ভাৰতত তুর্কী - আফগানৰ শাসন

    👉Text Book PDF
    👉Short Question Answer 
    👉MCQs Answer
    👉MCQ Online Exam

 ১। সম্পূর্ণ বাক্যত উত্তৰ দিয়া : 

 (ক) চুলতান মামুদ কোন ৰাজ্যৰ চুলতান আছিল ?

উত্তৰঃ চুলতান মামুদ গজনী ৰাজ্যৰ চুলতান আছিল।

(খ) কিমান খ্রি.ৰপৰা কিমান খ্রি.লৈকে চুলতান মামুদে সৰ্বমুঠ ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল ? 

উত্তৰঃ ১০০ খ্ৰি.ৰ পৰা ১০২৯ খ্ৰিষ্টাব্দলৈকে চুলতান মামুদে সৰ্বমুঠ ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল।

(গ) চুলতান মামুদৰ আক্ৰমণক বাধা দিয়াৰ বাবে চেষ্টা চলােৱা ভাৰতৰ উত্তৰ - পশ্চিম সীমান্তৰ ৰজাজন আৰু তেওঁৰ ৰাজ্যখনৰ নাম লিখা ।

উত্তৰঃ  চুলতান মামুদৰ আক্ৰমণক বাধা দিয়াৰ চেষ্টা চলোৱা ভাৰতৰ-পশ্চিম সীমান্তৰ আনন্দপাল আৰু তেওঁ ৰাজ্য়খনৰ নাম সাহী।


( ঘ ) ১০২৫ খ্রি.ত চুলতান মামুদে আক্রমণ কৰা ভাৰতৰ বিখ্যাত মন্দিৰটোৰ নাম কি আছিল ? 

উত্তৰঃ ১০২৫ খ্ৰি.ত চুলতানে মামুদে আক্ৰমণ কৰা ভাৰতৰ বিখ্যাত মন্দিৰটোৰ নাম সোমনাথ মন্দিৰ আছিল।


( ঙ ) চাহাবুদ্দিন মহম্মদ নামৰ ব্যক্তিজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত ? 

উত্তৰঃ চাহাবুদ্দিন মহ্ম্দ নামৰ ব্যক্তিজন ইতিহাসৰ পাতত মহম্মদ ঘোৰী নামেৰে বিখ্যাত।


( চ ) মহম্মদ ঘােৰীয়ে কোন অংশইদি ভাৰতত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ মহম্মদ ঘোৰীয়ে হিমালয় পৰ্বতৰ গোমাল অংশইদি ভাৰতত প্ৰৱেশ কৰিছিল।


( ছ ) তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কোন কোন খ্রী.ত সংঘটিত হৈছিল? 

উত্তৰঃ তৰাইনৰ প্ৰথম যুদ্ধ ১১৯১ খ্ৰী.ত আৰু দ্ৱিতীয় যুদ্ধ ১১৯২ খ্ৰী.ত সমঘটিত হৈছিল।


(জ ) ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম লিখা ।

উত্তৰঃ ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম হ'ল-কুতুবুদ্দিন।


( ঝ ) কুতুবমিনাৰৰ নির্মাণকার্য কোনে সম্পূর্ণ কৰােৱাইছিল ? 

উত্তৰঃ কুতুবমিনাৰৰ নিৰ্মাণ কাৰ্য চুলতান উল্যুমিছে সম্পূৰ্ণ কৰোৱাইছিল।


( ঞ ) গিয়াছুদ্দিন বলবনে নিজকে কি বুলি ঘােষণা কৰিছিল ?

উত্তৰঃ গিয়াছুদ্দিন বলবনে নিজকে ঈশ্বৰৰ প্ৰতিনিধি ঘোষণা কৰিছিল। 


( ট ) খিলিজি বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম লিখা । 

উত্তৰঃ খিলিজি বংশ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম হ'ল- জালালুদ্দিন খিজলিজি।


( ঠ ) কিমান খ্রি.ত আল্লাউদ্দিন খিলিজি দিল্লীৰ চুলতান হৈছিল ? 

উত্তৰঃ ১৯৯৬ খ্ৰ্ৰি.ত আলাউদ্দিন খিলিজি দিল্লীৰ চুলতান হৈছিল।


(ড)  ডেকাকালত মহম্মদ বিন টোগলক কি নামেৰে পৰিচিত আছিল ? 

