Lesson 5

ভাৰতত আৰ্যসকল

১। উত্তৰ লিখাঁ । 

(ক) আর্যসকলে ভাৰতত কোন দিশেৰে প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ আৰ্যসকলে ভাৰতত উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰৱেশ কৰিছিল।

(খ) খ্রী.পূ. কিমান শতিকাত আৰ্যসকলে ভাৰতত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ প্ৰায় ২০০০ খ্ৰী.পূ. পৰা ১৫০০ খ্ৰী.পূ. ৰ ভিতৰত আৰ্যসকল উত্তৰ-পশ্চিম দিশেদি ভাৰতত প্ৰৱেশ কৰিছিল।

(গ) আর্যসকল আহি পােনপ্ৰথমে ভাৰতৰ কোন ঠাইত বসবাস কৰিবলৈ লয় ? 

উত্তৰঃ আৰ্যসকলে আহি ভাৰতৰ পঞ্জাৱ অঞ্চলত পোনপ্ৰথমে বসতি আৰম্ভ কৰে।

(ঘ) আর্যসকলৰ মাজত বাল্য বিবাহৰ আৰু বিধবা বিবাহৰ প্ৰচলন আছিলনে ? 

উত্তৰঃ আৰ্যসকলৰ মাজত বাল্য বিবাহৰ প্ৰচলন নাছিল আৰু বিধবা বিবাহৰ প্ৰচলন আছিল।

(ঙ) আর্যসকলৰ চাৰিবৰ্ণ কি কি ?

উত্তৰঃ আৰ্যসকলৰ চাৰি বৰ্ণ হ'ল- ব্ৰাহ্মণ,ক্ষত্ৰিয়,বৈশ্য আৰু ক্ষুদ্ৰ।

(চ) আৰ্যসকলে নিজৰ জীৱন কালছােৱাক কি কি ভাগত ভাগ কৰিছে ? 

উত্তৰঃ আৰ্যসকলে নিজৰ জীৱন কালছোৱাক ভাগ কৰিছে-ব্ৰহ্মচৰ্ষ,গাৰ্হস্থ্য,বানপ্ৰস্থ আৰু সন্ন্যাস।

(ছ) আর্যসকলৰ মূল জীৱিকা কি ? 

উত্তৰঃ আৰ্যসকলৰ মূল জীৱিকা হৈছে-পশুপালন।

(জ) আৰ্যসকলে বস্তু বিনিময়ৰ বাবে কি ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ আৰ্যসকলে বস্ত্ত বিনিময়ৰ বাবে গৰু ব্যৱহাৰ কৰিছিল।

(ঝ) নিক্সা কি ? 

উত্তৰঃ নিক্সা হৈছে এবিধ সোণৰ মোহৰ।

(ঞ) আৰ্যসকলে প্রধান দেৱী হিচাপে কাক কাক পূজা কৰিছিল ? 

উত্তৰঃ আৰ্যসকলে প্ৰধান দেৱী হিচাপে ঊষা আৰু অদিতিক পূজা কৰে।

(ট) আর্যসকলৰ আদি গ্রন্থ কি ? 

উত্তৰঃ আৰ্যসকলৰ আদি গ্ৰন্থ হ'ল- বেদ।

(ঠ) বেদৰ আন এটা নাম কি ? 

উত্তৰঃ বেদৰ আন এটা নাম হ'ল শ্ৰুতি।

(ড) বেদৰ অর্থ কি ? 

উত্তৰঃ বেদৰ অৰ্থ হ'ল-জ্ঞান।

(ঢ)বেদ কেইখন আৰু কি কি ? 

উত্তৰঃ বেদ চাৰিখন।সেইকেইখন হ'ল- ঋকবেদ,সামবেদ,যজুৰবেদ আৰু অৰ্থববেদ।

(ণ) আটাইতকৈ প্রাচীন বেদখনৰ নাম কি ? 

উত্তৰঃ আটাইতকৈ প্ৰাচীন বেদখনৰ নাম হ'ল- ঋকবেদ।

(ত) ঋকবেদত কিমানটা শ্লোক আছে ? 

উত্তৰঃ ঋকবেদত ১০২৮ টা শ্লোক আছে।

(থ) চিকিৎসা বিজ্ঞান সম্পর্কীয় বেদ কোনখন ? 

