সপ্তম অধ্যায়


 কৃষি  

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQs Answer
    👉Paid Answer    (Buy Now)

১। কৃষি বুলিলে কি বুজা? কৃষিক প্রভাবান্বিত কৰা কাৰবোৰৰ এটি আভাস দিয়া।

উত্তৰঃ শস্য উৎপাদন আৰু  পশুপালন কাৰ্যকে কৃষি বুলি ধৰা হয়।

কৃষি কাৰ্য বহুতো প্রাকৃতিক আৰু আর্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্রাকৃতিক কাৰকৰ ভিতৰত মাটি, মটিৰ ঢাল, জলবায়ু, পানী আদি প্রধান। আর্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আর্থিক অৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, ঔদ্যোগীকৰণ, যাতায়াত-পৰিবহণ ব্যৱস্থা, বজাৰ আদি প্রধান। পৃথিৱীৰ সকলো ঠাইতে এই অৱস্থা ব্যৱস্থাবোৰ একে নহয় কাৰণে কৃষি কার্যও সকলোতে একে ধৰণে কৰা নহয়। কৃষি-শস্য, কৃষি পদ্ধতি আৰু কৃষিৰ লক্ষ্য-উদ্দেশ্য ঠাই আৰু সময় ভেদে বেলেগ বেলেগ হোৱা দেখা যায়।


২। পৃথিৱীৰ সকলো ঠাইতে কৃষি একে নোহোৱাৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ কৃষি কাৰ্য বহুতো প্রাকৃতিক আৰু আর্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্রাকৃতিক কাৰকৰ ভিতৰত মাটি, মটিৰ ঢাল, জলবায়ু, পানী আদি প্রধান। আর্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আর্থিক অৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, ঔদ্যোগীকৰণ, যাতায়াত-পৰিবহণ ব্যৱস্থা, বজাৰ আদি প্রধান। পৃথিৱীৰ সকলো ঠাইতে এই অৱস্থা ব্যৱস্থাবোৰ একে নহয় কাৰণে কৃষি কার্যও সকলোতে একে ধৰণে কৰা নহয়। উদাহৰণস্বৰূপে পাহাৰ পৰ্বতভৰা অঞ্চল এটাত সীমিত কৃষি কাৰ চলাব পাৰি। অৰ্থাৎ প্ৰতিকূল পৰিৱেশত কৃষিকাৰ্য চলাওতে যথেষ্ঠ বাধাৰ সন্মুখীন হ'ব লগা হয়। আনহাতে ভৈয়াম বা সমভূমি অঞ্চল এটাত প্ৰকৃতিগতভাৱে কৃষিকাৰ্য চলাবলৈ সহজ। সেয়েহে এনেবোৰ অঞ্চলত বিভিন্ন ধৰণৰ কৃষিকাৰ্য চলাব পৰা যায়। 

৩। কৃষিক বিভিন্ন শ্রেণীত বিভক্ত কৰা আৰু শ্রেণীবিভাজনৰ ভিত্তিৰ আভাস দিয়া।

উত্তৰঃ পৃথিৱীত মানুহে কৰি অহা কৃষিক নানা প্রকাৰত বিভক্ত কৰিব পাৰি। কৃষিৰ নানা ধৰণৰ বৈশিষ্ট্য, যেনে- স্থায়িত্ব, কৃষি পদ্ধতি, কৃষিৰ উদ্দেশ্য, কৃষি ক্ষেত্ৰৰ আকাৰ, পুঁজিৰ বিনিয়োগ আদি কৃষিক শ্রেণী বিভক্ত কৰাৰ ভিত্তি হ'ব পাৰে। প্ৰধানকৈ তলত দিয়া ধৰণে কৃষিক শ্রেণী বিভক্ত কৰা হয়- 

১। কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি দুই প্রকাৰৰ হ’ব পাৰে—

(ক) স্থায়ী কৃষি (খ) ঠাই সলনি কৃষি বা ঝুম কৃষি 

২। কৃষিক্ষেত্রৰ আকাৰৰ ভিত্তিত কৃষিক অন্য দুই প্রকাৰত বিভক্ত কৰিব পাৰি-

(ক) বিশাল বা বিস্তৃত কৃষি (খ) ক্ষুদ্ৰ বা গহণ কৃষি 

৩। আর্থিক দিশৰ পৰা কৃষি অন্য দুই প্ৰকাৰৰ হ'ব পাৰে –

(ক) বাণিজ্যিক কৃষি  (খ) আত্মনিৰ্ভৰশীল কৃষি 

৪। মাটিৰ গুণাগুণ, জলবায়ু, কৃষি পদ্ধতি অনুসৰি কৃষি দুই প্ৰকাৰৰ হ’ব পাৰে –

(ক) শুষ্ক কৃষি (খ) আৰ্দ্ৰ কৃষি

ইয়াৰ উপৰিও ঠাই অনুসৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত  অন্য কিছুমান খেতি কৰা হয়। সেইবোৰ হৈছে- 

(ক) ৰোপণ কৃষি (খ) যৌথ কৃষি (গ) উদ্যান কৃষি             (ঘ) বজাৰ কৃষি 


৪। স্থায়ী কৃষি কি? ইয়াৰ বৈশিষ্ট্য সম্বন্ধে চমুকৈ আলোচনা কৰা।

উত্তৰঃ সাধাৰণতে সমভূমি অঞ্চলবোৰত মানুহে স্থায়ীভাৱে বসতি কৰে আৰু তাৰ খেতি পথাৰত খেতিও স্থায়ীভাৱে কৰে। একোখন ঠাইত স্থায়ীভাৱে কৰা এনে কৃষিকে স্থায়ী কৃষি বোলে।

স্থায়ী কৃষিৰ বৈশিষ্ট্যবোৰ হৈছে- 

1) সমভূমি অঞ্চলৰ কৃষিভূমিত মানুহে বছৰৰ পিছত বছৰ ধৰি খেতি কৰি থাকে (কৃষিকার্যত খেতিয়কে হাল, ট্ৰেক্টৰ, জলসিঞ্চন, সাৰ আদি ব্যৱহাৰ কৰে। 

2) স্থায়ী কৃষি পৃথিৱীৰ প্রায়বোৰ অঞ্চলতে কৰা হয় ।

3) স্থায়ী কৃষিত উৎপাদন বেছি হয় ।

4) স্থায়ী কৃষিকাৰ্য চলা অঞ্চলবোৰত পশুপালনো কৰা দেখা যায় ।

৫। ঠাই সলনি কৃষিৰ (ঝুম কৃষি) এটি চমু আভাস দিয়া। এই কৃষিয়ে কেনেকৈ পৰিৱেশৰ ক্ষতি সাধন কৰে বিশ্লেষণ কৰা।

উত্তৰঃ ক্ৰান্তীয় উচ্চ ভূমি অঞ্চলৰ বাসিন্দাসকলে পাহাৰ-পৰ্বতৰ ঢালত অস্থায়ীভাৱে খেতি কৰো পাহাৰ-পৰ্বতৰ ঢালত থকা হাবি-বন মুকলি কৰি একেডৰা মাটিত ২-৩ বছৰৰ বাবে অস্থায়ীভাৱে খেতি কৰে। তাৰ পিছত সেই ঠাই এৰি পুনৰ একে পদ্ধতিৰে অন্য ঠাইত খেতি কৰে। এনে খেতিক ঠাই সলনি খেতি বা ঝুম খেতি বুলি কোৱা হয় ভাৰতৰ প্ৰায় সকলোবোৰ পাহাৰীয়া অঞ্চলতে এনে খেতি দেখা যায়। উত্তৰ-পূর্বাঞ্চলৰ অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ পাহাৰীয়া অঞ্চলবোৰ জনজাতীয় লোকসকলে এনে খেতি কৰে।

ঝুম খেতিৰ দ্বাৰা পৰিৱেশৰ যথেষ্ঠ ক্ষতি সাধন হয় । সেইবোৰ হৈছে-

ঝুম খেতি কৰিবলৈ পাহাৰৰ ঢালত হাবি জংঘল পৰিষ্কাৰ কৰি লোৱা হয়। যাৰ ফলত বনজ সম্পদ নষ্ট হয় আৰু কাষৰীয়া অঞ্চলৰ জলবায়ুতো ইয়াৰ প্ৰভাৱ পৰে। অঞ্চলটোত বাস কৰা বনৰীয়া পশু পক্ষী আশ্ৰয় হীন হয়। পাহাৰৰ এঢলীয়া ঠাইত অবিজ্ঞানসন্মতভাৱে কৰা এনে কৃষিকাৰ্যই মাটিৰ গুণাগুণ নষ্ট কৰাৰ লগতে ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ কাৰকো হ’ব পাৰে।


৬। বিস্তৃত কৃষি আৰু ক্ষুদ্র কৃষিৰ এটি তুলনাত্মক চিত্র দাঙি ধৰা ।

উত্তৰঃ  বিস্তৃত কৃষি

পৃথিৱীৰ যিবোৰ দেশত জনসংখ্যাৰ তুলনাত কৃষিভূমিৰ পৰিমাণ বেছি, সেইবোৰ দেশত বিস্তৃত কৃষি কৰা হয়। এনে কৃষিকাৰ্য সম্পাদিত কৰোঁতে বিশাল কৃষিভূমিত আধুনিক যন্ত্ৰপাতিৰ সহায় লোৱা হয়। সাধাৰণতে দেখা যায়, বিশাল কৃষিভূমিত একোবিধ নিৰ্দিষ্ট শস্যৰহে খেতি কৰা। বিস্তৃত কৃষিৰ অধীনত উৎপাদিত শস্যৰ অধিকাংশই আন্তৰ্জাতিক বজাৰলৈ যায়। আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশত এনে কৃষিৰ পয়োভৰ বেছি। 

ক্ষুদ্র বা গহণ কৃষি

পৃথিৱীৰ ঘন জনবসতিৰ দেশবোৰত ক্ষুদ্র কৃষিৰ প্রাধান্য বেছি। ভাৰত, বাংলাদেশ, পাকিস্তান, ম্যানমাৰ, জাপান আদি দেশত জনসংখ্যা বেছি হোৱা দেশবোৰত কৃষিভূমিৰ পৰিমাণ তুলনামূলকভাৱে কম। সীমিত পৰিমাণৰ মাটিতহে খেতি কৰা হয়। এইবোৰ দেশত প্ৰতিটো কৃষক পৰিয়ালে অতি কম পৰিমাণৰ মাটিতহে খেতি কৰাৰ সুবিধা পায়। সেয়ে পৰিয়ালৰ লোকসকলক ভৰণ-পোষণ দিবলৈ একেডৰা মাটিতে বছৰৰ বিভিন্ন সময়ত খেতিয়কে দুই-তিনিবাৰ খেতি কৰিবলগীয়া হয়। এনে খেতি বেছি শ্রম সাপেক্ষ। উৎপাদনৰ বেছি অংশ খেতিয়কৰ নিজৰ চাহিদা পূৰণত ব্যৱহাৰ হয়।


৭। ৰোপন কৃষি বুলিলে কি বুজা? ইয়াৰ বিশেষত্ব আলোচনা কৰা।

উত্তৰঃ বিভিন্ন কাৰণত লাহে লাহে কৃষকৰ মাটিৰ পৰিমাণ কমি আহিছে, কিন্তু খোৱা মানুহৰ সংখ্যা সদায় বাঢ়িছে গৈ আছে। সেয়ে এনেকুৱা প্ৰযুক্তিৰ প্ৰয়োজনীয়তা আহি পৰিছে যাৰ সহায়ত কম মাটিত অধিক উৎপাদন কৰিব পৰা যায়। ইউৰোপীয়সকলে ক্রান্তীয় অঞ্চলত থকা তেওঁলোকৰ উপনিবেশবোৰত এই কৃষি আৰম্ভ কৰিছিল। কালক্ৰমত এই কৃষি বিশ্বজুৰি সামাদৰ লাভ কৰে। এই কৃষিৰ প্রধান বৈশিষ্ট্য হৈছে- 

1)  বৃহৎ পুঁজিৰ বিনিয়োগ, 

2)  আধুনিক প্রযুক্তি প্রয়োগ,

3)  ডাঙৰ বাগিছাত বিশেষ এবিধ শস্যৰ উৎপাদন, 

4)  ৰাস্তা-ঘাট আৰু কাৰখানা নিৰ্মাণৰ  যোগেদি  উৎপাদন ব্যৱস্থাক বজাৰৰ সৈতে সংযোজন।

5) ৰোপণ কৃষিৰ দ্বাৰা পোৱা শস্যবোৰ হৈছে- চাহ, কফি, ৰবৰ, কোকা আদি।

৮। নগৰীকৰণ আৰু বজাৰকেন্দ্রিক কৃষিৰ সম্বন্ধৰ এটি আভাস দিয়া।

উত্তৰঃ সাম্প্রতিক পৃথিৱীত দেশ আৰু দেশৰ মাজত অর্থনৈতিক বিনিময় বৃদ্ধি পাই অহাৰ লগে লগে বজাৰৰ ভূমিকা সকলো ক্ষেত্ৰতে বাঢ়িছে। বিশেষকৈ নগৰ আৰু ঔদ্যোগিক কেন্দ্ৰবোৰত ক্রয় শক্তি বেছিকৈ থকা লোকসকলে বসতি কৰাত তাত শাক-পাচলি, ফল-মূল আদিৰ চাহিদা অধিক। এই চাহিদা পূৰণ কৰিবলৈ নগৰ আৰু উদ্যোগবোৰৰ আশে-পাশে বছৰটোৰ সকলো সময়তে শাক-পাচলি আদি উদ্যান শস্যৰ খেতি নিবিড়ভাৱে কৰা হয়। নগৰৰ কাষৰীয়া ঠাইবোৰত যাতায়াত পৰিবহণৰ সুবিধা থকাৰ বাবে তাত উৎপাদিত দ্রব্যবোৰ সহজে নগৰীয় বজাৰত যোগান ধৰিব পাৰি। এনে সুবিধা থকাৰ বাবেই বিশেষকৈ ডাঙৰ নগৰৰ কাষে কাষে বজাৰকেন্দ্রিক কৃষি গঢ়ি উঠে।

৯। ধান খেতিৰ বাবে কেনে পৰিৱেশৰ প্রয়োজন ? ইয়াৰ ভৌগোলিক বিতৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  ধান ধান এবিধ প্রধান খাদ্য শস্য। পৃথিৱীৰ প্রায় আধা মানুহে ইয়াক মূল খাদ্য হিচাপে ব্যৱহাৰ কৰে। পৃথিৱীৰ মৌচুমী জলবায়ু অনুভূত হোৱা অঞ্চলবোৰত ধানৰ খেতি কৰা হয়। সাধাৰণতে নৈপৰীয়া সমতল, উপকূল, ব-দ্বীপ অঞ্চল ধান খেতিৰ বাবে বিশেষভাৱে উপযোগী। কিছুমান  পাহৰীয়া এলেকাতো ধান খেতি ভাল হয়।

ধান খেতিৰ বাবে অধিক উষ্ণতা আৰু বৃষ্টিপাত যুক্ত জলবায়ুৰ প্রয়োজন। উষ্ণতা ২৫॰  ছেলচিয়াছ আৰু  ৩৫॰ ছেলচিয়াছৰ ভিতৰত হ'ব লাগে। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ১০০-২০০ চেণ্টিমিটাৰৰ ভিতৰত হ'লে ভাল। মৌচুমী জলবায়ুৰ আন্তৰ্গত চীন, ভাৰত, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, জাপান, ফিলিপিন্ছ আদি প্রধান উৎপাদনকাৰী দেশ। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্র, ব্রাজিল, ইজিপ্ত আদি দেশত কিছু পৰিমাণে ধান খেতি কৰা হয়। এছিয়া মহাদেশৰ ভিতৰত চীন দেশতে সৰ্বাধিক ধান উৎপাদন হয়। ভাৰতৰ গংগা–বহ্মপুত্ৰ নদী উপত্যকাত ধানখেতি ভাল হয়। উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলবোৰত কিছু পৰিমাণে ধানখেতি হয়।

১০। ঘেঁহুৰ খেতিৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ ঘেঁহু পৃথিৱীৰ বেছিভাগ মানুহৰে প্ৰধান খাদ্য। ভৌগোলিক দিশৰ পৰাও ইয়াৰ খেতি বেছি বিস্তৃত। সমতল অঞ্চলৰ আলতীয়া আৰু বালিঅঁহীয়া মাটিভাগ ঘেহুঁ খেতিৰ বাবে বিশেষ উপযোগী। এই খেতিৰ বাবে ৫০ ৰ পৰা ১০০ চেন্টিমিটাৰ পৰিমাণৰ বার্ষিক বৃষ্টিপাতৰ প্রয়োজন। নাতিশীতোষ্ণ অঞ্চল ঘেহুঁ খেতিৰ বাবে উপযোগী। শীত প্রধান ঠাইবোৰত এই খেতি কৰিবলৈ হ'লে বছৰটোত কমেও তিনিমাহকাল ঠাইখন বৰষুণমুক্ত হ'ব লাগিব। আজিকালি কম বৰষুণ হোৱাত ঠাইতো জলসিঞ্চনৰ যোগেদি ঘেহুঁ খেতি কৰা হয়। ভাৰতৰ গংগা নদীৰ উপত্যকা এই খেতিৰ বাবে বিখ্যাত। চীন, আমেৰিকা, ভাৰতবৰ্ষ, ৰাছিয়া, কানাডা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাৰ্মানি আদি ৰাষ্ট্ৰত এই খেতি কৰা হয়। 

১১। কপাহ খেতিৰ গুৰুত্ব আৰু ভৌগোলিক বিতৰণ সম্বন্ধে লিখা।

উত্তৰঃ কপাহ এবিধ অতি গুৰুত্বপূৰ্ণ আঁহজাতীয় শস্য। ইয়াৰ ব্যৱহাৰ সুদূৰপ্ৰসাৰী। সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত কপাহী কাপোৰৰ চাহিদা আছে। ঋতু অনুযায়ী পিন্ধা মানুহৰ সাজ পোছাকৰ অন্যতম উপাদান হৈছে কপাহ। বয়ন শিল্পবোৰ প্ৰধানকৈ কপাহ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলি থাকে।

ভৌগোলিক বিতৰণৰ ফালৰ পৰা সাধাৰণতে ৩০° দক্ষিণ আৰু ৪৫° উত্তৰ অক্ষাংশৰ মাজৰ অঞ্চলতে কপাহৰ খেতি সীমিত। কপাহ উৎপাদনকাৰী প্রধান দেশবোৰ হ'ল- আমেৰিকা যুক্তৰাষ্ট্র, চীন, পাকিস্তান, ৰাছিয়া, ইজিপ্ত আৰু ব্রাজিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিছিপি আৰু টেনেছি নদী উপত্যকাক সামৰি এটা বৃহৎ অঞ্চলত কপাহ খেতি কৰা হয়। সেইদৰে উত্তৰ চীনৰ হোৱাংহো আৰু ইয়াংছি উপত্যকা আৰু ইজিপ্তৰ নীল নদীৰ উপত্যকা কপাহ খেতিৰ বাবে বিখ্যাত। ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ ক'লা লাভা মাটিভাগ কপাহ খেতিৰ বাবে বিশেষভাৱে উপযোগী। তেনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয় মালভূমিত কিছু পৰিমাণে কপাহৰ খেতি কৰা হয়।

 

১২। চাহ খেতিৰ বাবে কেনে ধৰণৰ পৰিৱেশৰ প্রয়োজন ? এই খেতিৰ ভৌগোলিক বিতৰণৰ এটি আভাস দিয়া।

উত্তৰঃ  চাহ গছক উষ্ণ জলবায়ু আৰু বৃষ্টিসিক্ত পৰিৱেশ লাগে। পানী বন্ধ নোহোৱা এঢলীয়া পাহাৰীয়া ৰঙা মাটি চাহ খেতিৰ বাবে বিশেষ উপযোগী। 

চাহ এছিয়া মাহাদেশৰ মৌচুমী জলবায়ু অঞ্চলৰ এবিধ প্রধান ৰোপণ শস্য। চীন, ভাৰত, শ্রীলংকা, ইন্দোনেছিয়া আৰু জাপান হৈছে বিশ্বৰ প্রধান চাহ উৎপাদনকাৰী ৰাষ্ট্ৰ। আফ্রিকা মহাদেশৰ কেনিয়া, উগাণ্ডা আৰু মোজাম্বিক দেশতো কিছু পৰিমাণে চাহৰ খেতি কৰা হয়। ভাৰতৰ ব্ৰহ্মপুত্র আৰু বৰাক উপত্যকা চাহৰ কাৰণে বিখ্যাত। তদুপৰি পশ্চিমবংগৰ দার্জিলিং আৰু কেৰেলাৰ পাহাৰীয়া অঞ্চলতো চাহৰ খেতি হয়। বর্তমানে বিশ্ব বজাৰত চাহৰ চাহিদালৈ লক্ষ্য ৰাখি দেশৰ নতুন নতুন অঞ্চল কিছুমানতে চাহ খেতি আৰম্ভ হৈছে।


১৩। শুদ্ধকৈ মিলোৱা

অংশ

অংশ

চাহ

কম জনসংখ্যাৰ দেশবোৰত

ঘন জনবসতিৰ দেশবোৰত 

ঝুম খেতিৰ

কুঁহিয়াৰ

ধান খেতি

কপাহ

বাণিজ্যিক কৃষিৰ

বিস্তৃত কৃষি কৰা হয়।

এবিধ ৰোপন কৃষি।

এবিধ বাণিজ্যিক শস্য।

উৎপাদিকা শক্তি বেছি।

মৌচুমী অঞ্চলৰ প্ৰধান খেতি।

এবিধ আঁহজাতীয় শস্য।

গহন কৃষি কৰা হয় ।

উৎপাদিকা শক্তি কম। 

উত্তৰঃ 

চাহ-এবিধ ৰোপন কৃষি।

কম জনসংখ্যাৰ দেশবোৰত- বিস্তৃত কৃষি কৰা হয়।

ঘন জনবসতিৰ দেশবোৰত-গহন কৃষি কৰা হয়।

ঝুম খেতিৰ-উৎপাদিকা শক্তি কম। 

কুঁহিয়াৰ-এবিধ বাণিজ্যিক শস্য

ধান খেতি-মৌচুমী অঞ্চলৰ প্ৰধান খেতি।

কপাহ-এবিধ আঁহজাতীয় শস্য।

বাণিজ্যিক কৃষিৰ- উৎপাদিকা শক্তি বেছি।



 


ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)

Check By: Himashree Bora.