ত্রয়ােদশ শতিকাৰপৰা যােড়শ শতিকালৈ অসমত আহােমৰ শাসন


১। সম্পূর্ণ বাক্যত উত্তৰ দিয়া : 

(ক) আহােমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ আহোমসকলে অসমৰ উত্তৰ পূব-সীমান্তৰ পাটকাই পৰ্বত পাচৌ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল।

(খ) কোন কোন দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বােলা হয় ? 

উত্তৰঃ বৰ্তমানৰ ম্যানমাৰ, চীন আদি দেশক টাই জাতিৰ বসতিস্থল বোলা হয়।

(গ) ম্যানমাৰৰ কোনখন ঠাইৰপৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল ? 

উত্তৰঃ ম্যানমাৰ মাওলুং নামৰ ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।

(ঘ) কিমান খ্রি.ত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহােম ৰাজত্বৰ পাতনি মেলিছিল ? 

উত্তৰঃ ১২৫৩ খ্ৰি.ত।

(ঙ) চুকাফাই অসমত ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুজনৰ নাম লিখ । 

উত্তৰঃ মৰাণ সকলৰ ৰজা বড়ৌচা আৰু বৰাহী সকলৰ ৰজা খামুম্থা।

(চ)   শাসনকার্যত সহায় কৰিবলৈ চুকাফাই কি কি মন্ত্রী পদবীৰ সৃষ্টি কৰিছিল ? 

উত্তৰঃ  শাসন কাৰ্যত সহায় কৰিবলৈ বৰগোহাঁই আৰু বুঢ়াগোঁহাই পদবী সৃষ্টি কৰিছিল।

( ছ ) কিমান খ্রি.ৰপৰা কিমান খ্রি.লৈকে প্রথমবাৰৰ বাবে ৰজা নােহােৱাকৈ আহােম ৰাজ্যৰ শাসন চলিছিল ? 

উত্তৰঃ ১৩৭৬ পৰা ১৯৮০ খ্ৰি.লৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ অসম ৰাজ্য শাসন কৰিছিল।

( জ ) কিমান খ্রি.ত চুডাংফাই ৰাজপাটত আৰােহণ কৰিছিল ? 

উত্তৰঃ ১৩৯৭ খ্ৰি.ত চুডাংফাই ৰাজপাতত আৰোহণ কৰিছিল।

( ঝ ) চুহুংমুঙক কিয় দিহিঙীয়া ৰজা নামেৰেও জনা গৈছিল ?

উত্তৰঃ দ্হিম নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা গৈছিল। 

(ঞ) কোনজন আহােম ৰজাৰ ৰাজত্ব কালত মুছলমানে প্রথমবাৰৰ বাবে অসম আক্ৰমণ কৰে ? 

উত্তৰঃ চুহুঙমুঙ নামৰ আহোম ৰজাৰ ৰাজত্ব কালত মুছলমানে প্ৰথম বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল।

২। ৰাজ্য শাসনৰ সুবিধাৰ বাবে চুহুংমুঙে কি কি স্থানীয় শাসনকর্তাৰ পদবী সৃষ্টি কৰিছিল ? 

উত্তৰঃ ৰাজ্য শাসনৰ সুবিধাৰ বাবে চুহুংমুঙে বৰপাত্ৰগোহাঁই, বৰগোহাঁই, বুঢ়াগোহাঁই, শদিয়াখোৱা গোহাঁই আদি স্থআনীয় শাসনকৰ্তাৰ পদবী সৃষ্টি কৰিছিল। 

৩। চুহুংমুঙে সৃষ্টি কৰা কোৱৰ ফৈদকেইটাৰ নাম উল্লেখ কৰাঁ । তেওঁ কিয় এই ফৈদকেইটাৰ সৃষ্টি কৰিছিল ? 

উত্তৰঃ চুহুংমুঙে সৃষ্টি কৰা কোঁৱৰ ফৈদ কেইটাৰ নাম হ'ল- দিহিঙীয়া, চাৰিঙিয়া, তিপমীয়া, আৰু তুংখুঙীয়া।চুহুংমুঙে দিহিং, চাৰিং, তিপাম আৰু তুংখুং এই চাৰিখন ৰাজ্য পাতিছিল।এই সৰু সৰু ৰাজ্যকেইখনৰ শাসনভাৰ তেওঁৰ চাৰিজন পুতেকৰ হাতত দিছিল তেতিয়াৰ পৰাই এই চাৰিটা কোৱৰ ফৈদৰ সৃষ্টি হয়। 

8 । চুকাফাৰ শাসন ব্যৱস্থা সম্পর্কে এটি চমু বিৱৰণ দিয়া । 

উত্তৰঃ চুকাফাৰ শাসন ব্যৱস্থাঃ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা এজন সাহসী, জ্ঞানী আৰু দৰদৰ্শী ব্যক্তি আছিল।চৰাউদেউত ৰাজধানী পাতি ৰাজ্যৰ শাসনৰ সুবিধাৰ বাবে তেওঁ বৰগোহাঁই আৰু বুঢ়াগোহাঁই দুজন ডাঙৰীয়াৰ পদবী সৃষ্টি কৰিছিল।ৰাজ্য শাসনৰ ক্ষেত্ৰত চুকাফাই কঠোৰ আৰু দয়াশীল, এই দুয়ো ধৰণৰ নীতি মানি চলিছিল।দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হৈছিল।

৫। চুকাফাৰ ৰাজত্বকালৰ গুৰুত্ব সম্পর্কে চমুৱাই আলােচনা কৰাঁ । 

উত্তৰঃ চুকাফাৰ ৰাজত্বকালৰ গুৰুত্বঃ আহোম ৰাজবংশই প্ৰায় ছশ বছৰ ধৰি অসমত ৰাজ্য শাসন কৰিছিল।সময় আগবঢ়াৰ লগে লগে আহোম ৰাজ্যৰ সীমা ক্ষমতা বৃদ্ধি পাইছিল।ডুকাফাই অসমত পোনপ্ৰথমবাৰৰ বাবে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল।১২৬৮ খ্ৰি.ত চুকাফআৰ মৃত্যু হয়।

       আহোমসকলে ৰাজ্য স্থাপন কৰাৰ সময়ত পূৰণি অসমৰ বহুতো সৰু সৰু ৰাজ্য আছিল।এই ৰাজ্য আৰু ৰাজবংশবোৰ একো একোটা গোট আছিল।

৬।চমু টোকা লিখা : 

ক) ত্যাওখামথিঃ  ১৩৮০ খ্ৰী.ত পূৰ্বৰ ৰজাৰ চুখাংফাৰ পুত্ৰ ত্যাওখামথি আহোৰম ৰজা হয়।ত্যাওখামথিৰ দুগৰাকী ৰাণী আছিল।ডাঙৰ গৰাকী ৰাণী ইৰ্ষাপৰাণয় আছিল।তেওঁ সৰু গৰাকী ৰাণীক গৰ্ভৱতী অৱস্থাতে ৰাজ্যৰ পৰা খেদি দিছিল।ডাঙৰগৰাকী ৰাণীৰ এনে কাৰ্যত ৰজাই একো ব্যৱস্থা লোৱা নাছিল।সেয়েহে ডাঙৰীয়াসকলে ডাঙৰগৰাকী ৰাণী আৰু ৰজাক ষড়যন্ত্ৰ কৰি হত্যা কৰে। ত্যাওখামথিৰ পিছত ১৩৮৯ খ্ৰিৰ পৰা ১৯৩৭ খ্ৰীলৈকে আহোম ৰাজপাটত কোনো ৰজা অধিষ্ঠি  হোৱা নাছিল। 

খ) চুডাংফাঃ ১৩৯৭ খ্ৰী.ত চুডাংফা ৰজা হয়।ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘলো হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা যায়।চুডাংফাই শিৱসাৰৰ ওচৰত দিহিং নৈৰ পাৰৰ চৰগুৱা নামে ঠাইত নতুন ৰাজধানী স্থাপন কৰে। চুডাংফাৰ ৰাজত্বকালত তিপাম অঢ্চলৰ লোকসকলে তেওঁৰ ৰাজ্যৰ বিৰোধিতা কৰিছিল।১৮০৭ খ্ৰী.ত চুডাংফাৰ মৃত্যু হয়।চুডাংফাৰ মৃত্যুৰ পাছত ১৪০৭ পৰা ১৪৯৭ খ্ৰিলৈকে চুডাংফা, চুফাক্ফা, চুচেনফা, চুহেনফা, চুপিম্ফা নামৰ পাঁচজন ৰজাই ৰাজত্ব কৰিছিল।

৭। চুহুংমুঙৰ ৰাজত্বকালত মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে এটি বিৱৰণ লিখা ।

উত্তৰঃ চুহুংমুঙৰ সমসীময়িক বংগদেশ মুছলমান শাসকসকল আছিল আলাউদ্দিন হুছেইন ছাহ আৰু তেওঁৰ উত্তৰাধীকাৰীসকল।আলাউদ্দিনৰ পুত্ৰ নছৰৎ ছাহৰ ৰাজত্বকালতেই বৰ উজীৰ নামৰ এজন সেনাপতিৰ নেতৃত্বত মুছলমানে আহোৰ ৰাজ্য আক্ৰমণ কৰে।আহোম ৰাজবংশৰ ৰাজত্বকালত সেয়াই আছিল মুছলমানৰ প্ৰথম অসম আক্ৰমণ।মুছলমান সৈন্যৰ এই আক্ৰমণক আহোম সৈন্যই অতি বীৰত্বৰে প্ৰতিহত কৰিছিল।এই আক্ৰমণৰ কিছু দিনৰ পিছতেই বিত মালিক নামক  মুছলমানৰ  এজন সেনাপতিৰ নেতৃত্বত মুছলমানে পুনৰ অসম আক্ৰমণ কেৰ।দুয়ো পক্ষাৰ মাজত হোৱা যুদ্ধত আহোমে জল লাভ কৰে।যুদ্ধত বিত মালিকৰ মৃত্যু হয়।

       ১৫৩২ খ্ৰি.ত পুনৰ তুৰ্বক নামৰ বংগ দেশৰ সেনাপতি এজনৰ নেতৃত্বত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰে।তুৰ্বকৰ অধীনত এক শক্তিশালী সৈন্য বাহিনী আহিছইল।শিঙৰী, ঘিলাধাৰী, দুইমুলি শিলা ভলী নদীৰ পাৰত অঞ্চল আদি দুয়ো পক্ষৰ  বহু দিনলৈ যুদ্ধ হৈ থাকে।অৱশেষত মুছলমানে সম্পূৰ্ণ ৰূপে পৰাস্ত হৈ।যুদ্ধত তুৰ্বকক প্ৰাণদণ্ড দিয়া হয়।


 

Answer by: Apurba kakati and Arup koch


বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক