণ হ’ল 一 গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি নিম্নতম (একেবাৰে কম) হোৱাৰ বাবে পাত্ৰ এটাত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।

বা

        গেছীয় পদাৰ্থৰ অনুসমূহৰ মাজত আকৰ্ষণ বল খুব কম আৰু অনুসমূহে য'তে ত'তে খুব বেগত ঘুৰি ফূৰে।

b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।

উত্তৰঃ- গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিক ভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়। এইয়ে গেছৰ চাপ।

c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি।

উত্তৰঃ- কাৰণ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। লগতে টেবুলখন দৃঢ় আৰু সংকোচন নঘটে।

বা 

        কাঠৰ কণিকাবোৰ স্থিৰ আৰু কাঠৰ নিৰ্দিষ্ট আয়তন আৰু আকৃতি আছে। সেইবাবে কাঠেৰে তৈয়াৰী টেবুল এখনক কঠিন পদাৰ্থ বুলি ক'ব পাৰি।

d) বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।

উত্তৰঃ- কাৰণ বায়ু কণিকাৰ মাজত আকৰ্ষণ বল কম লগতে কণিকাবোৰৰ মাজত ব্যৱধান বেছি সেইকাৰণে সহজতে হাত ঘূৰাব পাৰো।

         আনহাতে, কাঠ এডোখৰৰ মাজেৰে হাতখন ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। কাৰণ কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বেছি আৰু কণিকাবোৰ টানকৈ বান্ধ খাই থাকে।

বা

            গেছীয় পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণী বল খুব কম। কিন্তু কঠিন পদাৰ্থৰ অনুসমূহৰ মাজত আকৰ্ষণী বল খুব বেছি।

8. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰফ পানীত ওপঙে, কিয় বাৰু?

উত্তৰঃ- কাৰণ পানীৰ কণিকাবোৰ গোট মাৰি বৰফ সৃষ্টি হয়, যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালী ঠাই থাকি যায়। যাৰ ফলত বৰফৰ ঘনত্ব কম হয় আৰু পানীত ওপঙে।

বা

            বৰফ পানীত ওপঙে কাৰণ বৰফৰ ঘনত্ব জুলীয়া পানীতকৈ কম। কাৰণ পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়তনৰ পৰিমাণ বেছি হয়।

প্ৰশ্নাৱলীঃ

1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা 一

(a) 300 k (b) 573 k

উত্তৰঃ-

2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হব?   

উত্তৰঃ-

3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?

উত্তৰঃ- ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থকাৰ কাৰণ হ’ল উষ্ণতা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আৱশ্যক হয়। যাক পদাৰ্থৰ লীনতাপ বুলি কোৱা হয়।

বা

        কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিত্ৰুম কৰি অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়।

4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।

উত্তৰঃ- উচ্চ চাপত অথবা নিম্ন উষ্ণতাত বায়ুমণ্ডলীয় গেছক জুলীয়া বা তৰল অৱস্থালৈ আনিব পাৰি।

বা

            বায়ুমণ্ডলীয় গেছ চাপ দি ঠাণ্ডা কৰিলে জুলীয়া হয়।

প্ৰশ্নাৱলীঃ

1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?

উত্তৰঃ- শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয়। যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় আৰু সেয়েহে Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।

বা

            শুকান গৰম দিনত উষ্ণতাৰ বৃদ্ধি আৰু আৰ্দ্ৰতা কম হোৱাৰ বাবে পানীৰ বাষ্পীভৱন খৰতকীয়া হয়।

2. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?

উত্তৰঃ- মাটি কলহত পানী থলে তাত থকা সৰু সৰু ছিদ্ৰবোৰেৰে পানীৰ বাষ্পীভৱন হয় আৰু পানীৰ বাষ্পীভৱনত যি তাপৰ প্ৰয়োজন হয় সেইয়া পাত্ৰটোৰ পৰা আহৰণ কৰে। যাৰফলত গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে।

বা

        কাৰণ মাটিৰ কলহৰ ছিদ্ৰৰ মাজেৰে পানী বাহিৰলৈ ওলাই আহে। এই পানীৰ বাষ্পীভৱনৰ বাবে ভিতৰৰ পানী ঠাণ্ডা হৈ থাকে।

3. হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয়?

উত্তৰঃহাতৰ তলুৱাত ঠাণ্ডা অনুভৱ কৰাৰ কাৰণ হ’ল এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি দিলে এইবোৰ বাষ্পীভূত হয় আৰু বাষ্পীভৱনত প্ৰয়োজন হোৱা তাপ হাতৰ তলুৱাৰ পৰা লয় ফলত ঠাণ্ডা অনুভৱ হয়।

বা

            এচিট'ন, পেট্ৰ'ল বা সুগন্ধি আতৰ হাতৰ তলুৱাত ঢালি দিলে এইবোৰৰ কণাসমূহে হাতৰ তলৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত কৰে। ফলত তলুৱাত ঠাণ্ডা অনুভৱ হয়।

4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?

উত্তৰঃ- কাৰণ প্লেটত ল'লে গাখীৰ বা চাহৰ পৃষ্ঠকালি বাঢ়ে। ফলত বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু সোনকালে ঠাণ্ডা হয়।

5. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?

উত্তৰঃ- গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্দিব লাগে। কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। বাষ্পীভৱনৰ লীন-তাপৰ পৰিমাণৰ সমান তাপ-শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় বাবে আমাৰ দেহটো শীতল পৰি যায়।

অনুশীলনীঃ

1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা 一

(a) 293 k (b) 470 k

উত্তৰঃ-  





2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা一










3. কাৰণ দৰ্শোৱা一

(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।

উত্তৰঃ- নেফথেলিন বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হোৱাৰ কাৰণ হ’ল উৰ্ধপাতন। উৰ্ধপাতনৰ ফলত নেফথেলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয় ফলত এটা সময়ত নাইকিয়া হৈ পৰে।

বা

            উৰ্ধপাতন প্ৰত্ৰুিয়াৰে নেফথেলিন বল পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। 

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

উত্তৰঃ- দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় কাৰণ আতৰৰ কণিকাবোৰে ক্ষিপ্ৰভাৱ বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে। সেয়েহে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

বা

আতৰৰ অনুসমূহে খুব বেগত চাৰিওফালে গতি কৰে।

4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা 一 পানী, চেনি আৰু অক্সিজেন।

উত্তৰঃ- অক্সিজেন < পানী < চেনি।

5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি?

উত্তৰঃ-

6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা 一

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।

উত্তৰঃ- (a) সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আয়তন আছে যদিও নিজা আকৃতি নাই। লগতে প্ৰবাহিতা দেখুৱায়। সেয়েহে সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লো দৃঢ় আৰু নিৰ্দিষ্ট গঢ় বা আকৃতি আছে কাৰণে লোৰে নিৰ্মিত আলমাৰিটো কঠিন।

7. 273 k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয়?

উত্তৰঃ- 273k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে। কাৰণ 273k উষ্ণতাত থকা বৰফ তুলনামূলকভাৱে একে উষ্ণতাৰ পানীতকৈ কম শক্তি নিহিত হৈ থাকে।

বা

        273k উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ অধিক। সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা।

8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?

উত্তৰঃ- পানীৰ ভাপে বেছিকৈ পুৰিব। কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীনতাপ ধৰি ৰখাৰ বাবে এনে হয়।

9. অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।

উত্তৰঃ-

    [A] = গলন

    [B] = বাষ্পীভৱন

    [C] = ঘণীভৱন

    [D] = স্ফটিকীকৰণ

    [E] = উৰ্ধপাতন

    [F] = উৰ্ধপাতন



 


Answer by Jyotshna Kalita (M.Sc Zoology)

Edit by Puspa Kakati (CEO)

Spelling checked by 一 Mampi Kakati 

Post Id: DABP000934