Lesson 2


আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ 


অনুশালনী


১। একোটিকৈ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়াঁ।

ক) কৃষি বা খেতি বুলিলে কি বুজা লিখাঁ।

উত্তৰঃ মাটিত গুটি বা  বীজ  গজিব পৰা প্ৰাকৃতিক গুণটোক মানুহে নিজৰ প্ৰয়োজন পূৰ হোৱাকৈ ব্যৱহাৰ কৰা কাৰ্যটোকেই কৃষি বা খেতি বোলা হয়।


খ) মানৱ সভ্যতাৰ কোনটো যুগত অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি-কাষৰীয়া সমতল অঞ্চললৈ আহে?

উত্তৰঃ নৱ প্ৰস্তৰ যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতিকাষৰীয়া সমতল অঞ্চললৈ আহে।


গ) কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল?

উত্তৰঃ কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ শিলৰ সণঁজুলি,গছৰ ডাল,জন্তুৰ শিং,হাড় আদি সামগ্ৰী ব্যৱহাৰ কৰিছিল।


ঘ) কেতিয়া আৰু ক'ত পোনপ্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল?

উত্তৰঃ খ্ৰী.পূ. ৪০০০ চনত মেচোপটেমিয়াত প্ৰথমে নাঙৰ উদ্ভাৱন হৈছিল।


ঙ) কিমান খ্ৰীষ্টাব্দৰপৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে?

উত্তৰঃ প্ৰায় ৯০০০ খ্ৰীষ্টাব্দৰ পৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে।


চ) কিমান খ্ৰীষ্টাব্দৰপৰা গৰু, ম'হ আদি জন্তু পোহপাল কৰা হৈছিল বুলি কোৱা হয়?

উত্তৰঃ প্ৰায় ৬০০০ খ্ৰী.পূ. মানতহে গৰু,ম'হ আদি জন্ত্ত মানুহে পোহপাল কৰা হৈছিল বুলি কোৱা হয়।


ছ) কেতিয়া আৰু কোন দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল?

উত্তৰঃ ৯০০০ খ্ৰীষ্টাব্দত আৰু চিৰিয়া,পেলেষ্টাইন,বেলুচিস্তান আদি দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল।


২। শুদ্ধ নে অশুদ্ধ লিখাঁ।

ক)সঁজুলিৰ ব্যৱহাৰ মানৱ সভ্যতাৰ উন্নতিৰ ক্ষেত্ৰত অটা গুৰুত্বপীৰ্ণ কথা নহয়।

উত্তৰঃ অশুদ্ধ।


খ) মাটিৰ বুকুত গছ-গছনী অৰ্থাৎ উদ্ভিদ গজা কথাটো এটা কৃত্ৰিম কথা।

উত্তৰঃ অশুদ্ধ।


গ) কৃষি কাৰ্যত জন্তুক ব্যৱহাৰ কৰা কামটো বহু পিছতহে আৰম্ভ হয়।

উত্তৰঃ শুদ্ধ।


ঘ) গাঁৱৰ উৎপত্তিৰ লগে লগে  আদিম মনুহৰ জীৱন সু-সংগঠিত হৈ পৰিল।

উত্তৰঃ শুদ্ধ।


ঙ) কুমাৰৰ চাকত লো, পিতল ইত্যাদি ধাতুৰ বাচন-বৰ্তন আৰু সঁজুলি তৈয়াৰ কৰা হয়।

উত্তৰঃ অশুদ্ধ।


৩। যথাযথভাৱে উত্তৰ দিয়াঁ।

ক) আদিম মানুহে মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে কিদৰে জ্ঞান আহৰণ কৰিছিল লিখাঁ।

উত্তৰঃ নৱপ্ৰস্তৰ যুগত মানুহে যেতিয়া অৰণ্য এৰি হ্ৰদ আৰু নদীৰ দাঁতি কাষৰীয়া সমতল অ়্ঞ্চললৈ আহিছিল,তেতিয়াই নদীৰ পাৰৰ কোমল আৰু সাৰৱা মাটিত গছ-বনৰ গুটি পৰি তাৰপৰা পুনৰ গছ গজা কথাটো দেখিবলৈ পাইছিল।


খ) আদিম মানুহে কেনে কেনে ধৰনৰ পৰিস্থিতিৰ মুখামুখী হৈ কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল?

উত্তৰঃ আদিম মানুহৰ যেতিয়া সংখ্যা বাঢ়িবলৈ ধৰিলে তেতিয়াৰে পৰা তেওঁলোকৰ খাদ্যৰ অসুবিধা হ'ল কাৰণ হাবি-বননি বোৰত বছৰে-বছৰেহে ফল লাগে আৰু প্ৰাণীবোৰ মাৰাতো ইমান সহজ কথা নহয়।সেয়ে তেওঁলোকে কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল।


গ) আদিম মানুহে কৃষি কাৰ্যত সজুলি ব্যৱহাৰ কৰাৰ বিষয় চমুয়াই লিখাঁ।

উত্তৰঃ আদিম মানুহৰ জীৱন সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আচিল। লাহে লাহে মানুহৰ চিন্তা আৰু বুদ্ধিৰো বিকাশ হ'ল।খাদ্য বস্ত্তৰ অভাৱ দূৰ কৰিবলৈ মানুহে কৃষি অর্থাৎ খেতি কৰা কামটো আৰম্ভ কৰিলে। কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন হয় বাবেই মানুহে প্ৰথমে নদী বা হ্ৰদৰ পাৰত বসতি আৰম্ভ কৰিছিল।ইয়াৰ লগে লগে মাটিত শস্য়ৰ বীজ সিঁচিবলৈ আৰু পুলি ৰুবলৈ মাটি চহোৱাৰ কথাটো আহি পৰিল।তাৰ বাবে প্ৰয়োজন হ'ল সা-সঁজুলি।তেতিয়ালৈকে আদিম মানুহে বিভিন্ন কাম বাবে, সঁজুলি হিচাপে গছৰ ডাল,বিভিন্ন আকৃতিৰ শিল,মৃত জীৱ-জন্তুৰ দাঁত আৰু হাড় আদি ব্যৱহাৰ কৰিবলৈ শিকিছিল।


ঘ) আদিম মানুহে কিয় স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল? ইয়াৰ ফলত তেওঁলোক কিদৰে উপকৃত হৈছিল লিখাঁ।

উত্তৰঃ আদিম মানুহে স্থায়ীবসবাস কৰিবলৈ লৈছিল কাৰণ তেওঁলোকে যেতিয়া অৰণ্যৰ মাজত মানুহৰ জীৱন নিৰাপদ নাছিল।তেওঁলোকক কিছুমান বিষাক্ত কীট-পতংগ,হিংস্ৰ জীৱ-জন্তু,সাপ আদি আক্ৰমণত আদিম মানুহে বৰ কষ্টৰে দিন কটাব লগা হৈছিল।সেয়ে স্থায়ীবসবাস কৰিবলৈ লৈছিল।


ঙ) গাঁৱৰ উৎপত্তি কিদৰে হ'ল বৰ্ণনা কৰাঁ।

উত্তৰঃ নদীৰ দাঁতি-কাষৰীয়া ঠাইত গঢ়ি উঠা খেতি পথাৰৰ ওচৰে-পাজৰে মানুহে প্ৰথমে অস্থায়ী আৰু পিছলৈ স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে।নিজ নিজ খেতি পথাৰৰ ৰক্ষণাবেক্ষণ দিবলৈ একো একোটা অঞ্চলত মানুহবোৰে বাস কৰিবলৈ লোৱাৰ ফলত একো একোটা জনবসতিপূৰ্ণ অঞ্চল গঢ়ি উঠিল।এইদৰেই গাঁৱৰ উৎপত্তি হ'ল।


চ) চকাৰ আৱিষ্কাৰ আৰু গুৰুত্ব সম্পৰ্কে এটি বিৱৰণ লিখাঁ।

উত্তৰঃ মানৱ সভ্যতাত কৃষি কাৰ্যৰ আৰম্ভণি আৰু স্থায়ী বসতি স্থাপনৰ লগতে আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল চকাৰ উদ্ভাৱন আৰু ব্যৱহাৰ।চকাৰ ব্যৱহাৰে কৃষিজীৱি মানুহৰ জীৱনলৈ আভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। কাৰণ খেতি-বাতিৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে পথাৰৰ শস্য আনিবলৈ মানুহে চকা লগাই বিশেষ কৌশলেৰে গাড়ী নিৰ্মাণ কৰি ল'ব  পৰা হ'ল।কমশক্তি আৰু সময় প্ৰয়োগ কৰিয়েই গধুৰ আৰু বৃহৎ আকাৰৰ বয়-বস্তু অনায়াসে অনা-নিয়া কৰিব পৰা হ'ল।


Type. Apurba kakati 

Check By - Mukesh Borah