উত্তৰঃ চিকিৎসা বিজ্ঞান সম্পৰ্কীয় বেদখনৰ নাম হ'ল- অৰ্থববেদ।

(দ) আর্যসকলৰ চাৰিখন বেদৰ উপৰি তিনিখন উল্লেখযােগ্য গ্রন্থৰ নাম লিখ । 

উত্তৰঃ আৰ্যসকলৰ চাৰিখন বেদৰ উপৰি তিনিখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হ'ল- ব্ৰাহ্মণ,আৰণ্যক,উপনিষদ আদি।

(ধ) দশমিক সংখ্যাৰ ধাৰণা প্ৰথমতে ক'ত হৈছিল ? 

উত্তৰঃ দশমিক সংখ্যাৰ ধাৰণা প্ৰথমতে ভাৰততে হৈছিল।

(ন) বেদৰ উপৰি চাৰিখন উপবেদ কি কি ? 

উত্তৰঃ বিদৰ উপৰি চাৰিখন উপবেদ হ'ল- আয়ুৰ্বেদ বা চিকিৎসাবিজ্ঞান, ধনুৰ্বেদ বা সামৰিকবিজ্ঞান, গন্ধৰ্ববেদ বা সঙ্গীত কলা আৰু স্থাপত্য বেদ বা স্থাপত্য কলা।

(প) আৰ্যসকলৰ বিশ আৰু জন কি ? 

উত্তৰঃ আৰ্যসকলৰ বিশ আৰু জন হৈছে কেইবাখনো গাঁও লগ লাগি এটা বিশ আৰু কেইবাটাও বিশ লগ লাগি একোটা জন গঠন কৰা হৈছিল।

(ফ) আর্যসকলৰ পৰিয়ালৰ মূল মানুহজনক কি বােলে ? 

উত্তৰঃ আৰ্যসকলৰ পৰিয়ালৰ মূল মানুহজনক গৃহপতি বোলে।

(ব) আৰ্যসকলৰ গাঁৱৰ মূল মানুহজনক কি বােলে ? 

উত্তৰঃ আৰ্যসকলৰ গাঁৱৰ মূল মানুহজনক গ্ৰামনী বোলে।

(ভ) আৰ্যসকলৰ বিশৰ মূল মানুহজনক কি বােলে ? 

উত্তৰঃ আৰ্যসকলৰ বিশৰ মূল মানুহজনক বিশপতি বোলে।

(ম) আর্যসকলৰ জনৰ মূল মানুহজনক কি বােলে ? 

উত্তৰঃ আৰ্যসকলৰ জনৰ মূলমানুহজনক  ৰাজন বোলা হৈছিল।

(য) ৰামায়ণ আৰু মহাভাৰত কেতিয়া ৰচনা হৈছিল ? 

উত্তৰঃ ধৰ্ম আৰু দৰ্শন শাস্ত্ৰৰ বাহিৰেও জ্য়োতিষ আৰু চিকিৎসাবিজ্ঞান বিষয়ত ভাৰতবৰ্ষৰ স্থান আছিল উল্লেখযোগ্য়। দশমিক সংখ্যাৰ ধাৰণা ভাৰততেই আৱিষ্কাৰ হৈছিল। তাৰ উপৰি আয়ুৰ্বেদ বা চিকিৎসাবিজ্ঞান, ধনুৰ্বেদ বা সামৰিকবিজ্ঞান, গন্ধৰ্ববেদ বা সঙ্গীত কলা আৰু স্থাপত্য়বেদ বা স্থাপত্য় কলা বিষয়ক চাৰিখন উপবেদো ৰচনা কৰা হৈছিল। এইবিলাকৰ পিছতেই ৰামায়ণ, মহাভাৰত ৰচনা হৈছিল।

(ৰ) মহাকাব্য দুখনৰ পিছত উল্লেখযােগ্য ৰচনাৰাজি কি ? 

উত্তৰঃ মহাকাব্য় দুখনৰ পিছত উল্লেখযোগ্য় ৰচনাৰাজি হৈছে পূৰাণসমূহ।

(ল) পুৰাণ কেইখন ? 

উত্তৰঃ পূৰাণ ওঠৰখন।

(ব) আৰ্যসকলে যাতায়াতৰ বাবে কি ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ  আৰ্যসকলে যাতায়তৰ বাবে গৰুগাড়ী ব্য়ৱহাৰ কৰিছিল।

(শ) আৰ্যসকলৰ মুখ্য বিচাৰপতি কোন ?