উত্তৰঃ ডেকাকালত মহম্মদ বিন টোকলক জুনা খাঁ নামেৰে পৰিছিত হৈছিল।


(ঢ) টাইমূৰ কোন ৰাজ্যৰ শাসনকর্তা আছিল ? 

উত্তৰঃ টাইমূৰ চৈয়দ ৰাজ্যৰ শাসনকৰ্তা আছিল।


(ণ) ১৫২৬ খ্রি.ত সংঘটিত হােৱা বিখ্যাত যুদ্ধখনৰ নাম লিখা ।

উত্তৰঃ ১৫২৬ খ্ৰি.ত সংঘটিত হোৱা বিখ্যাত যুদ্ধ খনৰ নাম হ'ল পাতিপতৰ যুদ্ধ। 


২. যথাযথ উত্তৰ লিখা : 

(ক ) চুলতান মামুদৰ ভাৰত আক্ৰমণৰ উদ্দেশ্য সম্পর্কে এটা টোকা লিখা । 

উত্তৰঃ চুলতান মামুদৰ ভাৰত আক্ৰমণ উত্তৰ-পশ্চিম সীমান্তত থকা সাহী ৰাজ্য়ৰ ৰজা আনন্দপালে মামুদক বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। সাহী ৰাজ্য়ৰ পতনৰ লগে লগে মামুদৰ ভাৰত বিজয়ৰ পথ মুকলি হৈ পৰে । ধন -সম্পত্তি আহৰণ বাবে মামুদে পঞ্জাব, থানেশ্ৱৰ, কনৌজ, দিল্লী, মথুৰা আদি ঠাইত ধ্ৱংসলীলা চলাইছিল। মামুদৰ এই লুটপাতৰ অভিযানসমূহৰ ভিতৰত ১০২৫ ক্ৰি.ৰ গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ অতি বিখ্য়াত। সোমনাথ মন্দিৰত থকা প্ৰচুৰ ধন-সোণ, মণি-মুক্তা লুট কৰি তেওঁ গজনীলৈ লৈ গৈছিল। মামুদৰ ভাৰত আক্ৰমণে সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক দিশত উপযুক্ত আৰু দক্ষ নেতৃত্ৱৰক অভাৱকে প্ৰমাণ কৰে। ভাৰতীয় ৰজাসকলৰ মাজত একতাৰ অভাৱ, যুদ্ধৰ কৌশলৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ দুৰ্বলতাৰ আদি কাৰণত মামুদে অতি সহজেই ভাৰতত লুটপাত চলাি যাবলৈ সক্ষম হৈছিল। 


( খ ) চুলতান মামুদে সহজেই ভাৰত জয় কৰাৰ কাৰণ সম্পর্কে চমুৱাই লিখা । 

উত্তৰঃ চুলতান মামুদে সহজেই ভাৰত জয় কৰাৰ কাৰণ হৈছে সেই সময়ত ভাৰতৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক দিশত উপযুক্ত আৰু দক্ষ নেতৃত্ৱৰ অভাৱকে প্ৰমাণ কৰে। ভাৰতীয় ৰজাসকলৰ মাজত একতাৰ অভাৱ, যুদ্ধৰ কৌশলৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ দুৰ্বলতা আদি কাৰণত মামুদে অতি সহজেি ভাৰতত লুটপাত চলাই যাবলৈ সক্ষম হয়। 

( গ ) মহম্মদ ঘােৰীয়ে কিয় ভাৰত আক্রমণ কৰিছিল ? 

