কৃষি

সপ্তম অধ্যায়

চমু প্ৰশ্ন উত্তৰঃ-

১। কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি দুই প্ৰকাৰৰ। যেনে- 

(i) স্থায়ী কৃষি (Permanent Agriculture)

(ii) ঠাই সলনি কৃষি বা ঝুম কৃষি (Shifting Agriculture)


২। কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষিক কেই প্ৰকাৰত বিভক্ত কৰিব পাৰি আৰু কি কি?

উত্তৰঃ কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষিক দুই প্ৰকাৰত বিভক্ত কৰিব পাৰি। যেনে-

(i) বিশাল বা বিস্তিত কৃষি (Large-scale or Extensive Agriculture)

(ii) ক্ষুদ্ৰ বা গহণ কৃষি (Small-scale or Intensive Agriculture)


৩।আৰ্থিক দিশৰ পৰা কৃষি কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ আৰ্থিক দিশৰ পৰা কৃষি দুই প্ৰকাৰৰ। যেনে- 

(i) বাণিজ্যিক কৃষি (Commercial Agriculture)

(ii) আত্মনিৰ্ভৰশীল কৃষি (Subsistence Agriculture)


৪। মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি দুই প্ৰকাৰৰ। যেনে-

(i) শুষ্ক কৃষি (Dry Farming)

(ii) আৰ্দ্ৰ কৃষি (Wet Farming)


৫। স্থায়ী কৃষি কাক বোলে?

উত্তৰঃ সাধাৰণতে সমভূমি অঞ্চলবোৰত মানুহে স্থায়ীভাবে বসতি কৰে আৰু তাৰ খেতি পথাৰত খেতি ও স্থায়ীভাৱে কৰে । একোখন ঠাইত স্থায়ীভাৱে কৰা এনে কষিকে স্থায়ী কৃষি বোলে ǀ


৬। ঠাই সলনি কৃষি বা ঝুম কৃষি কাক বোলে?

উত্তৰঃ ক্ৰান্তীয় উচ্চ ভূমি অঞ্চলৰ বাসিন্দাসকলে পাহাৰ-পৰ্বতৰ ঢালত অস্থায়ীভাৱে খেতি কৰে পাহাৰ-পৰ্বতৰ ঢালত থকা হাবি-বন মুকলি কৰি একেডৰা মাটিত ২-৩ বছৰৰ বাবে অস্থায়ীভাৱে খেতি কৰে। তাৰ পিছত সেই ঠাই এৰি পুনৰ একে পদ্ধতিৰে অন্য ঠাইত খেতি কৰে। এনে খেতিক ঠাই সলনি খেতি বা ঝুম খেতি বুলি কোৱা হয় ভাৰতৰ প্ৰায় সকলোবোৰ পাহাৰীয়া অঞ্চলতে এনে খেতি দেখা যায়। উত্তৰ- পূর্বাঞ্চলৰ অৰুণাচল প্রদেশ, নাগালেণ্ড , মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ পাহাৰীয়া অঞ্চলবোৰ জনজাতীয় লোকসকলে এনে খেতি কৰে ǀ


৭। বিস্তৃত কৃষি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ যিবোৰ দেশত জনসংখ্যাৰ তুলনাত কৃষিভূমিৰ পৰিমাণ অধিক সেইবোৰ দেশত বিশাল ক্ষেত্ৰত কৃষিকার্য কৰা হয়। বিশাল কৃষিক্ষেত্ৰত আধুনিক যন্ত্রপাতিৰে কৃষিকার্য সম্পাদন কৰা হয়। এনে কৃষিক বিস্তৃত কৃষি বুলি কোৱা হয়।


৮। ক্ষুদ্ৰ বা গহণ কৃষি কাক বোলে?

উত্তৰঃ এয়া এনে ধৰণৰ কৃষি য'ত কৃষকে সীমিত পৰিমাণৰ কৃষিভূমিত কম সময়ৰ ভিতৰত অধিক উৎপাদনৰ বাবে বহু সংখ্যক শ্ৰমিক, মূলধন আদি বিনোয়গৰ লগতে উন্নত মানৰ বীজ, উৎকৃষ্ট সাৰ, যথেষ্ট পৰিমাণৰ পানী আদি ব্যৱহাৰ কৰে । তাকে ক্ষুদ্ৰ বা গহণ কৃষি বুলি কোৱা হয়।


৯। বাণিজ্যিক কৃষি কাক বোলে?

