অধ্যায়ঃ৮

কুম্পুৰ সপোন ঃ ভূত-পোৱালি


১) উত্তৰ লিখা ঃ

ক) কুম্পুৱে সপোনত কি দেখিছিল?

উত্তৰঃ কুম্পুৱে সপোনত দুটা ভূতৰ পোৱালি আৰু দুজনী ভূত দেখিছিল।

খ) ভূতৰ পোৱালিকেইটা দেখিবলৈ কেনেকুৱা?

উত্তৰঃ ভূতৰ পোৱালিকেইতাৰ দেখাত নাক জিলিকা, চকু টেলেকা, এটা ক'লা এটা বগা, নাঙঠ-পিঙঠ ভূত।

গ) ভূত পোৱালিকেইটাই কি কি কৰিছিল?

উত্তৰঃ ভূতৰ পোৱালিকেইটাই ইটোৱে আনটোৰ লগত কথা পাতি আছিল, কিবা-কিবি ফুচ্ ফুচ্ ফাচ্ গান গাইছিল আৰু খুচ্ খাচ্ খাচ্ কিবা কাম কৰিছিল, সিঁহতে যখিনীকেইজনীক চুলিত ধৰি নচুৱাইছিল।

ঘ) কুম্পুৰ মাকে ভূতৰ বিষয়ে কি বুলি কয়?

উত্তৰঃ ভূতে বোলে মানুহ ধৰি খায়, পুখুৰীলৈ নি ভৰিকিটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।

ঙ) কুম্পুৰ কিয় ভূতলৈ ভয় নাই?

উত্তৰঃ কিয়নো তাক ভূতে একোকে কৰা নাই, সিহঁতে তাৰ ওচৰলৈ আহিবলৈ সাহসেই কৰা নাই, সেয়ে তাৰ ভূতলৈ ভয় নাই বুলি কৈছে।

২) 'কুম্পুৰ সপোন ঃ ভূতৰ পোৱালি' পদ্যটিৰ কথাখিনি নিজৰ ভাষাৰে লিখাঁ।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱে ৰচনা কৰা এই কবিতাটোত কুম্পুৰে দেখা সপোন এটাৰ বিষয়ে কৈছে। কুম্পুৰে সপোনত ভূতৰ বিষয়ে যি দেখিছিল সেয়া মাকৰ আগত কৈছিল যে- মা মই আজি ভূতৰ পোৱালি দুটা আৰু দুজনী দেখিলো সিহঁতৰ নাক জিলিকা, চকু টেলেকা। এটা ক'লা এটা বগা, নাঙঠ-পিঙঠ ভূত, সিহঁতে কথা পাতে নাক জোকাৰি, কুম্পুৰে মাকক কৈছে যে মা সিহঁতৰ নাচ চাবলৈ বৰ ভাল। ভূতৰ পোৱালিকেইতাই যখিনীকেইজনীক চুলিত ধৰি চৰ দিয়ে আৰু নাচিবলৈ দিয়ে, যখিনীয়ে নাচে কঁকাল ভাঙি। আৰু ভূতৰ পোৱালিয়ে ঠেং দাঙি নাচে। কুম্পুৰৰ মাকে তাক কৈছিল যে ভূতে বোলে মানুহ ধৰি খায় আৰু ভৰি ওপৰ কৰি এহাত বোকাত মোৰ সুমোৱাই দিয়ে। পিছে কুম্পুৰে লগ পোৱা ভূতে তাৰ ওচৰলৈ আহিবলৈ সাহেই কৰা নাই, আৰু সি কৈছে ভয় কৰা লৰাকহে ভূতে ধৰি কিলায়।কুম্পুৰে কৈছে ভূতৰ পোৱালিকেইটাৰ কাণত ধৰি সি মুচৰি দিয়ে, আৰু সিহঁতে চিঞৰে। সি বিচাৰি ফুৰা ভূতৰ পোৱালি কেইটাক সি পোৱা বুলি কৈছে আৰু পুতলা থকা আলমাৰিটোত সুমাই থ'লে। আৰু শেষত মাকে সাৰ পোৱাই দিলে বুলি কৈছে আৰু তাৰ ভূতলৈ বুলি ভয় নাইকিয়া হ'ল।

৩) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যৰ বিষয়ে এখন ৰচনা লিখাঁ।

উত্তৰঃ

৪) চমু টোকা লিখাঁ ঃ

ক) জয়মতী বোলছবি ঃ সতী জয়মতীৰ জন্ম শিৱসাগৰ জিলাৰ মাদুৰী গাওঁত। জয়মতীৰ স্বামীৰ নাম গদাপাণি। জয়মতী আহোম ধৰ্মৰ আছিল। জয়মতীৰ দুজন পুত্ৰ লাই আৰু লেচাই আছিল। গদাপাণিৰ কাৰণে জয়মতী জেৰেঙা পথাৰত চাওদাঙৰ হাতত মৃত্যু হয়।

খ) শিল্পী দিৱস ঃ জ্যোতিপ্ৰসাদৰ স্মৃতিত এই শিল্পী দিৱস হিচাপে পালন কৰা হয়। আমি ১৭ জানুৱাৰীত শিল্পী দিৱস বিদ্যালয় বা আনান্য গাওঁ সমূহত আৰু সামাজিক ক্ষেত্ৰত  উদযাপন কৰা হয়। এই শিল্পী গৰাকীৰ পৰলোক প্ৰাপ্তিত এই দিৱস পালন কৰা হয়।

গ) জ্যোতি চিত্ৰৱন ঃজ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত। প্ৰথম আৰু বৰ্তমানলৈ একমাত্ৰ ষ্টুডিঅ'। জ্যোতিপ্ৰসাদৰ জয়মতী শ্ৱুটিঙৰ বাবে ভোলাগুৰি চাহবাগিছাত পাতি লোৱা অস্থায়ী চিত্ৰবন এই শব্দ দুটা লগ লগাই জ্যোতি চিত্ৰবন ৰখা হয়। জ্যোতি চিত্ৰবন ১৯৬১ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ১৯৬৮ চনত কাৰ্যক্ষম হৈ উঠে।

৫) বিপৰীত লিংগ নিৰ্ণয় কৰাঁ ঃ

যখ - যখিনী।

ভূত = ভূতুনী।

সিংহ = সিংহিনী।

শিয়াল = শয়ালা।

বোন্দা = জাঁই।

শৰ = ভেলেঙ্গী।

৬) কাক কি বোলে?

গৰুৰ পোৱালি = দামুৰি।

মাছৰ পোৱালি = পোনা।

ভেকুলীৰ পোৱালী = লালুকী।

কাৱৈ মাছৰ পোৱালী = কাৱৈতিলা।

গৰৈ মাছৰ পোৱালী = গৰৈচিৰিকা।


DIKHA BORA



Post ID : DABP005877

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক