Lesson 1

পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা

 ☐ প্ৰশ্নাৱলী

১丨 পদাৰ্থ বা বস্তু কাক বোলে ?

উত্তৰঃ চকুৰে দেখা , শৰীৰৰ কোনো অংশই চুলে গম পোৱা , নাকেৰে গোন্ধ পোৱা সকলোবোৰেই বস্তু বা পদাৰ্থ ।

丨 পদাৰ্থৰ আয়তন কাক বোলে ?

উত্তৰঃ এটা পদাৰ্থই আগুৰা ঠাইখিনিয়েই পদাৰ্থটোৰ আয়তন বোলে ।

丨 প্ৰাকৃতিক বস্তু কি ?

উত্তৰঃ যি বোৰ বস্তু প্ৰকৃতিৰ পৰা লাভ কৰা যায় যেনে- শিল, বালি, মাটি, গছ, ফল-মূল, লোহা আদিবোৰক প্ৰাকৃতিক বস্তু বোলে ।

丨 পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি ?

উত্তৰঃ পদাৰ্থৰ অবস্থা তিনিটা । সেই কেইটা হ'ল-

১) গোটা বা কঠিন

২) জুলীয়া অবস্থা আৰু

৩) গেছীয় অবস্থা ।

丨 (ক) কঠিন অৱস্থাত থকা পদাৰ্থ কাক বোলে ?

উত্তৰ ঃ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি থকা পদাৰ্থবোৰক কঠিন অৱস্থাত থকা পদাৰ্থ বোলে ।

(খ) জুলীয়া অবস্থাত থকা পদাৰ্থ কাক বোলে ?
উত্তৰঃ নিৰ্দিষ্ট আয়তন থকা , কিন্তু আকৃতি নথকা পদাৰ্থবোৰক জুলীয়া অৱস্থাত থকা পদাৰ্থ বোলে ।

(গ) গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে ?

উত্তৰঃ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক গেছীয় আৱস্থাত থকা পদাৰ্থ বোলে ।

丨 

(ক) কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ কঠিন অবস্থাত থকা পদাৰ্থবোৰৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে।বস্তু এটা দেখিবলৈ যেনেকুৱা, সেয়াই বস্তুটোৰ আকৃতি কিন্তু জুলীয়া পদাৰ্থৰ নিজৰ আকৃতি নাই, যি পাত্ৰত থোৱা হয় তাৰেই আকৃতি লয় ।

(খ) জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ জুলীয়া পদাৰ্থৰ নিজৰ আকৃতি নাই কিন্তু আয়তন আছে কিন্তু গেছীয় পদাৰ্থৰ আকৃতিও নাই আৰু আয়তনো নাই ।

৭丨 নিৰ্দিষ্ট আকৃতি নথাকা কেইবিধমান পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম হ'ল- পানী, গাখীৰ, মিঠাতেল, পেট্ৰ'ল, ডিজেল, ফেনাইল আদি ।

丨 (ক) পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয় ?

উত্তৰঃ পানী বৰ চেঁচা হ'লে বৰফ হয় আৰু বৰফ তাপ পালে পানী হয়।

(খ) পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয় ?

উত্তৰঃ পানী তপত কৰিলে ভাপ হয় আৰু ভাপবোৰ ওপৰলৈ গৈ জলীয় বাষ্পৰ লগত মিহলি হৈ ভাপবোৰ পানী হয় ।

丨 শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :

এটা উদাহৰণ : ৰবৰটুকুৰা এবিধ কঠিন বস্তু হয়/নহয় ।

উত্তৰঃ হয়।


(ক) প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে আন বস্তু সাজিব পাৰে নোৱাৰে

উত্তৰঃ নোৱাৰে।

(খ) পানীৰ ভাপে ঠাই আগুৰে/নাগুৰে

উত্তৰঃ আগুৰে।

(গ) ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে /নাই

উত্তৰঃ নাই।

(ঘ) এটা বস্তু আয়তন একে ৰাখি আকৃতি বেলেগ বেলেগ কৰিব পাৰি/নোৱাৰি ।

উত্তৰঃ পাৰি।

(ঙ) কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছেনাই ।

উত্তৰঃ আছে



Type By- Karabi Bora




Post ID : DABP005860