জোনাকী’' জন্ম-কাহিনী


১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ:

ক) কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল?

উত্তৰঃ খ্ৰীষ্টীয় ১৯০১ চনত কটন কলেজ স্থাপন কৰা হৈছিল।


খ) কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা ক’ত ক’ত আছিল?

উত্তৰঃ কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা আছিল তেতিয়াৰ কলিকতা চহৰৰ ৩০ নং মুছলমান পাৰা লেনত, ৫০ নং আৰু ৬২ নং সীতাৰাম ঘোষ ষ্ট্ৰীটত। পিছলৈ ছাত্ৰৰ সংখ্যা বৃদ্ধি পোৱাত মেছৰ সংখ্যাও বাঢ়িছিল। ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীট, ১০১ নং আৰ্মহাষ্ট ষ্ট্ৰীট, মিৰ্জাপুৰ টেংক লেন আদিত নতুন নতুন মেছ কিছুমান গঢ়ি উঠিছিল।


গ) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱা।


ঘ) 'অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ক’ত আৰু কোন চনত অসমীয়া ছাত্ৰসকলে স্থাপন কৰিছিল? ইয়াক চমুকৈ কি নাম দিয়া হৈছিল?

উত্তৰঃ 'অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেছত ১৮৮৮ চনৰ ২৫ আগষ্টত অসমীয়া ছাত্ৰসকলে স্থাপন কৰিছিল। ইয়াক চমুকৈ 'অ.ভা.উ.সা' নাম দিয়া হৈছিল।


ঙ) 'অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম গৰাকী সম্পাদক কোন?

উত্তৰঃ 'অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম গৰাকী সম্পাদক আছিল শিবৰাম শৰ্মা।


চ) 'জোনাকী' আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত কোনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল?

উত্তৰঃ 'জোনাকী' আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত চন্দ্ৰকুমাৰ আগৰৱালাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ।


ছ) 'জোনাকী' যুগৰ ত্ৰিমূৰ্তি কোন কোন?

উত্তৰঃ 'জোনাকী' যুগৰ ত্ৰিমূৰ্তি আছিল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা।


জ) চন্দ্ৰকুমাৰ আগৰৱালাই 'জোনাকী'ৰ আগকথাত কি লিখিছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই 'জোনাকী'ৰ আগকথাত লিখিছিল, "আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য়, দেশৰ উন্নতি, জোনাক।" 


ঝ) 'জোনাকী' আলোচনীৰ প্ৰথম সম্পাদক কোন?

উত্তৰঃ 'জোনাকী' আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।


২) 'টি পাৰ্টি’ মানে কি?

উত্তৰঃ যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত স্বদেশ-প্ৰেম আছিল অসীম। সেয়ে তেওঁলোকে সপ্তাহৰ প্ৰত্য়েক বুধবাৰ আৰু শনিবাৰে যিকোনো এটা মেছত গোট খাই নানা বিষয় আলোচনা কৰিছিল। গোট খোৱা ল'ৰাসকলৰ মাজত ৰং-ধেমালিও হৈছিল আৰু গধুৰ কথাৰো আলোচনা চলিছিল। দেশৰ হিতৰ বাবে কেনে কাম কৰা উচিত সেই বিষয়ে প্ৰায় কথা-বতৰা চলিছিল। এনেদৰে লগ হোৱা কথাটোক তেওঁলোকে 'টি পাৰ্টি' নাম দিছিল।


৩) অ.ভা.উ.সা. সভাৰ বিষয়ে চমুকৈ লিখাঁ।

উত্তৰঃ যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত স্বদেশ-প্ৰেম আছিল অসীম। সেয়ে তেওঁলোকে সপ্তাহৰ প্ৰত্য়েক বুধবাৰ আৰু শনিবাৰে যিকোনো এটা মেছত গোট খাই নানা বিষয় আলোচনা কৰিছিল। গোট খোৱা ল'ৰাসকলৰ মাজত ৰং-ধেমালিও হৈছিল আৰু গধুৰ কথাৰো আলোচনা চলিছিল। দেশৰ হিতৰ বাবে কেনে কাম কৰা উচিত সেই বিষয়ে প্ৰায় কথা-বতৰা চলিছিল। এনেদৰে লগ হোৱা কথাটোক তেওঁলোকে 'টি পাৰ্টি' নাম দিছিল। ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেছত বহা 'টি পাৰ্টী' এটাতে কলিকতাত অধ্য়য়নৰত ছাত্ৰসকলে গঠন কৰিছিল 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' নামৰ এটি অনুষ্ঠান। অনুষ্ঠানটিক চমুকৈ তেওঁলোকে 'অ.ভা.উ.সা. সভা' নাম দিছিল।  


৪) অ.ভা.উ.সা. সভাৰ উল্লেখযোগ্য আঁচনিসমূহ কি কি?

উত্তৰঃ 

(ক) ১৮৯১ চনত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অভিধান প্ৰকাশৰ বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰাথমিক কাৰ্যব্য়ৱস্থা গ্ৰহণ কৰে।

(খ) ৰাজকীয় কাৰ্যত অসমীয়া ভাষা বেছিকৈ চলাবৰ নিমিত্তে প্ৰাৰ্থনা কৰি সভাৰ কলিকতাৰ হাইক'ৰ্টৰ পঞ্জীয়কলৈ দৰ্খাস্ত কৰা।

(গ) সমসাসয়িক বিশিষ্ট লেখক যেনে- গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিক সম্বৰ্দ্ধনা জনোৱা।

(ঘ) কলিকতাত অসমীয়া পুথিৰ এটা পুথিভঁৰাল গঢ়াৰ যত্ন কৰা।

(ঙ) কলিকতাত অসমীয়া নাটকৰ অভিনয় কৰা, আদি।


৫) 'জোনাকী' আলোচনীৰ প্ৰথম সংখ্যাত কি কি প্ৰকাশ পাইছিল?

উত্তৰঃ 'জোনাকী' প্ৰথম সংখ্য়াত চন্দ্ৰকুমাৰ আগৱালাই 'জোনাকী' আৰু 'বনকুঁৱৰী' নামৰ দুটা পদ্য, লক্ষ্মীনাথ বেজবৰুৱাই 'লিতিকাই' নামৰ নাটক, ৰত্নেশ্বৰ মহন্তই আনন্দৰাম বৰুৱা জীৱনী আৰু কমলাকান্ত ভট্টাচাৰ্যই 'জাতীয় উন্নতি' নামৰ প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰি 'জোনাকী আত্মকথা' আৰু কেইটিমান সাঁথৰো ছপা হৈছিল।


৬) প্ৰসংগ-সংগতি দশাই বাখ্যা কৰাঁ :

ক) "আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য, দেশৰ উন্নতি জোনাক।”

উত্তৰঃ

প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্য়পুথিৰ আপোন পাঠৰ "জোনাকী'ৰ জন্ম-কাহিনী"ৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ ১৮৮৯ চনত যেতিয়া কলিকতাৰ পৰা 'জোনাকী প্ৰকাশ হৈ ওলাল, তেতিয়া চন্দ্ৰকুমাৰ আগৰৱালাই এই কথাষাৰ 'জোনাকী'ৰ আগকথাত লিখিছিল।

ব্য়খ্য়াঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে বিশেষভাবে সহযোগিতা আগবঢ়াইছিল হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাই। এই তিনিও গৰাকীকে 'জোনাকী' যোগৰ ত্ৰিমূৰ্তি আখ্য়া  দিয়া হৈছিল। ১৮৮৯ চনত যেতিয়া কলিকতাৰ পৰা 'জোনাকী' প্ৰকাশ হৈ ওলাল, তেতিয়া চন্দ্ৰকুমাৰ আগৰৱালাই 'জোনাকী'ৰ আগকথাত লিখিলে, "আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য়, দেশৰ উন্নতি, জোনাক।


খ) "জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সুচনা হৈছিল বুলিব পাৰি।”

উত্তৰঃ প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্য়পুথিৰ আপোন পাঠ "জোনাকী'ৰ জন্ম- কাহিনী"ৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ব্য়াখ্য়াঃ জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্য়ত এটা নতুন যুগৰ সূচনা হৈছিল বুলিব পাৰি। কাৰণ 'জোনাকী'ৰ আলোচনীৰ যোগেদি পিছপৰা অসমীয়া ভাষা সাহিত্য়ৰ বিকাশৰ বাবে সকলো উঠি পৰি লাগিছিল। কলিকতাত পঢ়িবলৈ গৈ প্ৰচুৰ ইংৰাজী সাহিত্য় অধ্য়য়ন কৰি ছাত্ৰসকলে অসমীয়া সাহিত্য়লৈও নতুন নতুন চিন্তা বোৱাই আনিছিল। 'জোনাকী'য়ে কলিকতা লগতে অসমৰ ঠায়ে ঠায়ে বহুলভাবে প্ৰচাৰ লাভ কৰিছিল। 

    'জোনাকী'ৰ আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। 'জোনাকী'ৰ প্ৰথম সংখ্য়াত চন্দ্ৰকুমাৰ আগৰৱালাই 'জোনাকীৰ আৰু বনকুঁৱৰী' নামৰ দুটা পদ্য়, লক্ষ্মীনাথ বেজবৰুৱাই 'লিতিকাই' নামৰ নাটক, ৰত্নেশ্বৰ মহন্তই আনন্দৰাম বৰুৱাৰ জীৱনী আৰু কমলাকান্ত ভট্টাচাৰ্যই 'জাতীয় উন্নতি' নামৰ প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰি জোনাকীৰ আত্মকথা আৰু কেইটিমান সাঁথৰো ছপা হৈছিল।


৭) শিক্ষকৰ সহায়ত জানি লোৱা।

ক) হেমচন্দ্ৰ গোস্বামী            খ) চন্দকুমাৰ আগৰৱালা

গ) লক্ষ্মীনাথ বেজবৰুৱা          ঘ) পদ্মনাথ গোহাঞি বৰুৱা

ঙ) ৰজনীকান্ত বৰদলৈ

৮) বিপৰীত শব্দ লিখাঁ

উচ্চ -     নিম্ন।

স্বদেশ - বিদেশ।

অসীম - সসীম।

নতুন - পুৰণি।

গ্ৰহণ - ত্য়াগ।

গধুৰ - পাতল।

পৰাধীন - স্বাধীন।

উচিত - অনুচিত।

উন্নতি - অনুন্নতি।


৯)বাক্য ৰচনা কৰাঁ :

পঢ়া-শুনা, ৰং-ধেমালি, ভাষা-সাহিত্য, কথা-বতৰা।

পঢ়া-শুনা---     ল'ৰা-ছোৱালিয়ে পঢ়া-শুনা  কৰিলেহে পৰীক্ষাত ভালকৈ উত্তীৰ্ন হব।

ৰং-ধেমালি--    বহাগ বিহুত হাঁহি ফূৰ্তি ৰং-ধেমালি  কৰে।

ভাষা-সাহিত্য়-  শংকৰদেৱে  ভাষা-সাহিত্য়  ৰচনা কৰিছিল।

কথা-বতৰা---   ককায়েক-ভায়েকৰ মাজত কথা- বতৰা  চলিছে।


১০) একে অৰ্থ বুজোৱা শব্দ লিখাঁ :

প্ৰীতি -   মৰম।

ঘাই -     প্ৰধান।

যত্ন -     আদৰ।

দৰ্খাস্ত - আবেদন।

সূচনা - প্ৰস্তাৱনা।


Hirak Jyoti Bora.

Check by - Mukesh Borah



Post ID : DABP005871


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------