উত্তৰঃ  যি কৃষিৰ অন্তৰ্গত কৃষিজাত সামগ্ৰীসমূহ ঘৰুৱা ভাৱে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বিক্ৰীৰ ব্যৱস্থা কৰা হয়, তেনে কৃষিক বাণিজ্যিক কৃষি বুলি কোৱা হয় । উদাহৰণস্বৰুপে, ৰবৰ, চাহ, কফি, কপাহ, কুঁহিয়াৰ ইত্যাদি ।


১০। আত্মনিৰ্ভৰশীল কৃষি কাক বোলে?

উত্তৰঃ অৰ্থনৈতিকভাৱে পিছপৰা ভিতৰুৱা ঠাইবিলাকত দুখীয়া কৃষকসমাজে পৰম্পৰাগতভাৱে খেতি-বাতি কৰে। তেওঁলোকৰ মাটিৰ পৰিমাণো কম আৰু খেতিত মূলধনৰ বিনিয়োগো সামান্য। সাধাৰণতে নিজৰ দৈহিক শ্ৰম প্ৰয়োগ কৰি পৰম্পৰাগত পদ্ধতিৰে নিজে খাই-বৈ থকাৰ কাৰণে মানুহে যি খেতি কৰে তাকে আত্মনিৰ্ভৰশীল কৃষি বোলা হয়।


১১। শুষ্ক কৃষি কাক বোলে?

উত্তৰঃ শুকান অঞ্চল য'ত বৃষ্টিপাত কম হয় আৰু বছৰৰ বেছিভাগ সময়ত মাটিভাগ শুকান হৈ থাকে। তেনে অঞ্চলত কৰা কৃষি কৰ্মক সাধাৰণতে শুষ্ক কৃষি বুলি কোৱা হয়।


১২। আৰ্দ্ৰ কৃষি কাক বোলে?

উত্তৰঃ আৰ্দ্ৰ কৃষি হৈছে সাধাৰণতে অধিক বৰষুণ হোৱা এলেকাবোৰত সেই বৰষুণৰ পানী ব্যৱহাৰ কৰি কৰা কৃষিকাৰ্য। আৰ্দ্ৰ কৃষিৰ মুখ্য শস্য - খেতিৰ বাবে অধিক পানীৰ প্ৰয়োজন হোৱা শস্যবোৰ এই কৃষি প্ৰণালীত খেতি কৰা হয়। তাকে আৰ্দ্ৰ কৃষি বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, ধান, পাট, কুঁহিয়াৰ আদি হৈছে এই কৃষিৰ মুখ্য শস্য।


১৩। ৰোপণ কৃষি কাক বোলে?

উত্তৰঃ এক বৃহৎ এলেকা সামৰি আধুনিক যন্ত্ৰপাতি, বৃহৎ সংখ্যক লোক আৰু বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰেৰে এক বিশেষ শস্যৰ খেতি কৰাকে ৰোপণ কৃষি বুলি কোৱা হয়।


১৪। যৌথ কৃষি কাক বোলে?

উত্তৰঃ  কৃষি ভূমিকে ধৰি কৃষিকাৰ্যৰ উপকৰণ সমূহৰ মালিকানা আৰু কৃষিকার্যত সামূহিক শ্রম বিনিয়ােগ কার্যক মূল আধাৰ হিচাপে লৈ যি কৃষি ব্যবস্থা গঢ়ি উঠে তাকে যৌথ কৃষি বােলে।


১৫। উদ্যান কৃষি কাক বোলে?

উত্তৰঃ উদ্যান শস্য বুলি ক'লে সাধাৰণতে ফল-মূল,শাক-পাচলি, আলুজাতীয় শস্য, বিভিন্ন ধৰণৰ ফুল, ঔষধি তথা সুগন্ধি গছ-পাত আদিক উদ্যান শস্য কোৱা হয় আৰু এইবোৰ শস্য সাধাৰণতে উদ্যান পাতি কৰা হয়। ইতিমধ্যে পৃথিৱীৰ সকলো দেশতে উদ্যান শস্যৰ খেতি লাভজনক হিচাপে পৰিগণিত হোৱাৰ লগতে বহুতো দেশৰ অর্থনীতি উদ্যানশস্যভিত্তিক হৈ পৰাও দেখা গৈছে।


১৬। বজাৰকেন্দ্ৰিক কৃষি কাক বোলে?