উত্তৰঃ ৰাজনেই আৰ্যসকলৰ মূখ্য বিচাৰপতি। 

(ষ) আৰ্যসকলে অগ্নিৰ পিছত কাক স্তুতি কৰিছিল ? 

উত্তৰঃ আৰ্যসকলে অগ্নিৰ পিছত বৰুণ দেৱতাক পূজা কৰিছিল।


২। চমুকৈ উত্তৰ লিখা । 

(ক) আৰ্যসকলৰ সীমা ক'ৰপৰা ক'লৈ আছিল ? 

উত্তৰঃ আৰ্যসকলৰ সীমা উত্তৰে হিমালয়ে, দক্ষিণে বিন্ধ্য পৰ্বত,, পূবে বংগোপসাগৰ আু পশ্চিমে আৰবসাগৰলৈকে আছিল। 

(খ) পাঠৰ মতে আর্য শব্দৰ অৰ্থ কি কি ? 

উত্তৰঃ পাঠৰ মতে আৰ্য শব্দৰ অৰ্থ হৈছে- এচাম পণ্ডিতৰ মতে আৰ্য শব্দৰ অৰ্থ আছিল কৃষি। বহু যুগৰ পিছত তেওঁলোকে এই অৰ্থ সলাই 'আৰ্য' শব্দৰ অৰ্থ 'শ্ৰেষ্ঠ' কৰিছিল।

(গ) আর্যসকলৰ হাতত যুদ্ধত হাৰি অনাৰ্যসকল কলৈ গৈছিল ? 

উত্তৰঃ আৰ্যসকলৰ হাতত যুদ্ধথ হাৰি অনাৰ্যসকলে ওচৰৰ হাবি-জংঘলত আৰু পৰ্বত-পাহাৰত আশ্ৰয় লৈছিল। কিছুমানে দক্ষিণৰ ফালে গুচি গৈছিল আৰু কিছুমান আৰ্যসকলৰ দাস হিচাপে থাকি লৈছিল।

(ঘ) কি কি গুণৰ ওপৰত নিৰ্ভৰ কৰি এজন ৰাজন নির্বাচিত হ'ব পাৰে ?

উত্তৰঃ এই ৰাজন পদবীটো সাধাৰণতে বংশগতভাৱে অৰ্থাৎ উত্তৰাধিকাৰী সূত্ৰে আহিছিল। কিন্তু কেতিয়াবা কেতিয়াবা উত্তৰাধিকৰী দুৰ্বল আৰু যুদ্ধবিদ্য়াত পাৰ্গত নহ'লে অন্য় লোককো ৰাজন নিৰ্বাচিত হৈছিল। সেই প্ৰাৰ্থীজন কিন্তু যুদ্ধবিদ্য়া আু প্ৰশাসনিক দিশত সুদক্ষ বা  পাৰ্গত হ'ব লাগিছিল।

(ঙ) মহাকাব্যৰ যুগ বুলিলে কি বুজা ? 

উত্তৰঃ ঋকবেদৰ পৰৱৰ্তী সময়ছোৱাক মহাকাব্য়ৰ যুগ বুলি কেতবোৰ পণ্ডিতে কয়। আমি আগতে পাই আহিছো যে, বৈদিক যুগৰ শেষৰফালেহে বিখ্যাত মহাকাব্য় দুখন ৰচিত হৈছিল। ৰামায়ণ-মহাভাৰত এই দুয়োখন মহাকাব্য়তে সেই সময়ৰ ৰজা আৰু প্ৰজাৰ সম্পৰ্ক আৰু তেওংলোকৰ সামাজিক,ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় অৱস্থাৰ বিষয়ে এক বিজ্ঞানসন্মত লেখনি বা সমল পোৱা যায়. এই সময়ৰ আন এখন উল্লেখযোগ্য় পুথি হ'ল গীতা। গীতা মহাভাৰতৰে অংশ। ইয়াৰ সামাজিক মূল্য় আজিও প্ৰচলিত হৈ আছে। সেইকাৰণে এই সময়ছোৱাক মহাকাব্য়ৰ যুগ বুলি কোৱা হয়।

(চ) আৰ্যসকল পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিয়পি পৰাৰ কাৰণ কি কি ? 

উত্তৰঃ আৰ্যসকলৰ আদি বাসস্থান য'তেই নহওক কিয়, এটা কথা নিশ্চিত যে আৰ্যসকল অঘৰী লোক আচিল। তেওংলোকৰ মূল জীৱিকা আছিল পশুপালন। বহুদিন একেলগে থকাৰ পিছত তেওঁলোকৰ ক্ৰমাগতভাৱে বাঢ়ি অহা জনসংখ্যা, পশুৰ বাবে চৰণীয়া পথাৰৰ অভাৱ, উৰ্বৰা মাটি আৰু খাদ্য়ৰ নাটনিয়ৰ কাৰণে আৰ্যসকল পৃথিৱীৰ বিভিন্ন দেশলৈ বিয়পি পৰিল।

(ছ) আৰ্যসকলে অনাৰ্যসকলপৰা কি কি শিকিছিল ? 

উত্তৰঃ আৰ্যসকলে অনাৰ্যসকলৰ পৰা বহু কথা শিকি লৈছিল। তাৰ ভিতৰত উল্লেখযোগ্য় আছিল বিভিন্ন শস্য়ৰ খেতি, জলসিঞ্চন প্ৰণালী, নাও সজা, সুৰক্ষিত দুৰ্গ আৰু সুপৰিকল্পিত নগৰ নিৰ্মাণ, বয়ন শিল্প, চিত্ৰবিদ্য়া আদি। 

(জ) আর্যাৱর্ত মানে কি ? 

উত্তৰঃ আৰ্যসকলে উত্তৰে হিমালয়, দক্ষিণে বিন্ধ্য পৰ্বত, পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰব সাগৰলৈকে এই সমগ্ৰ অঞ্চলটো তেওঁলোকৰ অধীন কৰি লৈছিল। এই গোটেই অঞ্চলটো আৰ্ষাৱত বুলি জনাজাত।

(ঝ) “ নীবি ’ , বাস ’ আৰু ‘ অধিবাস ’ শব্দৰ অর্থ কি ? 

উত্তৰঃ নীবি- ধূতি জাতীয় কাপোৰ; বাস- চোলা জাতীয় কাপোৰ; অধিবাস- গাত মেৰিয়াই লোৱা চাদৰ জাতীয় কাপোৰ।


৩। চমু টোকা লিখা । 

(ক) সপ্ত সিন্ধু 

উত্তৰঃ সপ্ত সিন্ধু হ'ল- সিন্ধু নদী আৰু ইয়াৰ উপনৈ শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা, বিতস্তা আৰু সৰস্বতী এই সাতখন নদীক একেলগে সপ্তসিন্ধু বুলি কোৱা হয়। 

(খ) আর্যসমাজত নাৰীৰ স্থান 

উত্তৰঃ আৰ্যসকলৰ মাজত নাৰীৰ স্থান উচ্চ আছিল। পত্নীৰ স্থান আছিল পতিৰ পিছতে। পত্নীয়ে তেওংৰ স্বামীক সকলো কাৰ্যতে সহায় কৰিব লাগিছিল। বিশেষকৈ প্ৰায়বিলাক ধৰ্মীয় অনুষ্ঠানত স্বামীৰ লগত পত্নী উপস্থিত নাথাকিলে সেই অনুষ্ঠান অসম্পূৰ্ণ বুলি গণ্য় কৰা হৈছিল। ইয়াৰোপৰি অন্য়ান্য় সামাজিক অনুষ্ঠান আদিতো নাৰীয়ে অংশগ্ৰহণ কৰিব পাৰিছিল। নাৰীৰ সমাজত পৰ্দা প্ৰথা নাছিল। আনহাতে বিধবা বিবাহৰো প্ৰচলন আছিল। বিশ্ববৰা, ঘোষা, উপলা আদিয়ে বেদৰ মন্ত্ৰও ৰচনা কৰিছিল বুলি বেদত উল্লেখ আছে।  

(গ) আর্যসকলৰ খাদ্য 

উত্তৰঃ আৰ্যসকলে আমিষ আৰু নিৰামিষ দুয়োবিধ আহাৰেই গ্ৰহণ কৰিছিল। ভেড়া াৰু ছাগলীৰ মাংগ খাদ্য় হিচাপে খাইছিল। ঘেঁহু, যৱ আু গাখীৰ আছিল মূলতঃ তেওঁলোকৰ প্ৰধান খাদ্য়। তদুপৰি ঘিউ, মাখন, ফল-মূল, শাক-পাচলি আদিও খাইছিল। ইয়াৰোপৰি তেওঁলোকে 'সোম' আু 'সুৰা' নামৰ দুবিধ পানীয়ও খাদ্য় হিচাপে গ্ৰহণ কৰিছিল। ইয়াৰে 'সোমৰস'ক নৈবেদ্য়ৰূপে আঘবঢ়াইচিল।

(ঘ) আর্যসকলৰ সাজপাৰ 

উত্তৰঃ সাজ-পাৰৰ ক্ষেত্ৰত আৰ্যসকলে প্ৰধানকৈ 'নীবি', 'বাস' আৰু 'অধিবাস' নামৰ তিনিবধ বস্ত্ৰ ব্য়ৱহাৰ কৰিছিল। সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলৰ সাজ-পাৰৰ ক্ষেত্ৰত কিছু পাৰ্থক্য় দেখা যায়। তেওঁলোকে সোণৰ বন কৰাা কাপোৰ ব্য়ৱহাৰ কৰিছিল। 

(ঙ) আৰ্য সকলৰ শাসন ব্যৱস্থা 

উত্তৰঃ আৰ্যসকলৰ মাজত বিভিন্ন ভৈদ আছিল। এই ফৈদবিলাকে নিজাকৈ একোখন সমাজ পাতি আছিল যদিও তেওঁলোকে পৰস্পৰে পৰস্পৰৰ লগত সম্পৰ্ক ৰাখিছিল। এই ফৈদবিলাক সাধাৰণতে একোটা পৰিয়াল আছিল। এনেদৰে কেইবাটাও পৰিয়াল লগ লাগি এখন গাওঁ হৈছিল। আকৌ কেইবাখনো গাঁও লগ লাগি এটা বিশ আৰু কেইবাটাও বিশ লগ লাগি একোটা জন গঠন কৰা হৈছিল। 

     এই প্ৰতিটো ভাগকে একো একোজন মুখ্য় লোকে পৰিচালনা কৰিছিল। যেনে- পৰিয়ালৰ মূল মানুহজনক গৃহপতি, গাঁৱৰ মুখিয়ালজনক গ্ৰামনী, বিশৰ মুখিয়ালজনক বিশপতি আৰু জনৰ মুখিয়ালজনক ৰাজন বোলা হৈছিল। এই ৰাজনেই আছিল সমাজৰ মূখ্য বিচাৰপতি আু শাসনৰ মূল। এই ৰাজন পদবীটো সাধাৰণে বংশগতভাৱে অৰ্থাৎ উত্তৰাধিকাৰী সূত্ৰে আহিছিল। কিন্তু কেতিয়াবা কেতিয়াবা উত্তৰাধিকৰী দুৰ্বল আৰু যুদ্ধবিদ্য়াত পাৰ্গত নহ'লে অন্য় লোককো ৰাজন নিৰ্বাচিত হৈছিল। সেই প্ৰাৰ্থীজন কিন্তু যুদ্ধবিদ্য়া আু প্ৰশাসনিক দিশত সুদক্ষ বা  পাৰ্গত হ'ব লাগিছিল।

(চ) চতুৰাশ্রম 

উত্তৰঃ আৰ্যসকলে নিজৰ জীৱন কালছোৱাক চাৰিটা ভাগত ভাগ কৰিছিল। ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্য়াস নামে জনাজাত এই চাৰিটা ভাগত গগুৰু গৃহত বা গুৰুৰ ঘৰত থাকি বিদ্য়া শিক্ষা লাভ কৰিব লাগিছিল। এি সময়ছোৱাক ব্ৰহ্মচৰ্য ব্ৰত পালনৰ ময় বুলি কৈছিল। গুৰুৰ ঘৰত শিক্ষা লাভ কৰি নিজ ঘৰলৈ ঘূৰি গৈ বিয়া-বাৰু কৰাই জীৱন-যাপন কৰা কালছোৱাক গাৰ্হস্থ্য ব্ৰত পালন বুলি অভিহিত কৰিছিল। বয়স হৈ অহাৰ লগে লগে সংসাৰ ধৰ্ম ত্য়াগ কৰি ধৰ্ম চৰ্চা কাৰিব লাগিছিল। ধৰ্ম চৰ্চা কৰা এই সময়ছোৱাক বানপ্ৰস্থ বুলি কোৱা হৈছিল। একেবাৰে শেষত এই সকলো মায়া-মোহৰ পৰা মুক্ত হৈ কেৱল একাত্মভাৱে ভগৱানক চিন্তা কৰিবৰ বাবে সন্ন্য়াস ব্ৰত পালন কৰিব লাগিছিল।

