Lesson 2

মাটি, শিল আৰু খনিজ পদাৰ্থ

 ☐  প্ৰশ্নাৱলী

(১) মাটি কি ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কোমল, সাৰুৱা অংশটোকে মাটি বোলে ।

(২) মাটিৰ ঘাই তৰপ কেইটা আৰু কি কি ?

উত্তৰঃ মাটিৰ ঘাই তৰপ দুটা। সেই কেইটা হ'ল- সাৰুৱা আৰু টান

(৩) মাটিৰ প্ৰকাৰ কেইটা আৰু কি কি ?

উত্তৰঃ মাটি তিনি প্ৰকাৰৰ ।

ক) বালীয় মাটি,

খ) বোকা মাটি আৰু

গ) সাৰুৱা বা পলসুৱা মাটি ।

8) গছ-গছনিয়ে মাটি কেনেদৰে সংৰক্ষণ কৰে ?

উত্তৰঃ গছ-গছনিয়ে শিপাৰে মাটি খামুচি ধৰি থাকে। সেইবাবে বৰষুনৰ পানীয়ে মাটি সহজে উটুৱাই নিব নোৱাৰে। তেতিয়া বতাহেও সহজে মাটি উৰুৱাই নিব নোৱাৰে। এনেদৰে গছ-গছনিয়ে মাটি সংৰক্ষণ কৰে।

(৫) মাটি সকলো জীৱৰ বাবে কিয় প্ৰয়োজন তাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ মাটি প্ৰয়োজনৰ কাৰণ দুটা হ'ল 

১) মাটিত মানুহে খেতি-বাতি কৰে। মানুহে খেতি-বাতিৰ পৰা সকলোবোৰ খোৱা বস্তু পায়।

২) মাটিত গছ-গছনি গজে। চৰাই-চিৰিকটিবোৰ গছ-গছনিতে থাকে। গছ-গছনি নাথাকিলে কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে।

(৬) মাটিৰ ওপৰৰ তৰপটোত খেতি-বাতি কিয় ভাল হয় লিখা ।

উত্তৰঃ মাটিৰ ঘাই তৰপ দুটা। সাধাৰণতে ওপৰৰ তৰপটো সাৰুৱা। ইয়াৰ বৰণ ছাঁইৰ দৰে । এই তৰপটো খেতিৰ বাবে উপযোগী । ঘাঁহ-বন, গছ-গছনি,খেতি-বাতি ওপৰৰ তৰপটোতে হয়। 

                     জীৱ-জন্তু, ঘাঁহ-বন মৰি পঁচি মাটিৰ ওপৰৰ তৰপটোতে মিহলি হয়। পঁচি মিহলি হোৱা এইবোৰ বস্তুৱেই হিউমাছ। হিউমাছে মাটি সাৰুৱা কৰে। সেইবাবে মাটিৰ ওপৰৰ তৰপটোত খেতি-বাতি  ভাল হয়।

(৬) মাটিৰ ওপৰৰ তৰপটোত খেতি-বাতি কিয় ভাল হয় লিখা।

উত্তৰঃ সাধাৰণতে মাটিৰ ওপৰৰ তৰপটো সাৰুৱা। ইয়াৰ বৰণ ছাইৰ দৰে। সেই কাৰণে মাটিৰ ওপৰৰ তৰপটো খেতি-বাতি ভাল হয়।

(৭) মাটিৰ উপাদান কেইটা কি কি ?

উত্তৰঃ মাটিৰ উপাদান দুটা। সেই কেইটা হ'ল

১) শিল,বালি আৰু বোকাৰ কণিকা

২) হিউমাছ।

(৮) বালীয়া মাটি কেনেকুৱা লিখা ।

উত্তৰঃ বালীয়া মাটিত বালিৰ পৰিমাণ বেছি। বোকা আৰু হিউমাছ কম থাকে। বালীয়া মাটি খহটা।

(৯) বোকা মাটি কেনেকুৱা লিখা ।

উত্তৰঃ যি মাটিত বোকাৰ পৰিমাণ বেছি, সেয়ে বোকা মাটি। তেনে মাটিত বালি আৰু হিউমাছৰ পৰিমাণ কম। বোকা মাটি কোমল আৰু বৰ মিহি।

(১০) হিউমাছ কাক বোলে ? ইয়াৰ প্ৰয়োজন কি ?

উত্তৰঃ জীৱ-জন্তু, ঘাঁহ-বন মৰি পঁচি মাটিৰ ওপৰৰ তৰপটোতে মিহলি হয়। পঁচি মিহলি হোৱা এই বস্তু বোৰকে হিউমাছ বোলে।

                           হিউমাছে মাটি সাৰুৱা কৰে আৰু সাৰুৱা মাটিত খেতি-বাতি ভাল হয়।

(১১) সাৰুৱা মাটিয়ে জীৱক বেছি সহায় কৰে । কিয় বাৰু ?

উত্তৰঃ সাৰুৱা বা পলসুৱা মাটিত বালিৰ দানা, বোকাৰ কণিকা আৰু হিউমাছ মিহলি হৈ থাকে। তিনিওটা পৰিমান প্ৰায় একে পৰিমানত থাকে। সাৰুৱা মাটিতে ঘাঁহ-বন, গছ-গছনি খেতি-বাতি কৰা হয়। ঘাঁহ-বন, গছ-গছনি নাথাকিলে কোনো জীৱ জীয়াই থাকিব নোৱাৰে, গতিকে সাৰুৱা মাটিয়ে জীৱক বহুত সহায় কৰে।

(১২) টান শিল এটা কেনেকৈ ধূলিলৈ সলনি হ'ব পাৰে ?

উত্তৰঃ ৰ'দ-বতাহ, ধমুহা-বৰষুনে খুউব লাহে লাহে শিলবোৰ ভাঙি পেলায়। সৰু সৰু শিলবোৰ আকৌ ভাঙি বালিলৈ সলনি হয়। ধুমুহা-বতাহ, নদীৰ সোঁতত বালিবোৰ ধূলিলৈ সলনি হয়।

(১৩) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া 

(ক) ধানখেতি সকলো মাটিতে ভালদৰে হয়নহয়

উত্তৰঃ নহয়।

(খ) মাটিৰ তলত তৰপটো গছ-গছনিৰ বাবে উপযোগী হয়নহয়

উত্তৰঃ নহয়।

(গ) গাঁত এটা খান্দিলে তললৈ বেছি টান মাটি পোৱা যায়নাযায় ।

উত্তৰঃ নাযায়.

(ঘ) বোকাৰ কণিকা মিহি বালিতকৈ সৰুডাঙৰ ।

উত্তৰঃ সৰু

(ঙ) বানপানী পানী ঘোলা । হয়নহয় ।

উত্তৰঃ হয়।

(চ) কম দিনৰ ভিতৰতে শিলৰপৰা মাটি পাব পাৰি/নোৱাৰি ।

উত্তৰঃ নোৱাৰি।

(১০) 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা :

          'ক' অংশ                  'খ' অংশ

১丨 বালীয়া মাটিত       ১丨 বোকাৰ পৰিমাণ বেছি 

丨 হিউমাছ               ২丨 বায়ু বিশুদ্ধ কৰি ৰাখে ।

丨 বোকা মাটিত       ৩丨 বালিৰ কণিকাৰ পৰিমাণ বেছি ।

丨 মৰুভূমিত            ৪丨 মাটিৰ লগত মিহলি হৈ থকা মৰা-পঁচা                                                    জীৱদেহৰ অংশ ।

丨 গছ-গছনিয়ে       ৫丨 প্ৰচুৰ পৰিমাণে বালি থাকে ।         

                                   ৬丨 মাটি তলত তৰপত পোৱা যায় । 

উত্তৰঃ ১) বলীয়া মাটিত   ৩) বালিৰ কণিকাৰ পৰিমাণ বেছি।

২) হিউমাছ    ৪)মাটিৰ লগত মিহলি হৈ থকা মৰা-পঁচা জীৱদেহৰ অংশ।

৩) বোকা মাটিত    ১) বোকাৰ পৰিমাণ বেছি ।

৪) মৰুভূমিত        ৫) প্ৰচুৰ পৰিমাণে বালি থাকে।

৫) গছ-গছনিয়ে   ২) বায়ু বিশুদ্ধ কৰি ৰাখে।


কৰবী কাকতি


Post ID : DABP005861