ষষ্ঠ অধ্যায়

  অৰ্থনৈতিক কাৰ্য বা বৃত্তি  


    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQs Answer
    👉Paid Answer   (Buy Now)

১। বৃত্তি বুলিলে কি বুজা ?
উত্তৰঃ  মানুহে জীৱিকা উপাৰ্জনৰ বাবে যি কাম কাজ কৰে তাকে বৃত্তি বোলে।
২। বৃত্তি প্রধানকৈ কেই প্ৰকাৰৰ ? উদাহৰণ দি প্রত্যেকৰে নাম লিখা ।
উত্তৰঃ বৃত্তি প্রধানকৈ চাৰি প্ৰকাৰৰ।
উদাহৰণ দি প্ৰত্যেকৰে নাম দিয়া আছে-
প্ৰাথমিক বৃত্তি- সাগৰ বা জলাশয়ৰ পৰা মাছ ধৰা ।
দ্বিতীয়ক বৃত্তি- ঔদ্যোগিক উৎপাদন প্ৰক্ৰিয়াত জড়িত কাম-কাজ আদি। 
তৃতীয়ক বৃত্তি- যোগাযোগ, স্বাস্থ্য,  শিক্ষা, পৰ্যটন ইত্যাদি ।
চতুৰ্থক বৃত্তি- বেংক, প্ৰচাৰ মাধ্যম, জীৱন বীমা, প্ৰশাসন, গৱেষণা আদি। 
৩। প্রাথমিক বৃত্তি কাক বোলে লিখা ।
উত্তৰঃ যিবিলাক অর্থনৈতিক কাৰ্য্য বা বৃত্তি প্রকৃতিৰ পৰা পোনে পোনে সম্পদ আহৰণৰ লগত জড়িত সেইবোৰ বৃত্তিকে প্রাথমিক বৃত্তি বোলা হয়।
এনে বৃত্তিৰ ভিতৰত কৃষি, মাছ ধৰা, বনজ সম্পদ আহৰণ আদি পৰে ।
৪। দ্বিতীয়ক বৃত্তি আৰু প্রাথমিক বৃত্তিৰ মাজত থকা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ যিবিলাক অর্থনৈতিক কাৰ্য্য বা বৃত্তি প্রকৃতিৰ পৰা পোনে পোনে সম্পদ আহৰণৰ লগত জড়িত সেইবোৰ বৃত্তিকে প্রাথমিক বৃত্তি বোলা হয়।
প্ৰকৃতিৰ বুকুৰ পৰা পোনে পোনে আহৰণ কৰা সম্পদৰ লগতে কৃষি জাত সম্পদবোৰো বিভিন্ন প্রযুক্তি প্রয়োগ কৰি ব্যৱহাৰ উপযোগী কৰি তোলা হয়। সাধাৰণতে উৎপাদিত দ্রব্যবোৰক শিল্প উদ্যোগৰ মাধ্যমেদি মানুহৰ ব্যৱহাৰৰ উপযোগীকৈ প্ৰস্তুত কৰা হয়। এনে কাৰ্য্যক শিল্পোৎপাদন প্রক্রিয়া বুলি কোৱা হয়। শিল্পোৎপাদন প্রক্রিয়াৰ লগত জড়িত আর্থিক কাম-কাজকে দ্বিতীয়ক বৃত্তি বোলা হয়।
৫ । কেনেবোৰ অর্থনৈতিক কার্যক তৃতীয়ক বৃত্তি বুলি কোৱা হয় ? উদাহৰণসহ লিখা।
উত্তৰঃ প্রাথমিক আৰু দ্বিতীয়ক কাম-কাজৰ যোগেদি উৎপাদিত দ্ৰব্যবোৰ  বিতৰণ ব্যৱস্থাৰে উপভোক্তাৰ ওচৰ পায়। বিতৰণ ব্যৱস্থাত যাতায়াত-পৰিবহণ আৰু বজাৰে মুখ্য ভূমিকা পালন কৰে। বিভিন্ন প্ৰকাৰৰ যাতায়াত-অর্থনৈতিক পৰিবহণ আৰু খুচুৰা বিক্রীকে আৰম্ভ কৰি পাইকাৰী বিক্ৰীলৈকে সকলো ধৰণৰ ব্যৱসায়ত নিয়োজিত হৈ থকা মানুহৰ সংখ্যা স্বাভাৱিকতে কম নহয়। ইয়াৰ উপৰি যোগাযোগ, স্বাস্থ্য, শিক্ষা, পর্যটন আদি সেৱাতো যথেষ্ট সংখ্যক লোক নিয়োজিত হৈ থাকে। এই আটাইবোৰ কাম-কাজকে তৃতীয়ক বৃত্তিৰ ভিতৰত ধৰা হয়।
৬। চতুর্থক বৃত্তিৰ গুৰুত্ব সম্বন্ধে লিখা ।
উত্তৰঃ চতুর্থক বৃত্তিয়ে প্রধানকৈ বেংক, বিত্তীয়, বাণিজ্য আদি সেৱাৰ লগতে প্ৰচাৰ মাধ্যম, জীৱন বীমা, প্রশাসন, গৱেষণা আদিকো সামৰি লয়। বাকী তিনিটা বৃত্তি (যেনে- প্ৰাথমিক, দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তি)  বা অর্থনৈতিক কাম-কাজে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাই আগবঢ়াৰ ক্ষেত্ৰত চতুর্থক বৃত্তিৰ ভূমিকা অতি গুৰুত্বপূর্ণ। উৎপাদন ব্যৱস্থা, বাণিজ্য আৰু তাৰ লগত জড়িত সেৱাবোৰ ক্ৰমে বিশ্বায়নৰ প্ৰভাৱ পৰাত চতুৰ্থক বৃত্তিৰ গুৰুত্ব বাঢ়িছে।
৭ । অর্থনৈতিক উন্নয়নে বৃত্তিৰ পৰিৱৰ্তন কেনেকৈ ঘটায় লিখা।
উত্তৰঃ মানুহৰ আর্থিক কাম-কাজ বা বৃত্তি যিহেতু অর্থনৈতিক অৱস্থাৰ লগত সম্পৰ্কিত, সেয়ে অর্থনৈতিক পৰিৱর্তনে বৃত্তিৰ ক্ষেত্ৰতো পৰিৱৰ্তন অনাটো স্বাভাৱিক। এটা কৃষিভিত্তিক অঞ্চলত যদি কালক্ৰমত উদ্যোগ গঢ়ি উঠে, তেতিয়া কিছুসংখ্যক কর্মী কৃষিক্ষেত্ৰৰ পৰা উদ্যোগক্ষেত্ৰলৈ আকর্ষিত হ'বই। অর্থাৎ কিছুসংখ্যক প্রাথমিক বৃত্তিত নিয়োজিত ব্যক্তি নতুনকৈ দ্বিতীয় বৃত্তিত নিয়োজিত হ'ব। ইয়াৰ কাৰণ হ’ব পাৰে -
(ক) কৃষি ক্ষেত্ৰত ইতিমধ্যে কৰ্মীৰ সংখ্যা লগাতকৈ বেছি হ'ব পাৰে আৰু
(খ) দ্বিতীয়ক বৃত্তিত আয় তুলনামূলকভাৱে বেছি হ'ব পাৰে। 
তদুপৰি ঔদ্যোগিক উৎপাদনে অঞ্চলটোত ব্যৱসায়-বাণিজ্যৰ বাট মুকলি কৰিব আৰু কিছুসংখ্যক মানুহে ক্রমে তৃতীয়ক বৃত্তিত নিয়োগ লাভ কৰিব। এইদৰে অর্থনৈতিক উন্নয়ন বা পৰিৱর্তনে মানুহৰ বৃত্তিৰ পৰিৱৰ্তন ঘটাব পাৰে ।
৮। বৃত্তিৰ ক্ষেত্ৰত অসমত ঘটা পৰিৱর্তনৰ এটি চমু আভাস দিয়া ।
উত্তৰঃ ইংৰাজসকল অহাৰ আগতে অসমৰ মানুহৰ অর্থনৈতিক কামকাজ কৃষি, মাছ ধৰা, সামান্য পৰিমাণে বনজ সম্পদ আহৰণ, ঘৰুৱা বোৱা-কটা আদিতে প্ৰধানকৈ সীমাৱদ্ধ আছিল। এই আটাইবোৰ কাম-কাজকে প্রাথমিক বৃত্তি বুলি বিবেচনা কৰিব পাৰি। ইংৰাজসকলে ৰাজ্যখনত চাহ শিল্প, খনিজ তেল আৰু কয়লা ভিত্তিক শিল্পৰ প্রৱর্তন কৰে। এইবোৰত থলুৱা আৰু আমদানি কৃত কর্মী নিয়োজিত হয়। এইদৰে ৰাজ্যখনত দ্বিতীয়ক বৃত্তিৰ সূচনা হয় বুলি ক'ব পাৰি। ইয়াৰ লগে লগে অফিচ কাছাৰী, ব্যৱসায়-বাণিজ্য, শিক্ষানুষ্ঠান, চিকিৎসালয় আদিতো ক্রমে মানুহ নিয়োজিত হ’বলৈ ধৰে। দেশে স্বাধীনতা লাভ কৰাৰ পাছত প্রশাসনিক আৰু পৰিবহণ আদি সেৱাতো যথেষ্ট সংখ্যক লোক নিয়োজিত হয়। এইদৰে ৰাজ্যখনত তৃতীয়ক বৃত্তিয়ে ক্রমে প্রসাৰ লাভ কৰিবলৈ ধৰে। সম্প্রতি বেংক, বিত্তীয় প্রতিষ্ঠান, গৱেষণা প্রতিষ্ঠান, যোগাযোগ আৰু প্ৰচাৰ মাধ্যম আদিৰ দ্রুত সম্প্রসাৰণ ঘটাত চতুর্থক বৃত্তিতো কর্মীৰ সংখ্যা বাঢ়িব লাগিছে । এইদৰে সময়ৰ সোঁতত ঘটা সামাজিক তথা অর্থনৈতিক পৰিৱর্তনে দেশ-বিদেশৰ লগতে আমাৰ ৰাজ্যখনত আর্থিক কাম-কাজ, অর্থাৎ বৃত্তিগত ক্ষেত্ৰখনলৈ ব্যাপক পৰিৱৰ্তন আনিছে।
৯। আমাৰ ৰাজ্যখনৰ বৃত্তিগত ক্ষেত্ৰখনলৈ পৰিৱৰ্তন অনা কাৰক কিছুমান উল্লেখ কৰা।
উত্তৰঃ আমাৰ ৰাজ্যখনৰ বৃত্তিগত ক্ষেত্ৰখনলৈ পৰিৱৰ্তন অনা কাৰকসমূহ হ’ল-
1) উত্তৰ- বেংক, বিত্তীয় প্রতিষ্ঠান, গৱেষণা প্রতিষ্ঠান, যোগাযোগ আৰু প্ৰচাৰ মাধ্যম আদিৰ দ্রুত সম্প্রসাৰণ।
2) বিশ্বায়নৰ প্ৰভাৱ। 
3) থলুৱা বজাৰৰ বিকাশ সাধন।
4) অৰ্থনৈতিক পৰিৱৰ্তশীল নীতি।
5) বহিৰাগত শ্ৰমিকৰ প্ৰব্ৰজন। 


 


ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)

Check By: Himashree Bora.