অধ্যায়ঃ১
প্ৰাকৃতিক  ভূগোল 
বতৰ  আৰু  জলবায়ু


১) বতৰ আৰু জলবায়ু বুলিলে কি বুজা ? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা ।
উত্তৰঃ 

বতৰঃ কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনেঃ কেইঘণ্টামান বা দিনটো, অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে। বা কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বোলে ।

জলবায়ুঃ প্ৰতিদিন, প্ৰতি ঋতু, আৰু প্ৰতি বছৰৰ ভিত্তিত  বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও ৩০ বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলে। 


বতৰ আৰু জলবায়ুৰ পাৰ্থক্যঃ
বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজিবলৈ হ'লে আমি সময় আৰু স্থান ভিত্তিক ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

ক) বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজাই ।
     আনহাতে, জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজা যায়। 

খ) বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজা যায়।
     আনহাতে, জলবায়ু বুলিলে অৰ্থ্যত জলবায়ুৰ ধাৰণাতো একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়।


২) বতৰ আৰু জলবায়ু উপাদানবোৰ উল্লেখ কৰা ।
উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'লঃ উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধঃক্ষেপ ।

৩) বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা ।
উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'লঃ উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, অধঃক্ষেপ ।

ক) উত্তাপঃ  সূৰ্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয় । বায়ুমণ্ডলৰ উত্তপ্ত অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা যায়।

খ) বায়ু চাপঃ বায়ু এবিধ গেছীয় পদাৰ্থ । ইয়াৰ ভৰ আৰু চাপ দুয়োটাই আছে। বায়ুৰ সমষ্টিয়েই হৈছে বায়ুমণ্ডল। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য দুটা কাৰণ সংঘটিত হয়, যেনেঃ ক) বায়ু উষ্ণতা, খ) পৃথিৱী পৃষ্ঠৰ উচ্চতা। 

 গ) আৰ্দ্ৰতাঃ বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজা যায় । বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনেঃ চৰম আৰু আপেক্ষিক আৰ্দ্ৰতা ।
 
ঘ) বতাহঃ বায়ুয়ে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। বায়ুৰ এনে গতিক বতাহ বোলে। বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে।

ঙ) অধঃক্ষেপঃ বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়। ফলত জলকণাবিলাক বায়ুমণ্ডলৰৰ মাজেদি ভূ-পৃষ্ঠলৈ নামি আছে তেতিয়া ইয়াক অধঃক্ষেপ বুলি কোৱা হয় ।


৪) উত্তাপ,  চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা ।

উত্তৰঃ উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান।
এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে।
              বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৰ্ৱতন হোৱা দেখা যায় । বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হয় । সূৰ্যৰ ৰশ্মি দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে ।
               বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেএফলত বায়ুয়ে প্ৰয়োগ কৰা বল। বায়ুমণ্ডলৰ আন আন পৰিৱৰ্তনশীল চলক বিলাকৰ দৰেই ইয়াৰ চাপো এটা পৰিৱৰ্তনশীল চলক। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে । 
                বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজায় । বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনেঃ  চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা ।

৫) বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা।
 
উত্তৰঃ বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে । এনে কাৰণত ভূ-পৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইৰ বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয় । বায়ুও উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্নচাপৰ অঞ্চললৈ গতি কৰে। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয়।


৬) বতাহ কিয় বলে ? 
উত্তৰঃ বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয় । পানী যেনেকৈ ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যায় ঠিক তেনেদৰে বায়ুৱেত্ত উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। ফলত বতাহ বলে । পৃথিৱীৰ আহ্নিক গতিৰ বাবে বায়ুপ্ৰৱাহ ঘটে ।


৭)অধঃক্ষেপ বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা  
উত্তৰঃ বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। ফলত জলকণাবোৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ুস্তৰৰ মাজেদি ভূ-পৃষ্ঠলৈ নামি আহে। তেতিয়া ইয়াকে অধঃক্ষেপ বুলি কোৱা হয় ।
      বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপ হ'লঃ  নিয়ৰ, হিম, ঘনকুঁৱলী, পাতল কুঁৱলী, তুষাৰ কণা-বৃষ্টি, তুষাৰ পাত, বৰষুণ, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত-পাহাৰৰ অৱস্থান, বায়ুপ্ৰবাহ, ভূমি প্ৰকৃতি ।


