আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ
Chapter- 2


(১) মানুহে কি কৰিবলৈ লোৱাৰে পৰাই মানৱ সভ্যতাই প্ৰকৃত উন্নতিৰ বাটেৰে আগবাঢ়িবলৈ সক্ষম হল ?

(ক) কৃষিকাৰ্য

(খ) পশুপালন

(গ) চিকাৰ

উত্তৰ- (ক) কৃষিকাৰ্য ।


(২) কৃষি কাৰ্যৰ লগত জড়িত হৈ থকা মূল কথা কেইটা কি কি ?

(ক) মাটিত গছৰ বীজ অৰ্থাৎ গুটি ৰোপন কৰা

(খ) বীজৰ পৰা পুলি গজাবলৈ মানুহে চেষ্টা কৰা

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


(৩) ইতিহাসবিদ সকলৰ মতে কিমান খ্ৰী.পূ. মেচোপটেমিয়াত প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল ?

(ক) খ্ৰী.পূ. ৩০০০ চনত

(খ) খ্ৰী.পূ. ৪০০০ চনত

(গ) খ্ৰী.পূ. ২০০০ চনত

উত্তৰ- (খ) খ্ৰী.পূ. ৪০০০ চনত ।


(৪) কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰযোজন হয় বাবেই মানুহ বোৰে কেনেধৰনৰ ঠাইত বসতি আৰম্ভ কৰিছিল ?

(ক) পাহাৰীয়া ঠাইত

(খ) নদী বা হ্ৰদৰ পাৰত

(গ) মৰুভূমি অঞ্চলত

উত্তৰ- (খ) নদী বা হ্ৰদৰ পাৰত ।


(৫) মাটি চহাবলৈ মানুহে  প্ৰথম অৱস্থাত কি সঁজুলি ব্যৱহাৰ কৰিছিল ?

(ক) শিলৰ সঁজুলি

(খ) গছৰ ডাল

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


(৬) আদিম মানুহৰ জীৱন সম্পূৰ্ণ ৰূপে কিহৰ ওপৰত নিৰ্ভশীল ?

(ক) কৃষিৰ ওপৰত

(খ) প্ৰকৃতিৰ ওপৰত

(গ) পশুপালনৰ ওপৰত

উত্তৰ- (খ) প্ৰকৃতিৰ ওপৰত ।


(৭) খ্ৰী.পূ.  কিমানবছৰ মানতহে  চকাৰ উদ্ভাৱন হৈছিল বুলি কোৱা হয় ?

(ক) খ্ৰী.পূ. ২০০০

(খ) খ্ৰী.পূ. ১০০০

(গ) খ্ৰী.পূ. ৩০০০

উত্তৰ- (গ) খ্ৰী.পূ. ৩০০০ ।


(৮) ইতিহাসবিদসকলৰ মতে কোন কোন সভ্যতাৰ মানুহেই পোনপ্ৰথমে চকাৰ ব্যৱহাৰৰ কৌশল জানিছিল ?

(ক) সিন্ধু সভ্যতাৰ

(খ) ছুমেৰীয়া সভ্যতাৰ

(গ) ওপৰৰ দুয়ুটাই

উত্তৰ- (গ) ওপৰৰ দুয়ুটাই ।


(৯) কিমান খ্ৰী.পূ. আগেয়ে ধান খেতিৰ আৰম্ভ হৈছিল ?

(ক) খ্ৰী.পূ. ৫০০ বছৰ আগেয়ে

(খ) খ্ৰী.পূ. ৩০০ বছৰ আগেয়ে

(গ) খ্ৰী.পূ. ২০০ বছৰ আগেয়ে

উত্তৰ- (ক) খ্ৰী.পূ. ৫০০ বছৰ আগেয়ে ।


(১০) ধান খেতি  প্ৰথমে কোন ঠাইত উৎপন্ন কৰা হৈছিল ?

