পাঠ - ১৬
অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
👉Text Books PDF
👉Short Question Answer
👉MCQ Online Exam
অনুশীলনী
(ক) চমু উত্তৰ দিয়া -
১। আন্তঃগাঁথনি বুলিলে কি বুজা ?
উত্তৰঃ কোনো কাৰ্য কৰিবলৈ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধাবিলাককে আন্তঃগাঁথনি বুলি কোৱা হয়।
২। অর্থনৈতিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ অৰ্থনাতিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ হ'ল- ৰাস্তা-ঘাট আৰু দলং।
৩। সামাজিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ সামাজিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ হ'ল- শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য সেৱা ব্যৱস্থা।
৪। ভাৰতৰ পৰিবহণ ব্যৱস্থাবােৰ কি কি ?
উত্তৰঃ ভাৰতৰ পৰিবহণ ব্যৱস্থাবােৰ হ'ল- (ক) পথ পৰিবহণ, (খ) ৰে'ল পৰিবহণ, (গ) বিমান পৰিবহণ, (ঘ) জল পৰিবহণ আৰু (ঙ) ইন্ধন পৰিবহণ (পাইপলাইন)।
৫। আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থাটো কি ?
উত্তৰঃ আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থাটো হ'ল জল পৰিবহণ ।
৬। প্রাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ বুলি কোনে স্বীকৃতি দিছে ?
উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানে ।
৭। শিক্ষাৰ অধিকাৰ আইনখন কোন চনত গৃহীত হৈছিল ?
উত্তৰঃ শিক্ষাৰ অধিকাৰ আইনখন ২০০৯ চনত গৃহীত হৈছিল।
৮। নিৰক্ষৰতাক কিয় সামাজিক ব্যাধি বুলি কোৱা হয় ?
উত্তৰঃ নিৰক্ষৰ লােকৰ মন কু – সংস্কাৰ পূৰ্ণ । এনে লোক অন্ধবিশ্বাসী আৰু প্রগতিশীল চিন্তা – চৰ্চাৰ বিৰােধী হয় । ইয়াৰ ফলত তেওঁলােক সমাজ এখনৰ সৰ্বাংগীণ উন্নতিৰ ক্ষেত্ৰত বাধাস্বৰূপ হৈ পৰে । সেয়েহে , নিৰক্ষৰতাক সামাজিক ব্যাধি বুলি কোৱা হয় ।
৯। ভাৰতীয় মানুহৰ জীৱিকাৰ প্রধান উপায় কি ?
উত্তৰঃ ভাৰতীয় মানুহৰ জীৱিকাৰ প্রধান উপায় হ'ল কৃষি।
১০। কৃষি খণ্ডৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ?
উত্তৰঃ কৃষি খণ্ডৰ বাবে ভাৰত চৰকাৰে (যেনে- মধ্য স্বত্বাধিকাৰীৰ বিলোপ সাধন, মালিকীস্বত্বৰ সংস্কাৰ সাধন, ব্যক্তিগত ক্ষেত্ৰত কৃষিভূমিৰ সৰ্বোচ্চ সীমা নিৰ্দ্ধাৰণ, ভূমি একত্ৰীকৰণৰ ব্যৱস্থা গ্ৰহণ, ভূমি সংৰক্ষণ ব্যৱস্থা ), সমবায় কৃষি ব্যৱস্থা, মিশ্ৰ কৃষি ব্যৱস্থা, বিস্তৃত আৰু পৌনঃপুনিক কৃষি ব্যৱস্থা গ্ৰহণ কৰিছে।
১১। সেউজ বিপ্লৱ বুলিলে কি বুজা ?
উত্তৰঃঅধিক উৎপাদনৰ লক্ষ্যৰে ভাৰতৰ কৃষিখণ্ডত অধিক উৎপাদনক্ষম বীজৰ প্রয়ােগ , ৰাসায়নিক সাৰৰ প্ৰয়ােগ , ব্যাপক হাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্রহণ , ট্রেক্টৰ , পাৱাৰ টিলাৰ , হাৰভেষ্টৰ আদি ব্যৱহাৰৰ জৰিয়তে যি এক বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা কৰা হৈছে , তাকে সেউজ বিপ্লৱ বােলে ।
১২। স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা আঁচনি দুখনৰ বিষয়ে লিখা ।
উত্তৰঃ স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা দুখন আঁচনি হৈছে- অপাৰেচন স্মাইল । আৰু জননী সুৰক্ষা যােজনা ।
জননী সুৰক্ষা যােজনা- জননী সুৰক্ষা যােজনাৰ জৰিয়তে মাতৃ আৰু নৱজাত শিশুৰ কল্যাণৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই আঁচনিখনে শিশুৰ আৰু সন্তান জন্ম দিয়াৰ সময়ত বা ঠিক পাছতে হােৱা মাতৃৰ মৃত্যুৰ হ্রাস কৰাত যথেষ্ট সহায় কৰিছে ।
অপাৰেচন স্মাইল - অপাৰেচন স্মাইল আঁচনিৰ জৰিয়তে জন্মৰে পৰা ওঁঠ ফটা শিশুসকলে যেন স্বাভাৱিক মুখাৱয়ব লাভ কৰিব পাৰে তাৰে ব্যৱস্থা গ্রহণ কৰা হৈছে । এই আঁচনিৰ জৰিয়তে ইতিমধ্যে বহু শিশু উপকৃত হৈছে ।
১৩। অসমৰ দুটা বিদ্যুৎ প্রকল্পৰ নাম লিখা ।
