পাঠ-৯

ভাৰতৰ জলবায়ু


    👉Text Books PDF 
    👉Short Question Answer 
    👉MCQ Online Exam 

১। ভাৰতৰ প্ৰায় সোঁমাজেদি পাৰ হৈ যোৱা কাল্পনিক অক্ষৰেখাডাল কি?

উত্তৰঃ ভাৰতৰ প্ৰায় সোমাজেদি পাৰ হৈ যোৱা কাল্পনিক ৰেখাডালৰ নাম হৈছে - কৰ্কটক্ৰান্তি ৰেখা।


২। ব'হাগ মাহত অহা ধুমুহাৰ দুটা নাম লিখা।

উত্তৰঃ ব'হাগ মাহত অহা ধুমুহাৰ দুটা নাম হৈছে - কালবৈশাখী আৰু বৰদৈচিলা।


৩। ভাৰতৰ প্ৰধান ঋতুকেইটা কি কি?

উত্তৰঃ ভাৰতৰ প্ৰধান ঋতুকেইটা হৈছে - গ্ৰীষ্ম=, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।


৪। বিজ্ঞানীসকলে ভাৰতৰ জলবায়ুক কেইভাগত ভাগ কৰিছে?

উত্তৰঃ সাত ভাগত ভাগ কৰিছে । 


৫। বিভিন্ন জলবায়ু অঞ্চলৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ বিভিন্ন জলবায়ু অঞ্চলৰ বৈশিষ্ট্য়সমূহ হৈছে - 

(i) ক্ৰান্তীয় আদ্ৰ জলবায়ু বা মৌচুমী বৰষুণৰ অঞ্চলঃ ইয়াত উত্তাপ অধিক। ইয়াৰ গড় উষ্ণতা গ্ৰীষ্ম কালত ৩২° আৰু শীত কালৰ গড় উষ্ণতা ১৪° চেলছিয়াছ। বৰষুণ বছৰি ২০০চেণ্টিমিটাৰৰ অধিক।

(ii) ক্ৰান্তীয় ছাভানা জলবায়ু অঞ্চলঃ গ্ৰীষ্ম কালৰ গড় উষ্ণতা ৩২° আৰু শীত কালৰ গড় উষ্ণতা ১৮° চেলছিয়াছ। বৰষুণ ৭৫-১২৫ চেণ্টিমিটাৰ।

(iii) ক্ৰান্তীয় অৰ্দ্ধমেৰু ষ্টেপ অঞ্চলঃ গড় উষ্ণতা গ্ৰীষ্ম কালত ৩০°-৩৪° আৰু শীতকালত ১৮°-২২° চেলছিয়াছ। বৰষুণ ৩৫-৭৫ চেণ্টিমিটাৰ।

(iv) ক্ৰান্তীয় আৰু উপক্ৰান্তীয় ষ্টেপ অঞ্চলঃ গড় উষ্ণতা গ্ৰীষ্মকালত ৩৫° আৰু শীত কালত ১২° চেলছিয়াছ। এই অঞ্চলত গড় বৰষুণ মাত্ৰ ৩০-৬৫ চেণ্টিমিটাৰ।

(v) ক্ৰান্তীয় মৰুভূমি অঞ্চলঃ গ্ৰীষ্ম কালৰ উষ্ণতাৰ গড় ৩৬° চেলছিয়াছ।

(vi) শুকান সেমেকা উপক্ৰান্তীয় জলবায়ু অঞ্চলঃ ইয়াত গ্ৰীষ্মকালত অত্য়ধিক বৰষুণ হয়। বৰষুণ গড়ে ৭৫-২৫০ চেণ্টিমিটাৰ।

(vii) পাৰ্বত্য় জলবায়ুঃ বৰষুণ সকলো ঠাইতে সমান নহয়। চাৰি হাজাৰ মিটাৰতকৈ ওখ ঠাইবোৰত উষ্ণতা বৰ কম। কিছুমান অঞ্চলত বছৰৰ প্ৰায় ছমাহ বৰফ পৰে। এনেবোৰ অঞ্চলত গ্ৰীষ্ম কাল ছুটি আৰু শীতকাল দীঘল।


৬। ভাৰতৰ প্ৰধান প্ৰকৃতিক উদ্ভিদৰ অঞ্চলসমূহ কি কি?

উত্তৰঃ ভাৰতৰ প্ৰধান প্ৰকৃতিক উদ্ভিদৰ অঞ্চলসমূহ হৈছে - (i) চিৰসেউজীয়া বৃষ্টি ঘন বননি, (ii) পৰ্ণপাতী বননি, (iii) ক্ৰান্তীয় ছাভানা, (iv) শুকান বননি, (v) জলাহ বননি আৰু (vi) পৰ্বতীয়া অৰণ্য়।


৭। 'তৰাই' নামৰ বননি ক'ত অৱস্থিত?

উত্তৰঃ তৰাই নামৰ বননি পূব হিমালয় প্ৰদেশত অৱস্থিত।


 


Check by -Mukesh Borah

Post ID : DABP002291