Lesson 3 

ইতিহাস অধ্যয়ন

অনুশীলনী

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।


ক) বুৰজ্ঞী শব্দৰ অৰ্থ কি আৰু ই কোন ভাষাৰ শব্দ লিখাঁ।

উত্তৰঃ বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথা জনোৱাৰ ভঁৰাল আৰু ই টাই ভাষাৰ শব্দ।

খ) কোনজন ৰজাৰ দিনৰপৰা অসমত বুৰজ্ঞী লিখাঁৰ প্ৰথা আৰম্ভ হৈছিল?

উত্তৰঃ আহোম স্বৰ্গদেউ (ৰজা) চুকাফাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হয়।

গ) 'ইতিহাস' শব্দটো কোন ভাষাৰ পৰা অনা হৈছে?

উত্তৰঃ 'ইতিহাস'  শব্দটো সংস্কৃত ভাষাৰ পৰা অনা হৈছে।

ঘ) 'ইতিহাস' শব্দৰ অৰ্থ লিখাঁ।

উত্তৰঃ 'ইতিহাস'  শব্দৰ অৰ্থ হ'ল- এই ঘটনাবিলাক নিশ্চয় হৈছিল। 

ঙ) ছপাশাল (প্ৰিণ্টিং মেচিন) কোন চনত আৱিষ্কাৰ হৈছিল?

উত্তৰঃ ১৪৪০ চনত ছপাশাল (প্ৰন্টিং মেচিন)আৱিষ্কাৰ হৈছিল।

চ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ দুখনৰ নাম কি?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ দুখনৰ নাম হ'ল- নাগাচাকি আৰু হিৰোশিমা।


২। খালী ঠাই পূৰ কৰাঁ।


ক) অসমৰ মধ্যযুগৰ বিষয় জানিবলৈ আহোমৰ ৰাজত্ব কালত লিখা  বুৰঞ্জী    পুথিবোৰ পঢ়া দৰকাৰ।

খ)       বুৰঞ্জী          ত ঘটনাবোৰ চন, তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়।

গ)      ইতিহাস            ত বুৰজ্ঞীৰ ঘটনাবোৰৰ কাৰণ আৰু  ফলাফলৰ          ৰ বিষয় বহলাই আলোচনা কৰা হয়।

ঘ) পৃথিৱীৰ ইতিহাস       পৰিৱৰ্তন           ৰ ইতিহাস।

ঙ) ইতিহাসে সমাজৰ      পৰিৱৰ্তন          ৰ কথা চালি-জাৰি চায়।


৩। অসমৰ ইতিহাসত কোনখিনি সময় মধ্যযুগ হিচাপে জনা যায়?

উত্তৰঃ অসমৰ ইতিহাসত ১২২৮ চনৰ পৰা ১৮২৬ চনলৈ মধ্যযুগ হিচাপে জনা যায়।


৪। আহোমৰ প্ৰথমজন স্বৰ্গদেউ কোন আছিল?

উত্তৰঃ আহোমৰ প্ৰথম স্বৰ্গদেউ আছিল- চুকাফা।


৫। ইতিহাসে মানুহক সাৱধান আৰু সচেতন হোৱাত কেনেদৰে সহায় কৰে লিখাঁ।

উত্তৰঃ ইতিহাসে মানুহে অতীতত কৰা ভূলবোৰ উদঙাই দিয়ে। ফলত মানুহে ভৱিষ্যতে তেনেধৰণৰ ভূল নকৰিবৰ বাবে সচেতন হয়।


৬। ইতিহাস কাক বোলে? (২০-৩০টা শব্দৰ ভিতৰত)

উত্তৰঃ বুৰঞ্জীত ঘটনাবোৰ চন,তাৰিখ অনুসাৰে একাদিক্ৰমে লিখাই যোৱা হয়।আনহাটে বুৰঞ্জীত থকা ঘটনাসমূহক খৰচি মাৰি অধ্যয়ন কৰি তাৰ ভাল-বেয়া উচিত-অনুচিত আদি ফলাফল লক্ষ্য কৰাৰে ইতিহাস বোলে।


৭। বুৰজ্ঞীৰ সংজ্ঞা লিখাঁ। (২০-৩০টা শব্দৰ ভিতৰত)।

উত্তৰঃ বুৰঞ্জী শব্দটো টাই ভাষাৰ পৰা অহা।ইয়াৰ অৰ্থ হ'ল নজনা কথাৰ জনোৱাৰ ভঁৰাল।বুৰঞ্জী শব্দটো অসমৰ বাহিৰে ক'তো ব্যৱহাৰ নহয়।বুৰঞ্জীত ঘটনাবোৰ চন,তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়।পৃথিৱীৰ সকলো অঞ্চলৰে নিজা কিছুমান ঘটনা থাকে।অঞ্চলবিলাকৰ বিভিন্ন ঘটনাৱলী,চন-তাৰিখৰ সৈতে একাদিক্ৰমে য'ত লিখা হয় সাধাৰণতে তাকে বুৰঞ্জী বোলে।


৮। বুৰজ্ঞী আৰু ইতিহাসৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে লিখাঁ। (৫০-১০০টা শব্দৰ ভিতৰত)।

উত্তৰঃ বুৰঞ্জীত ঘটনাবোৰ চন,তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়।আনহাটে বুৰঞ্জীত থকা ঘটনাসমূহক খৰচি মাৰি অধ্য়য়ন কৰি তাৰ ভাল-বেয়া,উচিত-অনুচিত আদি ইতিহাসে ফলাফল লক্ষ্য কৰে।পৃথিৱীৰ ইতিহাস পৰিৱৰ্তনৰ ইতিহাস।সময়ৰ লগত খাপ খুৱাই প্ৰকৃতি জগতৰ বহুতো পৰিৱৰ্তন হৈছে।জীৱশ্ৰেষ্ঠ মানুহে বিভিন্ন পৰিৱেশ আৰু পৰিৱৰ্তন পাৰ হৈ আজিৰ অৱস্থা পাইছেহি।আদিম যুগৰ অঘৰী সমাজৰ পৰা আজিৰ আধুনিক যুগ পাবলৈ মানুহে বহুতো কামবোৰ ইতিহাসে বিচাৰি উলিয়াইছে।


৯। ইতিহাস অধ্যয়ন কিয় প্ৰয়োজনীয় বৰ্ণনা কৰাঁ। (কমেও ২৫০-৩০০ শব্দৰ ভিতৰত)।

উত্তৰঃ ইতিহাস অধ্য়য়ন প্ৰয়োজনীয় কাৰণ-  পৃথিৱীৰ ইতিহাস পৰিৱৰ্তনৰ ইতিহাস। সময়ৰ লগত খাপ খুৱাই প্ৰকৃতি জগতৰ বহুতো পৰিৱৰ্তন হৈছে। 

মানৱ জীৱন্নৰ ক্ৰমোন্নতিত বাবে ইতিহাস জনা প্ৰয়োজন। ইতিহাসে আমাৰা পূৰণা ভাল কামবোৰৰ কথা আমাক সোঁৱৰাই দিয়ে। সেই পূৰণা কীৰ্তিৰ কথাই আমাক ভৱিষ্যতৰ বাবে ভাল কাম কৰিবলৈ উদগনি দিয়ে। ইতিহাস পঢ়িলে নিজৰ দেশৰ প্ৰতি আনুগত্য় আৰু নিজৰ দেশৰ দেশৰ গৌৰৱ অটুট ৰখাৰ চিন্তা মনলৈ আহে।

ইতিহাসে সমাজ এখনৰ স্পষ্ট ছবি এখন আমাক দেখুৱায়। একোখন সমাজৰ ৰীতি-নীতি, আছাৰ-ব্য়ৱহাৰ, ধৰ্ম-সংস্কৃতিৰ কথা জনাত ইতিহাসে আমাক সহায় কৰে। 

