পাঠ-ষষ্ঠ

শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকন


১)  একোটিকৈ বাক্যত উত্তৰ লিখা্ঁ।

ক) চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিল ?

উত্তৰঃ  চক্ৰধ্বজ সিংহৰ আহোম নাম আছিল- ওৰফে চুপুংমুং। 

খ) চক্ৰধ্ব সিংহৰ ৰজত্বকালত  প্ৰধান মন্তী কোন আছিল ?

উত্তৰঃ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত প্ৰধান মন্ত্ৰী আটন বুঢ়াগোঢ়াই আছিল।

গ) আলাবৈ যুদ্ধ কোন চনত হৈছিল ?

উত্তৰ ঃআলাবৈ যুদ্ধ ১৬৬৯ চনত হৈছিল।

ঘ) কাৰ নেতৃত্বত দগা যুদ্ধ হৈছিল?

উত্তৰঃ আটন বুঢ়াগোঢ়াই নেতৃত্বত দগা যুদ্ধ হৈছিল।

২) চমুটোকা লিখা্ঁ ।

ক) আলাবৈ যুদ্ধঃ ১৬৬৯ খ্ৰি.ত ৰজা চক্ৰধ্বজ সিংহৰ নিৰ্দেশ মতে বুঢ়াগোঢ়াই আৰু লাচিত বৰফুকনে আলাবৈ নামৰ ঠাইত যুদ্ধত অংশ লয়।এই যুদ্ধত কিন্ত্ত আহোম সৈন্য বেয়াকৈ পৰাজিত হ'ল।এই পৰাজয়ৰ বাতৰি পোৱাৰ পিছত চক্ৰধ্বজ সিংহ ১৬৬৯ খ্ৰি.ত মৃত্যুমুখত পৰিল।

খ)  উদয়াদিত্য সিংহঃ  উদয়াদিত্য সিংহ আছিল এজন স্বাধীনচিতীয়া ৰজা। তেখেতৰ  উৎসাহে আছিল আহোম সৈনিকসকলৰ সাহসৰ মূল উৎস।  স্বৰ্গদেউ উদয়াদিত্য সিংহই চামধৰাৰ পৰা প্ৰায় ২০০০০ সৈন্য পঠোৱাৰ বাবে যুদ্ধৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'ল।  


গ)  চক্ৰধ্বজ সিংহঃ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত স্বৰ্গদেৱ চক্ৰধ্বজ সিংহ ওৰফে চুপুংমুং আহোমৰ ৰাজ পাটত উঠিছিল।তেওঁ আচিল     জয়ধ্বজ সিংহৰ সম্পৰ্কীয় ভায়েক।জয়ধ্বজ সিংহৰ ৰাজত্বকালত মিৰজুলাই অসম আক্ৰমণ কৰি যোৱাৰ পিছত অসমৰ সামাজিক,ৰাজনৈতিক,অৰ্থনৈতিক আদি সকলো এক বিপৰ্যয়ে দেখা দিছিল।চক্ৰধ্বজ সিংহ এঝন সাহসী,স্বাধীনতা প্ৰিয় আৰু কৰ্মদক্ষ চৰিত্ৰৰ লোক আছিল।তেওঁ ৰজা হৈ পাত্ৰ-মন্ত্ৰীসকলৰ আগত মোগলৰ হাতৰ পৰা অসমৰ হৃত গৌৰৱ উদ্ধাৰ কৰিবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা চলালে।এইক্ষেত্ৰত তেওঁৰ প্ৰধান সাহস আছিল পৰামৰ্শদাতা প্ৰধানমন্ত্ৰী আতন বোঢ়াগোঢ়াই আৰু লাচিত দোলাকাষৰীয়া বৰুৱা।

৩) লাচিতে কেনেকৈ বৰফুন পদবী লাভ কৰিছিল  লিখা।

উত্তৰঃ লাচিত দোলাকাষৰীয়া বৰুৱা হৈ থাকোতে আহোম ৰজাক এজন সেনাপতি পাতিবৰ বাবে এজন উপযুক্ত ব্যক্তিৰ প্ৰয়োজন হ'ল।লাচিতক ৰাজসভালৈ মতা হ'ল।লাচিতে আহি স্বৰ্গদেউক অভিবাদন জনাই থকাৰ সময়তে তেওঁৰ মূৰৰ পাগুৰিটো এজন লগুৱাই পিছফালৰ পৰা খুলি লৈ গ'ল।এই কথাত অপমান বোধ কৰি লাচিতে তেতিয়াই ৰজাৰ সন্মুখতে লগুৱাটোক কাটিবলৈ উদ্যত হ'ল।ৰজাই প্ৰথমে লাচিতক এই কাৰ্যৰ বাবে ভর্ৎসনা কৰিলেও তেওঁৰ নিজৰ পদমৰ্যাদাৰ প্ৰতি আত্মসচেতনতা আৰু সন্মানবোধৰ বাবে ভুয়সী প্ৰশংসা কৰিলে।ৰজাই নিজ হাতেৰে সোণৰ মুঠিৰে বন্ধা হেংদান উপহাৰ দি লাচিতক বৰফুকন পাতি মোগলক ভেটিবলৈ দায়িত্ব অৰ্পণ কৰিলে।

৪) শৰাইঘাটৰ যুদ্ধৰ কাৰণ আৰু ফলাফল বৰ্ণনা কৰা।

উত্তৰঃ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেৱ চক্ৰধ্বজ সিংহ ওৰফে চুপুংমুং আহোমৰ ৰাজপাটত উঠিছিল। তেওঁ জয়ধ্বজ সিংহৰ সম্পৰ্কীয় ভায়েক আছিল। জয়ধ্বজ সিংহৰ ৰাজত্বকালত মিৰজুমলাই অসম আক্ৰমণ কৰাৰ বাবে শৰাইঘাটৰ যুদ্ধ সৃষ্টি হৈছিল।

     ইয়াৰ ফলাফলসমূহ হ'ল- এই যুদ্ধৰ পিছত আহোম আৰু মোগলৰ মাজত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে মানাহ নদী দুয়োখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ হ'ল।

                 আনহাতে পশ্চিমে গোৱালপাৰা জিলাৰ হাদিৰাত আহোম-মোগলৰ সীমা কৰি তাত চকী পাতি সীমান্ত সুৰক্ষা কৰা হ'ল।

            আৰু এই অঞ্চল চোৱা-চিতা কৰাৰ সম্ুূৰ্ণ দায়িত্ব থাকিল বৰফুকনৰ ওপৰত

৫) লাচিত বৰফুকনৰ চৰিএ আৰু ব্যক্তিত্বৰ  বিষয়ে লিখা ।

উত্তৰ ঃলাচিত বৰফুকন আছিল অতি সাহসী, নিৰ্ভিক আৰু আহোমৰ পাহুৱাল ডেকা।তেওঁ আছিল বিচক্ষণ বৰুৱাৰ সমাজ সংগঠক মোমাই তামূলীৰ পুত্ৰ।সৰুৰে পৰাই দেউতাকৰ গুণেৰে সমৃদ্ধ লাচিতে ঘৰচেই দেউতাকৰ পৰাই কৰ্তব্য নিষ্ঠা,সততা আদি গুণবোৰ পাইছিল।নিজৰ দেশক কেনেদৰে ভাল পাব পাৰি এইবোৰৰ আদিপাঠ দেউতাকৰ কামৰ মাজেৰেই লাচিতে শিকিছল।অনুসন্ধিৎসু মনৰ লাচিতে সৰুৰে পৰাই সকলো কাম নিয়াৰিকৈ কৰিছিল।সেয়ে উপযুক্ত বয়সৰ লগে লগে দেউতাকৰ অধীনত পাইক খাটি দোপতদোপে উন্নতি কৰিছিল।


Type- DIKHA BORA

Morigaon (Assam)