পাঠ-পঞ্চম

চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ 

১)  একোটিকৈ বাক্যত উত্তৰ লিখা্ঁ ।


ক) চিহাবুদ্দিন তালিছে ৰচনা কৰা গন্থখনৰ নাম কি লিখা্ঁ।


উত্তৰঃ- চিহাবুদ্দিন তালিচে ৰচনা কৰা গন্থখনৰ নাম ফাথিয়া-ই-ইব্ৰিয়া আছিল ।


খ) চিহাবুদ্দিন তালিছৰ বিৱৰণ মতে ব্ৰক্ষপুএ নদীৰ উ্ত্তৰ আৰু দক্ষিণ পাৰক কি বুলি জনা গৈছিল ?


উত্তৰঃ- চিহাবুদ্দিন তালিচৰ বৱৰনৰ মতে ব্ৰক্ষপুত্ৰৰ নদীৰ  উত্তৰ আৰু  দক্ষিন পাৰক দক্ষিনকোল বোলা হয় ।


গ) চিহাবুদ্দিন তালিচৰ মতে অসমত কি বস্তৰ অতি দুৰ্লভ আছিল ? 


উত্তৰঃ চিহাবুদ্দিন তালিতৰ মতে অসমত নিমসৰ অতি দুৰ্লভ আছিল ।

ঘ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম ৰজ্যৰ ৰজা কোন আছিল?


উত্তৰঃ মিৰজুলাৰ  অসম আক্ৰমণৰম ৰাজ্যৰ জয়ধ্বজ সিংহ  আছিল ।


ঙ) অসমৰ মানুহে সাজি লোৱা সৰু নাওবোৰক কি বুলি কোৱা হৈছিল ? 


উত্তৰ- অসমৰ মানুহে সাজি লোৱা সৰু  নাওবোৰক বচৰী বুলি কোৱা  হয়।


২) চিহাবুদ্দিন তালিচৰ টোকা মতে অসমৰ প্ৰকৃতিক সৌন্দৰ্য আৰু জলায়ু কেনে আছিল  লিখা্ঁ ।


উত্তৰঃ চিহাবুদ্দিন তালিচৰ মতে অসম হাবি বনন্ৰে ভৰা এখনি ভয়াবহ দেশ  ।  বাংলাদেশৰ উত্তৰ -পূব সীমান্ত ্সম অৱস্থিত অসমৰ মাজেৰে সুবিশাল ব্ৰক্ষপুত্ৰ 


৩ ) অসমৰ গছ-গছনি আৰু শস্যৰ বিষয়ে চিহাবুদ্দিন তালিছে কি কি কথা লিখি থৈ গৈছে লিখাঁ ?

উত্তৰঃ অসমৰ গছ-গছনি আৰু শস্যৰ বিষয়ে চিহাবুদ্দিন তালিছে কৈছিল যে- অসমৰ গছ-গছনি ওখ, ডাঙৰ, আৰু ঘন। ভাৰতৰ অন্য প্ৰান্তত নথকা গছ-গছনি, ফুল-ফল, অসমত দেখা যায়। জালুক, আম, কঠাঁল, কুহিঁয়াৰ, আদিৰ খেতি প্ৰচুৰ পৰিমাণে কৰাৰ উপৰিও প্ৰধান  খেতি ধান কৰিবলৈ অসমৰ মাটি সাৰুৱা আৰু পলসুৱা বাবে ভাল খেতি হয়।


৪)  অসমৰ ৰাজহ ব্যবস্থাৰ বিষয়ে চিহাবুদ্দিন  তালিছৰ টোকাত কি কথাৰ উল্লেখ পোৱা  যায় লিখা্ঁ ।

উত্তৰঃ অসমৰ ৰাজহ ব্যৱস্থাৰ বিষয়ে চিহাবুদ্দিন তালিছৰ টোকাত আছে যে- অসমৰ প্ৰজাসকলে শাৰীৰিক শ্ৰম কৰি ৰজাঘৰক কৰ দিব লাগিছিল। খেতিয়কে কৰৰ বিনিময়ত ৰজাঘৰত কাম কৰিব লাগিছিল আৰু অৱহেলা কৰিলে প্ৰাণদণ্ড দিছিল।

৫) বিদেশী শক্ৰৰ আক্ৰমণৰ বিৰুদ্ধে অসমীয়া .সৈন্যই কি কৌশল গ্ৰহন কৰে বুলি চিহাবুদ্দিন তালিছে উল্লেখ কৰিছে লিখা্ঁ ।

উত্তৰঃ বিদেশী শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে অসমীয়া সৈন্যই ৰাজ্যৰ প্ৰৱেশ আৰু প্ৰস্থান দুৱাৰ ঠেক কৰি দিছিল। বিদেশী শত্ৰুয়ে আক্ৰমণ কৰিলে অসমম মানুহ পাহাৰত আশ্ৰয় লৈ বাৰিষাৰ সময়ত শত্ৰুক আক্ৰমণ কৰে আৰু বিদেশী সৈন্যই আচহুৱা প্ৰকৃতিত পৰাজিত হয়।

৬) অসমৰ জনসাধাৰণৰ বিষয়ে চিহাবুদ্দিন তালিছে কেনেধৰণৰ মতামত দিছিল লিখা্ঁ? 

উত্তৰঃ অসমৰ জনসাধাৰণৰ বিষয়ে চিহাবুদ্দিন তালিছে মতামত দিছিল যে- অসমৰ জনসাধাৰণৰ কোনো সুকীয়া ধৰ্ম নাছিল। জাত-পাতৰ বিচাৰ নাছিল। মানুহৰ বাহিৰে আন জীৱ- জন্তুৰ মাংস খাইছিল, যদিও ঘিঁউ খাবলৈ বেয়া পাইছিল। ভাষা অন্যান্য ঠাইতকৈ পৃথক। চেহেৰাৰ মাজেৰে বীৰত্ব আৰু সাহস প্ৰকাশ পায়।

৭)  অসমীয়া  সৈন্যই ব্যৱহাৰ কৰা নাও্ঁ, হিলৈ, খাৰ-বৰুদৰ বিষয়ে চিহাবুদ্দিনৰ টোকাত কি উল্লেখ আছে  লিখা্ঁ।

উত্তৰঃঅসমীয়া সৈন্যই ব্যৱহাৰ কৰা নাওঁ, হিলৈ, খাৰ-বাৰুদৰ বিষয়ে চিহাবুদ্দিনৰ টোকাত উল্লেখ আছে যে- এই দেশৰ মানুহে 'বচাৰী' নামৰ এবিধ সৰু নাও সাজি লৈছিল। এই নাওবোৰ পূৰঠ কাঠৰ মাজৰ সাৰ ভাগৰ পৰা তৈয়াৰ কৰা হয় বাবে গধূৰ হয়। এই দেশৰ মানুহে    উৎকৃষ্ট ধৰণৰ হিলৈ আৰু খাৰ-বাৰুদ তৈয়াৰ কৰিব পাৰিছিল। মোগলৰ পৰা সংগ্ৰহ কৰা কেচাঁমালেৰে এই বস্তুবোৰ তৈয়াৰ কৰা হৈছিল। 

৮) চিহাবুদ্দিনৰ টোকা মতে গড়গাও্ঁ নগৰৰ বিৱৰণ এটি লিখা্ঁ।

উত্তৰঃ গড়গাওঁ নগৰৰ বিৱৰণ তলত দিয়া হ'ল

গড়গাঁৱত চাৰিওফালে থকা চাৰিখন শিলৰ দুৱাৰ অতিক্ৰম কৰিব লাগে। শিলৰ দুৱাৰ চাৰিখনৰ প্ৰত্যেকৰে পৰা ৰাজপ্ৰাসাদলৈ প্ৰায় ৩ ক্ৰোশ দৈৰ্ঘ্যৰ একোটাকৈ ওখ, বহল আৰু মজবুত পথ আছিল। নগৰখনৰ চাৰিওফালে লানি নিছিগা বাঁহ গছৰ শাৰী আছিল। নগৰৰ ভিতৰত থকা ঘৰবোৰ অসংলগ্নভাৱে সজা হৈছিল।

৯) চিহাবুদ্দিন তালিছৰ টোকাত আহোম ৰজাৰ ৰাজকাৰেং কেনেকুৱা আছিল বৰ্ণনা কৰা্ঁ।

উত্তৰঃ চিহাবুদ্দিন তালিছৰ টোকাত আহোম ৰজাৰ কাৰেংঘৰৰ বিষয়ে আছিল যে-ৰজাক সাক্ষাৎকাৰ কৰাৰ বাবে থকা ঘৰটোক সোলোং ঘৰ বা হোলোং ঘৰ বোলা হৈছিল। এই ঘৰটোৰ দৈৰ্ঘ্য আছিল ১২০ ফুট আৰু প্ৰস্থ আছিল ৩০ ফুট। প্ৰায় ৪ বৰ্গফুট জোখৰ ৬৬ টা খুঁটাৰ ওপৰত এই ঘৰটো থিয় হৈ আছিল। খুঁটাবোৰৰ কাম-কাজ ইমান মিহি আছিল যে প্ৰথম দৃষ্টিত কুন্দত কটা যেন লাগে। ৰকাজকাৰেঙৰ কাৰুকাৰ্য আৰু কাঠত কটা চিত্ৰ-ভাস্কৰ্য অতি বিতোপন।



Author- DIKHA BORA

Morigaon (Assam)