    এই চাৰিটা ভাগৰ বা আশ্ৰমৰ মাজেৰে আৰ্যসকলে জীৱন কটাব লগা হৈছিল। গতিকে ইয়াক চতুৰাশ্ৰম বোলা হৈছিল।

(ছ) বর্ণ বিভাগ 

উত্তৰঃ প্ৰথমাৱস্থাত আৰ্যসকলৰ মাজত কোনো বিভাজন প্ৰথা নাছিল। তথাপিও তেওঁলোকে সমাজৰৰ সকলো স্তৰৰ মানুহক চাৰিটা ভাগত ভাগ কৰিছিল। ইয়াৰ মূল কাৰণ হ'ল- ক্ৰমান্বয়ে বাঢ়ি অহা জনসংখ্যা আু অত্য়ধিকক কামৰ বোজা। গতিকে গুণ, সামৰ্থ আু দক্ষতাৰ ভিত্তিত ভাগ কৰা এই ভাগকেইটা হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। যিবিলাক লোকৰ পূজা-পাতল, যাগ-যজ্ঞত দক্ষতা আছিল সেইসকলক ব্ৰাহ্মণ, যুদ্ধবিদ্য়াত পাৰ্গতসকলক ক্ষত্ৰিয়, কৃষি, পশুপালন আৰু বেপাৰ-বাণিজ্য়ত জড়িতসকলক বৈশ্য আৰু তেনেই সাধাৰণসকলক শূদ্ৰ শ্ৰেণীত ভাগ কৰা হৈছিল।

(জ) আৰ্যসকলৰ অর্থনৈতিক জীৱন

উত্তৰঃ আৰ্যসকলৰ মূল জীৱিকা আছিল কৃষি আৰু পশুপালন। তদুপৰি তেওঁলোকে বয়ন শিল্প, কাঠমিস্ত্ৰী, সোণাৰী, কমাৰ, চিকিৎসক আদি জীৱিকা-নিৰ্বাহৰ উপায় বা পথ হিচাপে গ্ৰহণ কৰিছিল। কৃষি কাৰ্যত অনাৰ্যসকলে ব্য়ৱহাৰ কৰা জলসিঞ্চন পদ্ধতি আৰ্যসকলেও ব্য়ৱহাৰ কৰিবলৈ লৈছিল। কিন্তু বৰষুণৰ ওপৰতহে তেওঁলোক বেছি নিৰ্ভৰশীল আছিল। ঘাইকৈ ধান, ঘেঁহু, যৱৰ খেতি কৰিছিল যদিও কপাহ আৰু সৰিয়হৰ খেতিও কৰিছিল। সেই সময়ত মুদ্ৰাৰ প্ৰচলন বহুলভাৱে হোৱা নাছিল। তেওংলোকে বস্তুৰ সলনা-সলনি বা বস্তু বিনিময় প্ৰথাৰে বেপাৰ-বাণিজ্য় চলাইছিল। প্ৰথমে গৰুক তেওঁলোকে যিকোনো বস্তুৰ বিনিময়ত সলনা-সলনি কৰিছিল। অৰ্থাৎ গৰুক তেওঁলোকে বিনিময়ৰ মাধ্যমৰূপে ব্য়ৱহাৰ কৰিছিল। পিছলৈ অৱশ্যে 'নিক্সা' নামৰ এবিধ সোণৰ মোহৰ বস্তু বেচা-কিনাৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰিছিল। তেওঁলোকে দেশৰ ভিতৰত আৰু বাহিৰতো বেপাৰ-বাণিজ্য় চলাইছিল। এই ক্ষেত্ৰত যাতায়তৰ বাবে গৰুগাড়ী ব্য়ৱহাৰ কৰিছিল।

Type-  Chinmay kakati