শ্ৰী শংঙ্কৰদেৱ

১) কবিতাটোৰ সাৰাংশ লিখা্ঁঃ

উত্তৰঃ কবিয়ে ধ্যানমগ্ন যোগী অৰ্থাৎ মহাপুৰুষ শংকৰদেৱৰ গুণ-গৰিমা এই কবিতাটোৰ জৰিয়তে কয়ছে। আমাৰ এই প্ৰৱিত্ৰ ভূমিত শংকৰদেৱে স্বৰ্গৰ বাতৰি আমি এই মত্যখন প্ৰৱিত্ৰ কৰিলে। ভক্তিৰ সোঁত বুৱাই, ধৰ্ম, ভাষা আদিৰ জ্ঞান আমাক দি জীৱন দান কৰিছা। তোমাৰ জীলনা লিখিবলৈ এই জগতত কাৰো সাদ্য নাই। অসমৰ ৰীতি-নীতি, সদাচাৰ, ধৰ্মভাৱ আদি সৎ গুণ তুমায়ে এই পৃথিৱীৰ মানুহবিলাকক বিলাই দিলা। বেদ-উপনিষদ আদি লিখি  ক্ষুদ্ৰ স্বাৰ্থ, ভিন ভাৱ আতৰাই সকলোকে জ্ঞানী, কৰ্মবীৰ কৰি তুলিলা। 

২) কবিয়ে শ্ৰী শংকৰদেৱক কিয় অতীতৰ ধ্যানমগ্ন যোগী বুলি কৈছে?

উত্তৰঃ শংকৰদেৱক অতীতৰ ধ্যান মগ্ন যোগী বুলি কৈছে কাৰণ- শংকৰদেৱে অসমক বহু মূল্যৱান বস্তুৰে উপচায় থৈ গৈছে।

৩) প্ৰথমে কোৱা্ঁ, তাৰ পিছত লিখা্ঁঃ

ক) স্বৰ্গৰ বাতৰি দেৱ-মৰতলৈ কোনে আনিলে?

উত্তৰঃ স্বৰ্গৰ বাতৰি মহাপুৰুষ শংকৰদেৱে মৰতলৈ আনিলে।

খ) অসমৰ ঘৰে ঘৰে কি বাজি উঠিছে বুলি কবিয়ে কৈছে?

উত্তৰঃ  অসমৰ ঘৰে ঘৰে মধুৰ ঝঙ্কাৰ বাজি উঠিছে।

গ) বেদ-উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰী শংকৰদেৱে কি কৰিলে?

উত্তৰঃ বেদ-উপনিষদৰ পৰা বাছি-বাছি ফুল তুলি শ্ৰী শংকৰদেৱে মালাধাৰি গাঁথিলে।

ঘ) আমি কাৰ বলেৰে বলীয়ান হৈ আগুৱাই যাম?

উত্তৰঃ আমি শ্ৰী শংকৰদেৱৰ বলেৰে বলীয়ান হৈ আগুৱাই যাম।

ঙ) মৰুময় সংসাৰ বুলিলে কি বুজা?

উত্তৰঃ আমাৰ এই পৃথুৱাখনক বুজো।

৪) “তোমাৰ জীৱনী  দেৱ ! লিখে এনে সাধ্য কাৰ,

   গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ  !”- ইয়াত কাৰ জীৱনী অসমজুৰি বিস্তৃত বুলি কবিয়ে কৈছে ?কিয় এনেদৰে বিয়পি পৰিছে?

উত্তৰঃ  গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ  !”- ইয়াত শংকৰদেৱৰ জীৱনীৰ কথা কোৱা হৈছে। শংকৰদেৱে যিমান ভাল কাম কৰি থৈ গৈছে তেওঁৰ বিষয়ে লিখাটো সহজ কথা নহয়। গতিকে কোৱা হৈছে যে তেখেতৰ জীৱনী কোনেও লিখিব নোৱাৰে।  

৫) শ্ৰী শংকৰদেৱৰ বিষয়ে এখনি ৰচনা লিখা্ঁ।

উত্তৰঃ শংকৰদেৱ

জন্মঃ ১৪৪৯ চনত নগাঁও জিলাৰ বৰদোৱাৰ বট্ৰদৱাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত শুক্লা দশমী তিথিত মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জন্ম হয়। মাকৰ নাম সত্যসন্ধা, আৰু দেউতাকৰ নাম কুসুম্বৰ ভূঞা। জন্মৰ পাছতে মাক দেউতাকৰ দেহাৱসান হয়। বুঢ়ীমাক খেৰখুটীয়ে ডাঙৰ- দীঘল কৰে।

