Lesson 6
বুদ্ধ আৰু মহাবীৰ
১। একোটিকৈ বাক্যত উত্তৰ লিখা ।
( ক ) শাক্যবংশই শাসন কৰা ৰাজ্যখনৰ নাম কি আছিল ?
উত্তৰঃ শাক্য়বংশই শাসন কৰা ৰাজ্য়খনৰ নাম কপিলাবলস্তু আছিল।
( খ ) গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ গৌতম বুদ্ধৰ জন্ম ৫৬৩ত লুম্বিনীত হৈছিল।
( গ ) বােধিদ্রুম কি ?
উত্তৰঃ যিজোপা গছৰ তলত বহি বুদ্ধদেৱে তপস্য়া কৰিছিল সেই গছজোপাৰ নামেই হৈছে বোধিদ্ৰুম।
( ঘ ) ত্রিপিটক’খন কোন ভাষাত লিখা হৈছিল ?
উত্তৰঃ ত্ৰিপিটক'খন স্থানীয় পালি ভাষাত লিখা গৈছিল।
( ঙ ) 'কৈৱল্য ’ মানে কি ?
উত্তৰঃ কৈৱল্য় মানে তপস্য়াৰ অন্তত মহাবীৰে লাভ কৰা জ্ঞান।
( চ ) মহাবীৰৰ মাক - দেউতাকৰ নাম কি আছিল ?
উত্তৰঃ মহাবীৰৰ মাক-দেউতাকৰ নাম আছিল সিদ্ধাৰ্থ আৰু ত্ৰিশালা।
( ছ ) মহাবীৰৰ মৃত্যু ক’ত হৈছিল ?
উত্তৰঃ পাটনাৰ পাৱাপুৰ নামে ঠাইত মহাবীৰৰ মৃত্য়ু হৈছিল।
( জ ) জৈন ধর্মৰ ধৰ্মপুথিখন কোন ভাষাত লিখা হৈছিল ?
উত্তৰঃ জৈন ধৰ্মৰ পুথিখন লোকভাষা প্ৰাকৃতত লিখা হৈছিল।
( ঝ ) জৈন ধৰ্মৰ প্ৰথমজন তীর্থংকৰ কোন আছিল ?
উত্তৰঃ জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থশংকৰ ঋষভ আছিল।
( ঞ ) মহাবীৰ কোনখন ৰাজ্যৰ কোনটো ৰাজবংশৰ উত্তৰাধিকাৰী আছিল ?
উত্তৰঃ মহাবীৰ বৈশালী ৰাজ্য়ৰ জ্ঞাতক বংশৰ ৰজা আছিল।
২। খালী ঠাই পূৰ কৰাঁ ।
( ক ) বৌদ্ধ ধর্মৰ মূল ধর্ম পুথিখনৰ নাম হ'ল ত্ৰিপিতক ।
( খ ) জৈন ধৰ্মৰ প্ৰচাৰকসকলক তীৰ্থংকৰ বুলি কোৱা হৈছিল ।
( গ ) মহাবীৰ আছিল শেষ তীর্থংকৰ ।
( ঘ ) বুদ্ধদেৱৰ মৃত্যু কুশী নগৰত ৮০ বছৰ বয়সত হৈছিল ।
( ঙ ) বৰ্দ্ধমানে তপস্যা কৰা পাহাৰটোৰ নাম আছিল পৰেশনাথ ।
৩। চমু উত্তৰ লিখা ।
( ক ) বৌদ্ধ ধর্মৰ মূলমত বা মূলকথা কি আছিল ?
উত্তৰঃ বৌদ্ধধৰ্মৰ মূল মত হৈছে-
( খ ) জৈন ধৰ্মৰ মূলমন্ত্র কি আছিল ?
উত্তৰঃ জৈন ধৰ্মৰ মূলমন্ত্ৰ হৈছে- অহিংসাই পৰম ধৰ্ম।
৪। সাদৃশ্য লিখা ।
জৈন ধর্ম আৰু বৌদ্ধ ধর্ম ।
উত্তৰঃ বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত তিনিটা সাদৃশ্য় হৈছে-
৫। উত্তৰ লিখা ।
(ক) গৌতম বুদ্ধৰ জীৱনকালৰ বিষয়ে লিখা ।
উত্তৰঃ খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত শাক্য়সকল বা শাক্য়বংশই শাসন কৰা ঠাইখন বা ৰাজ্য়খনৰ নাম আছিল কপিলাবস্তু। এই কপিলাবস্তু ৰাজ্য়ত এসময়ত ৰজা শুদ্ধোদনে ৰাজত্ব কৰিছিল। খীৰ্ষ্টপূৰ্ব ৫৬৩ত কপিলাবস্তুৰ ওচৰেৰে লুম্বিনী নামৰ এখন ঠাইত শুদ্ধোদন আৰু পত্নী মায়াদেৱীৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল। সিদিনা আছিল বহাগ মাহৰ পূৰ্ণিমা তিথি। এই ল'ৰা সন্তানটিৰ নাম আছিল সিদ্ধাৰ্থ। সৰুতে মাতৃহাৰা হোৱা ল'ৰাটিক মাহীমাক গৌতমীয়ে তুলি-তালি ডাঙৰ-দীঘল কৰে। সেইবাবে ল'ৰাটিৰ আন এটা নাম গৌতম। আকৌ শাক্য়বংশত জন্ম হোৱাৰ বাবে তেওঁৰ নাম শাক্য়সিংহ বা শাক্য়মুনি। শাক্য়মুনি বা গৌতম সৰুৰেপৰাই চিন্তাষশীল আছিল। ওঠৰ বছৰ বয়সতে বিয়া কৰাই তেওঁ গৃহস্থী হৈছিল। প্ৰায় ১০ বছৰকাল গাৰ্হস্থ্য ধৰ্ম পালন কৰি মানুহৰ জীৱনত হোৱা জৰা, ব্য়াধি আৰু মৃত্য়ু যন্ত্ৰনাৰপৰা হাত সৰাৰ উপায় বিচাৰি ঘৰ-দুৱাৰ ত্য়াগ কৰিলে। সংসাৰ ত্য়াগ কৰি প্ৰায় ছয় বছৰকাল অনাই-বনাই ঘূৰি ফুৰিলে। বহু পণ্ডিতলোকৰ লগত আলোচনা কৰিও জীৱনৰ দুখ-যন্ত্ৰণাৰ পৰা ৰক্ষা পোৱাৰ একো সমাধান নাপালে। অৱশএষত গয়াত এজোপা আঁহত গছৰ তলত তেওঁ তপস্য়াত নিমগ্ন হ'ল। এইদৰেই তেওঁ সমস্য়াৰ সমাধান বিচাৰি পালে অৰ্থাৎ দিব্য় জ্ঞান লাভ কৰিবলৈে সমৰ্থ হ'ল। যিদিনা তেওঁ দিব্য়জ্ঞান লাভ কৰিছিল সেইদিনা আছিল বহাগৰ পূৰ্ণিমা তিথি। জ্ঞান লাভ কৰা সময়ৰ পৰাই তেওঁ 'বুদ্ধ' নামেৰে পৰিচিত হয়। জ্ঞান পোৱাৰ পিছত যি ধৰ্ম মানুহৰ মাজত প্ৰচাৰ কৰিছিল সেয়ে বৌদ্ধ ধৰ্ম হিচাপে বিখ্যাত, যি ঠাইত জ্ঞান লাভ কৰিছিল সেই ঠাইৰ নাম বোধগয়া আৰু যিজোপা গছৰ তলত বহি তপস্য়া কৰিছিল সেই গছজোপাৰ নাম বোধিদ্ৰুম হ'ল। ৮০ বছৰ বয়সত কুশী নগৰত বুদ্ধদেৱৰ মৃত্য়ু হৈছিল।
(খ) মহাবীৰৰ জীৱনকালৰ বিষয়ে লিখা ।
উত্তৰঃ প্ৰায় খ্ৰীষ্টপূৰ্ব ৫৪০ (আনুমানিক) জন্ম গ্ৰহণ কৰা বৰ্দ্ধমানৰ পিতাকৰ নাম আছিল সিদ্ধাৰ্থ। সিদ্ধাৰ্থ জ্ঞাতক বংশৰ ৰজা আছিল। সিদ্ধাৰ্থ আৰু ৰাণী ত্ৰিশলাৰ সন্তান আছিল বৰ্দ্ধমান। সৰুৰেপৰাই চিন্তাশীল আৰু ভাবুক পুত্ৰসন্তানৰ মন ভাল কৰিবলৈ তেওঁলোকে যশোদা নামেৰে এগৰাকী ৰাজকুমাৰীক বিয়া কৰাই দিয়ে। বৰ্দ্ধমান আৰু যশোদাৰ এটি কন্য়া সন্তান থকাৰ স্বত্ত্বেও বৰ্দ্ধমানৰ স্বভাৱ সলনি নহ'ল। ৩০ বছৰ বয়সত বৰ্দ্ধমানে সংসাৰ ত্য়াগ কৰি জৈন ধৰ্মৰ গুৰু পাৰ্শ্বনাথৰ ওচৰত ধৰ্মৰ দীক্ষা লয়। প্ৰায় ১২ বছৰ কাল কঠোৰ তপস্য়াৰ অন্তত তেওঁ 'কৈৱল্য়' অৰ্থাৎ প্ৰকৃতিৰ প্ৰভাৱৰপৰা মুক্তিৰ পূৰ্ণ জ্ঞান লাভ কৰে। তেওঁ তপস্য়া কৰা পাহাৰটোৰ নাম আছিল পৰেশনাথ। তেতিয়াৰপৰা তেওঁ 'মহাবীৰ' আৰু 'জিন' অৰ্থাৎ 'ৰিপুজয়ী' নামে বিখ্যাত হৈ পৰে। এই জিন শব্দৰ পৰাই 'জৈন' হয় বুলি কোৱা হয়। সেয়ে তেওঁ প্ৰচাৰ কৰা ধৰ্মটোৰ নাম জৈন ধৰ্ম হয়। প্ৰায় ৩০ বছৰ কাল নানা ঠাইত ধৰ্মপ্ৰচাৰ কৰি অৱশেষত পাটনা জিলাৰ পাৱাপুৰ নামৰ ঠাইত তেওঁ ইহলীলা সম্বৰণ কৰে। মৃত্য়ুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭২ বছৰ।
(গ) দুয়ােটা ধৰ্মৰ দিনত হােৱা সামাজিক পৰিৱর্তনসমূহ লিখা ।
উত্তৰঃ দুয়োটা ধৰ্মৰ দিনত হোৱা সামাজিক পৰিৱৰ্তনসমূহ হৈছে-
১। দুয়োটা ধৰ্মৰে মূল বাণী অহিংসা হোৱাৰ বাবেই সেই সময়ত সমাজত প্ৰচলিত হৈ থকা যাগ-যজ্ঞ, বলি-বিধানৰ পৰিমাণ ক্ৰমান্বয়ে কমি গৈছিল।
২। দুয়োটা ধৰ্মৰে বাণী সমাজৰ সকলো স্তৰৰ মাজত প্ৰচলিত হৈছিল বাবে সমাজত প্ৰচলিত জাতিভেদ প্ৰথা কিছু শিথিল হৈ পৰিছিল। ধৰ্মৰ ক্ষেত্ৰত থকা পুৰোহিত আৰু ব্ৰাহ্মণসকলৰ আধিপত্য় কমি গৈছিল।
৩। দুয়োটা ধৰ্মৰে নিজৰ নিজৰ ধৰ্মপুথি ৰচনা হোৱাৰ ফলত ভাৰতীয় সাহিত্য়ত এবিধ নতুন ধৰ্মীয় সাহিত্য়ৰ সংযোজন ঘটি ভাৰতীয় সাহিত্য় চহকী হৈ উঠিছিল।
৪। দুয়োটা ধৰ্মৰ মূল কথাবোৰ লোকভাষা বা কথিত ভাষাত প্ৰচাৰ হোৱা বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকে ধৰ্মীয় কথাবোৰৰ অৰ্থ সহজে বুজিব পাৰি।
৫। দুয়োটা ধৰ্ম প্ৰচাৰৰ পিছত ভাৰতীয় সমাজত শিক্ষাৰ দিশতো এক নতুনত্ব আহিছিল; য'ত ধৰ্মীয় শিক্ষাৰ লগতে কলা-সংস্কৃতি, স্থাপত্য়-ভাস্কৰ্য্য, সামৰিক শিক্ষা আদিৰ পাঠ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছিল।
Type: Chinmay kakati
Check by - Mukesh Borah
0 Comments