উত্তৰ - পূৰ্বাঞ্চলৰ জনসংখ্যা


১৷ তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা : 

( ক ) কোন জনগােষ্ঠীৰ লােকসকল সর্বপ্রথমে উত্তৰ - পূর্বাঞ্চলত বসতি স্থাপন কৰিছিল ? 

উত্তৰঃ দক্ষিণ পুূব এছিয়াৰ পৰা অহা অষ্টএছিুয়াটিক ভাষআৰ জনগোষ্ঠী লোকসকলে।

( খ ) তেৰ শতিকাৰ আৰম্ভণিতে উত্তৰ - পূব দিশেদি প্রৱেশ কৰা লােকসকল অসমত কি নামেৰে খ্যাত হয়? 

উত্তৰঃ তেৰ শতিকাৰ আৰম্ভণিতে উত্তৰ-পূব দিশেদি প্ৰৱেশ কৰা লোকসকল অসমত টাই-আহোম নামেৰে খ্যাত হয়।

( গ ) ছিকিমত বর্তমান কোন সম্প্রদায়ৰ লােকৰ সংখ্যা সর্বাধিক ? 

উত্তৰঃ ছিকিমত বৰ্তমান নেপালী সম্প্ৰদায়ৰ লোকৰ সংখ্যা সৰ্বাধিক। 

( ঘ ) উত্তৰ - পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ দশকীয়া হাৰ আটাইতকৈ বেছি ?

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডত।

( ঙ ) উত্তৰ - পূৰ্বাঞ্চলৰ আটাইতকৈ জনবহুল ৰাজ্য অসমত কিমান শতাংশ লােক নগৰতবাস কৰে ? 

উত্তৰঃ ১৪.১ শতাংশ লোক।

২) তলত দিয়া বাক্যসমূহৰ খালী ঠাইবােৰ পূৰ কৰা :

( খ ) লেপচা সকল ছিকিমৰ আদি বাসিন্দা । 

( খ ) ১৯৯১-২০০১ চনৰপৰা সমগ্র উত্তৰ - পূর্বাঞ্চতে জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুতগতিত বৃদ্ধি পায় । 

( গ ) শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত মিজোৰামৰ স্থান ভাৰতৰ ভিতৰত দ্বিতীয়। 

( ঘ ) উত্তৰ - পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত     মিজোৰাম    ত নগৰত বাস কৰা লােকৰ অনুপাত আটাইতকৈ বেছি । 

( খ )অসমত ৭৩ শতাংশ লােক গাঁৱত বাস কৰে । 

৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা : 

( ক ) পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘন কিয় ? 

উত্তৰঃ পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘন।পাহাৰীয়া অঞ্চলত খেতি-বাতি, যাতায়ত, পৰিৱহণ, যোগাযোগ, শিল্প উদ্যোগ, ব্যৱসায় আদি সকলে ক্ষেত্ৰত অসুবিধা পাহাৰীয়া অঞ্চলত এনে অসুবিধাবোৰ সীমিত।সেয়ে এনে অঞ্চলত জনবসতি পাতল।

        আনহাতে সমলত অঞ্চলত ওপৰত লিখা সকলোবোৰ সুবিধা।সমতল অঞ্চল খেতিৰ বাবেও উপযোগী।আৰু জান-জুৰিও ওচৰত থাকে।সেইবাবে সমতল অঞ্চলত জনবসতি ঘন।

( খ ) প্রতি বর্গ কিল'মিটাৰত ১৫০ তকৈ অধিক জনসংখ্যা থকা উত্তৰ - পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন কি কি ?  

উত্তৰঃ প্ৰতি বৰ্গ  কি'লমিটাৰত ১৫০ তকৈ অধিক জনসংখ্যা থকা উত্তৰ-পূৰ্বাঞ্চলৰ  ৰাজ্যকেইখন  হ'ল- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম, ছিকিম।

( গ ) উত্তৰ - পূর্বাঞ্চল নগৰীকৰণৰ দিশত পিছপৰি থকাৰ মূল কাৰণ কি ? 

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ নগৰীকৰণৰ দিশত পিছপৰি থকাৰ মূল কাৰণ হ'ল- অঞ্চলটোৰ অৰ্থনৈতিক দুৰবস্থা, শাকুমীয় গতিৰ উদ্যোগীকৰণ, যাতায়তৰ অসুবিধা আদি।

( ঘ ) উত্তৰ - পূৰ্বাঞ্চলৰ নগৰসমূহত জনবসতি অতি ঘন হােৱাৰ কাৰণ কি ?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ নগৰ সমূহত জনবসতি অতি ঘন হোৱাৰ কাৰণ হ'ল-  উত্তৰ-পূৰ্বাঞ্চলৰ গাঁৱৰ তুলনাত নগৰ অঞ্চলত যাতায়ত, পৰিবহণ, যোগাযোগ, শিল্প-উদ্যোগ, ব্যৱসায় আদি সকলো ক্ষেত্ৰত সুবিধা বেছি।

                     উদাহৰণ স্বৰূপেঃ-

                                                  অসমৰ গাওঁ অঞ্চলত উচ্চশিক্ষা অনুন্নত হোৱাৰ বাবে গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটীলৈ আহে উচ্চশিক্ষা গ্ৰহণৰ বাবে যায়।

নথকা প্ৰশ্ন উত্তৰবোৰ পাবলৈ আমাৰ Website ত দিয়া লিংকটো ক্লিক কৰক।