বাল্যকালঃ শংকৰদেৱ সৰুতে বৰ সাহসী আছিল। তেখেতে এবাৰ এটা ষাডঁগৰু শিংত ধৰি বগৰাই দিছিল। এবাৰ ব্ৰহ্মপুত্ৰ সাতুৰী পাৰ হৈছিল। এবাৰ এটা শিঙি মাছ ধৰি লগৰবোৰক দেখুৱাই আকৌ পানীত এৰি দিছিল।

শিক্ষাঃ তেখেতে ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত পঢ়বলৈ গৈছিল। তেখেতে বহু কম দিনৰ ভিতৰতে ১৪ শাস্ত্ৰ, ১৭ পুৰাণ, আৰু ৪ বেদৰ শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে স্বৰচিহ্ন নোহোৱাকৈ এচি কবিতা লিখিছিল। কবিতাটো হ'ল-

কৰতল কমল, কমলদল নয়ন।

ভৱদব দহন, গহন বন শয়ন।।

নপৰ নপৰ পৰ সতৰত গময়।

সভয় মভয় ভয় মমহৰ সততয়।।

শৰতৰ বৰশৰ হতদশ বদন

সগচৰ নগচৰ ফনধৰ শয়ন

জগদ ঘম পহৰ ভৱ ভয় তৰন

পৰপদ লয়কৰ কমলজ নয়ন।

তেখেতে লিখা এই কবিতাটো তেখেতৰ শিক্ষকে বহুত প্ৰশংসা কৰিছিল। 

বিবাহঃ ১৮ বছৰ বয়সত শংকৰদেৱে হৰিবৰগিৰিৰ কন্যা সূৰ্যৱতীক বিয়া কৰায়। বিয়াৰ ৩ বছৰৰ পাছত তেখেতৰ মনু নামৰ এজনী কন্যা সন্তান জন্ম হয়। মনুৰ ৯ মান বয়সতে সূৰ্যৱতী আই অকাল মৃত্যু ঘটে। সৃৰ্যৱতী আই মৃত্যুৰ পাছত শংকৰদেৱৰ মনত বৈৰাগ্য উপজে। 

নামঘৰ, সত্ৰ আদি স্থাপনঃ  শংকৰদেৱে বৰদোৱা বৰপেটা আদি স্থানত নামঘৰ, মণিকূট আদি স্থাপন কৰিছিল। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কৰিছিল। তেখেতে মাজুলীত কমলাবাৰী সত্ৰ, বেঙেনাআটি সত্ৰ আদি স্থাপন কৰিছিল।

সাহিত্য জগতলৈ অৱদানঃ শংকৰদেৱে প্ৰথম অংকীয়া নাট ৰচনা কৰিছিল চিহ্ন যাত্ৰা। তেখেতৰ বাকী ৬ খন অংকীয়া নাট হ'ল পকাকেৰুপাৰা। অৰ্থাৎ পত্নী প্ৰসাদ, কালীয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰামবিজয়। তেখেতেৰ সত্ৰীয়া নৃত্যই ২০০০ চনত সত্ৰীয়া নৃত্য হিচাপে স্থান পাইছিল। তেখেতে ৪১২ টা বৰঘীত ৰচনা কৰিছিল। আৰু ৫০০ খন গ্ৰন্থ লিখিছিল। তেখেতৰ ধৰ্নগ্ৰন্থ খন হ'ল কীৰ্তন। ইয়াৰ উপৰিও তেখেতৰ  আন আন পুথিসমূহ হ'ল দশম, ৰত্নমালা, আদি। তেখেতে  কৃষ্ণৰ বিষয়ে এটা বৰগীত ৰচনা কৰিছিল।

 মৃত্যুঃ শংকৰদেৱে ১৫৬৯ চনত মহাপুৰুষ শংকৰদেৱৰ  ১২০ বছৰ কাল জীয়াই থাকি মৃত্যু হৈছিল। 

সামৰণিঃ শ্ৰীমন্ত শংকৰদেৱ মৰিও অমৰ । তেখেতে অসমীয়া জাতিক সকলো ফালৰ পৰা জাকত- জিলিকা কৰি থৈ গৈছে।


DIKHA BORA


Post ID : DABP005887


বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক