অধ্য়ায়ঃ ২
মানৱ ভূগোল
১) 'মানৱ ভূগোল'ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা ।
উত্তৰঃ ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান- কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে ।
ইয়াৰ প্ৰধান শাখাবোৰ হ'লঃ বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয় ভূগোল ইত্যাদি ।
২) মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা ।
৩) মানৱ জাতি বুলিলে কি বুজা চমুকৈ লিখা ।
উত্তৰঃ প্ৰায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশাণুক্ৰমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই তাকে মানৱ জাতি বোলে ।
৪) কি কি ভিত্তিত মানৱজাতিক বিভাজন কৰা হয় চমুকৈ লিখা ।
উত্তৰঃ পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগত ভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনেঃ চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ পাৰ্থক্য দেখা যায়। এনে পাৰ্থক্যৰ ওপৰত ভিত্তি কৰিয়েই বহলভাৱে সমগ্ৰ পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা মানৱ জাতিত ভাগ কৰা হয়ঃ ১) ককেছীয় ২) নিগ্ৰ'ইড ৩) মঙ্গোলীয় ।
৫) মানুহ আৰু মানৱজাতিৰ সৃষ্টি সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ মানুহ তথা মানৱজাতিৰ সৃষ্টি এতিয়াও কিছু পৰিমাণে ৰহস্যাবৃত। জীৱ বিজ্ঞানীৰ বিৰ্ৱতনৰ সূত্ৰ অনুসৰি প্লিষ্ট'চিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি এক অনুকূল প্ৰাকূতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্ৰাণীৰ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হ'ম চেপিয়েম নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল। জীৱ বিজ্ঞানী আৰু নৃতত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল ।
৬) চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক বিভক্ত কৰা ।
উত্তৰঃ চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক তিনিটা ভাগত বিভক্ত কৰা হৈছেঃ ১) ককেছীয় গোষ্ঠী ২) নিগ্ৰ'ইড গোষ্ঠী ৩) মঙ্গোলীয় গোষ্ঠী ।
৭) পৃথিৱীৰ প্ৰধান মানৱজাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ ক) ককেছীয় গোষ্ঠীঃ ইউৰোপীয় নৰ্ডিক, আলপাইন আৰু ভূমধ্যসাগৰীয় লোকসকলে, পশ্চিম-এছিয়াৰ চেমিটিক- হেমিটিকসকলে এই মানৱ গোষ্ঠীৰ অন্তৰ্গত। দেহৰ ছালৰ বৰণ ইউৰোপীয়সকলৰ মাজত অতি বগা আৰু ভাৰতীয় তথা দক্ষিণ-পশ্চিম এছিয়াৰ লোকৰ ক্ষেত্ৰত বাদামী ৰঙৰ। চুলিবোৰ সাধাৰণতে পোন বা কিছু পকোৱা আৰু ক'লা বা বাদামী ৰঙৰ।
খ) নিগ্ৰ'ইড গোষ্ঠীঃ নিগ্ৰ'ইড জাতিৰ লোকসকল প্ৰধানকৈ আফ্ৰিকা মহাদেশ, এছিয়া মহাদেশৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকা, ওচেনিয়া মহাদেশৰ কিছু ঠাইত বাস কৰে। এই লোকসকলে দেহৰ ছাল প্ৰধানকৈ ক'লা বা বাদামী বৰণৰ, চুলিবোৰ কেঁকোৰা আৰু নাকটো বহল আৰু চেপেটা। তেওঁলোকৰ বেছিভাগেই যথেষ্ট ওখ হয় ।
গ) মঙ্গোলীয় গোষ্ঠীঃ মঙ্গোলীয় জাতিৰ লোকসকল প্ৰধানকৈ মধ্য আৰু পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বাস কৰে। এই লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ হালধীয়া বৰণৰ, চকুবোৰ সৰু আৰু চুলিবোৰ পোন বা থিয় । অসমৰ বেছিভাগ জনবসতি যেনেঃ বড়ো, কাৰ্বি, মিচিং, গাৰো আদি মূলত মংগোলীয় গোষ্ঠীৰ লোক ।
৮) পৃথিৱীৰ কোন কোন অঞ্চলত প্ৰথমতে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয় ?
উত্তৰঃ পৃথিৱীৰ মানুহৰ সৃষ্টি কেতিয়া আৰু ক'ত প্ৰথমে হৈছিল সঠিকভাৱে কোৱাটো অতি কঠিন। কিন্তু আধুনিক পূৰাতত্ত্বৰ তথ্য অনুসৰি মানুহৰ আবিৰ্ভাব পূৰণি পৃথিৱী খণ্ডৰ ক্ৰান্তীয় আফ্ৰিকাৰ পূব অংশত কমেও এক লাখ বছৰ আগতে। সেই সময়ত মানুহৰ দৈহিক গঠন তিনিওটা প্ৰধান মানৱ জাতিৰ সংমিশ্ৰিত ৰূপহে আছিল বুলি ধাৰণা কৰা হয়। এছিয়া মহাদেশক এই ক্ষেত্ৰত বৰ্তমান গৌণ স্থান বুলি ধৰা হয় ।
৯) পৃথিৱীৰ প্ৰধান ধৰ্মবোৰ কি কি ? এই ধৰ্মসমূহৰ জনসংখ্যাকে ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ জনসংখ্যা হিচাবে খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ ধৰ্মক পৃথিৱীৰ প্ৰধান ধৰ্ম বুলিব পাৰি। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ লোকেই এই চাৰিটা ধৰ্মৰ অন্তৰ্গত বাকী থকা ২৫ শতাংশ লোক শিখ, জৈন, লোকধৰ্ম, বৈঞ্চৱ আদি ধৰ্মৰ বিশ্বাসী ।
আজিৰ পৰা দুহেজাৰ বছৰ পূৰ্বে ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আৱিভাৱ হৈছিল। ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বত ২১৩ কোটি খ্ৰীষ্টান ধৰ্ম্বাৱলম্বী লোকে বসবাস কৰে ।
আজিৰ পৰা ২৫০০ বছৰ পূৰ্বে উত্তৰ ভাৰতৰ বৌদ্ধ গয়া অঞ্চলত বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ বৌদ্ধধৰ্মী। ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ পৃথিৱীত ৩৮ কোটি বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে।
১০) ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধৰ গাঁথনি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ- পৃথিৱীৰ প্ৰধান ধৰ্মসমূহৰ জন্মভূমি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহতে সেই ধৰ্মাৱলম্বী লোকৰ ঘনত্ব যথেষ্ট বেছি কিন্তু জনপ্ৰব্ৰজনৰ বাবে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বিভিন্ন ধৰ্মাৱলম্বী লোক পোৱা যায়। এই ক্ষেত্ৰত অৱশ্য খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰ সৰ্বাধিক। কাৰণ জনজাতীয়লোক সকলকে ধৰি সমগ্ৰ পৃথিৱীতে বিভিন্ন ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ঘটি থকা ধৰ্মান্তৰণ অতি বেছি। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ পশ্চিমৰ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পৰা ইউৰোপ, এছিয়া কিছু অংশ, আফ্ৰিকাৰ দক্ষিণ অংশ আৰু ওচেনিয়ালৈ বিস্তৃত।
ভৰতবৰ্ষ এখন যদিও হিন্দু প্ৰধান ৰাষ্ট্ৰ, তথাপি ইয়াত অন্য বিভিন্ন ধৰ্মৰ লোকেও বাস কৰে। অসমখনো বহু ধৰ্মাৱলম্বী লোকৰ বাসভূমি । ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৬৪.৯ শতাংশ হিন্দু , ৩০.৯ শতাংশ ইছলাম, ৩.৭ শতাংশ খ্ৰীষ্টান, ০.২ শতাংশ বৌদ্ধ, ০.১ শতাংশ শিখ আৰু ০.১ শতাংশ জৈন ধৰ্মাৱলম্বী।
১১) চমুটোকা লিখাঃ
ক) মানুহ আৰু মানৱ ভূগোলঃ জীৱ বিজ্ঞানীৰ বিৱৰ্তনৰ সূত্ৰ অনুসৰি প্লিষ্ট'চিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি এক অনুকূল প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাজ্ঞী, গৰিলা আদি স্তন্যপায়ী প্ৰাণীৰ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হ'ম' চেপিয়েন নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল ।