(ক) আমেৰিকা

(খ) চীন

(গ) ৰাছিয়া

উত্তৰ- (খ) চীন ।


(১১) কৃষি কাৰ্যত  জন্তুক ব্যৱহাৰ কৰা কামটো কোনটো যুগত আৰম্ভ হৈছিল ?

(ক) নৱপ্ৰস্তৰ যুগত

(খ) মধ্য প্ৰস্তৰ যুগত

(গ) প্ৰত্ন প্ৰস্তৰ যুগত

উত্তৰ- (ক) নৱপ্ৰস্তৰ যুগত ।


(১২) কিমান খ্ৰী.পূ. মানুহে গৰু ম’হ আদি জন্তু পালন কৰিবলৈ লয় ?

(ক) প্ৰায় ৪০০০ খ্ৰী.পূ.

(খ) প্ৰায় ২০০০ খ্ৰী.পূ.

(গ) প্ৰায় ৬০০০ খ্ৰী.পূ.

উত্তৰ- (গ) প্ৰায় ৬০০০ খ্ৰী.পূ. ।


(১৩) কোন দেশত পোনপ্ৰথমে কৃষিকাৰ্যত নাঙল আৰু জন্তুৰ ব্যৱহাৰ হয় ?

(ক) ভাৰতবৰ্ষ

(খ) ইজিপ্ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ইজিপ্ত ।


(১৪) সজুঁলিৰ দ্বাৰা কৃষি কাৰ্য কৰা কামটো কিমান খ্ৰী.পূ. পৰা আৰম্ভ হৈছিল ?

(ক) খ্ৰী.পূ. ৭০০০ বছৰ মানৰ পৰা

(খ) খ্ৰী.পূ. ৬০০০ বছৰ মানৰ পৰা

(গ) খ্ৰী.পূ. ৯০০০ বছৰ মানৰ পৰা

উত্তৰ- (গ) খ্ৰী.পূ. ৯০০০ বছৰ মানৰ পৰা ।


(১৫) কোনটো যুগত মানুহে অৰণ্য এৰি হ্ৰদ আৰু নদীৰ দাতিঁ-কাষৰীয় সমতল অঞ্চললৈ আহিছিল ?

(ক) নৱপ্ৰস্তৰ যুগত

(খ) মধ্যপ্ৰস্তৰ যুগত

(গ) প্ৰত্ন প্ৰস্তৰ যুগত

উত্তৰ- (ক) নৱপ্ৰস্তৰ যুগত ।


(১৬) নৱপ্ৰস্তৰ যুগত মানুহে কি জন্তুক চিকাৰ কাৰ্যত সহায় কৰিছিল ?

(ক) বল্গা হৰিণ

(খ) কুকুৰ

(গ) হাতী

উত্তৰ- (খ) কুকুৰ ।


(১৭) জন্তুৰে হাল বোৱা কাম প্ৰধানকৈ কোনে কৰিছিল ?

(ক) পুৰুষসকলে

(খ) মহিলাসকলে

(গ) এটাও নহয়

উত্তৰ- (ক) পুৰুষসকলে ।


(১৮) শস্য ৰোৱা, গুটি সিঁচা, শস্য চপোৱা কামবোৰ প্ৰধানকৈ কোনে কৰিছিল ?

(ক) পুৰুষসকলে

(খ) মহিলাসকলে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) মহিলাসকলে ।


(১৯) ধান খেতি প্ৰথমে কোন দেশত আৰম্ভ হৈছিল ?

(ক) ভাৰতত

(খ) জাপানত

(গ) চীনত

উত্তৰ- (গ) চীনত ।


(২০) কিমান বছৰ আগতে চকাৰ আৱিষ্কাৰ হৈছিল ?

(ক) খ্ৰী. পূ. ৫০০ বছৰৰ আগতে

(খ) খ্ৰী. পূ. ৩০০০ বছৰৰ আগতে

(গ) খ্ৰী. পূ. ৬০০০ বছৰৰ আগতে

উত্তৰ- (খ) খ্ৰী. পূ. ৩০০০ বছৰৰ আগতে ।



Type By- Raktima Saikia.


DABP006921