উত্তৰঃ ওচৰ-পাজৰৰ নগৰ আৰু চহৰসমূহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ফল-মূল, শাক-পাঁচলি আৰু ফুলৰ খেতি কৰাকে বজাৰকেন্দ্ৰিক কৃষি বুলি ক'ব পাৰি।


১৭। চমুটোকা লিখাঃ-

(ক) ধান

উত্তৰঃ ধানঃ ধান হৈছে এবিধ খাদ্যশস্য। অসমৰ লগতে ভাৰত তথা প্ৰাচ্যৰ বিভিন্ন দেশত জনপ্ৰিয় ধানৰ প্ৰজাতিটো হৈছে Oryza sativa, যাক সচৰাচৰ এছিয় ধান (Asian rice আৰু চমুকৈ Rice) বোলা হয়। ভাৰতবৰ্ষত প্ৰধানকৈ চাৰিবিধ ধানৰ খেতি কৰা হয়। যেনে - শালিধান, আহুধান, বাওধান আৰু বড়োধান।       

শালিধান : শালিধান সচৰাচৰ আহাৰ-শাওন মাহৰ আৰম্ভণিতে ৰোৱা হয় আৰু কাতি আঘোন মাহত চপোৱা হয়। শালিধান কেইবাবিধৰো আছে। ঠাই বিশেষে মাটিৰ উৰ্বৰতা আৰু জলবায়ু অনুযায়ী বেলেগ বেলেগ শালিধানৰ খেতি কৰা হয়। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত ধানৰ ২ ৩ অংশ শালিধান। শালিধানৰ খেতিয়ে বেছি সময় লয়। এই খেতি দ্বি-ৰোপণ পদ্ধতিৰে কৰা হয়। এই খেতি প্ৰধানকৈ গ্ৰীষ্মকালত পানীৰে উপচি পৰা নিম্নভূমি অঞ্চলত কৰা হয়।

আহুধান : চ'ত বহাগ মাহত অৰ্থাৎ বাৰিষাৰ ঠিক আগে আগে চহ কৰি এইবিধ ধান সিঁচি দিয়া হয়। আহাৰ শাওন মাহত আহুধান চপাব পৰা হয়। আহুধানৰ খেতিত আৰম্ভণিতে শালিধানৰ দৰে অধিক বৃষ্টিপাতৰ প্ৰয়োজন নহয়। কিন্তু মাজে মাজে দুই এজাক কিনকিনিয়া বৰষুণৰ প্ৰয়োজন। বৰষুণএকেবাৰে নহ'লে আহুধানৰ বীজ শুকাই যায়। আহুধানৰ বাবে ওখ মাটিৰৰ প্ৰয়োজন। এই খেতি জলসিঞ্চন পদ্ধতিৰেও কৰা হয়। আহুধানৰ গড় উৎপাদন শালিধানতকৈ কম। এই ধানৰ চাউল শালিধানৰ চাউলতকৈ মোটা আৰু ৰঙা। সেয়ে ইয়াৰ চাহিদা কিছু কম।

বড়োধান : এই ধানৰ খেতি পানী জমা হোৱা দ-ঠাইত কৰা হয়। এই খেতি শীতকালত কৰা হয়। পুহমাহৰ শেষত বা মাঘমাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘমাহৰ শেষত বা ফাগুণ মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়। বড়ো ধানৰ খেতিৰ কাৰণে বেছি দীঘলীয়া দিনৰ প্ৰয়োজন নহয়। পিতনি, খাল, বিল আদিৰ কাষৰীয়া দ ঠাই চহাই বড়োধানৰ খেতি কৰা হয়। বৰ্তমান অগভীৰ নলী নাদেৰে (Shallow Filter) পানী যোগান ধৰি কিছু ওখ আৰু চৰচাপৰি এলেকাতো বহুলভাৱে বড়োধানৰ খেতি কৰিবলৈ লৈছে।