৮) বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা  কাৰকসমূহ উল্লেখ কৰা ।
উত্তৰঃ বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা  কাৰকসমূহ হ'ল-
১) অক্ষাংশ ২) উচ্চতা ৩) সমুদ্ৰৰ সান্নিধ্য ৪) সমুদ্ৰ সোঁত ৫) পৰ্বত-পাহাৰৰ অৱস্থান ৬) বায়ুপ্ৰবাহ ৭) ভূমিৰ প্ৰকৃতি ৮) ভূমিৰ ঢাল আৰু (৯) উদ্ভিদ ।


৯) বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা । 
উত্তৰঃ বতৰ আৰু জলবায়ুৰ কাৰক সমূহ হলঃ অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত-পাহাৰৰ অৱস্থান, বায়ুপ্ৰৱাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু পাহাৰৰ অৱস্থান, বায়ুপ্ৰৱাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ ।


অক্ষাংশঃ জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ । ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্ৰাস-বৃদ্ধি হয়। সূৰ্যৰ ৰশ্মি পোন বা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢে় ।

উচ্চতাঃ ভূূ-পূষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰো পাৰ্থক্য হয়। সাধাৰণতে গড় হিচাবে প্ৰতি এক কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় ৬.৫° চেন্টিগ্ৰেড উত্তাপ কমি যায় । 

সমুদ্ৰৰ সান্নিধ্যঃ গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ বেছি থাকে আৰু শীতকালত স্থলভাগ যেতিয়া ঠাণ্ডা হ'য়, তেতিয়া জলভাগ আপেক্ষিকভাৱে গৰম হৈ থাকে ।
 
সমুদ্ৰ সোঁতঃ সমুদ্ৰৰ সোতঁৰ প্ৰভাৱৰ দ্বাৰা এখন ঠাইৰ জলবায়ু নিয়ন্ত্ৰিত হয় । কিছুমান সমুদ্ৰ সোতঁ গৰম আৰু কিছুমান চেঁচা হয় । 

পৰ্বত-পাহাৰৰ অৱস্থানঃ পৰ্বত-পাহাৰৰ অৱস্থানেও কোনো ঠাইৰ জলবায়ুত প্ৰভাৱ বিস্তাৰ কৰে । পৰ্বত-পাহাৰৰ অৱস্থানৰ বাবে বায়ু চলা-চল বাধাগ্ৰস্ত হয় । জলীয়বাষ্প কঢ়িয়াই অনা কোনো বায়ুৰাশি যদি পৰ্বতৰ ঢালত ঠেকা খাই উৰ্ধগামী হয়, তেতিয়া পৰ্বতৰ প্ৰতিবাদ ঢালত প্ৰচুৰ বৰষুণ হয় ।

বায়ুপ্ৰবাহঃ বায়ুপ্ৰবাহ বা বতাহে এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। বৈশিষ্ট্যৰ  ভিত্তিত বতাহ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, যেনে- শুকান বতাহ,  গৰম বতাহ , শীতল বতাহ ইত্যাদি ।

ভূমিৰ প্ৰকৃতিঃ গঠন অনুসৰি ভূমিৰ প্ৰকৃতি বেলেগ বেলেগ হোৱা দেখা যায়, যেনেঃ- বালিময়, শিলাময়, পলসুৱা ইত্যাদি । শিলাময় আৰু বালিময় মাটি সূৰ্যৰ তাপত সোনকালে গৰম হয় আৰু পিছত তাপ বিকিৰণ কৰি সোনকালে চেঁচাও হয় । 

ভূমিৰ ঢালঃ বতৰ আৰু জলবায়ুৰ কাৰক হিচাবে ভূমিৰ ঢালৰ গুৰুত্ব মন কৰিবলগীয়া কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মূখে এঢ়লীয়া হ'লে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয় । 

উদ্ভিদঃ উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে । অৰণ্য অঞ্চলৰ বায়ুৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু ফলত এনে অঞ্চলত সঘনে বৰষুণ হয় । 


১০) জলবায়ুৰ প্ৰকাৰবোৰ কি কি  ? 
উত্তৰঃ- জলবায়ুৰ প্ৰকাৰবোৰ হ'লঃ
১) বিষুৱীয় জলবায়ু।
২) মৌচুমী জলবায়ু।
৩) ছাভানা জলবায়ু। 
৪) উষ্ণ মৰু জলবায়ু। 
৫) নাতিশীতোষ্ণ মৰু জলবায়ু। 
৬) ভূমধ্যসাগৰীয় জলবায়ু । 
৭) নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু। 
৮) নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু। 
৯) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু। 
১০) পূৰ্ব উপকূলীয় আৰ্দ্ৰ জলবায়ু। 
১১) উপ-মেৰুদেশীয় (টাইগা) জলবায়ু । 
১২) তুন্দ্ৰা জলবায়ু । 


১২) চমুটোকা লিখাঃ
ক) আপেক্ষিক আৰ্দ্ৰতাঃবায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয় । যেনে- চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। আপেক্ষিক আৰ্দ্ৰতা হৈছে এক অনুপাত যাক শতকৰা হিচাপত প্ৰকাশ কৰা হয় । কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে ।

 
খ) বায়ুমণ্ডলীয় চাপঃ বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল । সাগৰ পৃষ্ঠৰ বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্ৰতি বৰ্গ  ইঞ্চিত ১৪.৭ পাউণ্ড । বেৰোমিটাকৰৰ পাৰাস্তম্ভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয়। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে সলনি হৈ থাকে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়, যেনেঃ-  1) বায়ুৰ উষ্ণতা  2) পৃথিৱী পৃষ্ঠৰ উচ্চতা । 


গ) চাপ-বলয়ঃ পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত কেইটামান বায়ুৰ চাপ-বলয় চিনাক্ত কৰা হৈছে, যেনেঃ ক) নিৰক্ষীয় নিম্ন চাপ বলয়  খ) উপ- ক্ৰান্তীয় উচ্চ চাপ বলয়  গ) উপমেৰু দেশীয় নিম্ন চাপ বলয়  ঘ) মেৰুদেশীয় উচ্চ চাপ বলয় । 


ঘ) ভিন্ন প্ৰকাৰৰ বৃষ্টিপাতঃ বৃষ্টিপাত ভিন্ন প্ৰকাৰৰ হয়। যেনেঃ পৰিচলন বৃষ্টি, শৈল্যোৎক্ষেপ বৃষ্টি, ঘূৰ্ণী বৃষ্টি, অক্ষীয় বৃষ্টি, অৰণ্য বৃষ্টি ।

 
ঙ) জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱঃ  জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ । ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰন পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্ৰাস-বৃদ্ধি হয়। সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে । ইয়াৰ বিপৰীতে বেঁকা বা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা কম হয় অৰ্থাৎ উত্তাপ কমে । 


চ) জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱঃ উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু এনে অঞ্চলত সঘনে বৰষুণ হয়। কিন্তু উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাত পৰিমাণ কম হয় ।

ছ) মৌচুমী জলবায়ুঃ মৌচুমী জলবায়ু ১০° উঃ আৰু ৪০° উঃ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূব অংশত আৰু দক্ষিণ গোলাৰ্ধৰ অঞ্চলত বিৰাজ কৰে। এই জলবায়ু বিৰাজ কৰা যিবোৰ অঞ্চলত বছৰি গড়ে ২০০ ছেঃমিঃ ৰ অধিক বৰষুণ হয়, সেইবিলাক অঞ্চলত চিৰসেউজীয়া উদ্ভিদ গজে আৰু যিবোৰ ঠাইত ১০০ ৰ পৰা ২০০ ছেঃমিঃ বৰষুণ হয় সেইবোৰ ঠাইত পৰ্ণপাতী উদ্ভিদ পোৱা যায় । 

জ) টাইগা জলবায়ুঃ পৃথিৱীৰ ৫০° আৰু ৬৫° অক্ষাংশৰ মাজৰ উপমেৰু অঞ্চলবোৰত টাইগা জলবায়ু বিৰাজ কৰে। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই 'ভাৰখয়নক্স' এই জলবায়ুৰ অন্তৰ্গত। এই জলবায়ুত সৰলবৰ্গীয়া উদ্ভিদ বিস্তৃতভাৱে গজে। এই সৰলবৰ্গীয় উদ্ভিদক চাইবেৰিয়াত 'টাইগা' বুলি জনা যায় ।
 