উত্তৰঃ অসমৰ দুটা বিদ্যুৎ প্রকল্পৰ নাম হ'ল- জলবিদ্যুত প্ৰকল্প আৰু গেছ।
১৪। অসমৰ বিদ্যুৎ প্রকল্পই আমাৰ চাহিদা পূৰণ কৰিব পাৰিছেনে ? তােমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া ।
উত্তৰঃঅসমৰ বিদ্যুৎ প্রকল্পই আমাৰ চাহিদা পূৰণ কৰিব পৰা নাই । কাৰণ--
1. চৰকাৰী তথ্য অনুসৰি ২০১১-১২ , ২০১২-১৩ আৰু ২০১৩-১৪ চনত অসমৰ প্রয়ােজনীয় বিদ্যুৎ শক্তিৰ চাহিদা আছিল ক্রমে ৫৮৭৭ , ৬৩৯২ আৰু ৭৪৩৪ মিলিয়ন ইউনিট। এই সময়ছােৱাত ৰাজ্যখনত উৎপাদিত বিদ্যুৎ শক্তিৰ পৰিমাণ যথাক্রমে ৫৭০০ , ৫৮৯৫ আৰু ৬৯৬৫ মিলিয়ন ইউনিট । গতিকে বিদ্যুৎ শক্তিৰ ঘাটিৰ পৰিমাণ ক্রমে ১৭৭,৪৯৭ আৰু ৪৬৯ মিলিয়ন ইউনিট ।
2. ইয়াৰ পৰৱতী সময়তাে চাহিদা অনুপাতে অসমৰ বিদ্যুৎ প্রকল্পই বিদ্যুৎ উৎপাদন কৰিব পৰা নাই । ফলত মেঘালয়কে ধৰি বহিঃৰাজ্যৰ পৰা বিদ্যুৎ আনি আমাৰ চাহিদা পূৰণ কৰিব লগা হৈছে । ইয়ে ৰাজ্যখনৰ অর্থনৈতিক দিশৰ ক্ষতি সাধন কৰিছে ।
( খ ) চমু টোকা লিখা—
( ক ) ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনি ।
( খ ) সর্বশিক্ষা অভিযান মিছন ।
উত্তৰঃ
( ক )ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনি -২০০৫ খন পিছত ‘ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি’হিচাপে নামকৰণ কৰা হয় । আঁচনিখনৰ লক্ষ্য হল —গাঁও অঞ্চলৰ প্রতিঘৰ মানুহৰ কাম কৰিবলৈ ইচ্ছুক প্রাপ্তবয়স্ক লােকক এটা বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ নিয়ােগ নিশ্চিতি দিয়া । কামৰ বিনিময়ত প্রত্যেককে ন্যূনতম মজুৰি দিয়াৰ ব্যৱস্থা আইন খনত ৰখা হৈছে । ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিখন গাঁও পঞ্চায়ত সমূহে ৰূপায়ণ কৰিব লাগে ।
ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিৰ কিছুমান উদ্দেশ্য হৈছে -- পৰিৱেশ ৰক্ষা কৰা , গ্রাম্য – মহিলা সবলীকৰণ , গাঁওৰ পৰা চহৰলৈ হােৱা প্ৰব্ৰজন ৰােধ কৰা ইত্যাদি ।
ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিৰ কাম বোৰ হল --এই আঁচনিৰ অধীনত গাঁও অঞ্চলত ৰাস্তা – ঘাট নির্মাণ , নলা নির্মাণ , পুখুৰী খন্দা , কুঁৱা খন্দা আদি কামবােৰ কৰা হয় ।
( খ ) সর্বশিক্ষা অভিযান মিছন - ভাৰতীয় সংবিধানে প্রাথমিক শিক্ষা লাভ কৰাটো শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে । ২০০৯ চনৰ ‘ শিক্ষাৰ অধিকাৰ আইন’ অনুসৰি জাতি বর্ণ – ধর্ম – লিংগ নির্বিশেষে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সলৈ দেশৰ সকলাে শিশুৰ বাবে প্রাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰা হৈছে । প্রাথমিক শিক্ষাক সার্বজনীন কৰাৰ লক্ষ্যৰে আঁচনিখন গ্ৰহণ কৰা হয় । এই আঁচনিখন ২০০০-২০০১ চনৰ পৰা কাৰ্যকৰী হৈছে । সর্বশিক্ষা অভিযান মিছন আঁচনিখন প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ দিনত গ্ৰহণ কৰা হয় ।ইয়াত প্রাথমিক বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত , বিদ্যালয় পৰিচালনা সমিতি , অভিভাৱক – অভিভাৱিকা , জনজাতি স্বায়ত্তশাসিত পৰিষদকে ধৰি বিভিন্ন তৃণমূল পর্যায়ৰ সংগঠন বা অনুষ্ঠানৰ অংশগ্ৰহণৰ ব্যৱস্থা ৰখা হৈছে । আঁচনিখন ৰূপায়ণৰ বাবে শতকৰা পঁচাশী অংশ ধন কেন্দ্রীয় চৰকাৰে যােগান ধৰে , বাকীখিনি ৰাজ্যিক চৰকাৰবােৰে দিব লাগে । প্রাথমিক আৰু মজলীয়া বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথিৰ যােগান ধৰাৰ লগতে তেওঁলােকৰ বাবে মধ্যাহ্ন ভােজনৰ যােগান ধৰাৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি এই আঁচনিৰ অধীনত চৰকাৰী বিদ্যালয়ৰ ভৱনসমূহ সুন্দৰকৈ নির্মাণ কৰি বিশুদ্ধ খােৱাপানীৰ যােগান আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা হৈছে ।
Type Sri Sourab Bora
Check by - Mukesh Borah
Post ID : DABP006038