Lesson 4


পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা-সিন্ধু সভ্যতা


১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।


ক) মহেঞ্জদাৰোত আৱিষ্কাৰ হোৱা ভগ্নাৱেশবিলাকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শনটি কি?

উত্তৰঃ মহেঞ্জদাৰোত আবিষ্কৃত হোৱা ভগ্নাৱশেষবিলাকৰ ভিতৰত আটাইতকৈ উল্লেখনীয় নিদৰ্শনটি হৈছে ৰাজহুৱা স্নানাগাৰ বা গা ধোৱা ঘৰ । 

খ) সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ কেইটা কি কি?

উত্তৰঃ সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ তিনিটা। সেই কেইটা হ'ল

১) মানুহ থকা ঘৰ।

২) ৰাজহুৱা স্নানাগাৰ বা গা ধোৱা

৩) ডাঙৰ অট্টালিকা।

গ) হৰপ্পাত আৱিষ্কাৰ হোৱা ঘৰবিলাকৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ ঘৰ আছিল?

উত্তৰঃ হৰপ্পাত আৱিষ্কাৰ হোৱা ঘৰ বিলাকৰ ভিতৰত আটইতকৈ ডাঙৰ ঘৰটো এটা শস্যৰ ভৰাল।(দীঘ ১৬৭ ফুট প্ৰস্থ ১৩৫ ফুট)

ঘ) 'কুঁজ থকা বলধৰ চিহ্ন' সিন্ধু সভ্যতাত আৱিষ্কাৰ হোৱা কি বস্তত বেছিকৈ দেখিবলৈ পোৱা যায়?

উত্তৰঃ 'কুঁজ থকা বলধৰ চিহ্ন' সমূহ সিন্ধু সভ্যতাত আৱিষ্কাৰ হোৱা মোহৰ সমূহত বেছিকৈ দেখিবলৈ পোৱা যায়।


২। খালী ঠাই পূৰ কৰাঁ।

ক)       সিন্ধু       নদীৰ পাৰত সিন্ধু সভ্যতা উদ্ভৱ হৈছিল।

খ) ইৰাকৰ পুৰণি নামটো     মেছ'পটেমিয়া         ।

গ) সিন্ধু সভ্যতাৰ 'ৰাজহুৱা স্নানাগাৰ' টো      হৰপ্পা         নগৰত আৱিষ্কাৰ হৈছিল।


৩। শুদ্ধ নে অশুদ্ধ লিখাঁ।


( ক ) সিন্ধু উপত্যকাবাসীয়ে লােৰ ব্যৱহাৰ জানিছিল । 

উত্তৰঃ অশুদ্ধ।

( খ ) হৰপ্পা আৰু মহেঞ্জদাৰাে বর্তমান বাংলাদেশৰ অন্তৰ্গত ।

উত্তৰঃ অশুদ্ধ।  

( গ ) মায়া আৰু ইন্কা সভ্যতা নদীৰ পাৰত গঢ় লৈ উঠা নাই । 

উত্তৰঃ শুদ্ধ।

( ঘ ) সিন্ধু সভ্যতাত মৃতদেহ দাহ কৰা হৈছিল । 

উত্তৰঃ শুদ্ধ।

( ঙ ) সিন্ধু সভ্যতাৰ যুদ্ধৰ সা - সঁজুলিবােৰ বগীতামেৰে নির্মিত আছিল। 

উত্তৰঃ অশুদ্ধ।


৪। চমুটোকা লিখা । 


(ক) সিন্ধু উপত্যকাৰ মানুহৰ জীৱন - নির্বাহৰ উপায় ।

উত্তৰঃ  পশুপালন আৰু কৃষিৰ উপৰিও সিন্ধু উপত্যকাৰ মানুহে কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, কাৰিকৰ আদি বৃত্তি জীৱন নিৰ্বাহৰ উপায় হিচাপে গ্ৰহণ কৰিছিল। ব্যৱসায়ী আৰু বনুৱা হিচাপেও অনেক লোকে জীৱন নিৰ্বাহ কৰিছিল।

(খ) সিন্ধু উপত্যকাৰ মানুহৰ বেপাৰ - বাণিজ্য । 

উত্তৰঃ  সিন্ধু উপত্যকাৰ ব্যৱসায়ীসকলে কেঁচা সামগ্ৰী যেনে ধাতু, বিভিন্ন প্ৰকাৰৰ মুক্তা আদি আন ঠাইলৈ ৰপ্তানি কৰি পঠিয়াইছিল। ইয়াৰ উপৰিও, তেওঁলোকে বস্ত্ৰ, পাত্ৰ, মাটিৰ পুতলা, মুক্তা আৰু খাদ্য সামগ্ৰীৰ ৰপ্তানি কৰা হৈছিল।

( গ ) সিন্ধু উপত্যকাৰ নগৰসমূহৰ গঠন - প্রণালী । 

উত্তৰঃ সিন্ধু সভ্য়তাৰ নগৰৰ ভগ্নাৱশেষক আজিকালিৰ এখন নগৰৰ তুলনাত তুলনা কৰিব পাৰি। এই নগৰৰ ৰাজআলিবোৰ আছিল পোন আৰু আঙল-বহল। আলিবাটবোৰেদি যান-বাহন অহা-যোৱা কৰাৰ সুচল ব্য়ৱস্থা নাছিল। আলিবাটবোৰ ৯ ফুটৰ পৰা ৩৪ ফুট পৰ্যন্ত বহল আছিল। আলিবাটবোৰে সমান্তৰালভাৱে নগৰখনৰ ইটো মূৰৰপৰা সিটো মূৰক চুইছিল আৰু লম্বভাৱে কটাকটি কৰি নগৰখনক ইটি মূৰৰপৰা সিটো মূৰক চুইছিল আৰু লম্বভৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগক ভাগ কৰিছিল। এি সমান ভাগ বিলাকৰ মাজেদি যোৱা সৰু সৰু ভাগবিলাকক আকৌ সৰু সৰু ভাগত বিভক্ত কৰি সজা হৈছিল। 

( ঘ ) সিন্ধু উপত্যকাৰ সভ্যতাত ধাতুৰ ব্যৱহাৰ ।

উত্তৰঃ   সিন্ধু উপত্যকাৰ ধাতুৰ ব্যৱহাৰ আছিল। কুঠাৰ, যাঠি, দা আৰু ঢাল বগীতামেৰে নিৰ্মিত কিছুমান দস্তা, তাম, সিহ আদি ধাতুৰ আছিল। কাঁহৰো প্ৰচলন আছিল। কিন্তু লো-ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা নাযায়।


Type: Chinmay kakati

Check by - Mukesh Borah