ইতিহাসে মানুহৰ চিন্তা আৰু বিকাশৰো বিৱৰণ দিয়ে। মানুহে নিজৰ চিন্তা আৰু বুদ্ধিক সুস্থ সমাজ গঢ়ি ভাল ভাৱে জীয়াই থকাৰ কামত ব্য়ৱহাৰ কৰিছে। 

ইতিহাস অধ্য়য়নৰ আন এটা সুফল হ'ল যে ই আমাক সাৱধানী আৰু সচেতন হোৱাত সহায় কৰে। ইতিহাসে মানুহে অতীতত কৰা ভূলবোৰ উদঙাই দিয়ে। ফলত মানুহে ভৱিষ্যতে তেনেধৰণৰ ভূল নকৰিবৰ বাবে সচেতন হয়। 

দেশ এখনৰ একোটা জাতিৰ সামগ্ৰিক জীৱন-যাপন পদ্ধতিৰ বিষয়ে ইতিহাস অধ্য়য়নৰ পৰা জানিব পাৰি। জাতি একোটাৰ খাদ্য়-বস্ত্ৰ আৰু বাসস্থানৰ কথা জনাত আমাক ইতিহাসে সহায় কৰে। পূৰণি কালৰ বেলেগ বেলেগ সময়ৰ মানুহৰ সাজ-পাৰ, খাদ্য়-অভ্য়াস আৰু ঘৰ নিৰ্মাণৰ কৌশল বেলেগ বেলেগ আছিল। 

দেশ এখনৰ ৰাজনৈতিক দিশটেোক সমৃদ্ধ কৰে ইতিহাসে। আগৰকালৰ শাসন-পদ্ধতি, সাধাৰণ মানুহৰ অৱস্থা, শাসকসকলৰ আচাৰ-আচৰণ, শাসনকাৰ্যত মানুহৰ অংশগ্ৰহণ ইত্য়াদি সকলো কথা জনাত আমাক ইতিহাসে সহায় কৰে। পূৰণি শাসন ব্য়ৱস্থাৰ লগত নতুন শাসন-ব্য়ৱস্থাৰ তুলনাই শাসন-ব্য়ৱস্থাৰ উন্নতি হৱাত সহায় কৰে।

ইতিহাসে আমাক ভূগোলৰ জ্ঞানো দিয়ে। বিভিন্ন ৰাজ্য়ৰ বিভিন্ন ঘটনা অধ্য়য়ন কৰোতে সেই ৰাজ্য়ৰ বিভিন্ন ঠাই, নদী, পাহাৰ-পৰ্বত ইত্য়াদিবোৰৰ বিষয়েও পঢ়িব লগা হয়। ইয়াৰ ফলত ঠাই একনৰ ভৌগোলিক অৱস্থিতিৰ কথা জানিব পাৰি।

নজনা কথা জানিবৰ কাৰণে মানুহৰ একান্ত হাবিয়াস। মানুহৰ সেই আগ্ৰহ পূৰ কৰে ইতিহাসে। ইতিহাসে মানুহৰ মন কৌতূহলী কৰি তোলে। এটাৰ পিছত আন এটা নজনা কথা জনাত সহায় কৰি ইতিহাসে মানুহৰ মনত কৌতূহলী কৰি তোলে। ফলত মানুহৰ অধ্য়য়নৰ পৰিসৰ বাঢ়ে আৰু লগে লগে মানুহ সচেতন আৰু জ্ঞানী হয়।

ইতিহাসে মানুহৰ মাজত মৰম-চেনেহ আৰু একতা ভাৱৰ সৃষ্টি কৰে। আমাৰ আগৰ পূৰণি মানুহখিনিয়ে ভৱিষ্যত মানুহৰ বাবে থৈ যোৱা বিভিন্ন শিক্ষাবোৰে আমাক উন্নতিৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়।


Type- Chinmay kakati.

Check By - Mukesh Borah