Lesson 5

  গিবন  


 অতি চমু প্ৰশ্ন (মূল্যাংক-১) 

১। এডৱাৰ্ড গিবন কোন আছিল?

উত্তৰঃ এডৱাৰ্ড গিবন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক আছিল৷


২। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা ৷

উত্তৰঃ এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম অক্সফোৰ্ডৰ মেগডালেন কলেজ ৷


৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা ৷

উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম -"The History of the Decline and Fall of the Roman Empire" 


৪। শ্বপেনহাৱাৰ কোন?

উত্তৰঃ শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক৷


৫। 'আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন?

উত্তৰঃ 'আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক লৰেঞ্চ ডাৰেল ৷


 চমু প্ৰশ্ন (মূল্যাংক ২/৩) 

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা ৷

উত্তৰঃ জন মিল্টন ১৬০৮-১৬৭৪ শতিকাৰ কবি আছিল ৷ তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম 'পেৰাডাইজ লষ্ট’৷


২। দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম- ' The Social Contract' আৰু ' Confession' 


৩। গিবনৰ সম্পূৰ্ণ নামটো কি?তেওঁ কোন শতিকাৰ লেখক?

উত্তৰঃ গিবনৰ সম্পূৰ্ণ নামটো এডৱাৰ্ড গিবন ৷ তেওঁ ১৭৩৭-১৭৯৪ শতিকাৰ লেখক ৷


৪। 'Age of Reason' নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ 'Age of Reason' নামৰ গ্ৰন্থখন টমাছ পেইনে অষ্টাদশ শতিকাত ৰচনা কৰিছিল ৷


৫। যৌৱনকালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?

উত্তৰঃ যৌৱনকালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল ৷



  দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)  

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া ৷

উত্তৰঃ এডৱাৰ্ড গিবনৰ জন্ম হয় ১৭৩৭ চনত,ইংলেণ্ডত৷ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰা পৰিলক্ষিত হয়৷তেওঁৰ অমৰ কীৰ্তি হ’ল- "The History of the Decline and Fall of the Roman Empire" ৷ শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবেও তেও বিখ্যাত ৷ ১৭৯৪ চনত গিবনৰ মৃত্যু হয়৷


২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা ৷

উত্তৰঃ গিবনৰ বিখ্যাত ৰচনা "The History of the Decline and Fall of the Roman Empire" ত ৰোমান সাম্ৰাজ্যৰ ইতিহাস বৰ্ণনা কৰা হৈছে ৷ সাতটা খণ্ডত সমাপ্ত এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টনিনেছৰ ৰাজত্ব কালৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌদ্ধটা শতাব্দী সামৰি লৈছে ৷ গিবনৰ যাদুকৰী লিখনিৰ স্পৰ্শত অসংখ্য চৰিত্ৰ আৰু অজস্ৰ যুগান্তকাৰী ঘটনা জীৱন্ত হৈ উঠিছে ৷ ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়’ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান,ইউৰোপত জাতীয় ৰাষ্ট্ৰগঠনৰ আৰম্ভণি আদি পৃথিৱী তোলপাৰ লগোৱা অজস্ৰ ঘটনা - প্ৰবাহৰ ব্যাখ্যাই গিবনৰ গ্ৰন্থখনিত প্ৰাণ পাই উঠিছে ৷ এই গ্ৰন্থখন অভ্ৰভেদী গ্ৰীক মন্দিৰৰ দৰে ৷


৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল বুজাই লিখা ৷

উত্তৰঃ পোন্ধৰ বছৰ বয়সত গিবনঅক্সফোৰ্ডৰ মেগডালেন কলেজত ভৰ্তি হয়৷ক’বলৈ গ’লে ছাত্ৰ অৱস্থাত অতি সাধাৰণ ল’ৰা আছিল ৷ জগদ্বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অৱস্থা তেতিয়া তেনেই শোচনীয় ৷ পঢ়া-শুনা বিশেষ নহয় বুলিয়েই ক’ব পাৰি৷অধ্যাপক সকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল ৷ অক্সফোৰ্ডত পঢ়ি থাকোঁতেই তেওঁ প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমতত দীক্ষিত হ’বলৈ মন মেলিলে ৷ তেওঁৰ মতি গতি দেখি তেওঁৰ অভিভাৱক সকল আতংকিত হৈ তেওঁক কলেজৰপৰা নাম কটাই এৰুৱাই আনিলে আৰু জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিলে ৷ সেইসময়ত লুছান ফৰাছী প্ৰভাৱাধীন আছিল ৷ সমগ্ৰ ইউৰোপীয় মানসত তেতিয়া টমাছ পেইনৰ The Age of Reason - ৰ ভাৱ-তৰংগৰদ্বাৰা উদ্বেলিত৷গিবনকো এই প্ৰভাৱে গ্ৰাস কৰিলে,যাৰ ফলত তেওঁ কেথলিক হ’ব খোজা মানুহজন সংশয়বাদীত পৰিণত হ’ল৷ফলস্বৰূপে তেওঁ "The History of the Decline and Fall of the Roman Empire" গ্ৰন্থ লিখি উলিয়ালে৷


৪। চমু টোকা লিখা । 

ক) শ্বপেনহাৱাৰ, খ)ভলতেয়াৰ

উত্তৰঃ

ক) শ্বপেনহাৱাৰ- এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক (১৭৮৮-১৮৬০) ৷ তেওঁ নান্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনি সমূহ ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল ৷ "The World as Will and Representation" তেওঁৰ বিখ্যাত ৰচনা ৷


খ) ভলতেয়াৰঃ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ বিখ্যাত লেখক-দাৰ্শনিক ৷ তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ ৷ সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ ৷ 'কান্দিদ’ তেওঁৰ দ্বাৰা ব্যংগাত্মক উপন্যাস ৷ তেওঁ ফৰাছী বিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী ৷


৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ "যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে৷"  

উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তগৰ্ত হোমেন বৰগোহাঞিৰ ৰচিত 'গিবন' পাঠটোৰ পৰা তুলি দিয়া হৈছে ৷

    এগৰাকী লেখকে তেওঁৰ সাধনাত মহৎ গ্ৰন্থ এখন লিখি উলিওৱাৰ পিছত বুকুত যি শূন্যতা অনুভৱ কৰে তাকে উক্ত গদ্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷

      গিবনৰ জীৱনৰ সোতৰটা বছৰৰ,জীৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰবোৰৰ একমাত্ৰ ধ্যান-জ্ঞান আছিল "The History of the Decline and Fall of the Roman Empire" ৷ ১৭৮৭ চনৰ ২৭ জুনৰ দিনা গিবনে তেওঁৰ ফুলনিত বহি ৰাতি ১১/১২ মান বজাত যেতিয়া গ্ৰন্থখনৰ শেষ পৃষ্ঠা লিখি উলিয়ালে এক বিপুল আনন্দই গিবনৰ মন ভৰাই তুলিলে," স্বাধীনতা ঘূৰাই পোৱাৰ আনন্দ...লগতে যশস্যাৰ ভেটি প্ৰতিষ্ঠা কৰাৰ আনন্দ ৷ কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনলৈ বিষাদৰ ছাঁ নামি আহিল ৷ অতীতৰ বুকুৱেদি যি দীঘল বাট অতিক্ৰম কৰিলে আৰু ভৱিষ্যতৰ বুকুলৈ তেওঁৰ গ্ৰন্থখনে যি দীঘলীয়া ভ্ৰমণ অতিক্ৰম কৰিব,তাৰ মাজৰ সময়ছোৱা তেওঁৰ অৰ্থশূন্য, ক্ষণস্থায়ী যেন অনুভৱ হৈছিল ৷ গ্ৰন্থখন তেওঁৰ প্ৰিয় লগৰী আছিল, চিৰকাললৈ প্ৰিয় সংগীক বিদায় দিয়াৰ শোকে গিবনক খুলি খুলি খাইছিল ৷ সেয়েহে কোৱা হৈছে, "যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে ৷"


অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ ঃ

১/হোমেন বৰগোহাঞিৰ জন্ম কিমান চনত হৈছিল?

উত্তৰ: হোমেন বৰগোহাঞিৰ জন্ম ১৯৩২ চনত হৈছিল৷


২/হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম লিখা৷

উত্তৰ: হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম- 'সুবালা’, 'পিতাপুত্ৰ', 'হালধীয়া চৰায়ে বাওধান খায়', 'তিমিৰ তীৰ্থ', 'অস্তৰাগ'৷


৩/হোমেন বৰগোহাঞিয়ে লিখা  চুটিগল্পৰপুথিৰ নাম উল্লেখ কৰা৷

উত্তৰ: 'বিভিন্ন কোৰাচ’, 'বিভিন্ন নৰক’ হোমেন বৰগোহাঞিয়ে লিখা চুটিগল্পৰ পুথি৷


৪/বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ কি কি?

উত্তৰ: বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ হ’ল - 'আত্মানুসন্ধান’, ' ধুমুহা আৰু ৰামধেনু’ ৷


৫/ হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা৷

উত্তৰ: হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম- 'সাপ্তাহিক নীলাচল’, 'নাগৰিক’, 'অসমবাণী’, 'নিয়মীয়া বাৰ্তা’ ৷


৬/কি গ্ৰন্থৰ বাবে বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ: 'পিতাপুত্ৰ' গ্ৰন্থৰ বাবে ১৯৭৮ চনত বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল৷


৭/হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ কোন বৰ্ষৰ সভাপতিৰ আাসন অলংকৃত কৰিছিল?

উত্তৰ: হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ ২০০১-২০০২ বৰ্ষৰ সভাপতিৰ আাসন অলংকৃত কৰিছিল৷


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Colours by: Jyotish Kakati (11-05-2022)


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------