Lesson- 7
অসমীয়া চলচ্চিত্রৰ গতিধাৰা
(ক) অতি চমু প্ৰশ্ন :
১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস হ’ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘জয়মতী কুঁৱৰী’ নামৰ নাটকখন।
২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল।
৩। 'চিত্ৰবন' ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?
উত্তৰঃ'চিত্ৰবন' ষ্টুডিঅ’ জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰিছিল।
৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল ‘নিমিলা অংক’ (১৯৫৫)।
৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
উত্তৰঃ লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ'ল 'এৰা বাটৰ সুৰ'।
(খ) চমু প্ৰশ্ন ঃ
১। জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম হ'ল 'জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’।
২। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা-এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।
উত্তৰঃ এৰা বাটৰ সুৰৰ পৰিচালক হ'ল-ভূপেন হাজৰিকা।
ডাঃ বেজবৰুৱাৰ পৰিচালক হ'ল-ব্ৰজেন বৰুৱা।
গঙা চিলনীৰ পাখিৰ পৰিচালক হ'ল-পদুম বৰুৱা।
৩। ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।
উত্তৰঃ ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম হ'ল 'সন্ধ্যাৰাগ', 'সাৰথি' আৰু 'ইতিহাস'।
৪। জয়মতী, চিৰাজ, সতী বেউলা — এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা।
উত্তৰঃ 'জয়মতী' কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ'ল 'জ্যোতিপ্ৰসাদ আগৰৱালা'।
'চিৰাজ' কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ'ল 'বিষ্ণুপ্ৰসাদ ৰাভা'।
'সতী বেউলা' কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ'ল 'ভূপেন হাজৰিকা'।
৫। অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে ?
উত্তৰঃ হাজাৰ হাজাৰ লোকৰ কর্ম সংস্থাপনৰ উপৰিও শিল্প সংস্কৃতিৰ বিকাশত কথাছবি বা চলচ্চিত্ৰ উদ্যোগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত 'জয়মতী' কথাছবি নির্মাণৰ দ্বাৰা অসমীয়া কথাছবিৰ শুভাৰম্ভ কৰে।
অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত। পৰৱর্তী কালত চৰকাৰে অসমীয়া চলচ্চিত্র শিল্পক সহায় কৰিবলৈ প্ৰযোজকক আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত চৰকাৰে জ্যোতিচিত্রবন ছোছাইটি নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নির্মাণ কৰি অসমৰ চিত্র নির্মাতাসকলক ছবি নির্মাণৰ প্রযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে স্থাপন কৰা হৈছে‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামৰ চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ বিদ্যালয় এখন। ছবি প্রযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে 'অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’। চৰকাৰে চলচ্চিত্র সংগ্রহালয় আৰু আর্কাইভও স্থাপন কৰিছে।
(গ) ওপৰঞ্চি প্ৰশ্ন :
১। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ “জয়মতী’ বোলছবিখন কিমান চনত নির্মাণ কৰিছিল ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ “জয়মতী’ বোলছবিখন ১৯৩৫ চনত নির্মাণ কৰিছিল ।
২। উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ 'চলচ্চিত্ৰ' আৰু 'টুৱেন্টি ফ'ৰ ফ্ৰেমছ'।
৩।তেওঁ পৰিচালনা কৰা তিনিখন তথ্যচিত্ৰৰ নাম লিখা।
উত্তৰঃ 'By-Lane 2','Through Trust and Fear' আৰু 'বৰগীত - এটি ধ্ৰুপদী ৰত্ন'।
৪। জ্যোতিপ্ৰসাদ আগৰৱালাই 'জয়মতী'ৰ প্ৰথম দর্শনীৰ আয়োজন কেতিয়া আৰু ক'ত কৰিছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই 'জয়মতী'ৰ প্ৰথম দর্শনীৰ আয়োজন ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে কলকাতাৰ 'ৰাউনাক' প্ৰেক্ষাগৃহত কৰিছিল।
৫। 'ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰা হৈছিল?
উত্তৰঃ ইন্দ্ৰমালতী’ কথাছবিখন ১৯৩৯ চনত নির্মাণ কৰা হৈছিল।
৬। লতা মংগেছকাৰে গোৱা প্রথম অসমীয়া গীতটি কোনখন কথাছবিৰ?
উত্তৰঃ লতা মংগেছকাৰে গোৱা প্রথম অসমীয়া গীতটি 'এৰাবাটৰ সুৰ' কথাছবিৰ।
৭। ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্যৰসৰ ছবিখনৰ নাম কি?
উত্তৰঃ ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্যৰসৰ ছবিখনৰ নাম হ'ল 'ইটো সিটো বহুতো'।
৮। আনোৱাৰ হুছেইনে নিৰ্মাণ কৰা ছবিখনৰ নাম কি?
উত্তৰঃ আনোৱাৰ হুছেইনে নিৰ্মাণ কৰা ছবিখনৰ নাম হ'ল 'তেজীমলা'।
৯। ভূপেন হাজৰিকাই খাচি ভাষালৈ ডাব কৰা ছবিখনৰ নাম কি?
উত্তৰঃ ভূপেন হাজৰিকাই খাচি ভাষালৈ ডাব কৰা ছবিখনৰ নাম হ'ল 'প্ৰতিধ্বনি'।
১০। ব্ৰজেন বৰুৱাই পৰিচালনা কৰা তিনিখন ছবিৰ নাম লিখা।
উত্তৰঃ 'মুকুতা','ললিতা' আৰু 'ওপজা সোণৰ মাটি'।
১১। জাহ্নু বৰুৱাই পৰিচালনা কৰা প্রথম ছবিখনৰ নাম কি?
উত্তৰঃ জাহ্নু বৰুৱাই পৰিচালনা কৰা প্রথম ছবিখনৰ নাম হ'ল 'অপৰূপা'।
১২। বাস্তৱধর্মী ছবিৰে সন্মান কঢ়িয়াই অনা কেইজনমান পৰিচালকৰ নাম লিখা।
উত্তৰঃ বাস্তৱধর্মী ছবিৰে সন্মান কঢ়িয়াই অনা কেইজনমান পৰিচালকৰ নাম হ’ল – সান্ত্বনা বৰদলৈ, অতুল বৰদলৈ, সঞ্জীৱ হাজৰিকা, বিদ্যুত চক্রৱর্তী, মঞ্জু বৰা, গৌতম বৰা আদি।
১৩। নাটকীয় উপাদানেৰে ভৰা কেইখনমান ছবিৰ নাম লিখা।
উত্তৰঃ নাটকীয় উপাদানেৰে ভৰা কেইখনমান ছবিৰ নাম হ’ল- মুকুতা, যোগ বিয়োগ, উপগ্রহ, ভাইটি, চামেলি মেমচাব, আজলী নবৌ আদি।
১৪। অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা ছবিখনৰ নাম কি?
উত্তৰঃ অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা ছবিখনৰ নাম হল- 'যৌৱনে আমনি কৰে'(১৯৯৮)।
১৫। মুনীন বৰুৱাই নির্মাণ কৰা ছবিখনৰ নাম কি?
উত্তৰঃ মুনীন বৰুৱাই নির্মাণ কৰা ছবিখনৰ নাম হ'ল -‘হিয়া দিয়া নিয়া’।
১৬। হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নির্মাণ কৰা প্ৰথম অসমীয়া ছবি কোনখন?
উত্তৰঃ ২০১০চনত সঞ্জীৱ সভাপণ্ডিতে পৰিচালনা কৰা ‘জাংফাই জোনাক’ নামৰ ছবিখনেই হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি ।
১৭। 'ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেৰিট’ লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন ?
উত্তৰঃ ১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত 'পিয়লি ফুকন' ছবিয়ে 'ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেৰিট' লাভ কৰা প্ৰথম অসমীয়া ছবি।
১৮। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰষ্কাৰ কোনে লাভ কৰে?
উত্তৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে লাভ কৰে।
১৯। ড˚ ভৱেন্দ্ৰ নাথ শইকীয়াই কোন ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল ?
উত্তৰঃ ড˚ ভৱেন্দ্ৰ নাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল।
২০। শ্রেষ্ঠ পৰিচালকৰ বঁটা কোনে লাভ কৰিছিল?
উত্তৰঃ জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।
২১। ‘সতী বেউলা’ ছবিখনৰ কোনে সংগীত পৰিচালনা কৰিছিল ?
উত্তৰঃ ‘সতী বেউলা’ ছবিখনৰ ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল।
২২। কেইগৰাকীমান উল্লেখযোগ্য সংগীত পৰিচালকৰ নাম লিখা।
উত্তৰঃ জিতু-তপন, উপেন কাকতি, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ ইত্যাদি।
(গ)দীঘল প্ৰশ্ন ঃ
১। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ নাট্যকাৰ, সঙ্গীতজ্ঞ, কবি, বোলছবিৰ সঞ্চালক আৰু বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। কাৰণ তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাতেই ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে প্ৰথম অসমীয়া ছবি 'জয়মতী'য়ে মুক্তি লাভ কৰে। ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ ষ্টুডিঅ’ স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকখনৰ কথাছবিৰ ৰূপ দিয়া কাম আৰম্ভ কৰে। ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়। কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই ছবিখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ তত্ত্বাৱধান কৰে।
দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ‘ইন্দ্ৰমালতী’ও জ্যোতিপ্ৰসাদৰে দান। ঘাইকৈ জয়মতী চলচ্চিত্ৰত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল। ছবিখনে মুক্তি পায় ১৯৩৯ চনত। স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। ১৯৪৮ চনত ফণী শৰ্মাৰ লগত যুটীয়াভাৱে লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ গল্পৰ আধাৰত একে নামেৰে কথাছবি নির্মাণ কৰে। এনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথাছবি নির্মাণ কৰি অসমীয়া চলচ্চিত্র জগতৰ আৰম্ভণি কৰে। অসমীয়া কথাছবিৰ জগতলৈ তেওঁ যি অৱদান আগবঢ়াই থৈ গ’ল সেইয়া সদায় চিৰস্মৰণীয় হৈ ৰ'ৱ।
২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ড॰ ভূপেন হাজৰিকা আছিল অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই কথাছবি জগতত প্রৱেশ কৰে। ১৯৫৬ চনত মুক্তিলাভ কৰা ভূপেন হাজৰিকাৰ 'এৰা বাটৰ সুৰ' ছবিখন আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। এই ছবিখনত তেওঁ ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা লতা মংগেছকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল।ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ সংগীত পৰিচালনাৰ বাবে লাভ কৰে। ১৯৬৫ চনত এটি খাচি লোককথাৰ ভেটিত নির্মাণ কৰিছিল 'প্ৰতিধ্বনি' নামৰ ছবিখন।এই ছবিখন তেওঁ খাচি ভাষালৈ 'ডাব' কৰি বাণিজ্যিক ভাৱে মুক্তি দিছিল। হিন্দী ছবি 'তকদীৰ' তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পিছত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকচনৰ লগত যৌথ প্ৰযোজনাত নির্মাণ কৰিছিল 'চিকমিক বিজুলী'। ১৯৭৬ চনত ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ পৰা শ্রেষ্ঠ সংগীত পৰিচালকৰ স্বীকৃতি লাভ কৰে। ‘সতী বেউলা’ ছবিখনৰ তেওঁ সংগীত পৰিচালনা কৰে।
এনেদৰেই অসমীয়া চলচ্চিত্ৰ জগতলৈ তেখেতে অমূল্য অৱদান আগবঢ়াই যায়।
৩। ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভৱেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।
১৯৭৭ চনত মুক্তি লাভ কৰা তেওঁৰ 'সন্ধ্যাৰাগ' ছবিখনে লাভ কৰা ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন তেজৰ সঞ্চাৰ কৰে। তেওঁ একাদিক্ৰমে 'অনির্বাণ', 'অগ্নিস্নান', 'কোলাহল', 'সাৰথি', 'আবর্তন', 'ইতিহাস' আদি অসমীয়া ছবি নির্মাণ কৰে। হিন্দীভাষাত তেওঁ ‘কালসন্ধ্যা’ পৰিচালনা কৰে।
আন এগৰাকী বিখ্যাত অসমীয়া চলচ্চিত্ৰ পৰিচালক হৈছে জাহ্নু বৰুৱা।তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেইবাখনো বোলছবি পৰিচালনা কৰিছে। 'অপৰূপা'ৰে(১৯৮২) তেওঁ পৰিচালনা যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নির্মাণ কৰে। তাৰে কেইখনমান হ'ল -'পাপৰি'(১৯৮৬),'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭),'বনানি'(১৯৯০), 'ফিৰিঙতি' (১৯৯২), 'কুশল' ইত্যাদি। তেওঁৰ ছবিয়ে দেশৰ ভিতৰে বাহিৰে বহুতো সন্মান লাভ কৰিছে। তেওঁৰ 'সাগৰলৈ বহু দূৰ' ছবিখনৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে।
গতিকে দেখা যায় যে ভৱেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ এক অভূতপূর্ব বৰঙণি আগবঢ়াই আহিছে।
৪। অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ ১৯৬৯ চনত ব্ৰজেন বৰুৱাই পৰিচালনা কৰা 'ডাঃ বেজবৰুৱা' ছবিৰ দ্বাৰা অসমীয়া বিনোদনধর্মী চিনেমাৰ ধাৰাটোৰ আৰম্ভ হয়। এই ছবিবোৰৰ প্ৰায়ভাগৰে কাহিনী আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা। 'মুকুতা’, ‘যোগ বিয়োগ', 'উপগ্ৰহ', 'ভাইটি', ‘চামেলি মেম চাহাব’, ‘আজলী নবৌ’ আদি এই ধাৰাৰ ছবি। এই ছবিবোৰ চলচ্চিত্ৰ-ভাষাৰ দিশৰ পৰা বৰ ওখ খাপৰ নাছিল যদিও ছবিবোৰে দর্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান প্ৰদর্শন কৰি নিটোল গ্ৰহণযোগ্য কাহিনী একোটাৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখিছিল।
৫। অসমীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰই ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্ৰেক্ষাপটত বহুতো স্বীকৃতি লাভ কৰিছে। ১৯৫৫ চনত ফণী শৰ্মাৰ পৰিচালিত ‘পিয়লি ফুকন’ ছবিয়ে 'ৰাষ্ট্রপতিৰ চার্টিফিকেট অব মেৰিট' লাভ কৰিছিল আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্রথমটো পুৰস্কাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ড° ভূপেন হাজৰিকাই 'চামেলি মেমচাব' ছবিৰ সংগীত পৰিচালনাৰ বাবে।ড° ভৱেন্দ্ৰনাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্র নাট্যৰ বঁটা লাভ কৰে। জাহ্নু বৰুৱাই 'সাগৰলৈ বহু দূৰ' ছবিৰ বাবে লাভ কৰে শ্রেষ্ঠ পৰিচালকৰ বঁটা। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা অসমীয়া ছবিকেইখন মান হ'ল 'ৰাগ বিৰাগ' (বিদ্যুত চক্ৰৱৰ্তী),'হলধৰ'(সঞ্জীৱ হাজৰিকা), 'ৱশ্ব'বিপু'(গৌতম বৰা),'হালধীয়া চৰায়ে বাও ধান খায়' (জাহ্নু বৰুৱা), 'বনানী' (জাহ্নু বৰুৱা), 'বৈভৱ' (মঞ্জু বৰা), 'তৰা' (জাহ্নু বৰুৱা), 'জুয়ে পোৰা সোণ' (সঞ্জীৱ সভাপণ্ডিত), 'আই ক’ত নাই'(মঞ্জু বৰা)। বিভিন্ন শিতানত বঁটালাভ কৰা ব্যক্তি কেইগৰাকীমান হ'ল শ্বেৰ চৌধুৰী (সংগীত পৰিচালনা), মলয়া গোস্বামী (অভিনয়), এ শ্ৰীকৰ প্ৰসাদ (সম্পাদনা), মৃণালকান্তি দাস (চিত্ৰ গ্ৰহণ), অভিনয়ৰ বাবে 'জুৰিৰ বিশেষ উল্লেখ' বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়াই। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্র সমালোচনা আৰু চলচ্চিত্র বিষয়ক গ্রন্থৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিছে। ইয়াৰ উপৰিও বহুতো কথাছবিয়ে বিদেশতো সমাদৰ লাভ কৰিছে। ই কথাছবি জগতৰ বাবে এক ধনাত্মক প্ৰতিফলন।
Barsha Gohain
MA in Assamese
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)