উত্তৰঃ ভাৰতৰ ঐশ্ৱৰ্য-বিভূতিয়ে বিদেশী আক্ৰমণকাৰীক এই দেশ আক্ৰমণ বাবে আকৰ্ষণ কৰিছিল। মহম্মদ ঘোৰীয়েও তেনে আকৰ্ষণতেই ভাৰত আক্ৰমণ কৰিছিল।

( ঘ ) তৰাইনৰ দ্বিতীয় যুদ্ধৰ ফলাফল ব্যাখ্যা কৰাঁ । 

উত্তৰঃ প্ৰথম যুদ্ধ এবছৰ পিছতে ১১৯২ খ্ৰী.ত মহম্মদ ঘোৰীয়ে নিজৰ সৈন্য়বল বৃদ্ধি কৰি পৃথ্ৱিকৰাজৰ ৰাজ্য় আক্ৰমণ কৰে। সাহসেৰে যুদ্ধ কৰা সত্ত্ৱেও তৰাইনৰ দ্ৱিতীয় যুদ্ধত পৃথ্ৱিৰাজে পৰাজয় স্ৱীকাৰ কৰে। পৃথ্ৱিৰাজক বন্দী কৰি কিছুদিনৰ পিছত তুৰ্কী সেনাই তেওঁক প্ৰাণদাণ্ড দিয়ে এই যুদ্ধত জয়লাভ কৰি মহম্মদ ঘোৰীয়ে দিল্লী আৰু পূব ৰাজস্থানত নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰে। 

( ঙ ) ফিৰােজ ছাহ টোগলকৰ জনহিতকৰ কামৰ বিষয়ে এটি বিৱৰণ লিখা । 

উত্তৰঃ ফিৰোজ ছাহ টোগলকে কৃষি আৰু জনসাধাৰণৰ বাবে পানী যোগানৰ সুবিধা বাবে তেওঁ শতদ্ৰু নদীৰ পৰা হান্সী নামৰ ঠাইলৈ ২০০ কিমি. দীঘল এটা খাল খন্দোৱাইছিল। অমানৱীয় শাস্তি বাতিল, চিকিৎসালয় স্থাপন, ক্ৰীতদাসৰ বাবে হস্তশিল্পৰ কাৰখানা স্থাপন আদি কামৰ জৰিয়তে ফিৰোজ ছাহৰ জনকল্য়াণমূলক কাম-কাজৰ প্ৰমাণ পোৱা গৈছিল।

( চ ) টাইমূৰৰ ভাৰত আক্ৰমণৰ বিষয়ে এটি চমু বিৱৰণ লিখা । 

উত্তৰ: টাইমূৰ মধ্য এছিয়াৰ চমৰখণ্ড ৰাজ্যৰ শাসনকৰ্তা আছিল। তেওঁ এজন দিগ্বীজয়ী বীৰ আছিল। প্ৰাচীন কালৰে পৰা ঐশ্বৰ্যশালী ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ বাবে তেওঁ ১৩৯৮-৯৯ খ্ৰি ত অভিযান চলায়। সেই সময়ত টোগলক বংশৰ শেষ চুলতান নাছিৰুদ্দিন মামুদে দিল্লীত ৰাজত্ব কৰিছিল। ভাৰতৰ উত্তৰ পশ্চিম সীমান্ত অঞ্চলেদি বিনাবাধাই প্ৰবেশ কৰি টাইমূৰৰ সৈন্য বাহিনীয়ে সমগ্ৰ উত্তৰ ভাৰতত ধ্বংসলীলা আৰম্ভ কৰে । ভাৰত অভিযানৰ অন্তত প্ৰচুৰ সা – সম্পত্তি, ধন – সোণ, যুদ্ধ বন্দী আদিসহ টাইমূৰ পুনৰ চমৰখণ্ডলৈ উভতি যায়।

৩. চমু টোকা লিখা : 

( ক ) কুতুবুদ্দিন আইবাকঃ-কুতুবুদ্দিন আইবাক এজন মধ্য  এচিয়াৰ আইবাক গোষ্ঠীৰ এজন মুছলমান তুৰ্কী আছিল । কুতুবুদ্দিন আইবাকে জীৱনৰ প্ৰথম ছোৱাত এজন ক্ৰীতদাস আছিল। কুতুবুদুদিন আইবাকে নিজৰ যোগ্যতাৰ বলত ভাৰত অভিযানৰ সময়ত প্ৰথম সেনাপতি হৈছিল। কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক দাস বংশ নামেৰে জনা গৈছিল । কুতুবুদ্দিনৰ ৰজত্বকালত মুছলমান সাম্ৰাজ্যই উত্তৰ প্ৰদেশ, বিহাৰ,বংগদেশকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত সাম্ৰাজ্য বিস্তৃতি লাভ কৰিছিল । ১২১০ খ্ৰি.ত কুতুবুদ্দিন আইবাকৰ মৃত্যু হৈছিল ।  

( খ ) ইলতুৎমিছঃ- কুতুবুদ্দিনৰ মৃত্যুৰ পিছত ১২১১ খ্ৰি ত ইলতুৎমিছ দাস বংশৰ চুলতান হয়। ইলতুৎমিছো এজন ক্ৰীতদাস আছিল। কুতুবুদ্দিনৰ ৰাজত্বকালত তেওঁ বাদাউন প্ৰদেশৰ শাসনকৰ্তা আছিল। চুলতান হোৱাৰ সময়তে ইলতুৎমিছ বহুতো সমস্যাৰ মুখামুখি হবলগা হৈছিল। ৰন্থাম্ভোৰ, আজমীৰ, গোৱালিয়ৰ আদি ঠাইত ৰাজপুতসকলে বিদ্ৰোহ ঘোষণা কৰে। সেইদৰে সিন্ধু প্ৰদেশৰ শাসক নাছিৰুদ্দিনে , বংগদেশত আলি মৰ্দনে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। আনহাতে ভাৰতত থকা তুৰ্কী আমীৰ – ওমৰাহ সকলেও ইলতুৎমিছৰ বিৰুদ্ধাচৰণ কৰিবলৈ ধৰে। এই সকলোবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ইলতুৎমিছে অতুলনীয় সাহস আৰু দূৰদৰ্শীতা দেখুৱাবলৈ সক্ষম হৈছিল। ইলতুৎমিছৰ দক্ষতাৰ স্বীকৃতি স্বৰূপে বাগদাদৰ খলিফাই তেওঁক ‘চুলতান- ই -আজম’ উপাধি দিছিল। শিক্ষা, শিল্পকলা আদিৰ প্ৰতি ইলতুৎমিছে বিশেষ আগ্ৰহ দেখুৱাইছিল । কুতুবমিনাৰৰ নিৰ্মাণকাৰ্য তেওঁ সম্পূৰ্ণ কৰোৱাইছিল।


( গ ) ৰেজিয়া চুলতান:- ৰেজিয়া চুলতান ইলতুৎমিছৰ জীয়েক আছিল। ইলতুৎমিছৰ পিছত তেওঁৰ জীয়েক দিল্লীৰ চুলতান হয়। মধ্য যুগৰ গোড়া সামাজিক আৰু ৰাজনৈতিক অৱস্থাত ৰেজিয়া চুলতান হোৱাটো বৰ সহজ কথা নাছিল। কাৰণ তেওঁৰ ৰাজত্বকালতে “চল্লিছৰ চক্ৰ” নামৰ আমীৰ ওমৰাহ শ্ৰেণীৰ লোকসকলে শাসন কাৰ্য্যৰ বিৰোধিতা কৰিছিল। ৰেজিয়াৰ বিৰুদ্ধে এই লোকসকলে বহুতো ষড়যন্ত্ৰ কৰিছিল। ৰেজিয়াই এজন বিদ্ৰোহী নেতা ইখতিয়াৰ উদ্দিন আলটুনিয়াক বিয়া কৰায়। ঘটনাক্ৰমে স্বামীৰ সৈতে পঞ্জাৱৰ পৰা দিল্লীলৈ অহাৰ পথত আততায়ীৰ হাতত ৰেজিয়াৰ মৃত্যু হয়।

( ঘ ) গিয়াছুদ্দিন বলবন- গিয়াছুদ্দিন বলবন দিল্লীৰ চুলতান আছিল। ৰেজিয়াৰ শাসনকালত শক্তিশালী হৈ উঠা “চল্লিছৰ চক্ৰ” নামৰ গোষ্ঠীটোৰ গিয়াছুদ্দিন বলবন এজন প্ৰধান নেতা আছিল। গিয়াছুদ্দিনৰ ৰাজত্ব কাল ঘটনাবহুল আছিল। আমিৰ ওমৰাহ সকলৰ বিদ্ৰোহ, মধ্য এছিয়াৰ মংগোল আক্ৰমণকাৰীৰ ভাৰত আক্ৰমণৰ বিপদ আদি ঘটনাৰ মাজত গিয়াছুদ্দিনে অতি কঠোৰ শাসন নীতি গ্ৰহণ কৰিছিল।

এইজন চুলতানে নিজকে “ঈশ্বৰৰ প্ৰতিনিধি” বুলি ঘোষণা কৰিছিল। অৰ্থাৎ চুলতানৰ শক্তি আৰু ক্ষমতা ঈশ্বৰে প্ৰদান কৰে।

৪। চুলতান মামুদৰ ভাৰত আক্ৰমণৰ বিষয়ে বহলাই লিখা । 

উত্তৰ-৮০০ ৰ পৰা ১২০০ খ্ৰিষ্টাব্দলৈকে ভাৰতবৰ্ষত বহুতো সৰু বৰ ৰাজ্য আৰু ৰাজবংশৰ শাসন চলিছিল। সময়ৰ গতিত এই ৰাজ্যসমূহ লুপ্ত হৈছিল। ভাৰতীয় ৰজা আৰু ৰজ্যবোৰৰ মাজত অনবৰতে যুদ্ধ – বিগ্ৰহ সংঘটিত হৈ আছিল। এইছোৱা সময়ত কোনো শক্তিশালী সাম্ৰাজ্য নাছিল। মিলা – প্ৰীতিৰ অভাৱত ৰাজনৈতিক একতা গঢ়ি উঠা নাছিল। এনে পৰিৱেশৰ সুযোগ লৈয়েই গজনীৰ শাসনকৰ্তা চুলতান মামুদে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল।


১০০৭ খ্ৰিষ্টাব্দৰ পৰা ১০২৭ খ্ৰিষ্টাব্দলৈকে চুলতান মামুদে সৰ্বমুঠ ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল। মামুদৰ ভাৰত আক্ৰমণৰ মূল উদ্দেশ্য আছিল অতীতৰে পৰা ঐশ্বৰ্যশালী ভাৰতৰ ধন সম্পদ লুট কৰি নিজে ঐশ্বৰ্যশালী হোৱা আৰু গজনীক এখন সমৃদ্ধিশালী সম্ৰাজ্যৰূপে গঢ়ি তোলা।ইয়াৰ লগতে দেশ জয় কৰি গজনীত হোৱা ধৰ্মীয় আৰু সামাজিক বিশৃংখলতা দূৰ কৰাটোও তেওঁৰ ভাৰত বিজয়ৰ এটা উদ্দেশ্য আছিল।

মামুদৰ আক্ৰমনক প্ৰতিহত কৰিবলৈ ভাৰতীয় ৰাজ্যসমূহে বিশেষ চেষ্টা কৰা নাছিল। ভাৰতৰ উত্তৰ পশ্চিম সীমান্তত থকা সাহী ৰাজ্যৰ ৰজা আনন্দপালে মামুদক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। সাহী ৰাজ্যৰ পতনৰ লগে লগে মামুদৰ ভাৰত বিজয়ৰ পথ মুকলি হৈ পৰে। ধন সম্পত্তি আহৰণৰ বাবে মামুদে পঞ্জাৱ, থানেশ্বৰ, কনৌজ, দিল্লী, মথুৰা আদি ঠাইত ধ্বংসলীলা চলাইছিল। মামুদৰ এই লুটপাতৰ অভিযানসমূহৰ ভিতৰত ১০২৫ খ্ৰি ৰ গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ অতি বিখ্যাত। সোমনাথ মন্দিৰত থকা প্ৰচুৰ ধন – সোণ , মণি – মুক্তা লুট কৰি তেওঁ গজনিলৈ লৈ গৈছিল।

মামুদৰ ভাৰত আক্ৰমণে সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক দিশত উপযুক্ত আৰু দক্ষ নেতৃত্বৰ অভাৱকে প্ৰমাণ কৰে।

৫। মহম্মদ ঘােৰীৰ ভাৰত আক্ৰমণ আৰু ইয়াৰ ফলাফল সম্বন্ধে বুজাই লিখা । 

উত্তৰ: ভাৰতৰ ঐশ্বৰ্য- বিভূতিয়ে বিদেশী আক্ৰমণকাৰীক এই দেশ আক্ৰমণৰ বাবে আকৰ্ষণ কৰিছিল। মহম্মদ ঘোৰীয়েও তেনে আকৰ্ষণতেই ভাৰত আক্ৰমণ কৰিছিল। ইয়াৰোপৰি ভাৰত বিজয় কৰি এক বৃহৎ গজনী সাম্ৰাজ্য স্থাপন কৰাটোও তেওঁৰ লক্ষ্য আছিল । আকৌ দেশ জয় কৰি ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাও মহম্মদ ঘোৰীৰ ভাৰত অভিযানৰ আন এক উদ্দেশ্য আছিল।

মহম্মদ ঘোৰীয়ে হিমালয় পৰ্বতৰ গোমাল গিৰিপথেদি সসন্যে ভাৰতত প্ৰবেশ কৰিছিল। ১১৭৫ খ্ৰি ত তেওঁ মূলতান ৰাজ্য জয় কৰে । পুনৰ ১১৭৮ খ্ৰি ত ভাৰত অভিযান কৰে। এইবাৰ তেওঁ গুজৰাটৰ চালুক্য ৰজা দ্বিতীয় মূলৰাজৰ হাতত পৰাস্ত হৈ গজনীলৈ ঘুৰি যাবলৈ বাধ্য হয়। ইয়াৰ পিছত তেওঁ ১১৯০ খ্ৰি ত পেচোৱাৰ, লাহোৰ, শিয়ালকুট আদি অঞ্চল জয় কৰে। লগে লগে মহম্মদ ঘোৰীৰ বাবে দিল্লী বিজয় কৰাৰ পথ সহজ হৈ পৰে। মহম্মদ ঘোৰীৰ আক্ৰমনক প্ৰতিহত কৰাৰ বাবে সাহসী আৰু স্বাধীনচিতিয়া ৰজা পৃথ্বিৰাজ চৌহান সাজু হল। ১১৯১ খ্ৰি ত তৰাইন নামে ঠাইত মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজ চৌহানৰ সৈন্যবাহিনীৰ মাজত তুমুল যুদ্ধ হয়। এই যুদ্ধত পৰাস্ত হৈ মহম্মদ ঘোৰী প্ৰাণ ৰক্ষা কৰি পলাই যায়। ইতিহাসত এই যুদ্ধক তৰাইনৰ প্ৰথম যুদ্ধ নামে জনা যায়। ইয়াৰ এবছৰ পিছত ১১৯২ খ্ৰি ত মহম্মদ ঘোৰীয়ে নিজৰ সৈন্যবল বৃদ্ধি কৰি পুনৰ পৃথ্বিৰাজৰ ৰাজ্য আক্ৰমণ কৰে। সাহসেৰে যুদ্ধ কৰা স্বত্ত্বেও তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বিৰাজে পৰাজয় স্বীকাৰ কৰে। এই যুদ্ধত জয়লাভ কৰি মহম্মদ ঘোৰীয়ে দিল্লী আৰু পূব ৰাজস্থানত নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰে।

তৰাইনৰ দ্বিতীয় যুদ্ধত জয়লাভ কৰি মহম্মদ ঘোৰীয়ে কম দিনৰ ভিতৰতে সমগ্ৰ গংগা উপত্যকাতে নিজৰ প্ৰভূত্ব স্থাপন কৰে। মহম্মদ ঘোৰীৰ ভাৰত অভিযানৰ মূল সেনাপতি আছিল কুতুবুদ্দিন আইবাক । কুতুবুদ্দিনৰ নেতৃত্বত তুৰ্কী বাহিনীয়ে মীৰাট, দোৱাব অঞ্চল, বুলন্দ চহৰ আদি ঠাইবোৰ সহজেই জয় কৰে। ১১৯৪ খ্ৰি ত কনৌজৰ ৰজা জয়চন্দ্ৰক পৰাস্ত কৰি তুৰ্কীসকল সমগ্ৰ উত্তৰ ভাৰতৰ একচ্ছত্ৰী শক্তি পৰিল। এইদৰে কোনো শক্তিশালী বাধাৰ সন্মুখীন নোহোৱাকৈয়ে সমগ্ৰ উত্তৰ ভাৰত আৰু বংগদেশত তুৰ্কী মুছলমানৰ আধিপত্য স্থাপন হল।

৬। আল্লাউদ্দিন খিলিজিৰ প্রশাসনিক সংস্কাৰৰ বিষয়ে বুজাই লিখা । 

উত্তৰ: প্রশাসনিক ব্যৱস্থাৰ সংস্কাৰ কৰোঁতে তেওঁ চুলতান তথা সাম্ৰাজ্যৰ বিপদ হ’ব পৰা কাৰণসমূহ বিচাৰি পাইছিল। তাৰ ভিতৰত গুপ্তচৰ ব্যৱস্থাৰ দুৰ্বলতা, ৰাজ্যত প্ৰজা আৰু বিষয়াবৰ্গৰ মাজত মদ্যপানৰ প্ৰচলন, আমীর আৰু ওমৰাহসকলে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰাৰ সম্ভাৱনা ইত্যাদি। কাৰণসমূহ চিহ্নিত কৰি এইবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

আল্লাউদ্দিনে সৈন্যবাহিনী পৰিচালনাত গুরুত্ব দিছিল। আনকি তেওঁ স্থায়ী সেনাবাহিনী গঠন কৰিছিল। তেওঁ কৰ সংগ্ৰহ কৰিবৰ বাবে নতুন পদবীৰ সৃষ্টি কৰিছিল।

আল্লাউদ্দিনে উৎপাদিত সামগ্ৰী আৰু বজাৰ ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ ওপৰত বিশেষ নজৰ ৰাখিছিল। দিৱান-ই-ৰিয়াচট আৰু চাহান-ই-মন্দী নামৰ দুটা পদবীৰ সৃষ্টি কৰি বজাৰত বয় বস্তুৰ যোগান আৰু মূলাৰ হ্রাস-বৃদ্ধিৰ ওপৰত চোৱা-চিতাৰ দায়িত্ব দিছিল। খাদ্যসামগ্ৰী মজুত কৰি ৰখাৰ ব্যৱস্থা কৰিছিল।

আল্লাউদ্দিনে শিক্ষা, শিল্প-কলা আদিৰ প্ৰতি আগ্ৰহী আছিল। বিদ্বান আৰু কবিসকলৰ প্ৰতি তেওঁ পৃষ্ঠপোষকতা আগবঢ়াইছিল। দিল্লীৰ ওচৰত নিৰ্মাণ কৰা নগৰ চিৰি আৰু কুটুবমিনাৰৰ চৌহদত নিৰ্মাণ কৰা আল্লাহ দৰবাজা আল্লাউদ্দিনৰ স্থাপত্য কীৰ্তিৰ উৎকৃষ্ট নিদর্শন।

৮। চুলতান মহম্মদ বিন টোগলকৰ ৰাজত্বকালৰ গুৰুত্বপূর্ণ ঘটনাৱলী সম্পর্কে এটি বিৱৰণ লিখা । 

উত্তৰ: চুলতান মহম্মদ বিন টোগলকৰ ৰাজত্বকালৰ গুৰুত্বপূৰ্ণ ঘটনাৱলী তলত আলোচনা কৰা হল —

প্ৰথমতে, দিল্লীৰ পৰা তেওঁৰ সাম্ৰাজ্যৰ ৰাজধানী দেৱগিৰি নামৰ ঠাইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয় । দেৱগিৰি তেওঁৰ সাম্ৰাজ্যৰ মধ্যস্থানত অৱস্থিত হোৱা বাবে দেশ শাসনৰ সুবিধা হব বুলি ভাবি এই সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু ৰাজধানী স্থানান্তৰৰ দৰে গুৰুত্বপূৰ্ণ কাম এটা প্ৰয়োজনীয় চিন্তা আৰু পৰিকল্পনা নকৰাকৈয়ে ততাতৈয়াকৈ দিল্লীৰ বাসিন্দাসকলক পোন্ধৰ শ কিলʼমিটাৰ দূৰৈৰ দেৱগিৰিলৈ যোৱাৰ নিৰ্দেশ দিয়ে। ফলস্বৰূপে বহুতো ধন সম্পত্তি লোকচান আৰু মানুহৰ প্ৰাণ হানি হল।

দ্বিতীয়তে, মুদ্ৰা ব্যবস্থাৰ সংস্কাৰ কৰিবলৈ গৈও মহম্মদ বিন টোগলকে নিজৰ আৰু ৰাজ্যৰ বাবে বিপদ মাতি আনিছিল। ৰূপৰ মুদ্ৰাৰ অভাৱ পূৰণ কৰিবলৈ তেওঁ ব্ৰঞ্জৰ মুদ্ৰাৰ প্ৰচলন কৰে। কিন্তু তেওঁৰ চিন্তাই বিপৰীত ফলহে দিলে । অসৎ লোকসকলে ব্ৰঞ্জৰ মুদ্ৰাৰ ঠাইত নকল ধাতুৰে নিৰ্মিত মুদ্ৰাৰ প্ৰচলন কৰিলে। ফলত বিদেশী ব্যৱসায়ীয়ে ব্ৰঞ্জৰ মুদ্ৰা লবলৈ অস্বীকাৰ কৰিলে।

তৃতীয়তে, ৰাজ্যৰ আয় – ব্যয়, ৰাজহ সংগ্ৰহ আদি বিষয়ৰ ক্ষেত্ৰত চুলতানে কিছুমান উচিত পদক্ষেপ লৈছিল। কিন্তু খৰাং বতৰ, দুৰ্ভিক্ষ আদি কাৰণত ৰাজকোষৰ ধন ব্যয় কৰিবলগা হোৱাত চুলতানৰ এনে পৰিকল্পনাসমূহ সফল হোৱা নাছিল।

চতুৰ্থতে মহম্মদ বিন টোগলকৰ ৰাজত্বকালত ১৩২৮ – ২৯ খ্ৰিত মংগোল সকলে ভাৰত আক্ৰমণ কৰি দিল্লী পৰ্য্যন্ত আগবাঢ়ি আহিছিল। মংগোল আক্ৰমণকাৰীক বহুতো ধন – সোণ দি ঘূৰাই পঠাবলগীয়া হোৱা বাবেও মহম্মদ বিন টোগলকৰ শাসনকালত বৃহৎ ক্ষতি হৈছিল।

৯।দিল্লীত তুর্কী - চুলতান আমােলৰ পতনৰ কাৰণসমূহ বিশ্লেষণ কৰাঁ ।

উত্তৰঃ দিল্লতি চুকী চুলতান আমোলৰ পতনৰ কাৰণসমূহ হ'ল- 

প্ৰথমে, টুকী চুলতান সকলে প্ৰথমে অসমত কেচ্ছাছআৰীসকলে শাসন কৰিছিল।চুলতানসকলে ভাৰতীয়ক সহৃয়তা আৰু বিশ্বাসৰ মনোভাৱেৰে গ্ৰহণ কৰা নাছিল।ফলস্বৰূপে শাসক আৰু প্ৰজাৰ মাজত কোনো সমন্বয়ৰ ভাব সৃষ্টি হোৱা নাছিল।

দ্বিতীয়তে, চুলতানী আমোলত আমীৰ ওপৰত শ্ৰেণী আৰু ধৰ্মীয় নেতাসকল ক্ষমতাশালী হৈ উঠিছিল।এই দুয়ো শ্ৰেণীৰ লোক সকলে সুবিধা পালেই চুলতান সকলৰ শাসন দুৰ্বল কৰি তুলিছিল।বহুসময়ত সৃষ্টি হোৱা ৰাজনৈতিক বিশৃঙখলতাৰ বাবে এই শ্ৰেণীৰ লোকসকলে দায়ী আছিল।

তৃতীয়তে, এইছোৱা সময়তে ভাৰতত সমান্ত শ্ৰেণীৰ লকসকলে শক্তিশালৈ হৈ উঠিছিল।সমান্ত শ্ৰেণীৰ লোকসকলে দুৰ্বল চুলতানসকলৰ শাসন কালত নিজৰ স্বাধীনতা আৰু ক্ষমতা প্ৰতিষ্ঠা কৰি দেশৰ একতা আৰু অখণ্ডতা ভংগ কৰিছিল।

পঞ্চমতে, চুতলানসকলে বিলাসবহুল জীৱনযাপন কৰিছিল।তাৰ বিপৰীতে কৰ-কাটলৰ বোজাৰে জৰ্জৰিত প্ৰজাই দুৰ্দুশাগ্ৰস্ত জীৱন কটাইছিল। 

 

Check By- Mukesh Borah

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক