Lesson 10

উদ্ভিদ

☐ প্ৰশ্নাৱলী 

(১) অৰ্কিড কি ?

উত্তৰঃ কপৌ ফুল, ভাটৌ ফুলৰ দৰে উদ্ভিদবোৰক অৰ্কিড বালে ।

(২) পানীত হোৱা গছবোৰ কিয় উপঙি থাকে ?

উত্তৰঃ পানীত গজা গছবোৰৰ গাত বায়ু সামাই থাকে । বায়ু পানীতকৈ পাতল । সেইবাবে পানীত হোৱা গছবোৰ উপঙি থাকে ।

(৩) বৃক্ষ কাক বোলে ? 

উত্তৰঃ ফুল ফুলা কিছুমান গছ বৰ ডাঙৰ হয় । ইহঁতৰ গা-গছ টান কাঠেৰে তৈয়াৰী । এনেবাৰ ডাঙৰ গছক বৃক্ষ বোলে । যেনে- শাল, চেগুণ, নাহৰ ,আম আদি ।

(৪) তৃণজাতীয় উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ কিছুমান গছ বৃক্ষতকৈ সৰু আৰু কোমল এনেবোৰ সৰু গছক তৃণজাতীয় উদ্ভিদ বোলে ।যেনে- জলকীয়া গছ, বেঙেনা গছ, গোলাপ ফুল আদি ।

(৫) দুবিধ ক্ষুদ্ৰ উদ্ভিদ নাম লিখা ।

উত্তৰঃ মচ, শেলাই  আদি ক্ষুদ্ৰ উদ্ভিদ ।

(৬) এজোপা গছ আঁকি বেলেগ বেলেগ অংশবোৰ দেখুওৱা ।

উত্তৰঃ

(৭) উদ্ভিদে কেনেদৰে  আহাৰ তৈয়াৰ কৰে লিখা ।

উত্তৰঃসেউজীয়া উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু সাৰ শুহি লয় । পানীত গজা উদ্ভিদ বোৰে পানীৰ পৰা সাৰ- পানী শুহি লয় ।উদ্ভিদৰ পাতে বায়ু শুহি লয় ।সাৰ-পানী আৰু বায়ুৰে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় ।

(৮) তলত উল্লেখ কৰা প্ৰতিবিধৰ  তিনিটাকৈ উদাহৰণ দিয়া :

(ক) সেউজীয়া পাতৰ উদ্ভিদ ।

উত্তৰঃ আম, কঁঠাল, শাল ।

(খ) ফুল নুফুলা উদ্ভিদ ।

উত্তৰঃ ঢেঁকীয়া,

(গ) ডাঙৰ গছৰ ডালত গজা উদ্ভিদ ।

উত্তৰঃ কপৌ ফুল, ভাটৌ ফুল ।

(ঘ) তৃণজাতীয়  উদ্ভিদ ।

উত্তৰঃ জলকীয়া ,বেঙেনা ,বিলাহী ।

(ঙ) নিজে আহাৰ তৈয়াৰ কৰিব নোৱাৰা উদ্ভিদ ।

উত্তৰঃ আকাশী লতা ।

(৪) শুদ্ধ নে অশুদ্ধ লিখা :

(ক) শেলায়ে নিজৰ গাত আহাৰ তৈয়াৰ কৰিব নোৱাৰে ।

উত্তৰঃ অশুদ্ধ ।

(খ) আকাশী লতাই অইন উদ্ভিদৰ পৰা আহাৰ শুহি লয় ।

উত্তৰঃ শুদ্ধ ।

(গ) পদুম-ভেট, মেটেকা আদি মাটিত গজা উদ্ভিদ ।

উত্তৰঃ অশুদ্ধ ।

(ঘ) সূৰ্যৰ পোহৰত শক্তি থাকে।

উত্তৰঃ শুদ্ধ।

(ঙ) শাল, চেগুন আদি  তৃণ জাতীয় উদ্ভিদ । 

উত্তৰঃ অশুদ্ধ ।


কৰবী কাকতি 



Post ID : DABP005915