ঝ) ভূমধ্যসাগৰীয় জলবায়ুঃ ভূমধ্যসাগৰীয় জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণৰ ৩০° ৰ পৰা ৪৫° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলসমূহত দেখা যায়, এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰত চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদ দেখা যায়। আনহাতে ফল-মূলৰ খেতিৰ বাবে এই জলবায়ু উপযোগী আৰু সেয়েহে ভূমধ্যসাগৰীয় জলবায়ু অঞ্চলবোৰত যথেষ্ট পৰিমাণে ফল-মূলৰ উৎপাদন হয়। 

ঞ) ছাভানা জলবায়ুঃ   ছাভানা জলবায়ুক ছুডান জলবায়ু বুলিত কোৱা হয়। এই জলবায়ু প্ৰধানকৈ ছুডান, মধ্য ভাৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্য ভাগ, ব্ৰাজিলৰ দক্ষিণাংশ, কিছুমান অঞ্চলত পোৱা যায়। ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছে- ২৭°-২৮° ডিগ্ৰী চেন্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ হৈছে ১০° ৰ পৰা ১৫° চেন্টিগ্ৰেড। 

ট) তুন্দ্ৰা জলবায়ুঃ সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে । এই জলবায়ু কানাডা, এছিয়া আৰু এন্টাৰ্কটিকাত পোৱা যায়। ইয়াত ছমাহ অতি ক্ষীণ সূৰ্যৰ পোহৰ পৰে আৰু বাকী ছমাহ ৰাতি হয় । ইয়াৰ জনবসতি অতিকৈ সেৰেঙা হোৱা দেখা যায় । 


১৩) চমুকৈ উত্তৰ দিয়াঃ- 

ক) বায়ুমণ্ডল ভূ- পৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে ? 
উত্তৰঃ বায়ুমণ্ডল ভূ-পৃষ্ঠৰ ১০,০০০ কি.মি. উচ্চতালৈ প্ৰসাৰিত হৈ আছে।


খ) ক্ৰটি- হাৰ কি ?  
উত্তৰঃ বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা এই হাৰক ক্ৰটি-হাৰ বোলে ।

 
গ) সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান ? 
উত্তৰঃ সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত ১৪.৭ পাউণ্ড ।


ঘ) বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা ? 
উত্তৰঃ বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণকেই বুজায় । 


ঙ) সংপৃক্ত বায়ু কাক বোলে ? 
উত্তৰঃ কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৱে নিৰ্দিষ্ট উত্তাপত যিমানখিনি জলীয়বাষ্প ধাৰণ কৰিব পাৰে, ঠিক সিমানখিনি জলীয় বাষ্প যদি বায়ুখিনিত থাকে, তেন্তে সেই বায়ুক সংপৃক্ত বায়ু বোলে । 

চ) বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান? 
উত্তৰঃ বিষুৱৰেখাৰ পৰা ১০° উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজৰ অঞ্চলত বিৰাজ কৰে ।

ছ) কেম্প'চ ঘাঁহনি অঞ্চল কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত ? 
উত্তৰঃ- কেম্প'চ ঘাঁহনি অঞ্চল ছাভানা জলবায়ুৰ অন্তৰ্গত ।
 

জ) নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা ।
উত্তৰঃ নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিষুৱৰ উত্তৰ আৰু দক্ষিণে ৩০° -ৰ পৰা ৪০° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মধ্যভাগত পোৱা যায় । 


ঝ) চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা যায় ? 
উত্তৰঃ চীনদেশীয় জলবায়ু নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু বুলি কোৱা যায় । 


ঞ) অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া । 
উত্তৰঃ অনিয়মিত বতাহৰ এটা উদাহৰণ হ'ল -পছোৱা বতাহ। 


ট) উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিয় বেছি ? 
উত্তৰঃ সকলো ঠাইতে বা সকলো সময়তে বায়ুত জলীয় বাষ্পৰ পৰিমাণ একে নাথাকে। বায়ুৰ জলীয়বাষ্প ধাৰণ ক্ষমতা বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। 


ঠ) বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ কিয় বেছি ? 
উত্তৰঃ বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবেই তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকোচিত হৈ পৰে, ফলত ঘনত্ব বাঢ়ে। ঘনত্ব বাঢ়িলে চাপ বেছি হয়।    



Apurba Kakati (Assam)