ইতিহাস অধ্যয়ন

Chapter 3 


১) অঞ্চলবিলাকৰ বিভিন্ন ঘটনাৱলী, চন -তাৰিখৰ সৈতে একাদিক্ৰমে য’ত লিখা হয় সাধাৰণতে তাক কি বোলে ?

(ক) ভূগোল বোলে

(খ) বুৰজ্ঞী বোলে

(গ) সমাজ অধ্যয়ন বোলে

উত্তৰ- (খ) বুৰজ্ঞী বোলে ।


২) ‘বুৰজ্ঞী’ শব্দটো কোনটো ভাষাৰ পৰা আহিছে ?

(ক) টাই ভাষাৰ পৰা

(খ) গ্ৰীক ভাষাৰ পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) টাই ভাষাৰ পৰা ।


৩) পৃথিৱীৰ সকলো ঠাইতে অতীতৰ ঘটনাৱলীক বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয় ?

(ক) বুৰজ্ঞী

(খ) ভূগোল

(গ) ইতিহাস

উত্তৰ- (গ) ইতিহাস ।


৪) কোনজন ৰজাৰ দিনৰপৰা অসমত বুৰজ্ঞী লিখাৰ প্ৰথাৰ আৰম্ভ হয় ?

(ক) শিৱ সিংহ দিনৰ পৰা

(খ) আহোম স্বৰ্গদেউ চুকাফাৰ দিনৰপৰা

গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) আহোম স্বৰ্গদেউ চুকাফাৰ দিনৰপৰা ।


৫) ‘ইতিহাস’ শব্দটো কোনটো ভাষাৰ শব্দ ?

(ক) গ্ৰীক ভাষাৰ

(খ) টাই ভাষাৰ

(গ) সংস্কৃত ভাষাৰ

উত্তৰ- (গ) সংস্কৃত ভাষাৰ ।


৬) কিমান চনত ছপাশাল আৱিষ্কাৰ হৈছিল ?

(ক) ১৪৪০ চনত

(খ) ১৫৪০ চনত

(গ) ১৪৩০ চনত

উত্তৰ- (ক) ১৪৪০ চনত ।


৭) বুৰজ্ঞী শব্দটো কোন ঠাইত ব্যৱহাৰ হয় ?

(ক) অৰুণাচল প্ৰদেশ

(খ) মণিপুৰ

(গ) অসম

উত্তৰ- (গ) অসম ।


৮) কিহৰ অধ্যয়ণৰ পৰা দেশ এখনৰ একোটা জাতিৰ সামগ্ৰিক জীৱন-যাপনৰ  বিষয়ে জানিব পাৰি ?

(ক) বুৰজ্ঞি

(খ) ইতিহাস

(গ) ভূগোল

উত্তৰ- (খ) ইতিহাস ।


৯) দ্বিতীয় মহাযুদ্ধৰ সময়ত  আমেৰিকাই জাপানৰ নাগাচাকি আৰু হিৰোশ্মিমাত বমা নিক্ষেপ কৰাৰ ফলত কিমান মানুহৰ মৃত্যু হয় ?

(ক) ১৩০,০০০

(খ) ১৪০,০০০

(গ) ১৫০,০০০

উত্তৰ- (গ) ১৫০,০০০ ।


১০) এটাৰ পিছত আন এটা নজনা কথাত সহায় কৰে ?

(ক) ইতিহাসে

(খ) বুৰজ্ঞীয়ে

(গ) ভূগোলে

উত্তৰ- (ক) ইতিহাসে ।


১১) বুৰঞ্জী কি ?

(ক) বৰ্তমান সময়ত ঘটা ঘটনা

(খ) অতীতৰ কাহিনী বা কাম-কাজৰ বৰ্ণনা

(গ) এটাও নহয়

উত্তৰ- (খ) অতীতৰ কাহিনী বা কাম-কাজৰ বৰ্ণনা ।


১২) বুৰঞ্জী শব্দতো কোন ঠাইত ব্যৱহাৰ কৰা হয় ?

(ক) অসমত

(খ) অসমৰ বাহিৰে সকলো ঠাইতে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) অসমত ।


১৩) আহোমৰ প্ৰথমজন স্বৰ্গদেউ কোন আছিল?

(ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ

(খ) স্বৰ্গদেউ চুকাফা

(গ) স্বৰ্গদেউ গদাধৰসিংহ

উত্তৰ- (খ) স্বৰ্গদেউ চুকাফা ।


১৪) ইতিহাস শব্দৰ অৰ্থ কি ?

(ক) এই ঘটনাবিলাক নিশ্চয় হৈছিল

(খ) নজনা কথা জনোৱাৰ ভঁৰাল

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) এই ঘটনাবিলাক নিশ্চয় হৈছিল ।


১৫) দেশ এখনৰ ৰাজনৈতিক দিশটোক কিহে সমৃদ্ধ কৰে ?

(ক) ইতিহাসে

(খ) বুৰঞ্জীয়ে

(গ) এটাও নহয়

উত্তৰ- (ক) ইতিহাসে ।


১৬) ইতিহাসে মানুহৰ মন কি কৰি তোলে ?

(ক) সংস্কাৰী

(খ) বিষম

(গ) কৌতূহলী

উত্তৰ- (গ) কৌতূহলী ।


১৭) সকলো প্ৰেৰণাৰ উৎস কি ?

(ক) ইতিহাস

(খ) পুৰণি কিতাপ-পত্ৰ

(গ) বৰ্তমান যুগৰ কিতাপবোৰ

উত্তৰ- (ক) ইতিহাস ।


১৮)  ইতিহাসে সমাজৰ _______ৰ কথা চালি-জাৰি চায়।

(ক) পৰিৱৰ্তন

(খ) ফলাফল

(গ) পুৰণি কিতাপ

উত্তৰ- (ক) পৰিৱৰ্তন ।


১৯) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ দুখনৰ নাম কি?

(ক) আওমোৰি আৰু হিৰোশ্চিমা

(খ) নাগাচাকি আৰু হিৰোশ্চিমা

(গ) নাগাচাকি আৰু আওমোৰি

উত্তৰ- (খ) নাগাচাকি আৰু হিৰোশ্চিমা ।


২০) ইতিহাসে মানুহে অতীতত কৰা_______উদঙাই দিয়ে ।

(ক) ভুলবোৰ

(খ) কথাবোৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) ভুলবোৰ ।



Type By- Raktima Saikia.

DABP006920