পাঠ-৮
ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল
👉Text Books PDF
👉Short Question Answer
👉MCQ Online Exam
১। উত্তৰ - পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নাম লিখা।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য়কেইখনৰ নাম হৈছে - অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিম।
২। ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখা কিমান?
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অলুসৰি উত্তৰ-পূৰিবাঞ্চলৰ জনসংখ্য়া হৈছে- ৪,৫৫,৩৩,৯৮২ ।
৩। লোকটক হ্ৰদ ক'ত অৱস্থিত?
উত্তৰঃ লোকটক হ্ৰদ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰত অৱস্থিত।
৪। উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা পাহাৰৰ নাম লিখা।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা পাহাৰৰ নাম হৈছে - গাৰো, খাচি আৰু ডফলা।
৫। উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা শৃংগৰ নাম লিখা।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা শৃংগৰ নাম হৈছে - দিবং মহাদেয়, কাঞ্চনজংঘা আৰু ব্লু মাউণ্টেন।
৬। উত্তৰ-পূৰ্বাঞ্চলৰ দুখন নদীৰ নাম লিখা।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ দুখন নদীৰ নাম হৈছে - ব্ৰহ্মপুত্ৰ আৰু বৰাক।
৭। উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন উপনদীৰ নাম লিখা।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন উপনদীৰ নাম হৈছে - দিহিং, দিচাং, দিখৌ, সোৱণশিৰি আৰু বুঢ়ীদিহিং।
Check by - Mukesh Borah
Post ID : DABP002289