স্বদেশ প্ৰেম
👉Text Book PDF
👉MCQ Online Exam
👉Short Question Answer
👉MCQs Answer
* অৰ্থৰ সৈতে চিনাকী হওঁ আহাঁ
শিলাময় = শিলৰ দৰে কঠোৰ,অনুভূতিহীন
উথলি = ওফন্দি উঠি
বিভূতি = ধন-সম্পত্তি,ঐশ্বৰ্য, বিভৱ
কাঠ-চিত = কঠিন হৃদয়
১)কবিতাটোৰ সাৰাংশ লিখাঁ।
উত্তৰঃ উক্ত কবিতাটোত পদ্মধৰ চলিহাদেৱে আমাৰ জন্মভূমিৰ কথা বৰ্ননা কৰিছে, যেতিয়া ইংৰাজ কবি চাৰ ৱাল্টাৰ স্কটে আমাৰ দেশ ভ্ৰমণ কৰি উভতি আহে তেতিয়া তেওঁ কৈছিল যে যিজন মানুহে নিজৰ জন্মভূমিক এবাৰো আপোন বুলি কোৱা নাই তেওঁৰ হৃদয়খন শিলৰ দৰে কঠোৰ, যদি কোনোবা মানুহে আনৰ দেশৰ পৰা ফুৰি-চাকি উভতি আহোতে যিজনৰ হৃদয়খন স্বদেশ-প্ৰেমেৰে জ্বলা নাই, তেওঁ হৈছে কঠিন হৃদয়ৰ। তেওঁৰ বাবে কোনো গায়কে উৎসাহ কৰি গীত ৰচনা নকৰে বা নাগায়। যদি তাৰ ডাঙৰ উপাধী বা যিমান ডাঙৰ মানুহে ন'হওক কিয় তেওঁৰ জগতত ফটা-ফুটা নাম। তাৰ যিমানে ধন সম্পদ নাথাকক কিয় তেওঁৰ কিন্তু কোনো সন্মান নাই। এই ধৰণৰ লোক স্বাৰ্থপৰ, দুৰকপলীয়া ইহঁতে জীৱনত খ্য়াতি নাপায়। এওঁলোকে দুগুনে মৰিব আৰু ধূলিৰ লগত মিলি যায় চিন চাব নাইকীয়া হ'ব আৰু ইহঁতৰ বাবে কোনেও চকুলো নোটোকে আৰু সন্মানো নকৰে, কবিসকলে কেতিয়াও এনে লোকৰ গুণ-গৰিমাক লৈ কবিতা ৰচনা নকৰে। যি সকলে নিজৰ জন্মভূমিক প্ৰেম কৰে তেওঁলোক ধন্য়।
২) স্বদেশ-প্ৰেমমূলক কবিতা বুলিলে কি বুজা?
উত্তৰ: যিবোৰ কবিতা নিজৰ দেশক লৈ ৰচনা কৰা হয়। অৰ্থাৎ নিজৰ দেশখনৰ গুণ-গৰিমাৰ আৰু নিজৰ ভালপোৱাক লৈ ৰচনা কৰা হয় তাকে স্বদেশ-প্ৰেমমূলক কবিতা বোলে।
৩) প্ৰথমে কোৱা তাৰ পাছত লিখাঁ।
ক) কবিয়ে কাক শিলাময় বুলিছে?
উত্তৰ: যিসকল লোকে নিজৰ জন্মভূমিক এবাৰো নিজৰ আপোন বুলি ভবা বা কোৱা নাই, তেওঁলোকৰ হৃদয় শিলাময় বুলি কবিয়ে কৈছে।
খ) কাৰ গুন গাবলৈ গায়কৰ উচ্ছ্বাস উথলি নুঠে?
উত্তৰ: যি লোক জন্মভূমিৰ প্ৰতি কঠিন হৃদয়ৰ তেওঁলোকৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উথলি নুঠে।
গ) কোনবোৰ মানুহ ধুলিৰ লগত মিলি যাব আৰু কিয়?
উত্তৰ: যিবোৰ লোক স্বাৰ্থপৰ আৰু দুৰকপলীয়া সেইসকল মানুহ ধূলিৰ লগত মিলি যাব কিয়নো স্বদেশৰ প্ৰতি তেওঁলোকে কোনো সহানুভূতি আৰু ভালপোৱা প্ৰকাশ কৰা দেখা নাযায়।
৪) প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰাঁ।
তাৰ বাবে কেৱেঁ আৰু নোটোকে চকুলো,
কেৱেঁ তাক নকৰে সন্মান;
কবিয়ে কবিতা ৰচি নকৰে নকৰে
কেতিয়াও তাৰ গুন গান।
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ 'আপোন পাঠ' নামৰ পাঠ্যপুথিখনৰ অৰ্ন্তগত 'পদ্মধৰ চলিহাদেৱে' ৰচনা কৰা 'স্বদেশ-প্ৰেম' নামৰ পাঠটিৰ পৰা উৎকলন কৰা হৈছে।
৫ . অসমীয়া ভাষাত ৰচনা কৰা কেইটামান স্বদেশ-প্ৰেমমূলক কবিতাৰ নাম লিখা।
উত্তৰঃ ফুলনি, স্বাৰজ সংঙ্গীত, গীতি-লহৰী আৰু শৰাই আদি।
DIKHA BORA
Check By - Mukesh Borah
Post ID : DABP005870
-------------------------------
বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
-------------------------------