জীৱৰ বিচিত্ৰতা



অনুশীলনী

1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?

উত্তৰঃ- বৰ্গীকৰণৰ সুবিধাসমূহ তলত আলোচনা কৰা হ’ল 一

(১) জীৱ-জগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে।

(২) জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য আমি জানিব পাৰো।

(৩) জীৱ এটাৰ বিতংকৈ অধ্যয়ন কৰিবলৈ হ'লে বৰ্গীকৰণৰ দৰকাৰ হয়।

(৪) জীৱৰ বৰ্গীকৰণে আমাক জীৱৰ ক্ৰমবিকাশৰ জ্ঞান দিয়ে।

(৫) জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কবোৰ জানিবলৈ বৰ্গীকৰণৰ দৰকাৰ হয়।

(৬) জীৱৰ বৰ্গীকৰণৰ সহায়ত আমি কোনো এটা জীৱ এককোষী নে বহুকোষী, স্ব-পোষী নে পৰপোষী জানিব পাৰো।

2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্য়ক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?

উত্তৰঃ- জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্য়ক বিবেচনা কৰি শ্ৰেণীবিভাজন কৰিবলৈ হ'লে আমি প্ৰথমে চাব লাগিব জীৱটো সংকোষকেন্দ্ৰীয় নে প্ৰকোষকেন্দ্ৰীয়। মানে ইয়াত কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষটোত কোষকেন্দ্ৰ আছে নে নাই চাব লাগিব। পিছত জীৱকেইটা পৰপোষী নে স্ব-পোষী এইটো বৈশিষ্ট্য চাব লাগিব। অৰ্থাৎ, জীৱটোৱে সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে।

3. জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা।

উত্তৰঃজীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ’ল 一

(১) পঞ্চৰাজ্য বিভাজনৰ মৌলিক বৈশিষ্ট্য় হ’ল যে জীৱ প্ৰকোষকেন্দ্ৰীয় নে সংকোষকেন্দ্ৰীয়। জীৱৰ দেহত আৱৰণী বিশিষ্ট কোষ অংগাণু আছে নে নাই।

(২) কোষবোৰ গাইগুটিয়াকৈ থাকেনে সমষ্টি হিচাপে থাকে। বহুকোষী জীৱৰ দেহত কোষবোৰে শ্ৰম বিভাজন নীতিটো মানি চলে। ইয়াত সকলোবোৰ কোষ দেখাত ইটোৰ লগত সিটো একে নহয়। গতিকে জীৱবোৰ এককোষী নে বহুকোষী তাৰ ওপৰত ভিত্তি কৰি শ্ৰণীবিভাজন কৰে।

(৩) জীৱবোৰ স্ব-পোষী নে পৰপোষী চোৱা হয়। অৰ্থাৎ, জীৱই সালোক সংশ্লেষণ কৰিব পৰা বা নোৱাৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয়।

(৪) প্ৰাণীবিলাকৰ ক্ষেত্ৰত সিহঁতৰ দেহৰ অংগৰ গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়।

4. উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে? 

উত্তৰঃ- উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ তলত দেখুওৱা হ’ল 一

উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত,

(১) প্ৰথম পৰ্যায়ত, উদ্ভিদৰ দেহটো কিছুমান উপাংশত খণ্ড-বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি তাক বিবেচনা কৰা হয়।

(২) দ্বিতীয় পৰ্যায়ত, সিহঁতৰ দেহত পানী আৰু অন্যান্য় দ্ৰব্যৰ পৰিবহণৰ বাবে বিশেষ কলা থাকেনে তাক বিবেচনা কৰা হয়।

(৩) পিছৰ পৰ্যায়ত বীজ ধাৰণ কৰা বা নকৰাক লৈ বিবেচনা কৰা হয়। তদুপৰি বীজ ফলেৰে আবৃত হয় নে নহয় তাকো বিবেচনা কৰা হয়। 

5. উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি?

উত্তৰঃ- উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ সময়ত ইয়াৰ বিভিন্ন ধৰণৰ বাহ্যিক চৰিত্ৰৰ লক্ষ্য ৰাখি কৰা হয়। যেনেー উদ্ভিদ দেহ পৃথক অংশত ভাগ কৰিব পাৰি নে নোৱাৰি, সংবহন কলা থাকে নে নাথাকে, বীজ ধাৰণ কৰে নে নকৰে, লগতে বীজ আৱৰণ থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয়।   

            আনহাতে, প্ৰাণী শ্ৰেণী বিভাজনৰ সময়ত প্ৰাণীসমূহৰ বিস্তৃতি আৰু দেহ গঠনৰ ভিন্নতা ওপৰত ভিত্তি কৰি বিভাজন কৰা হয়। যেনে一কোষ স্তৰৰ সংগঠন বা কলা স্তৰৰ সংগঠন, দেহ গুহা থাকে নে নাথাকে, মেৰুদণ্ড থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয়।

6. মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা।

উত্তৰঃ- মেৰুদণ্ডী প্ৰাণীসমূহক প্ৰধানকৈ ২ টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ’ল মৎস্য আৰু চতুষ্পদী।

মৎস্যঃ মৎস্য উপ বিভাজনৰ সকলোবোৰ প্ৰাণীয়ে জলচৰ প্ৰাণী। ইহঁতৰ দেহ মাকো সদৃশ আৰু বাকলিৰে আবৃত্ত দেহত থকা ফুলৰ সহায়ত সিহঁতে শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰে। মৎস্যবোৰ শীতলৰক্তী আৰু হৃদযন্ত্ৰৰ কোঠালি দুটা। উদাহৰণঃ ছাৰ্ক, ৰৌ, কাৱৈ ইত্যাদি।   

চতুষ্পদী প্ৰাণীবোৰ তিনিটা ভাগত ভাগ কৰা হৈছে 一   

a.উভচৰঃ উভচৰ প্ৰাণীবোৰৰ দেহত মৎস্যৰ দৰে বাকলি নাথাকে। কিন্তু, শ্লেষ্মা গ্ৰন্থি থাকে। ইহঁতৰ হৃদযন্ত্ৰৰ কোঠালি তিনিটা আৰু জলক্লোম বা হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়। জল আৰু স্থল দুয়োটা পৰিৱেশত পোৱা যায়। উদাহৰণঃ ভেকুলী, চালামাণ্ডাৰ ইত্যাদি। উভচৰবোৰে কণী পাৰে। 

b.সৰীসৃপঃ সৰীসৃপ শ্ৰেণীৰ প্ৰাণীবোৰ শীতলৰক্তী। দেহত বাকলি থাকে আৰু হাঁওফাঁওৰ সহায়ত উশাহ-নিশাহ লয়। ঘৰিয়ালৰ বাহিৰে বাকী সকলোবোৰ সৰীসৃপৰ হৃদযন্ত্ৰৰ কোঠালি তিনিটা (ঘৰিয়ালৰ চাৰিটা)। ইহঁতে কণী পাৰে কিন্তু, কণীবোৰৰ এখন ডাঠ চোকোৰা থাকে বাবে পানীত কণী পৰাৰ প্ৰয়োজন নহয়। উদাহৰণঃ সাপ, কাছ, ঘৰিয়াল ইত্যাদি।   

c.পক্ষীঃ পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণৰক্তী। ইহঁতৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিত বিভক্ত। ইহঁতে কণী পাৰে। পক্ষীবোৰৰ বহিঃআৱৰণ পাখীৰে আবৃত আৰু আগ ঠেং দুখন দেউকালৈ ৰূপান্তৰিত হয়। কিছুমান পক্ষীয়ে এই দেউকাৰ সহায়ত উৰিব পাৰে। উদাহৰণঃ কাউৰী, শালিকা আদি সকলোবোৰ চৰাই।     


প্ৰশ্নাৱলীঃ

1. আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰো?

উত্তৰঃ- আমি জীৱবিলাকৰ অধ্যয়নৰ সুবিধাৰ বাবে জীৱবিলাকৰ শ্ৰেণী বিভাজন কৰি লওঁ। পৃথিৱীখনত বহুত ধৰণৰ জীৱ আমি দেখো। কিন্তু কম সময়ত আমি আটাইবোৰ জীৱৰ বিষয়ে জনাটো সম্ভৱ নহয়। লগতে জীৱবোৰ এটা এটাকৈ অধ্যয়ন কৰিবও নোৱাৰি। অধ্যয়নৰ সুবিধাৰ বাবে জীৱবোৰৰ শ্ৰেণী বিভাজন কৰি লোৱা হয়। 

2. তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ- আমাৰ চাৰিওফালে থকা জীৱবোৰৰ মাজত দেখা পোৱা পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ’ল 一

১। এফালে অণুবীক্ষণ যন্ত্ৰত দেখা পোৱা বেক্টেৰিয়া বা এককোষী জীৱবোৰ যাৰ দেহ মাত্ৰ এটা কোষেৰে গঠিত। আনফালে, সাগৰত থকা প্ৰকাণ্ড নীল তিমি যাৰ দেহ 30 মিটাৰ পৰ্য্যন্ত দীঘল হয়। 

২। সৰল গছ যি বহু বছৰ ধৰি জীয়াই থাকে। আনহাতে, কিছুমান পতংগ যেনেーমহ, মাখি আদিৰ মাত্ৰ কেইদিন মানৰ ভিতৰতে মৃত্যু ঘটে।

3. জীৱজগতৰ শ্ৰেণী বিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা?

(ক) সিহঁতে বসবাস কৰা স্থানক?

(খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক? আৰু কিয়? 

উত্তৰঃ- জীৱজগতৰ শ্ৰেণী বিভাজন কৰোতে সদায় জীৱবোৰৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। কাৰণ জীৱবোৰৰ দেহ গঠন আৰু কাৰ্যৰ একক হ’ল কোষ। গতিকে কোষৰ গঠনৰ ওপৰত ভিত্তি কৰিহে আমি শ্ৰেণীবিভাজন কৰিব পাৰো। 

        আনহাতে, আমি জীৱৰ বাসস্থানৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিব নোৱাৰো। কাৰণ একে বাসস্থানত থকা জীৱৰ মিল নাথাকিবও পাৰে। 

4. জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?

উত্তৰঃ- জীৱজগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ’ল 一 

জীৱৰ কোষবোৰ সংকোষকেন্দ্ৰীয় (সু-স্পষ্ট কোষকেন্দ্ৰ থকা)।

কোষ নে প্ৰকোষকেন্দ্ৰীয় কোষ (সু-স্পষ্ট কোষকেন্দ্ৰ নথকা)। 

5. কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে? 

উত্তৰঃ- উদ্ভিদ আৰু প্ৰাণীবোৰক পৃথক ভাগত ভাগ কৰা হৈছে সিহঁতৰ পুষ্টিৰ ওপৰত ভিত্তি কৰি। অৰ্থাৎ, উদ্ভিদবোৰ স্ব-পোষী জীৱ। কাৰণ সালোক সংশ্লেষণৰ জৰিয়তে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। আনহাতে, কিছুমান প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে কাৰণে সিহঁত পৰপোষী।  

6. কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?

উত্তৰঃ- যিবোৰ জীৱৰ দেহৰ গঠন সৰল, এককোষী আৰু লগতে প্ৰাচীন জীৱবোৰ গঠনৰ লগত জীৱবোৰৰ দেহৰ গঠনৰ মিল আছে তাকে নিম্নস্তৰীয় জীৱ বুলি কোৱা হয়।

        উচ্চ স্তৰৰ জীৱবোৰ বহুকোষী, দেহৰ গঠন অত্যন্ত জটিল, লগতে দেহত কোষৰ শ্ৰমবিভাজন দেখা যায়। 

7. উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে? যদি হয়। কিয়?

উত্তৰঃ- উচ্চ স্তৰীয় আৰু জটিল জীৱসমূহ একে হয়। কাৰণ উচ্চ স্তৰৰ জীৱবোৰৰ দেহৰ গঠন জটিল হয়। ইহঁতৰ দেহত কোষবোৰৰ মাজত শ্ৰমবিভাজন হয়। ইয়াত একে আকৃতি আৰু একে গঠনৰ কোষবোৰ লগ হৈ কলা গঠন কৰে আৰু শৰীৰৰ বিভিন্ন কাৰ্য সম্পন্ন কৰে।

8. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে? 

উত্তৰঃ- মনেৰা আৰু প্ৰটিষ্টা দুয়ো ৰাজ্যৰ জীৱবোৰ এককোষী হয়। কিন্তু ইহঁতৰ কোষত কোষকেন্দ্ৰ আৰু আন কোষ অংগাণু থকা নথকাৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে। মনেৰা ৰাজ্যৰ জীৱবোৰ এককোষী হলেও ইহঁত প্ৰকোষকেন্দ্ৰীয় আৰু অন্য়ান্য কোষ অংগাণু নাথাকে। আনহাতে, প্ৰটিষ্টা ৰাজ্যৰ কোষবোৰ সংকোষকেন্দ্ৰীয়, এককোষী লগতে কোষ অংগাণু থাকে।

9. সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা?

উত্তৰঃ- সালোক সংশ্লেষণ কৰিব পৰা সংকোষকেন্দ্ৰীয় জীৱবোৰ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত। 

10. শ্ৰণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয়?

উত্তৰঃ- শ্ৰেণীবিভাজনৰ বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হ’ল প্ৰজাতি। আটাইতকৈ বেছি সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হ’ল ৰাজ্য। 

11. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?

উত্তৰঃ- সমাঙ্গদেহী উদ্ভিদ (Thallophyte)। 

12. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য?

উত্তৰঃ 

ঢেঁকীয়া জাতীয় উদ্ভিদ

সপুষ্পক উদ্ভিদ

১। ঢেঁকীয়া জাতীয় উদ্ভিদত ফুল দেখা নাযায়।

১। সপুষ্পক উদ্ভিদত ফুল দেখা যায়।

২। ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰে। বীজ ধাৰণ নকৰে।

২। বীজ ধাৰণ কৰে।

৩। নিম্নস্তৰীয়া উদ্ভিদ।

৩। উচ্চস্তৰীয়া উদ্ভিদ।

 

13. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি?

উত্তৰঃ- পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ’ল 一

নগ্নবীজী

গুপ্তবীজী

১। বীজ নগ্ন অৱস্থাত থাকে।

১। বীজৰ ওপৰত আৱৰণ থাকে।

২। কোনো ধৰণৰ ফল পোৱা নাযায়।

২। ফল দেখা যায়।

৩। উদাহৰণঃ সৰল গছ

৩। উদাহৰণঃ আম গছ, ধান গছ ইত্যাদি।


14. ৰন্ধ্ৰীপ্ৰাণীসমূহক একনলদেহী প্ৰাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি?

উত্তৰঃ

ৰন্ধ্ৰীপ্ৰাণী

একনলদেহী প্ৰাণী

১। দেহ অসংখ্য ৰন্ধ্ৰৰে গঠিত।

 

১। কোনো ধৰণৰ ৰন্ধ্ৰ পোৱা নাযায়।

২। দেহৰ গঠন অতি সৰল।

২। দেহৰ গঠন অতি জটিল।

৩। দেহত থকা ৰন্ধ্ৰই একোটা নলতন্ত্ৰ সৃষ্টি কৰে।

৩। কোনো ধৰণৰ নলতন্ত্ৰ সৃষ্টি নহয়।

৪। প্ৰাণীসমূহৰ দেহক আৱৰি এখন কঠিন বহিঃআৱৰণ বা কংকাল থাকে।

৪। কোনো ধৰণৰ বহিঃআৱৰণ দেখা নাযায়। দেহ কোষ দুটা তৰপেৰে গঠিত।

৫। দেহ গহ্বৰ নাথাকে।

৫। এটা মাত্ৰ গহ্বৰ থাকে।

৬। উদাহৰণঃ স্পঞ্জ।

৬। উদাহৰণঃ- প্ৰবাল, জেলিমাছ ইত্যাদি।


15. কেনেকৈ বলয়ীদেহী প্ৰাণীসমূহক সন্ধীপদী প্ৰাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি?

উত্তৰঃ- 

বলয়ীদেহী প্ৰাণী

সন্ধীপদী প্ৰাণী

১। দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু ত্ৰি-স্তৰীয়।

১। দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত।

২। সু-স্পষ্ট পৰিবহণ তন্ত্ৰ দেখা নাযায়।

২। পৰিবহণ তন্ত্ৰ মুক্ত প্ৰকৃতিৰ পোৱা যায়।

৩। দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ নাথাকে।

৩। দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে।

৪। সন্ধীযুক্ত ঠেং দেখা নাযায়।

৪। প্ৰাণীবোৰৰ ঠেং সন্ধিযুক্ত।

৫। উদাহৰণঃ কেঁচু, জোক ইত্যাদি।

৫। উদাহৰণঃ পখিলা, মাখি ইত্যাদি। 


16. উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ- পাৰ্থক্যসমূহ তলত দিয়া হ’ল一 

উভচৰ

সৰীসৃপ

1. ছালত শ্লেষ্মা গ্ৰন্থি থাকে।

1. শ্লেষ্মা গ্ৰন্থি নাথাকে।


2. জলক্লোম বা হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়।

2. কেৱল হাওঁফাওঁ সহায়ত উশাহ- নিশাহ লয়।

3. কণী পানীত পাৰে। কাৰণ কণীবোৰত ডাঠ চোকোৰা নাথাকে।

3. কণীবোৰত চোকোৰা থাকে কাৰণে পানীত পাৰাৰ প্ৰয়োজন নহয়।

4. উদাহৰণঃ ভেকুলী, চালামাণ্ডাৰ ইত্যাদি।

4. উদাহৰণঃ সাপ, কাছ, জেঠী ইত্যাদি।


17. পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ীৰ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি?

উত্তৰঃ

পক্ষী

স্তন্যপায়ী

1. পক্ষীবোৰে কণী পাৰে।

1. স্তন্যপায়ীবোৰে পোৱালী জন্ম দিয়ে।

2. দেহত স্তন গ্ৰন্থি নাথাকে।

2. দেহত স্তন গ্ৰন্থি থাকে।

3. দেহৰ বহিঃআৱৰণ পাখিৰে আবৃত।

3. পাখিৰে আবৃত দেহ পোৱা নাযায়।

4. আগ ঠেং দেউকালৈ ৰূপান্তৰ হয়।

4. দেউকা নাথাকে।

5. ছালত নুম বা চুলি, ঘৰ্মগ্ৰন্থি, তৈল গ্ৰন্থি নাথাকে।

5. ছালত নোম বা চুলি, ঘৰ্মগ্ৰন্থি, তৈল গ্ৰন্থি পোৱা যায়।






Jyotishna Kalita
Spelling checked by 一 Mampi Kakati