পাঠ-২

লংকাৰ সম্বাদ কি

 

 

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer

 ক্ৰিয়া-কলাপ

⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ:

দৈৱাৎ      =  অকস্মাৎ; হঠা

কুৎসা       = দুৰ্নাম, বদনাম; নিন্দা

প্ৰকাৰান্তৰে = বেঁকাভাৱে; আন এক প্ৰকাৰে 

নিমিত্তে    = কাৰণে

কন্দল      = কাজিয়া; দন্দ

হেঙাৰ     = বাধা

টহলি       = কোনো কাৰণ নোহোৱাকৈ ইফালৰপৰা সিফাললৈ অহা-যোৱা কৰি থকা

আলহ-দুলহকৈ = আদৰ-সাদৰকৈ

জঁই         = মনৰ উদ্যম নোহোৱা; লাজত তলমূৰ কৰা


[ ১] একোটিকৈ বাক্যত উত্তৰ লিখাঁ:

( ক) ওচৰা-উচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি?

উত্তৰঃ ওচৰা-উচৰিকৈ থকা গাঁও দুখনৰ নাম বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ।

( খ) বান্দৰবিলাক ৰামৰ লগত কলৈ গৈছিল?

উত্তৰঃ বান্দৰবিলাক ৰামৰ লগত লংকালৈ গৈছিল।

( গ) 'লংকাৰ সম্বাদ কি?' পাঠটিত দৰাঘৰীয়া কোন আৰু কইনাঘৰীয়া কোন আছিল?

উত্তৰঃ উক্ত পাঠটিত দৰাঘৰীয়া বেনাৰ গাওঁ আৰু কইনা ঘৰীয়া কুমাৰী গাওঁ আছিল।

( ঘ) হনুমানক ক'ত বান্ধি থৈছিল?

উত্তৰঃ হনুমানক লংকাত বান্ধি থৈছিল।

( ঙ) বেনাৰগঞা ডেকাজনে লংকালৈ যাওঁতে লগত কি কি লৈ গৈছিল?

উত্তৰঃ বেনাৰগঞা ডেকাজনে লংকালৈ যাওঁতে  লগত পিঠাগুৰি আৰু আঠিয়া কল লৈ গৈছিল।


[ ২] তিনি-চাৰিটামান বাক্যত হোৱাকৈ উত্তৰ লিখাঁ:

ক) কুমাৰী গঞাহঁতে বেনাৰগঞাহঁতক কিয় বাট ভেটি ধৰিছিল আৰু কি প্ৰশ্ন কৰিছিল?

উত্তৰঃ কুমাৰী গঞাহঁতে বেনাৰগঞাহঁতক কন্দল কৰিব মনে বাট ভেটি ধৰিছিল আৰু তেওঁলোকে কৰা প্ৰশ্নটো হল লংকাৰ সংবাদ কি।

খ) বেনাৰগঞা ডেকাজনে লংকালৈ  যোৱাৰ কাৰণ কি বুলি কৈছিল?

উত্তৰঃ বেনাৰগঞা ডেকাজনে লংকালৈ সোণ আনিবলৈ গৈছে।

গ) হনুমানে বেনাৰগঞা ডেকাজনক দেখা পাই কি কোৱা বুলি ডেকাজনে কৈছিল?

উত্তৰঃ হনুমানে বেনাৰগঞা ডেকাজনক দেখা পাই কৈছিল যে আহা বোপাই, তুমি নৰলোকৰ পৰা আহিছা, তোমাক দেখি বৰ সন্তোষ পালো। তুমি মোৰ প্ৰভু শ্ৰীৰামচন্দ্ৰ দেশৰ পৰা আহিছা। মোৰ এই দুৰ্দশা দেখিছাই, ডিঙিত শিকলি বান্ধলৈ বন্দী হৈ আছো, মোৰ এই দুঃকৰ কথা মোৰ দেশৰ পো-নাতিহঁতক কবাগৈ।

ঘ) কুমাৰীগাঁৱৰ ডেকাহঁত কিয় জঁই পৰিছিল?

উত্তৰঃ কুমাৰীগাঁৱৰ ডেকাহঁতে উক্তপ্ৰশ্ন জৰিয়তে বেনাৰ গাৱঁৰ লোক সকলক বান্দৰ লগত তুলনা কৰিছিল। যেতিয়া বেনাৰ গাঁৱৰ ডেকাজনে তেওঁলোকক হনুমানৰ নাতি বুলি কোৱাত কুমাৰীগাঁৱৰ ডেকাহঁত জঁই পৰিছিল। 


[ ৩] 'লংকাৰ সম্বাদ কি?' পাঠটোৰপৰা কি বুজিলা চমুকৈ লিখাঁ।

উত্তৰঃ লংকাৰ সম্বাদ কি পাঠটোৰ পৰা  ইয়াকে বুজাইছে যে আমি কেতিয়াওঁ ইজনে সিজনক ঠাট্টা  বা বেয়াকৈ কব নালাগে। যদি বেয়াকৈ কওঁ তাৰ প্ৰত্যুত্তৰ আমি বেয়াকৈ পাওঁ। 

[ ৪] 'ক' অংশৰ সৈতে 'খ' অংশ মিলোৱাঁ:

 

অংশ

খ’ অংশ

সম্বল

ভঁৰাল

সুৱৰ্ণ

কঁপনি

ভাণ্ডাৰ

থিৰ

কম্পন

খবৰ

সম্বাদ

সমল

স্থিৰ

সোণ


উত্তৰঃ সম্বল-সমল

            সুৱৰ্ণ-সোণ

            ভাণ্ডাৰ- ভঁৰাল।

            কম্পন-কঁপনি

            সম্বাদ- খবৰ

            স্থিৰ- থিৰ

[ ৫] বাক্য় ৰচনা কৰাঁ:

নিন্দা-কুৎসাআমি কেতিয়াও আনক নিন্দা-কুৎসা কৰিব নালাগে।

ইফালে-সিফালে-সদায় ৰাস্তা পাৰ হওঁতে ইফালে-সিফালে চাই লব লাগে।

আলহ-উলহকৈ- বিয়া এখনলৈ আলহীক আলহ-উলহকৈ আমন্ত্ৰিত কৰে।

পো-নাতি-হনুমানৰ পো-নাতি বুলি কুমাৰী গাঁৱৰ ডেকা সকলক কোৱা হৈছে।

 লঘোণে-ভোকে- ৰমেনহঁতৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱা কাৰণে কেতিয়াবা লঘোণে-ভোকে দিনটো পাৰ কৰিবলগীয়া হয়। 


[ ৬] বিপৰীত অৰ্থ বুজোৱা শব্দ লিখাঁ:

ডেকা- বুঢ়া

স্থিৰ-চলাচল

 বাট-অবাট

 বন্দী- মুকলি

 বীৰ-দুৰ্বল

 দেশী- বিদেশী


[ ৭] চমুটোকা লিখাঁ:

ৰামায়ণঃ ৰামায়ণ হৈছে এখন প্ৰাচীন গ্ৰন্থ। এই গ্ৰন্থ বাল্মিকীয়ে ৰচনা কৰিছিল। এই গ্ৰন্থত ৰাম, লক্ষ্মণ আৰু সীতা জীৱন বৃত্তিত ৰচনা কৰিছিল।

হনুমান- হনুমান আছিল ৰামৰ পৰম ভক্ত। হনুমানে সীতাক উদ্ধাৰ কৰিবলৈ লংকাত জুই লগাইছিল।

 অযোধ্যা- অযোধ্যা হৈছে ৰামৰ ৰাজ্য।

 লংকা- লংকা হৈছে ৰাৱণৰ ৰাজ্য।


[ ৮] উদাহৰণটো চাই বাকীকেইটা কৰাঁ:

উদাহৰণ : 

দৰাঘৰ + ঈয়া = দৰাঘৰীয়া

যোৰহাট + ঈয়া = যোৰহাটীয়া

গাওঁ + অলীয়া = গাৱলীয়া

বন + অৰীয়া = বনৰীয়া

নৈপাৰ + ঈয়া = নৈপাৰীয়া

বাখৰ + উৱা = বাখৰুৱা

পলা + অৰীয়া = পলাৰীয়া

 


Type: Nayan Moni Deka

Check By- Mukesh Borah


Post ID : DABP005891