বাওধান : বাওধানৰ বাবে শালিধানৰ দৰেই দ মাটিৰ প্ৰয়োজন। পিতনি, হোলা বা সদায় পানী বন্ধ হৈ থকা ঠাইৰ ওচৰে-পাজৰে এই ধান ৰোৱা হয়। বাওধানৰ খেতিৰ কাৰণে সময় বেছি লাগে। সাধাৰণতে আঘোন মাহৰ শেষৰ পৰা পুহ মাহৰ শেষলৈকে এই ধান কাটিব পাৰি। এই ধানৰ উৎপাদন কিছু কম।


(খ) ঘেহুঁ

উত্তৰঃ ঘেহুঁঃ পৃথিৱীৰ বেছিভাগ মানুহৰে ঘেহুঁ প্ৰধান খাদ্য। ভৌগোলিক দিশৰ পৰাও  ইয়াৰ খেতি  বেছি বিস্তৃত। সমতল অঞ্চলৰ আলতীয়া আৰু বালিঅঁহীয়া মাটিভাগ ঘেহুঁ খেতিৰ বাবে উপযোগী। এই খেতিৰ বাবে ৫০-১০০ চেন্টিমিটাৰ পৰিমাণৰ বাৰ্ষিক বৃষ্টিপাতৰ প্ৰয়োজন। নাতিশীতোষ্ণ অঞ্চল ঘেহুঁ খেতিৰ বাবে উপযোগী।  শীত প্ৰধান ঠাইবোৰত এই খেতি কৰিবলৈ হ'লে বছৰটোৰ কমেও তিনিমাহকাল ঠাইখন বৰফমুক্ত হ'ব লাগিব। আজিকালি অৱশ্যে কম বৰষুণ হোৱা ঠাইতো জলসিঞ্চনৰ যোগেদি ঘেহুঁ খেতি কৰা হয়। প্ৰধানকৈ চীন, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, কানাডা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাৰ্মানি, পাকিস্তান আদি দেশত ঘেহুঁ খেতি কৰা হয়। ভাৰতৰ গংগা উপত্যকা এই খেতিৰ বাবে প্ৰখ্যাত। পৃথিৱীৰ দেশবোৰৰ ভিতৰত চীন দেশতে সৰ্বাধিক পৰিমাণৰ ঘেহুঁ উৎপাদন হয়। তাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আদিৰ স্থান।


(গ) কুঁহিয়াৰ

উত্তৰঃ কুঁহিয়াৰঃ কুঁহিয়াৰ এবিধ ক্ৰান্তীয় অঞ্চলৰ বাণিজ্যিক শস্য। ইয়াৰ বাবে উৰ্বৰ বালিঅঁহীয়া মাটি বিশেষভাৱে উপযোগী। উষ্ণতা ২০॰ ছেলচিয়াছ- ২৭॰ ছেলচিয়াছৰ ভিতৰত আৰু বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ১০০-১৫০ চেন্টিমিটাৰ হ'লে ভাল। কুঁহিয়াৰ খেতিৰ বাবে পৰ্যাপ্ত সূৰ্যৰ কিৰণৰ প্ৰয়োজন। তুষাৰপাত এই খেতিৰ বাবে অপকাৰী। কুঁহিয়াৰ এবিধ ঔদ্যোগিক শস্য। ইয়াক ৰোপণ কৃষিৰ ভিতৰত ধৰা হয়। কুঁহিয়াৰ চেনি শিল্পৰ প্ৰধান কেঁচামাল। সেয়ে কুঁহিয়াৰ খেতি হোৱা অঞ্চলবোৰত সাধাৰণতে চেনি শিল্প গঢ়ি উঠে। পৃথিৱীৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলবোৰত প্ৰধানকৈ কুঁহিয়াৰ খেতি কৰা হয়। কুঁহিয়াৰ উৎপাদনকাৰী দেশবোৰৰ ভিতৰত ব্ৰাজিল, ভাৰত, চীন, থাইলেণ্ড, কিউবা, মেক্সিক' আদি প্ৰধান। তদুপৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপ হাৱাই, ফিজি আদিতো কুঁহিয়াৰ খেতি ভাল হয়। কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ব্ৰাজিল আৰু ভাৰতৰ স্থান শীৰ্ষত।




Author By: Pompi Hazarika







Post ID : DABP005017