আনহাতেদি ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশ বিষয়ে স্থান- কাল সাপেক্ষে অধ্যয়ণ কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে ।
খ) মানৱ জাতিঃ জীৱবিজ্ঞানী নৃতত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱী অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল । পিছলৈ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু জৈৱ বিৱৰ্তন বাবে পৃথিৱীৰ ভিন ভিন ঠাইত মানুহৰ গাৰ বৰণ, চুলিৰ গঠন আৰু অনান্য দৈহিক বৈশিষ্ট্যবোৰৰ যথেষ্ট পাথৰ্ক্য পৰিলক্ষিত হৈছিল। পৃথিৱীৰ প্ৰধান মানৱ জাতিক তিনিটা ভাগত ভগাব পাৰিঃ ১) ককেছীয় ২) নিগ্ৰ'ইড ৩) মঙ্গোলীয় ।
গ) নিগ্ৰ'ইড গোষ্ঠীঃ নিগ্ৰ'ইড জাতিৰ লোকসকল প্ৰধানকৈ আফ্ৰিকা মহাদেশ, এছিয়া মহাদেশ দক্ষিণ ভাৰত আৰু শ্ৰীলংকা, দক্ষিণ-পূব এছিয়াৰ কিছু ঠাইত বাস কৰে । এই লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ ক'লা বা বাদামী বৰণৰ, চুলিবোৰ কেঁকোৰা আৰু নাকটো বহল আৰু চেপেটা । তেওঁলোকৰ বেছিভাগেই যথেষ্ট ওখ হয় ।
ঘ) ধৰ্মীয় গাঁথনিঃ পৃথিৱীৰ বেছিভাগ মানুহেই একো-একোটা বিশ্বাসৰ বশৱৰ্তী হৈ পৰিচালিত হয়, জীৱন-নিৰ্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ বা গোটৰ মানুহে যিবোৰ ধৰা-বন্ধা নিয়মাৱলী আৰু নীতিৰ মাজেৰে পৰিচালিত হয় তাকে সাধাৰণ অৰ্থত ধৰ্ম বোলা হয়। পৃথিৱীত বহু ধৰ্মাৱলম্বী লোকে বাস কৰে । ইয়াৰ ভিতৰত হিন্দু, ইছলাম, খ্ৰীষ্টান আদি উল্লেখযোগ্য ।
ঙ) বৌদ্ধ ধৰ্মঃ আজিৰ পৰা ২৫০০ বছৰ পূৰ্বে উত্তৰ ভাৰতৰ বৌদ্ধ গয়া অঞ্চলত গৌতম বুদ্ধৰ নেতৃত্ত্বত হিন্দু ধৰ্মৰ কিছু সংস্কাৰ সাধন কৰি বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল। অন্য ধৰ্মৰ দৰে বৌদ্ধ ধৰ্মৰো প্ৰধানকৈ দুটা ভাগ আছে一 হিনায়ন আৰু মহায়ন । পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ বৌদ্ধধৰ্মী ।
চ) ভাৰতবৰ্ষত খ্ৰীষ্টান ধৰ্মীয় লোকঃ আজিৰ পৰা দুহেজাৰ বছৰ পূৰ্বে ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আৱিৰ্ভাৱ হৈছিল । এই ধৰ্মৰ প্ৰধানকৈ দুটা ভাগ আছে 一 ৰোমান কেথ'লিক আৰু প্ৰোটেষ্টান্ট ভাৰতবৰ্ষ খ্ৰীষ্টান ধৰ্মী সংখ্যা ২.৩ শতাংশ ।
১২) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
ক) পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল ?
(১) ৫-৬ লাখ বছৰ পূৰ্বে
(২) ১-২ লাখ বছৰ পূৰ্বে
(৩) ৫০-৬০ লাখ বছৰ পূৰ্বে
(৪) ১০-১২ লাখ বছৰ পূৰ্বে
উত্তৰঃ ১-২ লাখ বছৰ পূৰ্বে ।
খ) জনসংখ্যা হিচাবে পৃথিৱীৰ বৃহত্তম ধৰ্মীয় গোষ্ঠীটো কি ?
(১) ইছলাম ধৰ্ম (২) হিন্দু ধৰ্ম
(৩) খ্ৰীষ্টান ধৰ্ম (৪) চীনদেশী লোক ধৰ্ম
উত্তৰঃ খ্ৰীষ্টান ধৰ্ম ।
গ) মানুহৰ সৃষ্টি প্ৰথমে কোন মহাদেশত হৈছিল ?
(১) এছিয়া মহাদেশ (২) আফ্ৰিকা মহাদেশ
(৩) ইউৰোপ মহাদেশ (৪) ওচেনিয়া মহাদেশ
উত্তৰঃ আফ্ৰিকা মহাদেশ ।
ঘ) চীনদেশৰ লোকসকল কোন মানৱগোষ্ঠীৰ অন্তৰ্গত ?
(১) ককেছীয় গোষ্ঠী
(২) নিগ্ৰ'ইউ গোষ্ঠী
(৩) মঙ্গোলীয় গোষ্ঠী
(৪) অষ্ট্ৰেল'ইড গোষ্ঠী
উত্তৰঃ মঙ্গোলীয় গোষ্ঠী ।
Apurba Kakati (Assam)
Check By: Himashree Bora.