ভদৰী


১) প্ৰথমে কোৱাঁ, তাৰ পিছত লিখাঁ ঃ

ক) ঐ অ! ভাত লৈ আহ!-শুনিছনে?" – কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ কথাষাৰ শিশুৰামে, ভদৰীক কৈছিল। 

খ) বেথাই বহুৱাৰে সৈতে শিশুৰামৰ কিয় খকা-খুন্দা লাগিছিল?

উত্তৰঃ মাটিৰ সীমা ঠেলা বাবে বেথাই বহুৱাৰে সৈতে শিশুৰামৰ খকা-খুন্দা লাগিছিল। 

গ) ভদৰীয়ে বিবাহিত জীৱনৰ অপৰিহাৰ্য অংগবোৰ কি কি বুলি ভাবিছিল?

উত্তৰঃ ভুকুটো, ঢকাটো, চৰটো, গোৰটো আৰু কাঠখৰি আৰু ঢেকিঠোৰাৰ মাৰটো, উঠা বহা, খোৱা-লোৱা আদিবোৰ ভদৰীয়ে বিবাহিত জীৱনৰ অপৰিহাৰ্য অংগ বুলি ভাবিছিল।

ঘ) ভদৰীক শিশুৰামৰ আক্ৰমণৰপৰা কোনে ৰক্ষা কৰিবলৈ আহিছিল?

উত্তৰঃ ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰামৰ বেলেগতীয়া ভায়েক কিনাৰাম আহিছিল।  

ঙ) শিশুৰামক হাজোতৰ পৰা ডাক্তৰে কিয় ভদৰীৰ ওচৰলৈ লৈ আনিছিল?

উত্তৰঃ ডাক্তৰে কম্পাউণ্ডাৰৰ মুখে ৰোগীৰ সকলো অৱস্থাৰ ভূ পাই শিশুৰামক হাজোতাৰ পৰা আনি ভদৰীৰ ওচৰ আনি দিলে। কিয়নো তাই আৰু জীয়াই থকাৰ আশা নাই। 

চ) ভদৰীয়ে ডাক্তৰৰ ওচৰত কেনেকৈ গা কাটিছিল বুলি বুজাইছিল?

উত্তৰঃ ভদৰীয়ে কৈছিল যে- দেউতা ইশ্বৰ! ধৰ্ম্মাৱতাৰ! এওঁৰ কোনো দোষ নাই, এওঁক এৰি দিয়ক। বেটী গোলামীয়ে চুলি চিঙি কাতৰ কৰি মাতিছোঁ, মোৰ গিৰিহঁতক এৰি দিয়ক। মাছ বাছিবলৈ যাওঁতে উজুটি খাই পাতি থোৱা মৈদাত পৰি বেটী গোলামীৰ গা কাটিছে। এনেকৈ কৈ ভদৰীয়ে স্বামীক দোষ মুক্ত কৰিব বিচাৰিছিল।

ছ) শিশুৰামে কিমানদিন ফাটেক খাটিছিল?

উত্তৰঃ পৰিশ্ৰমেৰে সৈতে তিনিমাহ ফাটেক খাটিছিল।  

২) বুজা আৰু লিখা ঃ

গৰুটো = গৰুজাক। 

মাছটো = মাছবোৰ।

শিক্ষকগৰাকী = শিক্ষকসকল।

পৰ্বতটো = পৰ্বতশ্ৰেণী

৩) বাক্য ৰচনা কৰা ঃ

কেঁকনি-গেঁথনিঃ মানুহজনক কাৰ্যটো কৰিব দিয়াত তেওঁ কামটো নকৰি কেঁকনি-গেঁথনিহে কৰি আছে।  

পেটে কঁকালে লগাঃ মানুহজনে একো খাব নাপাই ভোকত পেটে কঁকালে লাগিছে

লঘোনে-ভোকেঃ আজি তিনিদিনে ধৰি ৰমেনৰ পৰিয়ালটোৱে লঘোনে-ভোকে আছে। 

উঠা-বহাঃ আমাৰ সমাজত দেখা যায় যে সৰুমানুহবোৰে ডাঙৰৰ আগত উঠা-বহা কৰে।

খোৱা-লোৱাঃ আমি সকলোৱে খোৱা-লোৱাৰ প্ৰতি যত্ন লব লাগে।

৪) উদাহৰণটো চাই বাকীখিনি কৰাঁ ঃ

সঁচা = মিছা।

সপোন = দিঠক।

অসীম = সসীম।

যুগুত = অযুগুত।

সহ্য =  অসহ্য।

জ্ঞানী = মূৰ্খ।

৫) বুজা আৰু লিখাঁ ঃ

বাইক = বাক্য।

লগন = লগ্ন।

কৰম = কৰ্ম।

ধৰম = ধৰ্ম।

বিৰিখ = বিৰ্খ।

ভকতি = ভক্তি।

জনম = জন্ম।

[৬] পাঠটোত শিশুৰামে পথাৰত হাল বাই খেতি কৰাৰ কথা উল্লেখ আছে। খেতি কৰিবলৈ খেতিয়কক কি কি লাগে তাৰ এখন তালিকা যুগুত কৰাঁ।

উত্তৰঃ

 কৃষিৰ সজুলি

 ১/ নাঙল


২/কোৰ


৩/জৱকা


৪/দলিমাৰি


৫/মৈ

 

[৭] পাঠটিৰ ৰচকগৰাকীক কি কি কাৰণত 'ৰসৰাজ' আৰু 'সাহিত্যৰথী’ বুলি অভিহিত কৰা হয় সেই বিষয়ে একোটিকৈ টোকা যুগুত কৰাঁ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ যি ৰচনা সেয়া অপূৰ্ব। অসমীয়া ভাষা সাহিত্যৰ পুৰণি ভঁৰালটোক নতুন সৃষ্টিৰে বিনন্দীয়াকৈ বেজবৰুৱাদেৱে সজাই থৈ গৈছে। তেওঁ নোহোৱা হয় সাহিত্যৰ এটা অংশ নাথাকিল হয়। তেওঁৰ মুখ্য ৰচনাৰাজি এনেধৰণৰ জোনাকী, কবিতা, উপন্যাস, বাঁহী, সাধুকথা, নাটক, চুটি গল্প, নানা প্ৰবন্ধ। সেয়েহে আমি তেওঁক ৰসৰাজ আৰু সাহিত্যৰথী বুলি অভিহিত কৰা হয়। 

[৮] ভাব বহলাই লিখা ঃ

আঁঠুৱা চাই ঠেং মেলা।

উত্তৰঃ মহ নিবাৰণৰ বাবে আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা যিমান দীঘল সেই মতে ঠেং মেলি আঁঠুৱাৰ তলত শুব লাগে। চুটি আঁঠুৱাত ঠেং মেলি দিলে, আঁঠুৱা দাং খাই মহ সোমাই কামুৰিব, তেতিয়া আঁঠুৱা তৰাৰ কোনো অৰ্থ নাথাকিব। তদুপৰি আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱাৰ জোখ অনুযায়ীহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আয় চাইহে ব্যয় কৰিব লাগে। নিজৰ সামৰ্থ্য চাইহে কাম কৰিব লাগে। আয়তকৈ ব্যয় বেছি হ'লে ঋণত পোত খাব লাগিব সেয়েহে সামৰ্থতকৈ বেছি কৰিব খুজিলে ডাঙৰ বিপদত পৰিব লগা হয়।  


DIKHA BORA

Check By -Mukesh Borah



Post ID : DABP005876


বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক