পাঠ - ১৫
ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ
👉 Text Books PDF
👉Short Question Answer
👉MCQ Online Exam
অনুশীলনী
১। জনসংখ্যা কাক বোলে ?
উত্তৰঃ কোনো এটা অঞ্চলত স্থায়ীভাৱে বসবাস কৰি থকা জনগণৰ অঞ্চলটোক জনসংখ্যা বোলে।
২। জনসংখ্যাৰ ঘনত্ব মানে কি বুজা ?
উত্তৰঃ জনসংখ্যাৰ ঘনত্ব মানে হ'ল- কোনো এখন ঠাইৰ জনসংখ্যাৰ ঘনত্ব = ঠাইখনৰ মুঠ জনসংখ্যা / ঠাইখনৰ মুঠ মাটিকালি।
৩। ২০১১ চনৰ লােকপিয়ল মতে ভাৰতৰ জনসংখ্যা ঘনত্ব কিমান আছিল ?
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ঘনত্ব ৩৮২ (প্ৰতি বৰ্গ কিঃমিঃত) আছিল।
৪। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ লিখা ।
উত্তৰঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ হ'ল-
(১) জন্মৰ হাৰ বৃদ্ধি,
(২) মৃত্যুৰ হাৰ কম,
(৩) প্ৰব্ৰজন।
৫। ২০১১ চনত ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল ?
উত্তৰঃ ২০১১ চনত ভাৰতৰ মুঠ জনসংখ্যা ১২১,০৫,৬৯,৫৭৩ আছিল।
৬। ভাৰতৰ জনসংখ্যাৰ বিতৰণ সকলাে ঠাইতে কিয় সমান নহয় ? ইয়াৰ মূল কাৰণ কি কি ?
উত্তৰঃ ভাৰতৰ প্ৰাকৃতিক অৱয়ৱৰ বিভিন্নতা অনুসৰি জনসংখ্যা বিতৰণতো বিভিন্নতা আহে। অৰ্থাৎ ভিন ভিন পৰিৱেশত বসবাস কৰা লোকৰ সংখ্যাও ভিন ভিন হয়। ভূ-প্ৰকৃতি, মাটিৰ উৰ্বৰতা, পানীৰ প্ৰাচুৰ্যতা আদিয়ে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলায়। তদুপৰি উদ্য়োগ, পৰিবহণ আদিয়েও জনসংখ্যা বিতৰণত প্ৰভাৱ পেলায়। নদী, হ্ৰদ, বিল আদিৰ পাৰে পাৰে মানুহৰ বসতি ঘন। গংগা নদীৰ দুয়োপাৰে ভাৰতৰ আটাইতকৈ ঘন বসতি অঞ্চল। উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল, অৰ্থাৎ উত্তৰ-পশ্চিম ৰাজস্থানৰপৰা পঞ্জাব-হাৰিয়ানা হৈ ব্ৰহ্মপুত্ৰ উপত্যকা পৰ্যন্ত উৰ্বৰ ভূনিত ৪৮ শতাংশ লোকে বাস কৰে।
৭। ভাৰতৰ কোন কোন অঞ্চলত জনসংখ্যাৰ বিতৰণ অধিক, কিয় ?
উত্তৰঃ ভাৰতৰ ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ আদি মালভূমিৰ অঞ্চলত জনসংখ্যাৰ বিতৰণ অধিক। কাৰণ খনিজ সম্পদৰ আধিত্য তথা কৃষিকাৰ্যৰ সুবিধা আছে।
৮৷ ভাৰতৰ কোন অঞ্চলত জনসংখ্যাৰ বিতৰণ কম , কিয় ?
উত্তৰঃ ভাৰতৰ জনসংখ্যাৰ বিতৰণ উত্তৰ-পূব অঞ্চল, থাৰ মৰুভূমি (রাজস্থান), আৰু হিমালয় পৰ্বতমালাৰ অঞ্চলসমূহত তুলনামূলকভাৱে কম। ইয়াৰ কাৰণসমূহ হ'ল—
ভৌগোলিক অৱস্থা:
- হিমালয় অঞ্চল (জাম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ) – উচ্চ পৰ্বতময় ভূমি, ঠাণ্ডা জলবায়ু, আৰু কঠিন জীৱনধাৰণৰ বাবে জনসংখ্যা কম।
- থাৰ মৰুভূমি (রাজস্থান) – পৰ্যাপ্ত পানীৰ অভাৱ, উষ্ণ আৰু শুষ্ক জলবায়ুৰ বাবে লোকসকল বাস কৰিবলৈ অনিচ্ছুক।
অৰণ্য আৰু জীৱজন্তুৰ সংৰক্ষিত অঞ্চল:
- মধ্য ভাৰত (ছত্তীসগড়, মধ্যপ্ৰদেশ) আৰু উত্তৰ-পূব ভাৰতত বহুত অঞ্চল গভীৰ অৰণ্যৰে আৱৃত, য'ত জনবসতি কম।
অর্থনৈতিক আৰু পৰিকাঠামোগত সীমাবদ্ধতা:
- দুৰ্গম অঞ্চলবোৰত মূল ভৌত পৰিকাঠামো (যেমন: পথ, বিদ্যুৎ, স্বাস্থ্যসেৱা) ভালদৰে উন্নয়ন হোৱা নাই, যাৰ বাবে জনসংখ্যা কম থাকে।
বনাঞ্চল আৰু উপজাতীয় বসতি:
- উত্তৰ-পূব আৰু মধ্য ভাৰতৰ ৰাজ্যসমূহত অনেক আদিবাসী জনগোষ্ঠী বাস কৰে, যিসমূহ প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু ঘন বসতি হোৱা অঞ্চলত বসবাস নকৰে।
এই কাৰণবোৰৰ ফলত ভাৰতৰ এই অঞ্চলসমূহত জনসংখ্যাৰ ঘনত্ব তুলনামূলকভাৱে কম।
Type Sri Sourav Bora
Author: Himashree Bora.
Post ID : DABP006030